মূল পৃষ্ঠা / শিক্ষা / বুৰঞ্জী / শালগ্ৰাম, তুলসী আৰু শঙ্খৰ জন্ম ৰহস্য
অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

শালগ্ৰাম, তুলসী আৰু শঙ্খৰ জন্ম ৰহস্য

শালগ্ৰাম, তুলসী আৰু শঙ্খৰ জন্ম ৰহস্যৰ বিষয়ে লিখা হৈছে ।

(পৌৰাণিক আখ্যানৰ ওপৰত আধাৰিত)

স্বৰ্গ, মৰ্ত্ত্য, পাতাল-এই তিনিও লোকৰে অধিকাৰী হৈছে একমাত্ৰ ভগৱান বিষ্ণু। বিষ্ণুৱেই হ’ল সৃষ্টি, স্থিতি, প্ৰলয়ৰ মূল হোতা। ভগৱান বিষ্ণুৱে যুগে যুগে বিভিন্ন ৰূপে অৱতাৰ গ্ৰহণ কৰি আহিছে। বিষ্ণুৰ নাভিকমলৰ পৰাই ব্ৰহ্মাৰ জন্ম। মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱেও তেখেতৰ কীৰ্ত্তন ঘোষাত কৈছে-“তযু নাভি কমলত ব্ৰহ্মা ভৈলা জাত। যুগে যুগে অৱতাৰ ধৰা অসংখ্যাত।।”

সত্ব, ৰজঃ, ত্বম-এই তিনি গুণৰ বাবে ব্ৰহ্মা, বিষ্ণু আৰু শিৱই তিনি মূৰ্ত্তি ধাৰণ কৰিছে। এই তিনিওজনৰ ওপৰত স্ৰজন, পালন আৰু সংহাৰণৰ ভাৰ আছে। ব্ৰহ্মাই স্ৰজন, বিষ্ণুৱে পালন আৰু শিৱই সংহাৰৰ ভাৰলৈ তিনিও নিজ নিজ কৰ্ত্তব্য পালন কৰিছে। প্ৰত্যেকৰে কৰ্ত্তব্য ভিন ভিন হ’লেও প্ৰয়োজন সাপেক্ষে বিষ্ণুৱেই এই সকলো কৰ্ম কৰিব লগা হয়।

গীতাত কৈছে- যেতিয়াই পৃথিৱীত ধৰ্মৰ গ্লানি হয়, অধৰ্মৰ প্ৰাদুৰ্ভাৱ ঘটে, তেতিয়াই দুষ্টক দমন, সন্তক পালন কৰি পৃথিৱীত শান্তি স্থাপনৰ অৰ্থে ভগৱানে অৱতাৰ গ্ৰহণ কৰে। আলোচ্য প্ৰবন্ধটিত শালগ্ৰাম, তুলসী আৰু শঙ্খৰ জন্ম ৰহস্যৰ লগত ভগৱান বিষ্ণুৰ নিজ কৰ্ত্তব্য আৰু মাহাত্ম্য সাঙোৰ খাই আছে। লগতে ভগৱত প্ৰেমৰ মাহাত্ম্য বা ভগৱানক কৰা পূজা -অৰ্চনাৰ দিশটো আলোকপাত কৰা হৈছে।

কৃষ্ণ অৱতাৰত শঙ্খচূড় নামে এজন দৈত্য প্ৰবল প্ৰতাপী হৈ উঠে। এওঁ আছিল ত্ৰিভুৱন বিজয়ী বীৰ। এওঁৰ ভাৰ্যা আছিল তুলসী। এই তুলসী আকৌ লক্ষ্মীভক্ত ৰজা ধৰ্মধ্বজ আৰু ৰাণী মাধৱীৰ কন্যা। তুলসী আছিল লক্ষ্মী অংশে জাতিকা অপৰূপা আৰু ৰাজলক্ষ্মী চিহ্নযুক্তা। তুলসীয়ে বিষ্ণুক স্বামীৰূপে পাবলৈ বদৰিকাশ্ৰমত কঠোৰ তপস্যা কৰিছিল। তুলসীৰ তপস্যাত সন্তুষ্ট হৈ ব্ৰহ্মাই তুলসীক দেখা দি বিষ্ণু অংশজাত মঙ্গল কৱচ যুক্ত দৈত্যপতি শঙ্খচূড়ক পতিৰূপে গ্ৰহণ কৰিবলৈ উপদেশ দিয়ে।

আনহাতে শঙ্খচূড়েও যৌৱনকালত এজনী পৰমা সুন্দৰী, সুযোগ্যা আৰু পতিব্ৰতা পত্নী লাভ কৰিবৰ আশাৰে বহু বছৰ কৃষ্ণৰ আৰাধনা কৰিছিল। শঙ্খচূড়কো ব্ৰহ্মাই দেখা দি তুলসীক পত্নীৰূপে গ্ৰহণ কৰাৰ কথা কৈছিল। ব্ৰহ্মাৰ কথামতে দৈত্যৰাজ শঙ্খচূড়ে তুলসীক লাভ কৰিবৰ বাবে বদৰিকাশ্ৰম পাইছিল। তেওঁ তুলসীক দেখি মোহিত হৈছিল। কামদেৱ তুল্য ৰূপৱান, দেহত নানা অলঙ্কাৰ বিভূষিত যুৱক শঙ্খচূড়ক দেখি দেৱী তুলসীৰ মনো পুলকিত হৈছিল। দুয়ো কথোপকথন কৰি থাকোতে হঠাৎ ব্ৰহ্মাই দেখা দিছিল। দুয়োজনে ব্ৰহ্মাক প্ৰণাম জনাইছিল। তেতিয়া ব্ৰহ্মাই শঙ্খচূড়লৈ চাই ক’লে- ‘হে শঙ্খচূড়! তুমি এইজনী তুলসীক গন্ধৰ্ব প্ৰথামতে বিবাহ কৰোৱা। এওঁ মহাসতী। সমগ্ৰ ৰমণীকূলৰ ৰত্ন স্বৰূপা এই তুলসীৰ সতীত্বৰ প্ৰভাৱত তুমি দৈত্য-দানৱ, দেৱতা, মানৱ সকলোকে পৰাজিত কৰিব পাৰিবা।’

ব্ৰহ্মাই এইবাৰ তুলসীলৈ চাই ক’লে- ‘হে দেৱী! তুমি লক্ষ্মী অংশে জন্ম লাভ কৰা মহাসতী আৰু এই শঙ্খচূড় বিষ্ণু অংশে জন্ম লাভ কৰা ৰাধাৰ দ্বাৰা অভিশপ্ত সুদামা। এওঁ পৰম বিষ্ণুভক্ত। এওঁৰ গাত বিষ্ণুৰ মঙ্গল কৱচ আছে। এওঁক বিষ্ণুৰ বাহিৰে কোনো দেৱতাই পৰাজিত কৰিব নোৱাৰিব। এওঁ মহাবীৰ। এওঁৰ সমান পৰাক্ৰমী বীৰ দেৱাসুৰৰ মাজত কোনো নাই। সময়ত দুয়োৰে অভিশাপ খণ্ডন হৈ তোমালোক পুনৰ বৈকুণ্ঠ ধামলৈ যাব পাৰিবা। মই আশীৰ্বাদ কৰিছোঁ যেতিয়ালৈকে তুলসীয়ে সতীত্ব বিসৰ্জন নিদিয়ে তেতিয়ালৈ দুয়ো অমৰ হৈ থাকিবা।’ কথাখিনি কৈ ব্ৰহ্মাদেৱ ব্ৰহ্মলোকলৈ গুচি গৈছিল। তেওঁৰ নিৰ্দেশক্ৰমে তুলসী আৰু শঙ্খচূড়ৰৰ গন্ধৰ্ব প্ৰথামতে বিবাহ সম্পন্ন হৈছিল।

তুলসী আৰু শঙ্খচূড়ে গন্ধৰ্ব প্ৰথামতে বিবাহ সম্পন্ন কৰাৰ পাছতেই বদৰিকাশ্ৰমৰ সেই পুণ্যতীৰ্থত বহু বছৰ দাম্পত্য জীৱন যাপন কৰিছিল। তাৰ পিছত শংখচূড়ে প্ৰিয়তমা ভাৰ্যা তুলসীৰ সৈতে নিজ ৰাজ্যলৈ গমন কৰি ৰাজ্য শাসন কৰাৰ লগতে প্ৰিয়তমা ভাৰ্যাৰ সৈতে বহু হেজাৰ বছৰ মধুৰ জীৱন যাপন কৰিছিল। শংখচূড় প্ৰবল প্ৰতাপী দৈত্যৰাজ। তেওঁ নিজ বাহুবলেৰে মৰ্ত্যৰ সকলোবোৰ ৰাজ্য, সমগ্ৰ পাতালপুৰী, গন্ধৰ্বলোক আৰু ইন্দ্ৰলোক জয়লাভ কৰি নিজৰ শাসন অটুত ৰাখিবলৈ সমৰ্থ হৈছিল। উপ-পুৰাণত পোৱা যায় যে প্ৰথম যুদ্ধলৈ যাত্ৰা কৰা সময়ত মহাসতী তুলসীয়ে শংখচূড়ক এধাৰি নিজ হাতে গঁথা সুগন্ধি ফুলৰ মালা পিন্ধাই কৈছিল- ‘হে স্বামীদেৱতা!

মই তোমাক এই মালাধাৰ অৰ্পণ কৰিলোঁ। যুদ্ধলৈ গ’লেই এই মালা ডিঙিত পিন্ধি যাবা। মোৰ সতীত্বৰ প্ৰভাৱত এই মালা সদায় সতেজ হৈ থাকিব আৰু তুমি নিৰ্বিঘ্নে যুদ্ধ জয় কৰিব পাৰিবা।’
কালক্ৰমত শঙ্খচূড় মহা অত্যাচাৰী হৈ উঠে। এওঁৰ পৰাক্ৰমত স্বৰ্গৰ দেৱতা সকলো শান্তিৰে থাকিব নোৱাৰা হ’ল। শংখচূড়ে বাৰে বাৰে দেৱতাৰ যজ্ঞ ধংশ কৰিব ধৰিলে। উপায়ান্তৰ হৈ দেৱতাবিলাকে শংখচূড়ক কেনেকৈ নিধন কৰিব পাৰি তাৰ উপায় চিন্তা কৰি নাৰদৰ নিৰ্দেশক্ৰমে সংহাৰকৰ্তা শিৱৰ ওচৰ পালেগৈ। দেৱতাৰ প্ৰাৰ্থনাত সন্তুষ্ট হৈ শিৱই দৈত্য নিধনৰ আশ্বাস দিয়ে আৰু যজ্ঞ ৰক্ষাৰ দায়িত্ব নিজে লয়।

শংখচূড় আৰু শিৱৰ মাজত তুমুল যুদ্ধ হয়। কিন্তু শংখচূড়ক বধ কৰিব পৰা শক্তি স্বয়ং সংহাৰকৰ্তা শিৱৰো নাছিল। বিষ্ণু বা কৃষ্ণৰ সহায় অবিহনে শংখচূড় বধৰ আশা নাইকিয়া হ’ল। শংখচূড় কেনেকৈ ইমান অত্যাচাৰী আৰু বলীয়ান হ’ল তাৰ এটি কাহিনী এনেধৰণৰ। এদিন কৃষ্ণ লক্ষ্মীৰ সৈতে অন্তেষপুৰত আছিল। তেতিয়া দুৱৰী ৰূপে সুদাম কৃষ্ণৰ দ্বাৰ ৰক্ষক আছিল। সেই সময়তে ৰাধাই কৃষ্ণক দেখা কৰিবলৈ আহিছিল। কিন্তু সুদামে ৰাধাক বাট এৰি নিদি বহুতো কু-বাক্য প্ৰয়োগ কৰিলে। তেতিয়া ৰাধাই ক্ৰোধান্বিত হৈ সুদামক অসুৰ হ’বলৈ শাপ দিলে।

এই সুদামে যদুবংশত শংখচূড় নামে জন্ম ল’লে। ভগৱান কৃষ্ণই তেতিয়া সুদামক প্ৰবোধ দি কৈছিল- ‘সুদাম! তুমি ৰাধাৰ অভিশাপত দৈত্যকূলত জন্ম লাভ কৰিলেও সদায় তুমি মোৰ অংশৰ পৰা জন্ম লাভ কৰি বিষ্ণুৰ পৰম ভক্ত হ’বা। তেওঁ তোমাক ৰক্ষা কৰিব। তেওঁৰ ইচ্ছা নহ’লে তোমাক কোনোৱে পৰাজিত কৰিব নোৱাৰিব। তোমাৰ মৃত্যু হ’লে তুমি মোক পুনৰ লাভ কৰিব পাৰিবা।’ আনহাতে তুলসীও আগৰ জন্মত বৃন্দাৱলী নামে কৃষ্ণৰ ভাৰ্যা আছিল।

এদিন গণেশে ধ্যাণত মগ্ন হৈ থকা অৱস্হাত বৃন্দাৱলীয়ে তেওঁক পৰীক্ষা কৰিবলৈ বুলি তেওঁৰ আগত নৃ্ত্য কৰি আছিল। তেতিয়া গণেশে ক্ৰোধ কৰি তেওঁক মানৱী জনম লৈ অসুৰৰ ভাৰ্যা হ’বলৈ শাপ দিলে। প্ৰভু কৃষ্ণই তেওঁকো প্ৰবোধ দি কৈছিল- ‘ হে দেৱী! তুমি ভাৰত ভূমিত জন্ম লাভ কৰি মোৰ অংশজাত দেৱনাৰায়ণক সময়ত স্বামীৰূপে লাভ কৰিবা।’ আন এক আখ্যান মতে গোলোক ধামত কৃষ্ণৰ দাসী আৰু ৰাধাৰ সখী হিচাপে থাকোতে এদিন কৃষ্ণৰ লগত সহবাস কৰিছিল। তেতিয়া ৰাধাই এই কথা জানিব পাৰি তেওঁক মানৱীৰূপে মৰ্ত্যত জন্ম লাভ কৰিবলৈ অভিশাপ দিছিল। সেয়ে এই জন্মত তুলসী শংখচূড়ৰৰ ভাৰ্যা হ’বলগীয়া হ’ল।

বিষ্ণুই দেৱতাসকলক শংখচূড় আৰু তুলসীৰ পূৰ্বজন্মৰ কথা ব্যক্ত কৰাৰ পাছত এডাল ত্ৰিশূল দি কৈছিল- ‘এই ত্ৰিশূলেৰে মহাদেৱে(শিৱই) শংখচুড়ক বধ কৰক। মোৰ ভক্ত হৈ শংখচূড়ে মোৰ কবচ ধাৰণ কৰিছে। তেওঁক মোৰ ত্ৰিশূলৰ দ্বাৰাহে বধ কৰা সম্ভৱ হ’ব। শংখচূড়ৰৰ গাত মোৰ কবচ থকালৈকে আৰু ব্ৰহ্মাৰ বৰপ্ৰাপ্ত তুলসীৰ সতীত্ব থকালৈকে শংখচূড়ক বধ কৰা অসম্ভৱ।

সেয়ে মই ব্ৰাহ্মণৰ বেশে শংখচূড়ৰ পৰা মই প্ৰদান কৰা কবচটো খুজি আনিম। তেওঁ মহাদানী। ব্ৰাহ্মণক কেতিয়াও বিমুখ নকৰে। আনহাতে তুলসী মহাসতী। গতিকে ময়েই শংখচূড়ৰ বেশে তুলসীৰ সতীত্ব হৰণ কৰিম। তেতিয়াহে দেৱসমাজে শংখচূড়ক বধ কৰিব পাৰিবা।’

শিৱ আৰু শংখচূড়ৰ মাজত তুমুল যুদ্ধ হয়। যুদ্ধত শিৱ পৰাস্ত হয়। ইয়াৰ পিচত হৰি পৰায়ণ ৰজা মদ্ৰাধিপতি অশ্বপতিৰ হাতত শংখচূড় বন্দী হয়। কৃষ্ণ সদায় ভক্তৰ অধীন। সেয়ে হৰিভক্ত অশ্বপতিয়ে শংখচূড়ক বন্দী কৰিবলৈ সক্ষম হয়। এই চেগতে কৃষ্ণই ব্ৰাহ্মণৰ বেশ লৈ শংখচূড়ক মুক্তিৰ বিনিময়ত শংখচূড়ৰ পৰা মঙ্গল কবচ বিচাৰে।

দানী আৰু দাম্ভিক শংখচূড়ে আগপিচ নাভাবি মুক্তিৰ পণত কবচ কৃষ্ণক দি দিয়ে। এই সময়ত দেৱতা বিলাক নাৰায়ণ পূজাত ব্যস্ত আছিল। শংখচূড়ে পুনৰ পূজা লণ্ডভণ্ড কৰি দেৱতাৰ লগত যুদ্ধ কৰে। শিৱই শংখচূড়ৰ লগত যুদ্ধত ব্যস্ত থকাৰ সময়তে কৃষ্ণই শংখচূৰৰ ৰূপ ধাৰণ কৰি তুলসীৰ শয়ন কক্ষত প্ৰবেশ কৰি তুলসীৰ সতীত্ব হৰণ কৰে।

পিচত তুলসীয়ে কৃষ্ণক প্ৰকৃত স্বামী নহয় বুলি জানি ক্ৰোধিত হৈ কৃষ্ণক অভিশাপ দি কয়- ‘ মায়াৰূপে সতীৰ সতীত্ব কৰিলি হৰণ। সতীত্ব হৰণ কৰাৰ কাৰণে তোৰ দেহা শিল হৈ যাওক। এই শাপ কদাপি নহয় খণ্ডণ।’ তেতিয়া কৃষ্ণই নিজৰ পৰিচয় দি কয়-“ বিষ্ণু মই, আছিলা অতীতত বৃন্দাৱলী নামে প্ৰিয় ভাৰ্যা মোৰ, গণেশৰ শাপে আহি লভিলা জনম। দেৱী মইও দিলোঁ শাপ, বৃক্ষ হৈ লভিবা জনম।” তেতিয়া তুলসীয়ে নিজৰ ভুল বুজিব পাৰি কৃষ্ণক ক্ষমা ভিক্ষা মাগিলে। তেতিয়া কৃষ্ণই পুন ক’লে- “ কদাপি এই শাপ লৰচৰ নহয়।

দেৱী মোৰ শাপৰ ফলত তোমাৰ দেহ গণ্ডোকী নদীৰূপে জন্ম ল’ব লাগিব আৰু তোমাৰ সুদীৰ্ঘ চুলি বৃক্ষৰূপে জন্ম ল’ব। তোমাৰ এই নামেৰেই সেই বৃক্ষৰো নাম তুলসী হ’ব। তুমি মোৰ অতি মৰমৰ; সেয়ে মোৰ শাপে তোমাৰ দেহা গৈ মধুবনত গণ্ডোকী নদী হৈ জন্ম ল’বা। তোমাৰ শাপে মই শিলা হৈ তোমাৰ বুকুতে থাকিম। নিজে মই পোক হৈ সেই শিল খুলি খুলি ভক্ষণ কৰিম। সেই শিলাৰ নাম হ’ব শালগ্ৰাম শিল। এতিয়া তুমি গণেশৰ শাপৰ পৰা মুক্ত হ’লা। আৰু কোনো যুগতে তোমাৰ মোৰ এৰাএৰি নহয়। সেয়ে মই শিলা আৰু তুমি বৃক্ষ হ’লা। দেৱতা, ব্ৰাহ্মণ, বৈষ্ণৱে এই শালগ্ৰামত পূজা কৰিব আৰু তোমাৰ বৃক্ষপাত সদায় মোৰ বুকুত থাকিব। আমাক যি সদায় পূজা কৰিব আমি তাতেই থাকিম। সি মৃত্যুৰ পাছতো স্থান পাব বৈকুণ্ঠত। কাতিবিহুৰ দিনা তোমাক সকলোৱে পূজা কৰিব; আৰু তোমাৰ বংশ বৃদ্ধি হ’ব।”

তুলসীয়ে তেতিয়া স্বামীৰ অৱস্থা কি হ’ব জানিব বিচৰাত কৃষ্ণই ক’লে- “ শিৱৰ হাতত তোমাৰ স্বামী শংখচূড়ৰ মত্যু হ’ব। মৃতদেহ তোমাৰ বুকুতেই পেলাই দিব। সেই দেহৰ পৰা অসংখ্য শংখৰ জন্ম হ’ব। সেই শংখও তোমাৰ লগতে থাকিব। আমাৰ পূজাৰ শেষত সেই বাদ্য বজাব। শংখ বাদ্য বজাৰ লগে লগেই অমঙ্গল দূৰতে বিদূৰ হ’ব। মৃত্যুৰ লগে লগে যি শংখ বাদ্য বজাব, সেই আত্মাৰ কাষলৈ যমদূত আহিব নোৱাৰে।”

তুলসীয়ে কৃষ্ণৰ শাপ আৰু নিৰ্দেশক্ৰমে গণ্ডোকী নদী ধাৰণ কৰে। ইফালে শংখচূড়ৰৰ কবচ আৰু তুলসীৰ সতীত্ব হৰণ কৰাৰ পিচত শিৱৰ হাতত শংখচূড়ৰৰ মৃত্যু হয়। শিৱই মৃতদেহ গণ্ডোকী নদীত পেলাই দি শংখচূড়ক শংখৰূপে জন্ম ল’বলৈ ক’লে। এইদৰে বিষ্ণুৱে অত্যাচাৰী হৈ উঠা দৈত্য শংখচূড়ক সংহাৰকৰ্তা শিৱৰ দ্বাৰা নিধন কৰি ধৰাত শান্তি স্থাপন কৰিলে।
এইদৰে বিষ্ণু বা কৃষ্ণৰ নিজ অংশৰ পৰাই তুলসীৰ শাপত শালগ্ৰাম শিলাৰ জন্ম হয়।

কৃষ্ণৰ শাপত শংখচূড়ৰৰ পত্নী তুলসীয়েই তুলসী বৃক্ষৰূপে জন্ম লাভ কৰে। আনহাতে শংখচূড়ৰৰ পৰাই শংখৰ জন্ম হয়। আজিও গণ্ডোকী নদীত শালগ্ৰাম শিল আৰু শংখ পোৱা যায়।শালগ্ৰাম শিলাক হিন্দুসকলে বিষ্ণুৰ মূৰ্ত্তি হিচাপে পূজা কৰি আহিছে। এই শিলাক পূজা কৰা পুষ্পৰ নাম নিৰ্মালি আৰু জলৰ নাম পদজল। ইয়াক ভক্তি সহকাৰে গ্ৰহণ কৰিলে আয়ুস বৃদ্ধি হয়। বিষ্ণু পূজাৰ পিচত সৰ্ব মঙ্গলাৰ্থে শংখ বজোৱা হয়। শালগ্ৰাম শিলৰ পানী পান কৰোতাই সকলো মহাপাপৰ পৰা মুক্তিলাভ কৰে আৰু মৃত্যুৰ পাছত তেওঁৰ আত্মাই ভগৱান কৃষ্ণত বিলীন হ’ব পাৰে বুলি বিশ্বাস কৰা হয়। শংখ সকলো দেৱকাৰ্য বা শুভ কৰ্মত লাগে।

তুলসী এবিধ ঔষধি উদ্ভিদ। ইয়াক হিন্দুৰ অতি পবিত্ৰ বুলি গণ্য কৰা হয়। বিভিন্ন পূজা-অৰ্চনাত অন্যান্য গন্ধ-পুষ্প, ধুপ-দীপ, নৈবেদ্যৰ লগতে তুলসীৰ পাত ব্যৱহাৰ কৰা হয়। কেৱল তুলসীৰ দ্বাৰা গণেশৰ বা দেৱী পূজা-অৰ্চনা কৰা নহয়। পূৰ্ণিমা-অমাৱস্যাত, উভয় সন্ধ্যা কালত, অশুচি অৱস্থাত, ৰাতি পিন্ধা কাপোৰ পিন্ধি তুলসী পত্ৰ চয়ন কৰিব নাপায়।

তুলসী পত্ৰ চয়ন কালত যদি শাখা ভাগি যায় তেনেহ’লে বিষ্ণুৰ হৃদয়ত আঘাত প্ৰদান কৰা হয়। অস্নাত অৱস্থাত তুলসী চয়ন কৰি যি ব্যক্তিয়ে পূজা কৰে তেওঁ অপৰাধী হয় আৰু তেওঁৰ পূজা নিষ্ফল হয়। সেয়ে স্নান কৰি তুলসীপত্ৰ চয়ন কৰিব লাগে। তুলসীৰ পাত শংখত দিয়া নাৰী চিৰকাল পতিব্ৰতা হয়। হিন্দুৰ প্ৰতি ঘৰে ঘৰে চোতালৰ সন্মুখত তুলসী বৃক্ষ ৰোপন কৰি পবিত্ৰভাৱে সেৱা আগবঢ়োৱা হয়। আজিও কাতি বিহুত তুলসী গছ ৰোপন কৰি সন্ধ্যা ইয়াৰ ওচৰত ধূপ-দীপ, নৈবেদ্য আগবঢ়াই পূজা-অৰ্চ্চনা কৰাৰ নিয়ম আমাৰ সমাজত চলি আহিছে।

লেখক: লক্ষেশ্বৰ হাজৰিকা

উৎস: সাহিত্য.অৰ্গ

2.83333333333
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top