মূল পৃষ্ঠা / শিক্ষা / বুৰঞ্জী / সংক্ষিপ্ত ৰুপত মৰিগাঁও জিলাৰ ইতিহাস অতীত আৰু বৰ্তমান
অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

সংক্ষিপ্ত ৰুপত মৰিগাঁও জিলাৰ ইতিহাস অতীত আৰু বৰ্তমান

সংক্ষিপ্ত ৰুপত মৰিগাঁও জিলাৰ ইতিহাস অতীত আৰু বৰ্তমান

১৯৮৯ বৰ্ষৰ ১৫ আগষ্টৰ ৪২ তম স্বাধীনতা দিৱসৰ দিনটো সমগ্ৰ মৰিগাঁও জিলাৰ নিৱাসীসবৰ বাবে তেওঁলোকৰ স্মৃতিৰ মণিকোঠাত চিৰস্মৰনীয় দিৱস হিচাপে পৰিগনিত হৈ ৰৱ।কাৰন এই বিশেষ দিনটোতেই অবিভক্ত নগাঁও জিলাৰ পশ্চিমৰ  এই মৰিগাঁও অঞ্চলটি অসমৰ মানচিত্ৰত একবিংশ জিলাৰুপে বিশেষ মৰ্য্যদা লাভ কৰে।নতুনকৈ জিলাৰ মৰ্য্যদাপ্ৰাপ্ত এই জিলাখনৰ প্ৰতিষ্ঠাপক উপায়ুক্তগৰাকীৰ নাম আছিল শ্ৰীযুত নীলিময় চৌধৰী।স্মতৰ্ব্য যে ১৯৭২ চনৰ ২৬ জানুৱাৰীৰ গনতন্ত্ৰ দিৱসৰ দিনা সেই সময়ৰ অসমৰ তদানীন্তন মুখ্যমন্ত্ৰী মহেন্দ্ৰ মোহন চৌধৰী ডাঙৰীয়াই অবিভক্ত নগাঁও জিলাৰ পশ্চিমৰ এই অঞ্চলটোক মহকুমাস্বৰুপে স্বীকৃতি প্ৰদান কৰিছিল।এই নৱ্য প্ৰতিষ্ঠীত মহকুমাটোৰ প্ৰ্তিষ্ঠাপক মহকুমাধিপতিগৰাকীৰ নাম আছিল শ্ৰীযুত ধীৰেন শৰ্মা।ইয়াৰ ১৭ বছৰৰ পাছতহে অসম চৰকাৰৰ জাননী নং (জি,এ,জি,বি-৩৭৩/৮৭/১০২,দিনাংক ২৯-০৮-১৯৮৯ অনুসৰি উক্ত চনৰে অক্টোবৰৰ ১৪ তাৰিখৰ পৰা মৰিগাঁও নগৰক সদৰ হিচাপে লৈ ইয়াক জিলা পৰ্য্যায়লৈ উন্নীত কৰা হয়।মৰিগাঁও জিলাৰ মাটি কালিৰ পৰিমান ১৪৫০,০২ বৰ্গ কি:মি।এই জিলাখন ২৬,১৫-২৬,৫০ ডিগ্ৰী উত্তৰ অক্ষাংশ আৰু ৯২-৯২,৫০ পূৱ দ্ৰাঘিমাংশত অৱস্থিত।২০১১ বৰ্ষৰ লোকপিয়ল গগনা অনুসৰি মৰিগাওঁ জিলাৰ সৰ্বমুঠ জনসংখ্যা হৈছে ৯৫৭৪২৩ জন।ইয়াৰে পুৰুষৰ সংখ্যা হৈছে ৪৮৬৬৫১ জন আৰু মহিলাৰ সংখ্যা হৈছে ৪৭০৭৭২ গৰাকী।

নানা জাতি জনজাতিৰ অধ্যুষিত আৰু তেওঁলোকৰ বাৰেৰ্ৰনীয়া কৃষ্টি সংস্কৃতিৰে পৰিস্ফূট হোৱা এই জিলাখনি হিন্দু-মুছলিমৰ ঐক্য আৰু স্ংহতিৰ প্ৰতিভূস্বৰুপ।অসমৰ বিভিন্ন প্ৰান্তৰত যি সকল জাতি জনজাতি,গোষ্ঠী,সম্প্ৰ্দায় আদিয়ে বসবাস কৰি আহিছে।মৰিগাওঁ জিলাতো তদ্ৰূপ জাতি,জনজাতি গোষ্ঠী আৰু সম্প্ৰ্দায়সমূহৰ শান্তিপূৰ্ন বসবাসে জিলাখনৰ গৰিমাকেই প্ৰকাশ কৰি আহিছে।মৰিগাঁও জিলাৰ ঐতিহাসিক পটভূমিলৈ দৃষ্টিপাত কৰিলে আমি দেখিবলৈ পাওঁ যে ইয়াত সৰ্বপ্ৰথমে অষ্ট্ৰ-এচিয়াটিক,(অষ্ট্ৰিক)খাচী-চিন্তেংসকলে বসবাসৰ পাতনি মেলাৰ সাক্ষ্য বহন কৰিছে চহৰী,নেলী আদিৰপৰা যোৰাবাটলৈকে তেওঁলোকে তেওঁলোকৰ সমাধিক্ষেত্সমূহত পোতা থিয় শিলসমূহে।ঐতিহাসিকসকলে এওঁলোকৰ সন্দৰ্ভত কবলৈ প্ৰয়াস কৰি কৈছে-মনখমাৰ ভাষা কোৱা খাচী চিন্তেংসকলৰ আদি বাসস্থান দক্ষিন এচিয়া আৰু ভাৰতীয় উপদ্বীপ অঞ্চল।প্ৰ্শান্ত মহাসাগৰীয় ফিলিপাইন অঞ্চলৰপৰাও এইসকল লোকৰ কিছু লঅংশ অহা বুলি পণ্ডিতসকলে অনুমান কৰে। এসময়ত এইলোকসকলে উত্তৰ-পূৰ্বঞ্চলৰ এক বিস্তৃত  অঞ্চলত বসবাস কৰি থকাৰ নৱ প্ৰস্তৰ যুগৰ কিছুমান আৱিস্কৃত সমলৰপৰা পোৱা গৈছে।কিছু সংখ্যক নগা আৰু মিকিৰ (কাৰ্বি)জনজাতিও এই  অষ্ট্ৰ-এচিয়াটিকসকলৰে বংশধৰ বুল বহুতো নৃ-তত্ববিদে ধাৰনা কৰে।উত্তৰ-পূৰ্বাঞ্চলৰ জনজাতিসকলৰ মাজত প্ৰচলন থকা পাহাৰৰ এঢলীয়া অঞ্চলত খেতি কৰা প্ৰথা এওঁলোকৰেই অৱদান।অষ্ট্ৰ এচিয়াটিকসকলে প্ৰথমে ব্ৰ্ক্ষপুত্ৰ উপত্যকাত বসবাস কৰিছিল যদিও পিছত মঙ্গোলীয়াসকলৰ লগত তিষ্ঠিব নোৱাৰী পাহাৰী বা পাহাৰীয়া অঞ্চললৈ হুঁহকি যাবলৈ বাধ্য হয়।

অষ্ট্ৰিক গোষ্ঠীয় লোকসকলৰ পাছত অসম তথা উত্তৰ পূৱ ভাৰতত প্ৰৱেশ কৰা জনগোষ্ঠীটোক ঐতিহাসিকসকলে তিব্বতো-বৰ্মা ভাষাগোষ্ঠীৰ অন্তৰ্গত মগোঙ্গোলীয় জনগোষ্ঠী বুলি ঠাবৰ কৰিছে।এই মঙ্গোলীয় জনগোষ্ঠীয় লোকসকলৰ স্ংক্ৰান্তত বড়ো ভাষা সংস্কৃতিৰ পুৰোধা পণ্ডিত ভবেন্দ্ৰ নাৰ্জীদেৱে তেখেতৰ পূৰ্বসুৰী ঐতিহাসিকসকলৰ লিখনীৰ আতঁ ধৰি কবলৈ প্ৰয়াস কৰি লিখিছে-মূৰ চুটি,কপাল বহল,চকু সৰু,গাল গোলাকাৰ,নাক চেপেটা অলপ গোফঁ থকা ভৰিৰ তলুৱা চুটি গাৰ বৰন হালধীয়া মানুহবোৰেই মঙ্গোলীয় তিব্বত বৰ্মী গোষ্ঠীৰ মানুহ আৰু এওঁলোকক বৰ্তমান অসম,উত্তৰবঙ্গ,দক্ষিন নেপালত দেখিবলৈ পোৱা যায়।পণ্ডিতসকলৰ মতে বৰ্তমানৰ বড়ো ডিমাচা,মেছ,লালুং,মৰান,চুতীয়া, হাজং কোচ এইকেইটা জাতি কছাৰী জাতি গোষ্ঠী বুলি কোৱা হয়।তেঁওলোকৰ ভাষা আৰু সংস্কৃতিৰ গাৰ গঠনৰ আকাৰৰ লগত ভোট বা তিব্বতী মানুহৰ লগত বহুতো সাদৃশ্য আছে।এওঁলোকৰ বাসস্থান বৰ্তমান অসমতেই প্ৰধান।

এই জনজাতীয় লোকসকলে পোনতে মধ্য চীনৰ ইয়াংচিকিয়াং আৰু হোৱাংহো নদীৰ উপত্যকাৰপৰা আহি হিমালয় আৰু তিব্বত গিৰিপথসমূহেদি উত্তৰ পূৱ ভাৰত তথা অসমত প্ৰৱেশ কৰেহি।ভৱেন নাৰ্জীদেৱে লিখিছে-অসম তথা পূৱ ভাৰতত থকা বড়ো কছাৰীসকল চীন-মঙ্গোলীয় গোষ্ঠীৰ মানুহ বুলি পণ্ডিতসকলে ঠাৱৰ কৰিছে।পণ্ডিতসকলৰ মতে খ্ৰী:পূ:পূ:দুহেজাৰ বছৰৰ পূৱে চীন দেশৰ উত্তৰ পশ্চিম অঞ্চলত এওঁলোকৰ বাসস্থান আছিল।কালক্ৰমত তেওঁলোকে তাৰপৰা দক্ষিন পূৱ এচিয়াৰ মাজেদি পোনে পোনে আহি তিব্বতত প্ৰায় এহেজাৰ বছৰ কটায়,তাত থকা কালতেই তেোওঁলোকে ভোট বা বোদ নাম পায়।সেই তিব্বত বা ভোট দেশৰপৰাই তেওঁলোকৰ কিছুমানে ব্ৰ্ক্ষপুত্ৰৰ নদী্যেদি পূৱ ভাৰতত সোমাই পাট কাপোৰৰ ব্যৱসায় কৰিছিল।তেঁওলোকে নিজকে বড়ো বা বড়ো শব্দৰ অৰ্থ পুৰনি বড়ো ভাষাত মানুহ আছিল।আজিত্ত ত্ৰিপুৰী ভাষাত নিজকে মানুহ বুজাবলৈ গৈ “বড়ো” বৰোক বুলি চিনাকী দিয়ে।

দৰাচলতে বড়োসকল তিব্বত চীনৰপৰা অসমলৈ অহাৰ সম্ভাৱনাটো বিভিন্ন গৱেষকৰ দ্বাৰা  স্বীকৃত কথা।ৰাজমোহন নাথে কোৱামতে এসময়ত উত্তৰ চীনত “বড”Bodনামেৰে এখন দেশ আছিল আৰু ইয়াৰ বাসিন্দাসকল বডোচা বা বড়োৰ সন্তান বুলি কোৱা হৈছিল।অৰ্থাৎ “The first batch of the Bodos who migrated to assam came from a place sistuted at the confluence of two river dila urla(big water)and changriba(small river)to that area being disturbed and converted into a desert by an earthquake this way very likely a part of the present Gobi desert lying at the confluence of the modern khasgardaria and yarkand daria”.

গ্ৰীয়াৰচনৰ মতে প্ৰাচীন কালছোৱাত তিব্বত “বড-উত”(Bodyut)ইয়াৰ বাসিন্দাসকল “বড-পা(Bodpa)আৰু তেওঁলোকৰ ভাষা “বড-স্কাড”(Bodskad)নামেৰে জনাজাত আছিল।এতকিনচনেও তিব্বত মধ্যাঞ্চলক “বড-দেশ(Bod country)আৰু ইয়াৰ বাসিন্দাসকলে বড-পা বুলি উল্লেখ কৰিছে।জন বাউলৰ মতে তিব্বতসকল দৰাচলতে উত্তৰ পশ্চিম চীনৰ হোৱাংহ আৰু ইয়াংচিকিয়াং নৈৰ উপত্যকাৰপৰা কোনোবা এটা সময়ত আহিছিল আৰু সেয়েহে তিব্বতৰ উপৰিভাগো এসময়ত “বড” আৰু সেই অঞ্চলৰ বাসিন্দাসকল “বডপা” নামেৰে জনাজাত আছিল।সুনীতি কুমাৰ চট্টোপধ্যায় মতে বড়ো ভাষা হল তিব্বত চীন ভাষা গোষ্ঠীৰ তিব্বত-ব্ৰ্ক্ষ শাখাভুক্ত আৰু উত্তৰ পশ্চিম চীনৰ হোৱাংহ আৰু ইয়াংচি মোহনা আছিল তিব্বত চীনভাষীসকলো মানুহৰ আদি নিবাস।

হালালী ৰাজ্য পৰিত্যাগ সম্বন্ধে থকা জনশ্ৰুতিমতে তেওঁলোকে দুৰ্ধৰ্ষ পাহাৰীয়া জাতিৰ অত্যাচাৰত উৎপীড়িত হৈ জনৈক কছাৰী ৰজাই ব্ৰ্ক্ষপুত্ৰৰ দক্ষিন পাৰত নতুন ৰাজ্য প্ৰ্তিষ্ঠাকৰনৰ অভিপ্ৰায়েৰে হালালী ৰাজ্য পৰিত্যাগ কৰিবলৈ ইচ্ছা কৰে।কিন্ত অসংখ্যা প্ৰজা,পোহনীয় জীৱ জন্ত আৰু পৰ্য্যাপ্ত বস্ত বাহিনি সহিত বিশাল ব্ৰ্ক্ষপুত্ৰ অতিক্ৰম কৰা সহজসাধ্য নহয় বুলি জানি তেঁও গভীৰ চিন্তাত ব্যাকুল হৈ পৰিল।যা হওক দৈৱানুগ্ৰহত এদিন ৰাতি সপোনৰ যোগেদি জানিব পাৰিলে যে কোনো নিদিষ্ট স্থানত একাহত পানীৰ তলত নদী অতিক্ৰম কৰিব পৰাকৈ এটি বান্ধ পাব কিন্ত নদী পাৰ হোৱাৰঅৱস্থাত কোনোবাই যদি পাছলৈ উভটি চায় তেনেহলে সেই বান্ধ ভাঙি মহাবিপৰ্য্যয় হব।হালালী ৰাজ্য পৰিত্যাগৰ সিদ্ধান্ত গ্ৰহন কৰি তেওঁৰ প্ৰজাসকলক নদী পাৰ হবলৈ জাননী দিলে।ৰজাৰ আদেশ শিৰোধাৰ্য কৰি তেওঁলোকে নদী পাৰ হবলৈ আৰম্ভ কৰে।এনেদৰে প্ৰায়  লোক নদী পাৰ হোৱাৰ পাছত নিজৰ অদম্য কৌতুহল দমন কৰিব নোৱাৰী ৰজাই পাছলৈ ওলটি চোৱাৰ লগে লগেই নদীৰ বান্ধ ভাঙি নদী পাৰ হবলৈ বিচৰা নদীৰ বুকুত থকা লোকসকলক কোবাল ঢৌৱে উটুৱাই নিয়ে।

এক তৃতীয়াংশ লোক আৰু চাৰিজন মন্ত্ৰী হালালীলৈ ওলটি যায়,কিন্ত ৰজাই ব্ৰ্ক্ষপুত্ৰৰ দক্ষিন পাৰত এখন ৰাজ্য স্থাপন কৰে।কালক্ৰমত কছাৰী ৰজাসকলে এই ৰাজ্যৰপৰাই কামৰুপ ৰাজ্য আক্ৰমন কৰি অধিকাৰ কৰি লবলৈ সক্ষম হয়,তেওঁলোকৰ বংশধৰসকল ইয়াৰ পাছত নলবাৰী আৰু খাগৰীবাৰীৰ লোক হিচাপে প্ৰসিদ্ধ হয়।

উপৰিউক্ত তথ্য বিশ্লেষন কৰিলে আমি দেখিবলৈ পাম যে নদী পাৰ হোৱা এই বৃহত্তৰ কছাৰী জনগোষ্ঠীৰ এটা শাখা তিফ্ৰা বা তিৱাসকলৰ দ্বাৰা নগাঁও জিলা কপিলী উপত্যাকাৰ ডবাক বা ডবকাত এখন ৰাজ্য প্ৰ্তিষ্ঠা কৰাৰ সাক্ষ্য ত্ৰিপুৰাৰ ৰাজমালাই এনেদৰে লিখিছে—

ত্ৰিবেগ স্থলতে ৰাজ্য নগৰ কৰিল।

কপীলা নদীৰ তীৰে ৰাজপট কৈল।।

উত্তৰে তৈয়ঙ্গ নদী দক্ষিনে আচৰঙ্গ।

পূৰ্বে মেখলী সীমা পশ্চিমে কাচৰঙ্গ।।

বাবু কালীপ্ৰসন্ন সেনৰ দ্বাৰা সম্পাদিত ৰাজমালাৰ ভূমীকাত সম্পাদক মহোদয়ে ত্ৰিপুৰীসকলৰ এই প্ৰাচীন ৰাজ্য ব্ৰ্ক্ষপুত্ৰৰ উপত্যকাতে থকা বুলি অনুমান কৰিছিল।ৰায়বাহাদূৰ কনকলাল বৰুৱাই এই অভিমতৰ সমৰ্থনত খ্ৰীষ্টীয় ষষ্ঠ শতিকাৰ আগলৈকে ত্ৰিপুৰী ৰাজ্যখন কপিলী উপত্যকাতে থকা বুলি মন্তব্য কৰিছে।সেই কালছোৱাত কপিলী উপত্যকাত এখন সমৃদ্ধিশীল ৰাজ্যৰ স্থিতিৰ সম্ভাৱনাৰ ওপৰত জোৰ দিবলৈ বৰুৱাদেৱে ঐতিহাসিক ভিনচেন্ট স্মিথৰ অভিমত আৰু সমুদ্ৰ্গুপ্তৰ এলাহবাদ প্ৰশস্তিৰো উল্লেখ কৰিছে।ভিনচেন্ট স্মিথে চীনদেশৰ পুৰনি নথি পত্ৰৰ ৪২৮ খ্ৰী:ত কপিলী ৰাজ্যৰ ৰজাই চীনদেশলৈ এজন ৰাষ্ট্ৰ্দূত পঠোৱা বুলি এটি তথ্য প্ৰকাশ কৰছিল আৰু সেই ৰাজ্যখন অসমৰ কপিলী নৈৰ সৈতে জোৰা বুলিও তেওঁ মত দিছিল।গুপ্ত সম্ৰাট সমুদ্ৰ্গুপ্তৰ চতুৰ্থ শতিকাৰ এলাহাবাদ প্ৰ্শস্তিত উল্লিখিত ডবাক ৰাজ্যৰ অসমৰ কপিলী উপত্যকাত আজিলৈকে জনাজাত ডবকা বুলিও তেওঁ   ত্ৰিবেগ,কপিলী আৰু ডবকা একেখন ৰাজ্য আৰু ই ত্ৰিপুৰীসকলৰ দ্বাৰাই স্থাপিত হৈছিল।

ৰাজমালাৰ বৰ্ননা অনুসৰি প্ৰ্তিৱেশী হেড়ম্ব ৰাজ্যৰ সৈতে যুঁজত পৰাভূত হৈ ত্ৰিপুৰীসকলৰ ৰজাই কপিলী পৰিত্যাগ কৰিবলৈ বাধ্য হৈছিল।

হেড়ম্ব হইয়া ক্ৰোধ যুদ্ধ সজ্জা কৰে।

পাত্ৰ মিত্ৰ পাঠায় যুদ্ধ কৰিবাৰে।।

হইল তুমুল যুদ্ধ দুই সৈন্য মা্যঝে।

ঢোল ডগৰ ভেৰী নানা বাদ্য বাজে।।

হস্তী ঘোড়া বহু সৈন্য হেড়ম্বৰ ঠাট।

সপ্তদিন যুদ্ধ হৈল ত্ৰিপুৰাৰ পাট।।

কপীলা নদীৰ তীৰে পাট ছাৰি দিয়া।

একাদশ ভাই মিলি মন্ত্ৰনা কৰিয়া।।

সৈন্য সেনাসনে ৰাজা স্থানান্তৰে গেল।

বৰবক্ৰ উজানতে খলংমা ৰহিল।।

ইয়াৰ পিছত তিফ্ৰাসকলৰ ৰজা দক্ষিনে বৰাক নৈৰ উজনি অঞ্চলত খলংমা নামৰ ঠাইত নতুন ৰাজ্য স্থাপন কৰা আৰু কপিলী উপত্যকা হেড়ম্ব ৰাজ্যৰ অন্তৰ্ভুক্ত হোৱা বুলিও ৰাজমালাত কোৱা হৈছে।

খলংমা কৰিল ৰাজ্য দক্ষিন নৃপতি।

কপীলা নদীৰ তীৰে হেড়ম্ব বসতি।।

কনকলাল বৰুৱাই ত্ৰিপুৰাৰ ৰজা আদি ধৰ্মফাই ৬৪১ খ্ৰী:ত পাচঁজন মৈথিলী ব্ৰাক্ষণক শ্ৰীহট্ৰৰ পঞ্চখণ্ডত ভূমিকাৰ কৰা সংক্ৰান্তত এখন তাম্ৰ্ফলিৰো উদ্ধৃতি দিছে আৰু ত্ৰিপুৰী ৰাজ্যখন পঞ্চম শতিকাৰ পাছত কপিলী উপত্যকাৰপৰা বৰাক উপত্যকালৈ স্থানান্তৰিত হোৱা বুলিও অনুমান কৰিছে।ভূতি বৰ্মনৰ বৰগঙ্গা প্ৰস্তৰলিপিৰ পৰা ষষ্ঠ শতিকাত এই কপিলী অঞ্চলটো কামৰুপৰ অন্তৰ্ভুক্ত হৈ থকাৰ কথা জনা গৈছে।সেইসময়ৰ আগলৈকে এই অঞ্চলটোত ৰাজত্ব কৰিবলৈ কোনো অসুবিধা নাছিল।সেই কাৰনে বৰুৱাদেৱে অনুমান যুক্তিসঙ্গত যেন লাগে।যিয়েই নহওক ত্ৰিপুৰী ৰাজ্যখন ব্ৰ্ক্ষপুত্ৰ উপত্যকাৰপৰা বৰাক উপত্যকা হৈ কালক্ৰমে বৰ্তমান ত্ৰিপুৰা পোৱা গৈ বুলি ত্ৰিপুৰাৰ ঐতিহাসিক সকলৰো অভিমত।

প্ৰ্ত্ন্তাত্বিক ৰাজমোহন নাথে দৃকপতি আৰু দক্ষিন দুয়োজনাই তিফ্ৰা ৰজা ত্ৰিলোচনৰ পুত্ৰ বুলি উল্লেখ কৰিছে।ত্ৰিলোচনে চুবুৰীয়া কছাৰী ৰজাৰ একমাত্ৰ কন্যাগৰাকীৰ পানিগ্ৰহন কৰিছিল।যিহেতুকে কছাৰী ৰজাৰ কোনো পুত্ৰ সন্তান নাছিল সেয়েহে তেওঁ জেষ্ঠ্য নাতিৰ দৃকপতিক উত্তৰাধিকাৰ মনোনীত কৰি নিজৰ লগতে ৰাখিছিল।কছাৰী ৰজাৰ পৰলোকপ্ৰাপ্তিৰ পাছত দৃকপতিয়ে হেড়ম্বৰাজ কছাৰী ৰজাৰ সিংহাসন লাভ কৰিছিল।আনহাতে তিফ্ৰাৰাজ ত্ৰিলোচনৰ পৰলোক প্ৰাপ্তিৰ পিছত তেওঁৰ পুত্ৰ্সকলৰ ভিতৰত জেষ্ঠ আনজন পুত্ৰ দক্ষিনে সিংহাসন লাভ কৰে।কিন্ত অতি উচ্চাকাংক্ষী দৃকপতিয়ে তেওঁৰ পিতৃৰাজ্যৰ অধিকাৰ দাবী কৰি ভায়েক দক্ষিনলৈ কটকী প্ৰেৰন কৰে। দক্ষিনে ককায়েকে কৰা এই অন্যায় দাবী অগ্ৰাহ্য কৰাত দুয়োজনৰ মাজত যুদ্ধ অনিবাৰ্য হৈ পৰে।এই যুদ্ধত দক্ষিন দৃকপতিৰ হাতত অতি শোচনীয়ভাৱে পৰাস্ত হোৱাত তেওঁ বাকী একাদশগৰাকী ভাতৃৰ লগত  কৰি তেঁওৰ সমৰ্থক প্ৰজাসকলেৰে সহিত বৰবক্ৰ (বৰাক) নদীৰ খলংমা নামৰ স্থানত ৰাজধানী পাতি নতুনকৈ ৰাজ্য স্থাপন কৰেগৈ।

দক্ষিনৰ লগত তেওঁৰ পৈতৃক ৰাজ্যৰ সকলো প্ৰজাই গুচি যোৱা নাছিল।তেওঁলোকে দৃকপতিৰ অধীনতা স্বীকাৰ কৰি কছাৰী ৰাজ্যতেই থাকিবলৈ লয়।কিন্ত কছাৰীসকলৰ অত্যাচাৰত অতিষ্ঠ হৈ তেওঁলোকে দক্ষিনে পশ্চাদসৰনৰ কৰা পথেদি গৈ কাৰ্বি লোকসকলক লগ পায়গৈ।কাৰ্বিসকলে দুৰ্দশাগ্ৰস্ত হৈ পৰা তিফ্ৰাসকলক ডিফু অঞ্চলৰ ওচৰৰ নিলালুং নদীৰ পাৰত বসবাসৰ সুবিধা প্ৰদান কৰে।কাৰ্বিসকলে তিৱাসকলক আশ্ৰয় প্ৰদানৰ ব্যৱস্থাই কছাৰীসকলৰ মনত তীব্ৰ বিদ্বেষৰ উদ্ৰেক কৰে।সেয়েহে এইবাৰ কছাৰীসকলে তিৱাসকলৰ লগতে কাৰ্বিসকলৰ ওপৰতো নিত্য নতুন কৌশল প্ৰয়োগ কৰি তীব্ৰ উৎপীড়ন আৰম্ভ কৰে।তিৱা আৰু কাৰ্বিলোকসকলৰ সুঠাম আৰু তেজাল ডেকা লৰা বাচি বিচাৰি মহামায়া থানাত বলি দিবলৈ আৰম্ভ কৰাৰ উপৰি কছাৰী ৰজাৰ পোহনীয়া বাঘৰ পোৱালীক মনুষ্যক দুগ্দ্ধ খুওৱাৱলৈ এই তিৱা আৰু কাৰ্বি তিৰোতাসকলৰপৰা জোৰ জুলুমকৈ দুগ্দ্ধ স্ংগ্ৰহ কৰিছিল।এবাৰ ৰ্ংফাৰপী নামৰ শকত আৱত পালোৱান মহিলা এগৰাকীক তেওঁ খৰি লুৰি অহাৰ পথতেই কছাৰী ৰজাৰ টেকেলাহতে বলপূৰ্বক তেওঁৰ দুগ্দ্ধ খীৰাবলৈ উদ্যত হোৱাত ৰ্ংফাৰপীয়ে বাধা প্ৰদান কৰি তেওঁলোকক ঘৰলৈ গৈ তেওঁলোকে বিচৰামতে গাখীৰ দিব বুলি কয়।ৰ্ংফাৰপীৰ কথালৈ কৰ্নপাত নকৰি কছাৰী টেকেলাকেইটাই নিলৰ্জভাৱে বলপূৰ্বক ৰ্ংফাৰপীৰ গাখীৰ খীৰাবলৈ আগবাঢ়ি অহাৰ লগে লগেই লাজে অপমানে ম্ৰিয়মান হৈ হাতত  থকা কুঠাৰখনৰে টেকেলা দুটাক বধ কৰে।এই কাৰ্যৰ পৰিনিতি যে অত্যন্ত ভয়াবহ হব সেই কথা এই তিৱা কাৰ্বিলোকসকলে অনুধাৱন কৰিব পাৰি সেইদিনাৰ নিশাৰ ভাগতেই তেওঁলোকে পশ্চিমৰ দিশৰে পলায়ন কৰে।কুমৈ ৰাজ বংশাৱলীত এই ঘটনা এনেদৰে পোৱা গৈছে---

তাহাৰ ৰাজাৰ শুনা এক ব্যৱহাৰ।

প্ৰ্তিদিনে লাগে কৰ দুগ্দ্ধ মনুষ্যৰ।

ইথানত আমি থাকিব নাপাৰো।

আহা আমিসবে ঐৰপৰা স্বত্বৰে আন্তৰো।।

তিৱা আৰু কাৰ্বি জনজাতিৰ লোকসকলে পশ্চিম প্ৰান্তৰত থকা জয়ন্তীয়া ৰজালৈ কছাৰীসকলৰ ভয়ত পলায়ান কৰিব লগা হোৱা এই ঘটনাৰ পৰৱৰ্তী পৰ্য্যায়ৰ বিষয়ে পৰ্য্যালোচনা কৰাৰ পূৰ্বেই আমি চুতীয়া আৰু তিৱা এই জনজাতিৰ দুটাৰ মাজত থকা পাৰস্পৰিক সম্পৰ্কৰ বিষয়ে অতি স্ংক্ষেপে এটি পৰ্য্যলোচনা আগবঢ়োৱাটো সমীচিন হব বুলি ভাবোঁ।

অসমত  বসবাস কৰা তিৱা বা লালুং হিচাপে সু পৰিচিত এই জনজাতীয় লোকসকল যে অতি প্ৰাচীন কালৰে পৰা অসমত বসবাস কৰি অহা চুতীয়াসকলৰেই এই অন্যতম শাখা হয় সেই তথ্যক বাস্তৱায়িতকৰনৰ ক্ষেত্ৰত বিভিন্নজনা ঐতিহাসিক প্ৰ্ক্ষেপে কৰা একাধিক তথ্যৰ উপস্থাপন কৰিব পৰা যায় যদিও আমাৰ এই নাতিদীৰ্ঘ প্ৰৱন্ধত মাত্ৰ দুই-চাৰিটা তথ্যহে ইয়াত সন্নিবিষ্ট কৰা হব।চুতীয়া আৰু তীৱা এই দুয়োটা সম্প্ৰ্দায়ৰ লোকসকলে বুধবাৰৰ দিনটো অতিশয় পবিত্ৰ আৰু শুভ বুলি গন্য কৰে।সেয়েহে বাপতি সাহোন চতৰ ৰঙালী বিহু আৰু মাঘৰ  ভোগালী বিহু সংক্ৰান্তি বুধবাৰ নপৰিলে তেওঁলোকে বিহু উদযাপন কেতিয়াও নকৰে।স্ংক্ৰান্তিৰ পাছৰ বুধবাৰৰ দিনাহে তেওঁলোকে বিহু উদযাপন কৰে।ইয়াৰোপৰি সকলো ধৰনৰ মাঙ্গলীক কৰ্মত তেওঁলোকে বুধবাৰৰ দিনটোতহে আৰম্ভ কৰাটো পৰিলক্ষিত হয়।এই পৰম্পৰা অদ্যপৰিমিত তেওঁলোকৰ সমাজত প্ৰচলন হৈুৰ থকাটো অতিশয় গুৰুত্বপূৰ্ন কথ।শদিয়া অঞ্চলত অৱস্থিত তাম্ৰেশ্বৰী মন্দিৰৰ কেচাঁইখাতী গোসাঁনীক সন্তষ্ট কৰুনাৰ্থে চুতীয়াসকলে নৰবলি আগবঢ়োৱাটো তেওঁলোকৰ ধৰ্মীয় পৰম্পৰা।এই বিশ্বাসৰ আধাৰতেই তেওঁলোকে বসবাস কৰা অঞ্চলসমূহত দেওশাল প্ৰ্তিষ্ঠা কৰি লোৱাটো চুতীয়াসকলৰ যেনেদৰে এক ধৰ্মীয় পৰম্পৰা।এই বিশ্বাসৰ আধাৰতেই তেওঁলোকে বসবাস কৰা অঞ্চলসমূহত দেওশাল প্ৰ্তিষ্ঠা কৰি লোৱাটো চুতীয়াসকলৰি যেনেকৈ ধৰ্মীয় পৰম্পৰা তদ্ৰুপ তিৱা জনজাতীয় লোকসকলৰ প্ৰতিজন  ৰজা পোৱালীৰ শাসিত ক্ষুদ্ৰ ক্ষুদ্ৰ ৰাজ্যসমূহতো ৰাজ্যখনৰ প্ৰজাৰ মঙ্গালাৰ্থে একোখনকৈ দেওশালৰ থকা কথাটোৱেষ তাৎপৰ্য্য বহন কৰিছে।গৱেষক পণ্ডিতসকলে গৱেষনা কৰি ঠাৱৰ কৰিছে যে পূৰ্বতে অকল চুতীয়া আৰু তিৱা জনজাতীয় লোকসকলহে সৰু সৰু মাছ শুকুৱাই তাক ঢেঁকীত খুন্দিলেই হওক অথবা বাহঁৰ চুঙা বা টেকেলীত এই সৰু সৰু শুকান মাছবোৰ ভৰাই মাটিৰ তলত এমাহ ডেৰমাহ মান পুতি থৈ সময়ত মাটিৰ তলৰপৰা উলিয়াই তাক শুকতি হিচাপে ব্যৱহাৰ কৰিছিল।এই শুকুতিৰ ব্যৱহাৰ হেনো অসমত বসবাস কৰা আন জনজাতিসমূহে তিৱা আৰু চুতীয়াসকলৰ পৰা শিকি লৈছিল।তেনেদৰে বনৰীয়া হাতী ধৰী আনি বশ মনাই ঘৰচীয়াকৰনৰ ক্ষেত্ৰতো তিৱা আৰু চুতীয়া মানুহ সমানেই পাৰ্গত।তিৱা জনজাতীয় লোকসকলে উদযাপন কৰা ৱানঝোৱা বা পিঠাগুড়ি খুন্দি উৎসৱত পৰিৱেশন কৰা গীততো তিৱাসকলৰ ৰানীগৰাকীৰ জন্মভূমী শদিয়া অঞ্চল বুলি উল্লেখ আছে।তিৱা আৰু চুতীয়াসকলৰ মতে শব্দ দুটাৰ অৰ্থ হল চু-ওখ ঠাই তীয়া অৰ্থাৎ ওখ ঠাইত বাস কৰা তিৱা লোক। তেনেদৰে তিৱা (প্ৰকৃততে তিৱাই ছা)তি পানী,ৱাই কূলীয়া,ছা সন্তান।নৈপৰীয়া সন্তান।মানুহে যিকোনো কথা সৰলীকৰন কৰাটো এক প্ৰবৃত্তি।সেয়েহে ৱাইছাক চমু কৰি তিৱা হিচাপে পৰিচিত হয়।

চুতীয়াসকলে পুৰোহিত দেউৰী চুতীয়াসকলৰ মাজত প্ৰচলিত এটি জনশ্ৰুতিয়েও তিৱা আৰু চুতীয়াসকল যে পূৰ্বতে একে জনগোষ্ঠীৰ লোক আছিল তাৰ সম্ভেদ পোৱা যায়।এই জনশ্ৰুতিমতে দেউৰীসকলৰ দিবঙীয়া,টেঙাপনীয়া,বৰগঞা আৰু পাটৰগঞা আদি চাৰি খেলে পূৰ্বতে শদিয়াত বাস কৰিছিল।পাহাৰীয়া জনজাতীয় লোক সকলৰ আক্ৰমনত অতিষ্ঠ হৈ চুতীয়াসকলৰ এই চাৰিটাও খেলেই চাৰিখন ভূৰ বান্ধি তেওঁলোকৰ আদি বাসস্থান শদিয়া পৰিত্যাগ কৰি ব্ৰ্ক্ষপুত্ৰদি ভটিয়াই আহে।এনেদৰে ভটিয়াই আহোতে তিনিখেলৰ তিনিখন ভুৰ আহি বালিচৰত লাগিল।কিন্ত তাৰে চতুৰ্থ ফৈদটো নগাঁও জিলাৰ লালুং তিৱা সকলৰ লগত মিলি গল বুলি দেউৰী চুতীয়াসকলৰ মাজত প্ৰবাদ আছে।বৰ্তমান তিৱা সম্প্ৰদায়ৰ মাজত দেউৰী উপনাম থকাৰ উপৰি ভাষা,সকাম,নিকামৰ মন্ত্ৰ পাঠ আদিতো যথেষ্ঠ মিল আছে।

এই সকলোবোৰ ঘটনা পৰিঘটনা পৰ্যবেশন কৰি E T delton চাহাবে লিখিছে-The tribe called Bihia are of the same family and as a tribe of Lalung in upper Assam claim to be of chutia decent.It is not unlikely that all the Lalungs are chutia.

কোনো প্ৰাথমিক তথ্যপাতিৰ উপস্থাপন নকৰাকৈ প্ৰত্নতাত্বিক ৰাজমোহন নাথ ডাঙৰীয়াই জয়ন্তীয়া ৰাজ্যৰ শাসনকৰ্তী ৰাণী বাণী কা-উৰ্মীৰ কামৰুপ ৰাজ্যৰ বৰ্মন বংশীয় ৰজাসকলৰ দ্বাৰা জয়ন্তীয়া ৰাজ্যলৈ প্ৰেৰন কৰা চুতীয়া সম্প্ৰ্দায়ৰ ৰাষ্ট্ৰ্দূট সিন্ধুৰাইৰ লগত বিবাহ হোৱাৰ কথা উল্লেখ কৰিছে।এই গৰাকী ৰানীৰ কন্যা কা-উৰ্বৰাক(সিন্ধুৰাইৰ পাছত কামৰুপৰ বৰ্মন বংশীয় নৃপতি জনাই এই একে সম্প্ৰদায়ৰ আনজন ৰাজদূত কৃষকক জয়ন্তীয়া ৰাজ্যলৈ কটকী স্বৰুপে প্ৰেৰন কৰিছিল চৰ্ত সাপেক্ষেত বিয়া পাতিছিল যে কৃষকক জয়ন্তীয়া ৰাজ্যৰ ৰজা পাতিব লাগিব।কা-উৰ্বাৰাই কৃষকৰ চৰ্ত মানি লৈ তেওঁক জয়ন্তীয়া ৰাজ্যৰ ৰজা পাতিছিল।কৃষকে ৰাজ্যখনৰ শাসন ব্যৱস্থা ভালেমান উন্নতি সাধন কৰিছিল আৰু ৰাজ সিংহাসনৰ উত্তৰাধিকাৰী ৰীতিৰো স্ংস্কাৰ সাধন কৰি কনিষ্ঠা কন্যাৰ পৰিৱৰ্তে জ্যেষ্ঠ ভাতৃয়ে ৰাজপাটত বহাৰ ৰীতিৰ প্ৰৱৰ্তন কৰিছিল।পিছলৈ অতকালে চলি অহা প্ৰাচীন স্থায়ী প্ৰথাটোৰ পৰিৱৰ্তন কৰাৰ বাবে জয়ন্তীয়াত প্ৰজা বিদ্ৰোহ হোৱাৰ আশ্ংকা কৰি কামৰুপ ৰজাই কৃষকক কামৰুপলৈ মাতি পঠায়।কামৰুপলৈ প্ৰত্যাৱৰ্তন কৰাৰ পাছত কৃষকে দুনাই জয়ন্তীয়া ৰাজ্যলৈ ঘুৰি নগল।তেতিয়াৰ পৰা জয়ন্তীয়াৰ সিংহাসনত তিৰোতাৰ পৰিৱৰ্তে পুৰুষে ৰাজপাটত বহাৰ নতুন নিয়মৰ প্ৰৱৰ্তন হয়।

স্মৰ্তব্য যে প্ৰত্নতাত্বিক ৰাজমোহন নাথৰ লগত সহমত পোষন কৰি ড: হেমলেট বাৰেহ ডাঙৰীয়াই এই সংক্ৰান্তত লিখিছে—খাচী জয়ন্তীয়া ৰাজ্য পৰিষদৰ(State Council) এতিয়াও চুতীয়া নামৰ এটা পদবী আছে।এই পদবীটোৱে অৱশ্যে কোনো ফৈদক নুবুজায়।জয়ন্তীয়াসকলৰ দলৈ পৰিষদতো দলৈ,পাতৰ আৰু চুতীয়া নামৰ গুৰুত্বপূৰ্ন পদবী এতিয়াও আছে।এই তিনিটা পদবীৰ নাম চুতীয়াসকলৰপৰাই খাচী জয়ন্তীয়া সমাজত প্ৰচলিত হৈছিল।দলৈৰ পৰিষদত দলৈৰ পাছতে পাতৰসকলৰ স্থান।

এনেদৰে প্ৰ্থিতযশা ঐতিহাসিকসকলে উপস্থাপন কৰা এই তথ্যসমূহ গভীৰভাৱে বিশ্লেষন কৰাৰ অন্তত আমি চুতীয়া আৰু তীৱা এই দুটা জনগোষ্ঠীয় পূৰ্বতে একেটা জনগোষ্ঠীৰে আছিল সেইটো প্ৰ্তিয়মান হোৱা পৰিলক্ষিত হয়।আনহাতে তিৱা আৰু চুতীয়া জনগোষ্ঠীৰ লগতে জয়ন্তীয়া শব্দটো স্ংপৃক্ত হোৱা কথাটোৱেই বিশেষ তাৎপৰ্য বহন কৰা দেখা গৈছে।জনশ্ৰুতি আৰু ঐতিহাসিক কিছু তথ্য –পাতিয়ে আমাক সোৱঁৰাই দিয়ে যে তিৱা আৰু কাৰ্বিসকলে কছাৰীসকলৰ ভয়ত বৰ্তমানৰ মেঘালয়লৈ সেই তাহানিতে আশ্ৰয় বিচাৰি অহাৰ পাছত মাতৃ তান্ত্ৰিকবাদী খাচীসকলে পিতৃতান্ত্ৰীকবাদী এই লোকসকলক যথাযোগ্যভাৱে আশ্ৰয় প্ৰদান নকৰাৰ পৰিপ্ৰক্ষেতিতত তেওঁলোকে সেই তেতিয়াৰ আশ্ৰয় বিচাৰি অহা বুলি অনুমিত।এই তিৱা কাৰ্বসকলৰ ভিতৰত তিৱা লোকসকলৰ বিচক্ষনতাত সন্মোহিত হৈ বৰ্মন বংশীয় নৃপতিসকলে তিৱাসকলৰ সিন্ধুৰাই আৰু তেঁওৰ পাছত কৃষকক জয়ন্তীয়া ৰাজ্যলৈ বৰ্মন বংশৰ ৰাজপ্ৰতিনিধি হিচাপে প্ৰেৰন কৰিছিল।এই দুইজন ৰাজ প্ৰতিনিধিয়ে জয়ন্তীয়াৰ ৰাজদৰবাৰত গভীৰ প্ৰভাৱ পেলাইছিল।ইয়াৰ পাছৰজন প্ৰ্তিনিধি কৃষকে জয়ন্তীয়াসকলৰ সাতামপুৰুষীয়া প্ৰথা মাতৃতান্ত্ৰিকবাদৰ পৰিসমাপ্তি ঘটাই শাসনযন্ত্ৰটোকেই নৱ ৰুপ দি ৱৈপ্লবিক সূচনা কৰাৰ কথা ৰাজমোহন নাথে উনুকিয়াই দিছে।হয়তো এনেদৰে তিৱা আৰু খাচীসকলৰ সংমিশ্ৰনত গঠিত জনগোষ্ঠীটোৱেই ইয়াৰ পৰৱৰ্তী সময়ত জয়ন্তীয়া হিচাপে পৰিচিত হৈছিল নেকি ই এক গৱেষনামূলক বিষয়।ড: হেমলেট বাৰেহ ডাঙৰীয়াই ইয়াৰ আধাৰতেই তিৱা বা চুতীয়া লোকসকলে ৰাজদৰবাৰত আধিপত্য লাভ কৰাৰ পাছত সেই পদবীকেইটা ইয়াৰ পৰৱৰ্তী সময়লৈকে থকা বুলি কৰা উল্লেখ এই কথাৰ সত্যতাক স্বীকৃতি দিয়া যেন লাগে।

জয়ন্তীয়া ৰাজ্যত কৃষকে সুচনা কৰা পৰিৱৰ্তনৰ পাচহতেই জয়ন্তীয়া ৰাজ্যত তিৱা জনজাতীয় লোকসকলৰ ক্ৰমান্বয়ে আগমন হবলৈ ধৰিছিল।কাৰন বৰ্মন বংশীয় ৰজাই কৃষকক জয়ন্তীয়া ৰাজ্যৰ পৰা ওভটাই আনিলে যদিও জয়ন্তীয়া ৰাজ্যতে ৰৈ যোৱা কৃষকৰ পত্নীৰ গৰ্ভৰ সন্তানটিয়ে ইয়াৰ পাছত জয়ন্তীয়া ৰাজ্যৰ ৰাজসিংহাসন লাভ কৰি জয়ন্তীয়া ৰাজ্যত পিতৃ তান্ত্ৰিকবাদৰ সূচনা কৰিলে।তিৱা জনজাতীয় লোকৰ ৰক্ত প্ৰবাহিত জয়ন্তীয়া ৰাজ্যৰ পৰৱৰ্তী ৰজাসকলৰ ৰাজত্বকালত সেই ৰজাসকলৰ বদান্যৰ বাবেই তিৱা জনজাতীয় লোকসকলৰ জনবসতি জয়ন্তীয়াত ক্ৰমান্বয়ে বৃদ্ধি পাবলৈ ধৰে।আনহাতে কছাৰীসকলৰ ভয়ত তিৱাসকলৰ লগতে একেলগে জয়ন্তীয়াৰ দিশলৈ পলায়ন কৰি অহা কাৰ্বি জনজাতিৰ লোকসকলেও জয়ন্তীয়া ৰাজ্যলৈ বসবাস কৰিবলৈ আহিবলৈ আৰম্ভ কৰাৰ ফলত জয়ন্তীয়া ৰাজ্যত তিৱা আৰু কাৰ্বি লোকসকলৰ জনস্ংখ্যা দ্ৰুত গতিত বাঢ়িবলৈ ধৰে।এই বৰ্ধিত জনস্ংখ্যাৰ প্ৰ্তি লক্ষ্য কৰি জয়ন্তীয়া ৰাজ্যৰ পৰৱৰ্তী ৰজা বাৰুঞ্চুয়ে তিৱা  আৰু কাৰ্বি সকলৰ সুঠাম সবল ডেকালৰাবোৰক প্ৰয়োজন সাপেক্ষত তেওঁলোকৰ উপাস্য দেৱী জয়ন্তীয়া আগত বলি হিচাপে আগবঢ়াবলৈ লয়।ইয়াৰ উপৰি ক্ৰমান্বয়ে তেওঁলোকৰ ওপৰত জয়ন্তীয়াসকলৰ উৎপীড়নৰ মাত্ৰাও দিনক দিনে বাঢ়িবলৈ ধৰে।সেয়েহে এই তিৱা আৰু কাৰ্বি লোকসকলে সৰ্বসন্মত সিদ্ধান্ত গ্ৰহন কৰি জয়ন্তীয়া ৰাজ্য পৰিত্যাগ কৰি তিনিজন তিৱা সম্প্ৰদায়ৰ যুৱকৰ নেতৃত্বত ডিমৰীয়া।গোভা আৰু কুমৈত নতুন ৰাজ্য পাতি দেশ শাসন কৰিবলৈ আৰম্ভ কৰে।তেওঁলোকৰ এই ৰাজ্য প্ৰ্তিষ্ঠাই পূৰ্বৰ খেদাখোৱা নেগ্ৰিটোসকলৰ পাছত মৰিগাঁও জিলাত দ্বিতীয় জনবসতিৰ স্বাক্ষৰ বহন কৰি মৰিগাঁও জিলাৰ ইতিহাসত এক নৱযুগৰ সূচনা কৰে।

জয়ন্তীয়াপৰা গুচি অহা এই তিনিজন যুৱকৰ সম্বন্ধত প্ৰথম দুজন আছিল ককাই ভাই আৰু তৃতীয়জন আছিল তেওঁলোকৰ ভাগিন।জ্যেষ্ঠ ৰাজকুমাৰজনে তেওঁৰ লগৰীয়াসকলক লগত লৈ হাতীৰ পিঠিত আৰোহন কৰি আহি ডিমৰীয়া অঞ্চল পাইছিলহি।খাদ্য দ্ৰব্যৰ নাটনি হোৱাৰ বাবে ওচৰৰ ঢৌমৰা অঞ্চলৰ পাহাৰৰ বুকুত থকা এজোপা মৌ ডিমৰু গছৰ গুটি খাই নিশা উদযাপন কৰিছিল।ডিমৰুৰ গুটি ভক্ষন কৰি পেটৰ ক্ষুধা নিবাৰন কৰি সেই গছৰ তলতেই নিশা সদলবলে অতিৱাহিত কৰাৰ বাবে নৱ প্ৰ্তিষ্ঠিত ৰাজ্যখন ডিমৰুৱা বুলি ইয়াৰ পৰৱৰ্তী সময়ত খ্যাত হয়।দ্বিতীয় ৰাজকুমাৰজনে নতুনকৈ ৰাজ্য প্ৰ্তিষ্ঠা কৰা ঠাই খণ্ড পৰ্বত পাহাৰত প্ৰচুৰ গুহা গহহ্বৰ আছিল আৰু এনে গুহাতেই আহি প্ৰথম নিশা অতিক্ৰম কৰাৰ বাবে গুহা নামৰপৰাই ৰাজ্যখনৰ নাম গোভা হিচাপে ইয়াৰ পৰৱৰ্তী সময়ত পৰিচীত হয়।আনহাতে তেওঁলোকৰ ভাগিনিয়েকগৰাকীয়ে কালিকা গোসাঁনীৰ মূৰ্তী এভাগি লগত লৈ আনি বৰ্তমানৰ কুমৈ পাহাৰৰ সন্মুখত ৰাজ্যলৈ প্ৰৱেশ কৰাৰ পথত মূৰ্তিভাগ প্ৰতিষ্ঠা কৰি কালিকাস্থান পাতিছিল।কুমৈ ৰাজ্যলৈ প্ৰৱেশ কৰাৰ আগতেই এই কালিকামুখ দৰ্শন হয়।তিৱা ভাষাত কু অথবা খো শব্দই মানুহৰ মুখক বুজায়।সেয়েহে প্ৰৱেশ পথত দৰ্শন হোৱা ৰাজ্যখনক মানুহে খুমাই>কুমাই>কুমৈ নামেৰে সুখ্যাত হয়।

বৰ্ধিত জনস্ংখ্যাৰ প্ৰতি লক্ষ্য ৰাখি এই তিনিৰাজ্যৰ পৰৱৰ্তী সময়ৰ ৰজাসকলৰ দিনত ইয়াৰ পৰা একাধিক ৰাজ্য নকৈ প্ৰতিষ্ঠা লাভ কৰে।ডিমৰুৱা ৰজাই এজন ৰাজকুমাৰক পানবাৰিৰ পশ্চিম উত্তৰৰ অংশটো প্ৰদান কৰি পাণবাৰীক সহযোগী ৰাজ্য স্বৰুপে প্ৰ্তিষ্ঠা কৰে।তেনেদৰে কুমৈৰ এজন ৰজাইয়ো পৰৱৰ্তী সময়ত ইয়াৰ পূৰ্বৰ অংশটোত আন এজন কোৱৰকঁ সহযোগী ৰজা পাতে।এই নতুন ৰাজ্যখনকেই বঘৰা ৰাজ্য বোলা হৈছিল।আনহাতে পৰৱৰ্তী গোভা ৰাজ্যৰ ৰজা লাহন সিংহই এটি অতি সামান্য কথাতেই ভায়েক নীলেশ্বৰ সিংহক ৰাজ্যৰপৰা খেদি দিয়ে।লাহন সিংহৰ এই অমানবীয় কামত ৰাজ্যৰ ডা-ডাঙৰীয়াৰ লগত সৰহ সংখ্যক প্ৰজা অতিশয় মৰ্মাহত হয়।সেয়েহে ইয়াৰ পৰিত্ৰান বিচাৰি গোভা ৰাজ্যৰ বা-বিষয়াসকলে জয়ন্তীয়া খাইৰিন মিলিম,মৈৰাং,ডিমৰীয়া আদি ৰাজ্যসমূহৰ ৰজাকেইজনাক ইয়াৰ সুবিৱেচনাৰ বাবে গোভালৈ আমন্ত্ৰন কৰি আনে।এই আমন্ত্ৰিত ৰজাকেইগৰাকিয়ে দুই ককাই-ভাইৰ মনোমালিন্যৰ যথাযোগ্য বিচাৰ কৰি লাহন সিংহক তেওঁৰ ৰাজ্যৰ একাংশ এৰি দি নীলেশ্বৰ সিংহক ৰজা পাতিবলৈ বাধ্য কৰে।এনেদৰে নতুনকৈ প্ৰ্তিষ্ঠিত ৰাজ্যখনক নতুন ৰজা নীলেশ্বৰৰ নামানুসৰি নেলী ৰখা হয়।

গোভা ৰজা লাহন সিংহই ভায়েক নীলেশ্বৰক দুৰ্বল কৰি ৰখাৰ মানসৰে আৰু দুখন ৰাজ্য প্ৰ্তিষ্ঠা কৰে।ইয়াৰে এখন হৈছে দেৱলপুৰ(বৰ্তমানৰ দেওশাল ইয়াৰ ৰাজধানী আছিল)আৰু ইয়াৰ প্ৰথমজন ৰজা আছিল দেৱল সিংহ।দেৱলৰ নামানুসৰি ৰাজ্যখনৰ নামো দেৱলপুৰ ৰখা হয়।অন্যায়ভাৱে লাহনে নেলী ৰাজ্যৰ এই অংশটোত দেৱল সিংহক ৰজা পাতে যদিও লাহনৰ মৃত্যুৰ পিচত নেলীৰ ৰজাই দেৱলক বধ কৰি এই ৰাজ্য অধিকাৰ কৰে।গোভাধিপতি লাহন সিংহই তেওঁৰ অতি বিশ্বস্ত সেনাপতি খালা সিংহক গোভাৰ একেবাৰে উত্তৰ পূবৰ অংশটো এৰি দি ৰজা পাতে।খাল সিংহৰ নামানুসৰি এই নতুন ৰাজ্যখনৰ নাম খলাৰাজ্য ৰুপে ইয়াৰ পৰৱৰ্তী সময়ত বিখ্যাত হৈ পৰে।সময়ত এই ৰাজ্যখনে উত্তৰখলা আৰু দক্ষিন খলা নামেৰে দুভাগত বিভক্ত হৈ সুকীয়া পৰিচয় প্ৰাপ্ত হয়।

নেলীৰ ৰজা নীলেশ্বৰ সিংহই ৰাজত্বৰ শেষৰফালে তেওঁৰ জোৱায়েক যুদ্ধজিত কোৱৰঁক তেওঁৰ ৰাজ্যৰ প্ৰতি আগবঢ়োৱা একনিষ্ঠ সেৱাৰ বাবে তেওঁৰ একমাত্ৰ কন্যা জয়ন্তীক বিয়া দি নেলী ৰজাৰ উত্তৰাংশত জোৱায়েঁকক সহযোগী ৰজা পাতে।নতুনকৈ পতা এই ন ফৈদকে সৰু ঘৰীয়া আৰু নীলেশ্বৰৰ পূৰ্বৰ ফৈদক বৰঘৰীয়া নামেৰে জনা গৈছিল।এই দুই ফৈদৰ পৰৱৰ্তী ছয় পুৰুষৰ দিনত সৰুঘৰীয়াৰ নন্দ দেৱা সিংহক ধাননি পথাৰলৈ দোংকাটি পানী যোগান ধৰাৰ সন্দৰ্ভত অন্যায়ভাৱে বধ কৰাৰ পাছত দাঁতিয়লীয় অন্যান্য ৰজাসকলে এই অন্যায়ৰ বিৰুদ্ধে সোচ্চাৰ হৈ পৰাত বাধ্য হৈ নেলী বৰঘৰীয়া ৰজা শশঙ্কেশ্বৰ মৃতৰজা নন্দদেৱা সিংহৰ জোৱায়েকঁ আৰু ৰাজকুমাৰী ললিতাৰ স্বামী আদিত্য সিংহক ডমাল ৰাজ্য প্ৰ্তিষ্ঠা কৰি ৰজা পাতিবলৈ বাধ্য হয়।

মৰিগাওঁ ৰাজ্যৰ দাঁতিয়লীয় ৰাজ্য কেইখনৰ ভিতৰত আটাইতকৈ পূৰ্বৰ অৱস্থিত ৰাজ্যখনেই হৈছে চহৰী ৰাজ্য।এই চহৰী ৰাজ্য দুটা ভিন্ন সময়ত প্ৰ্তিষ্ঠিত হৈছিল।প্ৰথম স্তৰত প্ৰ্তিষ্ঠা হোৱা ৰাজ্যখনৰ ইতিহাসৰ লগত লালুঙৰ ৰজা জোঙাল বলুহুৰ কাহিনীভাগ সংপৃক্ত হৈ আছে।দ্বিতীয় স্তৰত প্ৰ্তিষ্ঠিত চহৰী ৰাজ্যৰ বিষয়ে এই ৰাজ্যৰ ৰাজকুমাৰ অকনচন্দ্ৰ কোৱৰেঁ ২৯৮০ চনৰ “ৰিংচাং”নামৰ লালুংসকলৰ মুখপত্ৰখনিত লিখিছে-চহৰী ৰাজ্যৰ মূল ভেটি হল খলা ৰাজ্য।খলাৰ ৰজাই ৰাজ্য শাসন আৰু পূজা পাতলৰ সুবিধাৰ্থে ৰাজ্যখনৰ দক্ষিন পূৱ অংশত মছৰ্ং কুলৰ এগৰাকী ব্যক্তিক চহৰী ৰাজ্যৰ নতুন ৰজা পাতে।

ভৈয়াম অঞ্চলতে লালুংসকলৰ প্ৰ্তিষ্ঠিত প্ৰথম ৰাজ্য কুমৈৰ বিষয়ে ইতিপূৰ্বে উল্লেখ কৰা হৈছে লগতে বঘৰা ৰাজ্যৰ বিষয়েও উল্লেখ কৰা হৈছে।এই দুই ৰাজ্যৰ সহযোগী ভৈয়ামৰ আনখনি ৰাজ্য হৈছে তৰানী ৰাজ্য।এই ৰাজ্যখনৰ প্ৰ্তিষ্ঠাপক ৰজাগৰাকী কিন্ত গাৰু সম্প্ৰদায়ৰ আছিল।গৰুড়ধ্ব্জ নামৰ এই কোৱৰঁজনে নিজ ৰাজ্য পৰিত্যাগ কৰি প্ৰথমে ডিমৰীয়া আৰু ইয়াৰ পাছত গোভা ৰাজ্যত উপস্থিত হোৱাৰ কথা কুমৈ ৰজাই জানিব পাৰি গোভাৰ ৰজাক অনুৰোধ কৰি সেই ৰাজকুমাৰজনক খোজি আনিলে।কাৰন ভৈয়াম অঞ্চলত তেওঁৰ ৰাজ্যখন আওহতীয়া আৰু অকলশৰীয়া আছিল সেয়েহে কুমৈ ৰজাই এই ৰাজকুমাৰজনক বৰ্তমানৰ তৰানি অঞ্চলত সহযোগী ৰজা পাতি লয়।সময়ত এই ৰাজ্যৰ বৰ্ধিত জনস্ংখ্যাৰ প্ৰ্তি লক্ষ্য কৰি জগৌ ঘগুৱাৰ পৰা তৰানিলৈ অহা আন এজন গাৰু ৰাজকুমাৰক ঘগুৱাত ৰজা পাতে।জগৌ ঘগুৱাৰপৰা অহাৰ বাবে এই ৰাজ্যখনৰ চমু নাম ঘগুৱা হয়।

১৫৩১-৩২ খ্ৰীষ্টাব্দত স্বৰ্গদেউ চুহ্ংমুঙৰ সৈন্য বাহিনীয়ে কছাৰী ৰাজ্য আক্ৰমন কৰি কছাৰী ৰজাক বধ কৰে।খউব সম্ভৱ এই ৰাজভৱনৰ সময়তেই এদল কছাৰী লোকে ঐৰন সিংহ নামৰ এজন ৰাজকুমাৰৰ নেতৃত্বত কছাৰী ৰাজ্যৰ পৰা পলায়ন কৰি আহি অনাই বনাই ঘুৰি ফুৰাৰ পাছত কলঙেদি ভটিয়াই আদি দুই সূতিঁমুখত উপস্থিত হয়হি।কুমৈ ৰজাই তেওঁৰ সহযোগী বঘৰা আৰু তৰানী ৰাজ্যৰ ৰজাদ্বয় লগত আলোচনা কৰি এই ভগনীয়া লোকসকলক কুমৈ পাহাৰৰ উত্তৰ পশ্চিমৰ এটা বিস্তিৰ্ণ অঞ্চল ঐৰন সিংহক প্ৰদান কৰি তাতে তেঁওক ৰজা পাতি লয়।কুমৈ ৰজাৰ আৰ্শীবাদত প্ৰতিষ্ঠিত এই ন কছাৰী ৰাজ্যখনকে কুমৈ কছাৰীগাওঁ ৰাজ্য বুলি অভিহিত হয়।কুমৈ কছাৰীগাঁও ৰাজ্য প্ৰ্তিষ্ঠা হোৱাৰ পৰৱৰ্তী সময়ত সেইদল কছাৰী লোকক অনুসৰন কৰি মাইবঙৰ পৰা ১৬২৪ খ্ৰী:ত গুইনত সিংহ নামৰ ৰাজকুমাৰ এজনৰ নেতৃত্বত অন্য এদল কছাৰী লোক আহি কুমৈ কছাৰীগাওঁ ৰাজ্যত উপস্থিত হয়।সেই সময়ৰ কুমৈ আৰু কুমৈ কছাৰীগাওঁ ৰজা দুয়োজন লগ লাগি এই নতুন কছাৰীসকলক বৰ্তমানৰ মায়ং অঞ্চলত ৰাজ্য প্ৰ্তিষ্ঠা কৰাৰ সুবিধা প্ৰদান কৰে।মায়ং ৰাজ্যৰ ৰাজবংশাৱলীত উল্লেখ থকা তথ্য অনুসৰি এই ৰাজ্যৰ ২৩তম ৰজা শিৱ সিংহৰ ৰাজত্বকালত(১৭৭৯-৮৮খী:) ৰামজয় সিংহ নামৰ ৰাজকুমাৰ এজনে বৰ্তমানৰ ভূৰাগাওঁৰ ওচৰৰ পাভকাটি নামৰ ঠাইখনত আহি অন্য এখন কছাৰী ৰাজ্য প্ৰতিষ্ঠা কৰে।এই ৰাজ্যখন সময়ত ইয়াৰ উত্তৰৰ ব্ৰ্ক্ষপুত্ৰৰ পাৰলৈকে বিস্তাৰ লাভ কৰিছিল।এই পাভকাটি ৰাজ্যৰপৰাই কিছু লোকে গৈ ধিং-ৰাইদঙীয়া অঞ্চলত বসবাস কৰিছিলগৈ।বাৰিষাৰ প্ৰবল বানপানীৰ সময়ত পোহনীয়া গৰু মহ ছাগলী আদি ওখ অঞ্চলটোত ৰাখিবলৈ অহা এই গৰখীয়াসকলে সময়ত প্ৰতিষ্ঠা কৰা এই ন ৰাজ্যখনক গৰখীয়া ৰাজ্য বুলি এই অঞ্চলৰ পূৰ্বৰ বাসিন্দাসকলে নামকৰন কৰিছিল বাবে এই ৰাজ্যৰ গৰখীয়া ৰাজ্য বুলি কোৱা হয়।

১৭ শতিকাৰ মধ্যভাগত মৰিগাঁও জিলাৰ ইতিহাসত এক নতুন অধ্যায়ৰ স্ংযোগ হয়।আহোম স্বৰ্গদেউ প্ৰতাপ সিংহই (১৬০৩-৪১ খ্ৰী:) কোচৰ ভগনীয়া ৰাজকোৱৰঁ বলীনাৰায়নক ১৬১৬ খ্ৰী:ত দৰঙৰ ৰজা পাতে।স্বৰ্গদেউ জয়ধ্ব্জ সিংহৰ ৰাজত্বকালত(১৬৪৮-৬০ খ্ৰী:)এই ফৈদৰ সুপৰধ্বজ আৰু মকৰধ্ব্জ নামৰ দুটি ককাই ভায়ে আনুমানিক ১৬৫১-৫২ খ্ৰী:ত মুছলিমৰ আৰু নাথ সম্প্ৰ্দায়ৰ দুজন দুজনকৈ মুঠ চাৰিজন ঠাকুৰীয়া(মন্ত্ৰী)সহ তিনিকুৰি বাৰঘৰ(৭২ ঘৰ)মুছলিম আৰু নাথ মানুহ লৈ ব্ৰ্ক্ষপুত্ৰত দক্ষিন পাৰৰ ভূৰাগাঁৱৰ সমীপৰ চাউলধোৱা ঘাটেদি পাৰ হৈ আহি প্ৰথমে বঘৰা ৰাজ্যৰ উত্তৰৰ বাহাকাবাৰীত ৰয়হি।ইয়াৰ পাছত বৰ্তমানৰ দন্দুৱাত এখন নতুন ৰাজ্য পাতেহি।দন্দুৱা ৰাজ্যৰ এই প্ৰ্তিষ্ঠাপক ৰজাজনৰ নাম আছিল মকৰধ্ব্জ।এওঁ ১৬৫১ চনৰ পৰা ১৭০৬ চনলৈকে দন্দুৱা ৰাজ্য শাসন কৰিছিল।মকৰধ্বজ ৰাজ্যখনৰ চাৰিসীমা আছিল –পূৱে জালুগুটি আৰু বৰচোকবাহ,পশ্চিমে-সৰুৱাগুৰি,উত্তৰে-খাটৰবড়ি আৰু কালিকাজাৰি,দক্ষিনে-মৰাকলং।মকৰধ্ব্জ ভায়েক সুপৰধ্বজ বঘৰাৰ ৰজা মঙ্গল সিংহই কন্যাদান কৰি বৰ্তমানৰ শুখনাগোগক কেন্দ্ৰ কৰি এখন নতুন ৰাজ্য দান কৰে।দন্দুৱাৰ ৰজা মকৰধ্বজ চিৰকুমাৰ অছিল।সেয়েহে তেওঁৰ ভায়েকৰ পুতেক ভীমসিংহক উত্তৰাধিকাৰী মনোনীত কৰি ভূৰবন্ধাত তলতীয়া ৰজা পাতি থৈছিল।ৰুদ্ৰ সিংহ স্বৰ্গদেউ দিনত(১৬৯৬-১৭১৪ খ্ৰী)আহোমৰ কটকীয়ে ৰচদ পাতি স্ংগ্ৰহ কৰিবলৈ অহা জাগীচকীৰ দোপদৰৰ সভাত সদ্যমৃত মকৰধ্বজ হৈ সভাত যোগদান কৰিবলৈ চাৰি ঠাকুৰীয়াও যাব লগা হৈছিল।কাৰন তেতিয়ালৈকে ভীমসিংহক দন্দুৱা ৰজা পাতিবলৈ সময় পোৱা নগল।মৃত ৰজাৰ প্ৰ্তিনিধি চাৰি ঠাকুৰীয়াই অন্যান্যা ৰজা পোৱালীসকলৰ লগতে শাৰী পূৰাই বহাত ৰজা পোৱালিহতেঁ তেওঁলোকৰ তলৰ পৰ্য্যায়ৰ ঠাকুৰীয়া চাৰিজনে সমানে সমানে আসন লোৱা দখি দন্দুৱা ৰাজ্যৰ এই ঠাকুৰীয়া চাৰিজনক বহা আসনৰ পৰা গতিয়াও বাহিৰ কৰি দিয়াৰ সময়ত সেই সভাত উপস্থিত থকা দন্দুৱা ৰাজ্যৰ ভাবীৰজা ভীম সিংহই তেওঁলোকৰ হৈ একো এষাৰেই নেমাতিলে।তেওঁলোকৰ ভাবীৰজাজনৰ এই নিৰ্বিকাৰতাত ঠাকুৰীয়াহত দুখে বেজাৰে ম্ৰিয়মান হৈ পৰিল আৰু ভীম সিংহক দন্দুৱা ৰাজ্যৰ ৰজা নাপাতিবলৈ দৃঢ়বাবে স্ংকল্পবদ্ধ হয় আৰু ভীম সিংহক ভূৰবান্ধাৰ পৰা খেদি পঠিয়াই।ভগনীয়া ভীম সিংহই তেওঁৰ সমৰ্থক প্ৰজাসকলক লৈ মৰিগাঁৱলৈ আহি ১৭০৯ খ্ৰী:ত মৰিগাৱতঁ এখন নতুন ৰাজ্য প্ৰ্তিষ্ঠা কৰি ৰজা হলহি।

ড: হাতেম আলী

3.05405405405
তৰাসমূহৰ ওপৰত ক্লীক কৰি মান প্ৰদান কৰক।
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top