মূল পৃষ্ঠা / শিক্ষা / বুৰঞ্জী / স্বাধীনতা সংগ্ৰামত অসম
অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

স্বাধীনতা সংগ্ৰামত অসম

স্বাধীনতা সংগ্ৰামত অসমৰ ভূমিকা লিখা হৈছে

অসমৰ স্বাধীনতা সংগ্ৰামক ১৮২৮ চনৰ পৰা ১৯৪২ চনলৈকে ঘাইকৈ চাৰিটা পৰ্যায়ত ভগাব পাৰি:

 

(১)১৮২৬ চনত ইয়াণ্ডাবু সন্ধি অনুসাৰে অসম ইংৰাজৰ হাতলৈ যোৱাৰ পিছত ১৮২৮ চনৰ পৰা ১৮৫৭ চনলৈ ডেৰ কুৰি বছৰ ধৰি হৃত স্বাধীনতা কাঢ়ি আনি অসমত পুনৰ আহোম ৰাজত্ব প্ৰতিষ্ঠা কৰিবলৈ অহৰহ সংগ্ৰাম চলোৱা হৈছিল।

(২)১৮৫৮ চনৰ পৰা ১৮৯৪ চনলৈকে ব্ৰিটিছ চৰকাৰৰ শোষণৰ বিৰুদ্ধে ,ঘাইকৈ মাটিৰ খাজানা বৃদ্ধিৰ প্ৰতিবাদত অসমৰ গাঁৱে-ভুঞে বিভিন্ন ঠাইত ব্যাপক ৰুপত কৃষক বিদ্ৰোহ সংঘটিত হৈছিল।ইয়াৰ মাজতে ১৮৮৫ চন মানৰ পৰা পশ্চিমীয়া শিক্ষা-সভ্যতাৰ সংস্পৰ্শলৈ অহা এচাম অসম-সন্তানৰ প্ৰচেষ্টাত নৱ্য জাতীয়তাবাদী ভাবধাৰাই অসমত শিপা মেলিছিল।

(৩)১৮৯৪ চনৰ পৰা ১৯২০ চনলৈকে এই কালছোৱা আছিল অসমত জাতীয় ভাবধাৰাৰ নৱজাগৰণৰ সময়।ব্ৰিটিছ সাম্ৰাজ্যবাদৰ বিৰুদ্ধে ৰাজনৈতিক আৰু সামাজিক শক্তিসমুহ সংগঠিত কৰাৰ বাবে এইখিনি সময়ক প্ৰস্তুতিৰ কাল বুলিব পাৰি।

(৪)১৯২১ চনৰ পৰা ১৯৪২ চনলৈকে এইখিনি সময়ৰ ভিতৰত অসমৰ স্বাধীনতা আন্দোলন ভাৰতৰ ৰাষ্ট্ৰীয় সংগ্ৰামৰ ঘাই সুঁতিৰ সৈতে ওতপ্ৰোতভাৱে চামিল হৈ পৰে।ৰাজ্যখনত স্বাধীনতা সংগ্ৰামে ব্যাপকতা লাভ কৰে আৰু ১৯৪২ চনত সৰ্বাত্মক গণ আন্দোলনৰ ৰুপ পৰিগ্ৰহন কৰে।

প্ৰথম পৰ্যায়: (১৮২৮-১৮৫৭)

 

ইয়াণ্ডাবু সন্ধিৰ ফলশ্ৰুতি হিচাপে অসম ব্ৰিটিছ হাতলৈ যোৱাৰ পিছৰে পৰাই হেৰোৱা স্বাধীনতা ঘুৰাই আনিবলৈ আৰু অসমত আহোম ৰাজত্ব পুনৰ প্ৰতিষ্ঠা কৰিবলৈ প্ৰচেষ্টা চলিল।গমধৰ কোঁৱৰ ,জীউৰাম দুলীয়া বৰুৱা আদিৰ নেতৃত্বত পোনতেই সেই বিদ্ৰোহৰ সুত্ৰপাত হৈছিল।ব্ৰিটিছৰ হাতৰ পৰা ৰাজধানী ৰংপুৰ দখল কৰিবলৈ তেওঁলোকে চেষ্টা চলাই ব্যৰ্থ হ’ল।আটাইকে ব্ৰিটিছ চৰকাৰে কাৰাগাৰত সুমুৱাই থলে।তাৰ পিছত পিয়লি ফুকন আৰু জীউৰাম দুলীয়া বৰুৱাৰ নেতৃত্বত বিদ্ৰোহে আকৌ মুৰ দাঙি উঠে।সেইবাবে ১৮৩০ চনত পিয়লি ফুকন আৰু জীউৰাম দুলীয়া বৰুৱাক ব্ৰিটিছে ফাঁচীকাঠত ওলোমাই হত্যা কৰে।১৮৩৯ চনত চিংফৌসকলে বিদ্ৰোহ কৰি উঠিল আৰু ব্ৰিটিছ সৈন্যৰ অস্ত্ৰাগাৰ এটা ধ্বংস কৰাৰ উপৰি কেইগৰাকীমান বিষয়াক হত্যা কৰিলে।ব্ৰিটিছে এই বিদ্ৰোহ কঠোৰ হাতেৰে দমন কৰে।ইয়াৰ পিছত ১৮৫৭ চনত ব্ৰিটিছক ওফৰোৱাৰ ষড়যন্ত্ৰ কৰাৰ অপৰাধত মণিৰাম দেৱান আৰু পিয়লি বৰুৱাক যোৰহাটত ফাঁচী দিয়া হয়।

দ্বিতীয় পৰ্যায় (১৮৫৮-১৮৯৪)

 

শোষণৰ মনোভাবেৰে ব্ৰিটিছ প্ৰশাসনে মাটিৰ খাজনা বঢ়াই থকাত অতিষ্ঠ হৈ ব্ৰিটিছৰ বিৰুদ্ধে এই সময়ছোৱাৰ ভিতৰতে অসমত ব্যাপক কৃষক বিদ্ৰোহে মুৰ দাঙি উঠে।নগাঁৱৰ ফুলগুৰিত (১৮৬১),দৰ্ং জিলাৰ পথৰুঘাটত (১৮৯৪),কামৰুপ জিলাৰ ৰঙিয়া  (১৮৯৪),নলবাৰী ,বজালী,বৰপেটা আৰু সেইদৰে বিভিন্ন জিলাৰ ভালেমান ঠাইত কৃষক বিদ্ৰোহ সংঘটিত হয়।দৰ্ং জিলাৰ পথৰুঘাটৰ গুলীচালনাৰ ঘটনাতেই প্ৰায় ১৪০ জন মান লোকে প্ৰাণ হেৰুৱাইছিল আৰু আন বহুতো ঘুণীয়া হৈছিল।ৰঙিয়াৰ কৃষক বিদ্ৰোহতো পুলিচৰ গুলীচালনাত প্ৰায় ২৭ জন লোক নিহত হৈছিল আৰু বহু আহত হৈছিল।

এই সময়ছোৱাৰ ভিতৰতেই ১৮৮৫ চনত ভাৰতীয় জাতীয় কংগ্ৰেছ গঠিত হৈছিল আৰু অসমেও কংগ্ৰেছ সংগঠনত অন্তৰ্ভুক্ত হৈছিল।কংগ্ৰেছৰ নেতৃত্ব আৰু পৰিচালনাতেই অসমৰ দৰ্ং,কামৰুপ ,শিৱসাগৰ,লক্ষীমপুৰ আদি বিভিন্ন জিলাত কৃষকসকলৰ স্বাৰ্থ ৰক্ষাৰ্থে ‘ৰায়ত সভা’কিছুমান গঠিত হৈছিল আৰু সেইবোৰৰ যোগেদি থলুৱা ৰআইজে ব্ৰিটিছৰ অন্যায়-অত্যাচাৰৰ বিৰুদ্ধে গণ প্ৰতিবাদ সাব্যস্ত কৰিছিল।

১৮৮৫ চনৰ পৰাই নৱ্য জাতীয়তাবাদী ভাবধাৰাই অসমত গা কৰি উঠিবলৈ ধৰে।কলিকতালৈ আধুনিক পাশ্চাত্য শিক্ষা গ্ৰহণ কৰিবলৈ যোৱা এচাম অসমীয়া যুৱকে জাতীয় চেতনাৰে অসমবাসীক উদ্ধুদ্ধ কৰিবলৈ উঠি-পৰি লাগে।আধুনিক অসমীয়া ভাষা-সাহিত্যৰ সুচনাকাৰী ৰুপে পৰিগণিত হোৱা ‘জোনাকী আলোচনীখন ১৮৮৯ চনৰ পৰাই প্ৰকাশিত হৈ ওলাবলৈ ধৰে।‘বাঁহী নামৰ আনখন আলোচনীও তাৰে পিছতেই প্ৰকাশ পায়।

তৃতীয় পৰ্যায়(১৮৯৪-১৯২০)

 

এই কালছোৱা ভিতৰত অসমত ব্ৰিটিছৰ বিৰুদ্ধে প্ৰত্যক্ষ সংগ্ৰাম চলোৱা হোৱা নাছিল।কিন্তু এইখিনি সময়ৰ ভিতৰতেই অসমীয়াৰ জনসমাজত জাতীয় ভাবধাৰাৰ আলোড়ন প্ৰবল হৈ উঠে।অসমীয়া সাহিত্য,সংস্কৃতি আৰু সমাজৰ বিভিন্ন দিশত আধুনিক বিজ্ঞানসন্মত চিন্তা-চৰ্চা আৰু ধ্যান-ধাৰণাৰ উন্মেষ ঘটে।অসমীয়াৰ জনসমাজত এক নৱজাগৰণৰ সুচনা হয়।ব্ৰিটিছৰ বিৰুদ্ধে সুসংগঠিত বিদ্ৰোহৰ বাবে এই সময়ছোৱা দৰাচলতে আছিল মানসিক প্ৰস্তুতিৰ লাগতিয়াল সময়।

চতুৰ্থ পৰ্যায় (১৯২১-১৯৪২)

 

ভাৰতৰ স্বাধীনতা যুঁজৰ কাণ্ডাৰী ৰুপে গান্ধীজীয়ে আহি অৱতীৰ্ণ হোৱাৰ লগে লগে তেওঁৰ অসহযোগ আন্দোলনৰ আহ্বানৰ প্ৰতি অসমেও সঁহাৰি জনালে ।দৰাচলতে ১৯১৬ চনৰে পৰাই তীক্ষ্ণধী আৰু দৃঢ়মনা যুৱনেতা চন্দ্ৰনাথ শৰ্মাৰ নেতৃত্বত অসমৰ যুৱছাত্ৰ সমাজ ব্ৰিটিছৰ বিৰুদ্ধে একেখন মঞ্চতে আহি গোট খাইছিলহি।গান্ধীজীৰ আহ্বানত সঁহাৰি জনাই নাগপুৰ কংগ্ৰেছ অধিৱেশনতো তেওঁলোকে যোগদান কৰিছিলগৈ।১৯২১ চনত অসমৰ ছাত্ৰসকলে দলে দলে শিক্ষানুষ্ঠান বৰ্জন কৰিবলৈ আৰম্ভ কৰিলে আৰু কানি বৰবিহ নিৰ্মুলকৰণকে আদি কৰি কংগ্ৰেছৰ বিভিন্ন কাম-কাজত আত্মনিয়োগ কৰিবলৈ ল’লে।

১৯২১ চনতেই অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ প্ৰথমখন অধিৱেশন বহিছিল।অতিকৈ উল্লেখযোগ্য কথা যে অসমত কংগ্ৰেছৰ অপুৰ্ব সাংগঠনিক দক্ষতাৰ বাবেই সেইটো বছৰতেই গুৱাহাটীৰ পাণ্ডুত নিখিল ভাৰত কংগ্ৰেছ কমিটীৰ অধিৱেশনো পাতিব পাৰিছিল।

মহাত্মা গান্ধীয়ে তেতিয়াই অসমলৈ আহিয়েই অসম আৰু অসমীয়াৰ প্ৰতি গভীৰভাৱে আকৃষ্ট হৈছিল।‘ইয়ং ইণ্ডিয়া’নামৰ কাকতত’বিউটিফুল আছাম’নামেৰে তেওঁ লিখা নিৱন্ধটোৱই ইয়াৰ উৎকৃষ্ট প্ৰমাণ।বিদেশী বস্ত্ৰ বৰ্জন আৰু স্বদেশী খাদী জনপ্ৰিয়কৰণৰ প্ৰচেষ্টা তেতিয়াৰ পৰাই অসমত আৰম্ভ হৈছিল।অহিংস পদ্ধতিৰে স্বাধীনতা আন্দোলনটোৱে সেই সময়ৰে পৰাই অসমত ব্যাপক হাৰত গা কৰি উঠিবলৈ ধৰে।তাৰ লগে লগে ব্ৰিটিছ চৰকাৰৰ দমন-পীড়নো অব্যাহত থাকে।

কৰ্মবীৰ নবীন চন্দ্ৰ বৰদলৈ,দেশভক্ত তৰুণৰাম ফুকন আৰু দেশপ্ৰাণ কুলধৰ চলিহা-এই ত্ৰিমুৰ্তিয়েই তেতিয়া অসম কংগ্ৰেছৰ লাইখুঁটা সদৃশ আছিল।গান্ধীজী আৰু দেশৰ অন্যান্য নেতৃবৰ্গৰ লগতে অসমৰ কংগ্ৰেছী নেতাসকলৰ প্ৰায়ভাগেই ১৯২২ চনৰ বছৰটো ঘাইকৈ জেলতেই কটাইছিল।১৯২২ চনৰ পৰা আন্দোলন আৰু বেছিকৈ ঘনীভুত হৈ উঠে।১৯৩০ চনত কংগ্ৰেছ আৰু ইয়াৰ স্বেচ্ছাসেৱক বাহিনীক নিষিদ্ধ ঘোষণা কৰা হয়।ত্ৎসত্বেও আন্দোলন পুৰ্ণোদ্যমে চলিয়েই থাকে।কংগ্ৰেছ সেৱাদলৰ তেতিয়াই সৃষ্টি হয়।ৰুপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালা,অসম কেশৰী অম্বিকাগিৰী ৰায়চৌধুৰীৰ দেশপ্ৰেমমুলক গীতৰ উদ্দীপ্ত সুৰে অসমৰ ৰাইজক বিপ্লৱী প্ৰেৰণাৰে উদ্ভাষিত কৰিছিল।১৯৩০ চনৰ পৰা ১৯৩৪ চনলৈকে ব্ৰিটিছ চৰকাৰে অসমত দুহেজাৰৰো অধিক লোকক হয় গ্ৰেপ্তাৰ কৰি অথবা জৰিমনা ভৰাই শাস্তি দিছিল।

১৯৩৪ চনৰ নিখিল ভাৰত কংগ্ৰেছ কমিটীৰ পাটনা অধিৱেশনৰ সিদ্ধান্তই আন্দোলনৰ গতিধাৰালৈ এক নতুন পৰিৱৰ্তন আনে।কংগ্ৰেছে আইন সভাত (Legislative Council) অংশগ্ৰহণ কৰিবলৈ ঠিৰাং কৰে আৰু অসমেও সেই সিদ্ধান্ত মানি লয়।কিন্তু পৰৱৰ্তী কালত দ্বিতীয় বিশ্বযুদ্ধৰ পৰিপ্ৰেক্ষিতত পৰিস্থিতিয়ে সোঁত সলোৱাত সেই সিদ্ধান্ত পুনৰ বিবেচনা কৰি কংগ্ৰেছে আকৌ অহিংস আন্দোলন চলাই যাবলৈকে সিদ্ধান্ত লয়।এইবেলি ব্যাপক সত্যাগ্ৰহৰ যোগেদি সংগ্ৰামক আগবঢ়াই নিয়া হয়।এই সত্যাগ্ৰহ আন্দোলনতো অসমবাসীয়ে অতুলনীয় উৎসাহেৰে অংশগ্ৰহণ কৰে।

শীৰ্ষবিন্দুত আন্দোলন:বিয়াল্লিছৰ গণ বিপ্লৱ

 

১৯৪২ চনৰ  ৮ আগষ্টত ‘কৰিম কিম্বা মৰিম’আদৰ্শেৰে কংগ্ৰেছে ‘ভাৰত ত্যাগ’আন্দোলন আৰম্ভ কৰাত অসমতো এই আন্দোলনে ব্যাপক প্ৰসাৰ লাভ কৰে।মৌলানা তৈয়বুল্লা,বিষ্ণুৰাম মেধি ,ফখৰুদ্দিন আলী আহমেদ,দেৱেশ্বৰ শৰ্মা,গোপীনাথ বৰদলৈ,সিদ্ধিনাথ শৰ্মাৰ লগতে আন প্ৰায়সকল আগশাৰীৰ অসম কংগ্ৰেছৰ নেতাকে ব্ৰিটিছ চৰকাৰে গ্ৰেপ্তাৰ কৰে।এনে গ্ৰেপ্তাৰৰ প্ৰতিবাদত আৰু জীৱন পণ কৰি হ’লেও স্বাধীনতা অৰ্জনৰ দুৰ্বাৰ স্পৃহাত অসমৰ নগৰে-চহৰে,গাঁৱে-ভুঞে হেজাৰ –বিজাৰ জনতাই অহিংস বিক্ষোভ প্ৰদৰ্শন কৰি ৰাজপথলৈ ওলাই আহে।

ব্ৰিটিছৰ বিৰুদ্ধে অসমৰ জনসাধাৰণৰ স্তুপীকৃত ক্ষোভ আৰু প্ৰতিবাদে বিস্ফোৰণক ৰুপ ধাৰন কৰে।দৰ্ং জিলাৰ গহপুৰ থানাত ত্ৰিৰংগ পতাকা তুলিবলৈ যাওঁতে সমদলৰ নেতৃত্বত থকা পাটগাভৰু কনকলতাই আৰু তেওঁৰ এগৰাকী যুৱ সতীৰ্থ মুকুন্দ কাকতিয়ে পুলিচৰ গুলীত প্ৰাণ হেৰুৱায়।সেই চনৰে ২০ ছেপ্টেম্বৰত ঢেকীয়াজুলিত পুলিচৰ গুলীচালনাত তেৰজন লোক নিহত হয়।নগাওঁ জিলাৰ বেবেজীয়া আৰু ৰহাত পুলিচৰ গুলীত নিহত হয় হেমৰাম বৰা আৰু কলাই কোঁচ।বৰহমপুৰৰ গুলীচালনাৰ ঘটনাত ভোগেশ্বৰী ফুকননী,লক্ষী হাজৰিকা,বলো সুত,ঠগী সুতে প্ৰাণ হেৰুৱায়।সৰুপথাৰৰ ৰেল দুৰ্ঘটনাৰ বাবে দোষী সাব্যস্ত কৰি কুশল কোঁৱৰক ব্ৰিটিছে ফাঁচী দিয়ে।কাৰাগাৰৰ ভিতৰতে দেহত্যাগ কৰে মহান দেশপ্ৰেমিক বীৰ কমলা মিৰিয়ে।গোৱালপাৰা জিলাৰ দুখীয়া খেতিয়ক নিধানু ৰাজবংশীও পুলিচৰ গুলীত প্ৰাণ দিয়ে।জোঙালবলহুৰ গুলী চালনাৰ ঘটনাত শ্বহীদ হয় হেমৰাম পাটৰ আৰু গুণাভি বৰদলৈ।বাৰপুজীয়াত অসীম সাহস দেখুৱাই জীৱন আহুতি দিয়ে শ্বহীদ তিলক ডেকাই।তেনেকৈয়ে প্ৰায় ২৪ জনৰো অধিক লোকে বিয়াল্লিছৰ গণ আন্দোলনত অসমত শ্বহীদ হয়।

পুলিচৰ গুলীত আৰু লাঠীচালনাত আহত হয় অসংখ্যলোক।বহুতেই জীৱনৰ বাবে ঘুণীয়া হয়।আন বহুতেই কৰাবাস খাটবলগীয়া হয়।বিয়াল্লিছৰ গণ আন্দোলনেই ভাৰতৰ মুক্তি ত্বৰাম্বিত কৰে।ইয়াৰ ফলশ্ৰুতি হিচাপেই ১৯৪৭ চনৰ ১৫ আগষ্টত ভাৰতে স্বাধীনতা লাভ কৰে।ইংৰাজে ভাৰত এৰি গুচি যায়।

বিয়াল্লিছৰ আন্দোলনত বিভিন্ন জিলাত হোৱা গুলীচালনা-

 

ঢেকীয়াজুলি :১৯৪২ চনৰ ২০ ছেপ্টেম্বৰ তাৰিখে চতিয়া,বৰবিল,নাহৰবাৰী,জহামাৰী আদি গাঁৱৰ ৫-৬ হেজাৰ লোক সমৱেত হৈ ঢেকীয়াজুলি পুলিচ থানাত জাতীয় পতাকা তুলিবলৈ আহিছিল।থানাৰ ভাৰপ্ৰাপ্ত বিষয়াই এই কথা জানি সশস্ত্ৰ পুলিচ মজুত ৰাখিছিল।পুলিচ বিষয়াই সমদল যাত্ৰাৰ উদ্দেশ্য জানিব পাৰি প্ৰথমেই লাঠিচালনা কৰিবলৈ হুকুম দিলে।হুলস্থুলৰ মাজতেই গোলক নেওগ আৰু মনবৰ নাথ পুলিচ থানাৰ ভিতৰলৈ কেনেবাকৈ সোমাই থানাৰ ওপৰত জাতীয় পতাকা উত্তোলন কৰিলে।পুলিচে ত্ৎক্ষণাত গুলীচালনা কৰি মনবৰ নাথক আঘাত কৰি বাটলৈ উলিয়াই পেলাই দিলে।লগৰে গোলক নেওগক মাকে গুলীৰ পৰা ৰক্ষা কৰাৰ উদ্দেশ্যে আবৰি ধৰোতে এটা গুলী মাকৰ গাতো লগাত বাগৰি পৰে।মহীৰাম কোঁচ নামৰ এজনে থানাৰ চৌহদৰ ভিতৰত পৰি থকা পতাকাখন আনিবলৈ যাওঁতে তেওঁকো গুলীয়াই নিহত কৰা হ’ল।নিৰ্বিচাৰে গুলী কৰিবলৈ ধৰাত মানুহ যেনিয়ে-তেনিয়ে পলাবলৈ ধৰিলে।থানাৰ পুবফালে এখন দলং আছিল আৰু সেই বাটটোৱেই একমাত্ৰ খোলা আছিল।পলাই যোৱা মানুহবিলাকক সেই দলংখনৰ তলত লুকুৱাই থকা কিছুমানে অমানুষিকভাৱে মাৰধৰ কৰে।মুঠতে সেই সময়ত ২৯ জাঁই গুলী এৰা হৈছিল।

সেইদিনা মৃত্যু হোৱা লোকসকল হ’ল-

 

(১)মনবৰ নাথ,আলিবাটতে মৃত্যু হ’ল,(২)মণি-কছাৰী-থানাৰ কাষতে গুলীৰ আঘাত পায়,(৩)ৰতন কছাৰী-এগৰাকী লোকক লাঠিৰ প্ৰহাৰৰ পৰা ৰক্ষা কৰোতে,(৪)তিলেশ্বৰী কোঁচ-গুলী লাগে,(৫)নুমলী নাথ-পুত্ৰক বচাবলৈ আৱৰি ধৰোতে গুলী লাগে,(৬)মহীৰাম কোঁচ-পতাকাখন থানাৰ চৌহদৰ পৰা আনিবলৈ যাওঁতে গুলী লাগে,(৭)মংগল কুৰ্মী-থানাৰ পৰা এমাইল দুৰৈত ৪ দিনৰ মুৰত মৃত অৱস্থাত পোৱা হয় ,(৮)খহুলী নাথ,(৯)দয়াল পানিকা, (১০) সোমনাথ চুতীয়া।(১১) এজন সাধু,(১২) এজন ভিক্ষাৰী আৰু (১৩)লেৰেলা কছাৰী।

লেখক:প্ৰফুল্লপ্ৰাণ মহন্ত (ৰাইজৰ বাতৰি )

 

 

 

 

3.33333333333
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top