অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

হেং-দান্

হেং-দান্

হেং-দান্ খনক আহোম ভাষাত ‘দাপ্,’ ‘নাপ্’, বুলিও জনা যায়। অন্যহাতেদি ‘হেং-দান্ শব্দটোও আহোম ভাষাৰ পৰিশব্দ। ‘হেং-দান্’ শব্দৰ পৰিৱৰ্তে ‘হেং-দাং’ শব্দটোৱে ব্যৱহাৰ কৰা হয়। দুয়োটা শব্দৰ অৰ্থ একেই (‘হেং’=চেপেটা, ক্ষণ, ‘দান্’= টাঙোন, ‘দাং’=ডাং)। আহোমে হেং-দানখনক কিৰিচ (বুলিও কয়), ভাৰতীয় ভাষাত তৰোৱাল আৰু ইংৰাজীত sword কয়। আহোম দেও বুৰঞ্জী মতে লেং-দন্ আছিল মৌং-ফী(স্বৰ্গ)ৰ ৰজা। মৰতত বিৰাজমান অৰাজকতা আৰু ব্যভিচাৰ দেখি তেখেত চিন্তিত হৈ পৰিছিল। সেয়েহে মৰতৰ ওপৰত ৰাজত্ব কৰিবলৈ নাতিয়েকদ্বয়ক আই-খুন্-লুং আৰু ঙি খুন্ লাইদেৱক পঠোৱা হৈছিল। দুয়োৰে হাতত এখন মায়াবী হেং-দান্ দিছিল, যিখন লেং-দনক খাম্-খাম্-ফা-ফা দেৱীয়ে উপহাৰ স্বৰূপে প্ৰদান কৰিছিল। লেং-দন্ দেৱতাই কৈছিল – মই তোমালোকক এই হেং-দান্ খন দিছো। তোমালোকে শাসন কৰা দেশখখনৰ সকলো প্ৰজাই তোমালোকক খুঁট(homage) দিব। বছৰৰ শেষত তোমালোকে হেং-দান্ খন পৰিস্কাৰ কৰিবা আৰু ধাৰ দিবা। তোমালোকক কোনেও কেতিয়াও পৰাজিত কৰিব নোৱাৰিব।’ জ্ঞান দেৱী জা-ছিং-ফাই লগতে এই বুলিও উপদেশ দি কৈছিল যে সেই হেং-দান্ খন হ-লুং ঘৰৰ যিটো মাজ খুঁটাৰ কাষত ৰজা ৰাজসভাৰ বাবে বহে, সেই খুঁটাটোত বান্ধি ৰাখিব লাগে।
আই-খুন্-লুং আৰু ঙি-খুন্-লাই স্বৰ্গৰ পৰা নামি অহাৰ সময়ত হেং-দান্ খন আনিবলৈ পাহৰি যোৱাত মৰম পাই সহযাত্ৰী লাঙুক সেইখন আনিবলৈ পুনৰ স্বৰ্গলৈ পঠিয়াই দিছিল। লাঙু ঘূৰি আহি ক’লে যে জা-ছিং-ফাই হেং-দান্ খন লাঙুক দিব লাগে বুলি উপদেশ দি পঠাইছে। সেই কথাকে বিশ্বাস কৰি আই-খুন্-লুঙে সিখন লাঙুক দি খেহ দেশৰ ৰজা হ’বলৈ পঠালে। কিন্তু কিছুমান বুৰঞ্জীত উল্লেখ আছে যে আই-খুন্-লুঙে সিখন নিজৰ লগত ৰাখিলে আৰু খুন্-জু নামৰ পুতেক জনক নিজৰ ঠাইৰ ৰজা হ’ব বুলি থিৰাং কৰি হেং-দান্ খন তেওঁক প্ৰদান কৰিলে আৰু পুৰুষানুক্ৰমে সেই পৰিয়ালটোৰ হাতত সেইখন থাকি গ’ল।
চাও-লুং ছ্যু-কা-ফা মৌং-দুন্-ছুন্-খাম অভিমুখে যাত্ৰা কৰাৰ সময়ত এনায়েকে দুখনি হেং-দান্ দিলে। এখন টুক-টুকালে মাছ, পহু, চৰাই মাৰিব পৰা যায় আৰু আনখন যি দেশৰ মুখে ডাঙে সেই দেশৰ লোক বশৱৰ্তী হয়। দ্বিতীয়খন এতিয়াও অসমত আছে। বহুতো পণ্ডিতে কয় যে আই-খুন্-লুঙে লাঙুক আদি হেং-দান্ খন দিয়া নাছিল; বৰং নকল এখন দিহে খেহ ৰাজ্যলৈ পঠাইছিল। আচল হেং-দান্ পাছত নিজ পুত্ৰ খুন্-জুক দিছিল আৰু পৰিনাতি চাও-লুং-ছ্যু-কা-ফাই অনা দ্বিতীয় হেংদান্ সেইখনেই আছিল।
চ-ক্লংত কন্যাই হেং-দান্ এখন দৰাক উপহাৰ দি নিজক, পৰিয়ালক, জাতিক আৰু দেশক ৰক্ষা কৰিবলৈ অনুৰোধ জনায় আৰু দৰায়ো তেনে কৰিবলৈ প্ৰতিশ্ৰুতিবদ্ধ হয়।
হেং-দান্ পবিত্ৰ, মূল্যবান আৰু গম্ভীৰ। কিন্তু ‘আছে হেংদান্ খোলা নাই, খুলিলে হেং-দান্ নিস্তাৰ নাই’ আদি ভাষ্য অতিকৈ টুলুঙা।
উৎসঃ অবৌৰঞ্জিক (চাও নগেন হাজৰিকা)

শেহতীয়া উন্নীতকৰণ: : 5/18/2020



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate