মূল পৃষ্ঠা / শিক্ষা / বুৰঞ্জী / ৪২ ৰ গণ আন্দোলন
অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

৪২ ৰ গণ আন্দোলন

৪২ ৰ গণ আন্দোলনৰ বিষয়ে লিখা হৈছে

আমাৰ বিশাল আৰু বৈচিত্ৰ্যপুৰ্ণ দেশ ভাৰতৰ স্বাধীনতা দিৱসৰ লগত জড়িত আছে মুক্তি প্ৰাপ্তিৰ বাবে চলা এক দীঘলীয়া সংগ্ৰামৰ ইতিহাস।১৯২১ চনৰ পৰাই সংগঠিত ৰুপত গঢ় লোৱা এই সংগ্ৰাম ক্ৰমান্বয়ে তীব্ৰতৰ হৈ আহি ১৯৪২ চনত চুড়ান্ত পৰ্যায়ত উপনীত হৈছিলহি।স্বাধীনতা আন্দোলনক চুড়ান্ত পৰ্যায়ত উপনীত কৰা বিয়াল্লিছৰ গণ আন্দোলনটো দৰাচলতে আছিল সুদীৰ্ঘ স্বাধীনতা আন্দোলনৰ ক্ৰমবিকাশৰেই ফল।১৯৪২ চনৰ ৮ আগষ্টৰ দিনা বোম্বাই চহৰত নিখিল ভাৰত কংগ্ৰেছ কমিটীয়ে ভাৰত ত্যাগ আন্দোলনৰ বৈপ্লৱিক প্ৰস্তাৱ গ্ৰহণ কৰি বিদেশী শাসনত চৰম আঘাত হানিবলৈ জনগণক উদ্বেলিত কৰি তুলিলে।গান্ধীজীয়ে ভাৰতৰ স্বাধীনতাৰ এয়েই শেষ আন্দোলন বুলি ব্ৰিটিছক ‘ভাৰত ত্যাগ’ৰ বাণীৰে সকীয়নি দিলে।লগে লগে ভাৰতবাসীৰ অন্তৰতো নিভৃত কোণত উমি উমি জ্বলি থকা বিপ্লৱৰ অগনি দাউ দাউকৈ জ্বলি উঠিল।বিয়াল্লিছৰ গণ আন্দোলনত দেশবাসীয়ে গান্ধীজীৰ আহ্বানত ‘কৰিম কিম্বা মৰিম’আদৰ্শৰে ব্ৰিটিছৰ বিৰুদ্ধে ৰাজপথলৈ ওলাই আহিছিল।ইয়াৰ পৰা অসমো ব্যতিক্ৰম নাছিল।৯ আগষ্টৰ দোকমোকালিতে মহাত্মা গান্ধী,জৱহৰলাল নেহৰু,আব্দুল কালাম আজাদ প্ৰমুখ্যে কংগ্ৰেছৰ সৰ্বভাৰতীয় নেতাসকলক বন্দী কৰি কাৰাগাৰলৈ পঠিয়ালে আৰু কংগ্ৰেছক বে-আইনী ঘোষণা কৰিলে।একেদিনাই বিষ্ণুৰাম মেধি,ফখৰুদ্দিন আলী আহমেদ,মৌলানা তৈয়বুল্লা,দেৱেশ্বৰ শৰ্মা,গোপীনাথ বৰদলৈ,সিদ্দিৰাম শৰ্মাৰ লগতে আন প্ৰায় আগশাৰীৰ অসম কংগ্ৰেছৰ নেতাসকলক ইংৰাজ চৰকাৰে গ্ৰেপ্তাৰ কৰে।এই গ্ৰেপ্তাৰৰ প্ৰতিবাদত জীৱন পণ কৰি হ’লেও স্বাধীনতা অৰ্জনৰ দুৰ্বাৰ স্পৃহাত অসমৰ চহৰে-নগৰে,গাঁৱে-ভুঞে হেজাৰ হেজাৰ জনতাই অহিংস বিক্ষোভ প্ৰদৰ্শন কৰি আন্দোলনক এক নতুন গতি প্ৰদান কৰে।সমগ্ৰ ভাৰত জুৰি স্বাধীনতা সংগ্ৰামে গণ বিপ্লৱৰ ৰুপ ধাৰণ কৰিলে।নেতাহীন বিপ্লৱী জনতা দেশমাতৃৰ মুক্তিৰ যুঁজত জঁপিয়াই পৰিল।সাম্ৰাজ্যবাদী ইংৰাজ চৰকাৰে অহিংস আন্দোলনক কলিতে বিনাশ কৰিবলৈ চলালে অমানুষিক অত্যাচাৰ,নিৰ্মম অভিযান।স্বাধীনচিতীয়া অসমীয়া জাতিৰ তেজত মুক্তিৰ ক্ষুধাই দামামা বজাবলৈ আৰম্ভ কৰিলে।ইংৰাজ শাসকে চৰম নিৰ্যাতন,হত্যা,গ্ৰেপ্তাৰ আদিৰে জনজাগৰণক নি:শেষ কৰিবলৈ লাগি পৰিল।কিন্তু মুক্তিকামী জনগণ থমকি নৰ’ল।গান্ধীজীয়ে সকলো কংগ্ৰেছ কৰ্মী আৰু ভাৰতবাসীক পুৰ্ণ স্বাধীনতাৰ দাবীত অহিংস পন্থা অৱলম্বন কৰি ‘কৰিম কিম্বা মৰিম’নীতিৰে আগবাঢ়িবলৈ আহ্বান জনায়।গান্ধীজীৰ আহ্বানৰ প্ৰতি সঁহাৰি জনাই দেশত জনতাই বন্দে মাতৰম,মহাত্মা গান্ধীকী জয়,ব্ৰিটিছ ভাৰত ত্যাগ কৰা আদি ধ্বনিৰে আকাশ-বতাহ কঁপাই তোলে।বহু নেতাই আত্মগোপন কৰিবলগীয়া হয়।জাতি-বৰ্ণ-ধৰ্ম নিৰ্বিশেষে মুক্তিকামী সকলো জনতাই এই আন্দোলনত জঁপিয়াই পৰিছিল।ভাৰত ত্যাগ আন্দোলনে অসমত ব্যাপক প্ৰসাৰ লাভ কৰে।গোপীনাথ বৰদলৈ,ফখৰুদ্দিন আলী আহমেদ,বিমলাপ্ৰসাদ চলিহা,গড়মুৰীয়া ডেকা অধিকাৰ,মৌলানা তৈয়বুল্লা,অমিয় কুমাৰ দাস,পুষ্পলতা দাস,সিদ্ধিনাথ শৰ্মা,,মহেন্দ্ৰ হাজৰিকা,লক্ষ্মী গোস্বামী,জ্যোতিপ্ৰসাদ আগৰৱালা,হলধৰ ভুঞা,ৰবীন নবীশ,ব্ৰজ শৰ্মা,লক্ষ্যধৰ চৌধুৰী,প্ৰভাত শৰ্মা আদি নেতা-নেত্ৰীৰ নেতৃত্বত অসমৰ সহস্ৰজনৰ ত্যাগ,বীৰত্ব আৰু আত্মবলিদানে ভাৰতৰ স্বাধীনতা সংগ্ৰামৰ ইতিহাসত অসমক এক সুকীয়া গৌৰৱপুৰ্ণ স্থান প্ৰদান কৰে।এওঁলোকৰ দৰেই আন বহুতো অসমীয়া ডেকা-গাভৰু,ছাত্ৰ-ছাত্ৰীয়ে শিক্ষা-জীৱিকা ত্যাগ কৰি দেশৰ এই চৰম মুক্তি আন্দোলনৰ অংশীদাৰ হয়।এই আন্দোলনত অসমৰ ছাত্ৰ আৰু যুৱ সমাজৰ অৰিহণা আছিল অতিশয় প্ৰশংসনীয়।ব্ৰিটিছৰ বিৰুদ্ধে অসমৰ জনসাধাৰণৰ স্তুপীকৃত ক্ষোভ আৰু প্ৰতিবাদে বিস্ফোৰক ৰুপ ধাৰণ কৰে।ব্যক্তিগত হাবিয়াস পৰিহাৰ কৰি বিপ্লৱী জনগণে ভবিষ্যৎ প্ৰজন্মৰ কল্যাণৰ বেদীত সৰ্বস্ব উছৰ্গা কৰিছিল।অসমত ছাত্ৰ সমাজক সংগঠিত কৰাত নেতৃত্ব দিছিল চন্দ্ৰনাথ শৰ্মাই।ভাৰতৰ স্বাধীনতা যুঁজখন বহু বছৰ আগৰ পৰাই চলি থাকিলেও গান্ধীজীৰ আহ্বানত ভাৰত ত্যাগ আন্দোলনে দেশখনক জোকাৰি যায়।১৯৪২ চনৰ ‘ভাৰত ত্যাগ’আন্দোলনে অসমতো ব্যাপক খলকনি তুলিছিল।মহাত্মা গান্ধীৰ নেতৃত্বত হোৱা ভাৰত ত্যাগ আন্দোলনত সৰ্বভাৰতীয় মুলসুঁতিৰ লগত অসমৰ একাত্মবোধ আছিল অসমৰ ইতিহাসৰ সৰ্বকালৰ এক স্মৰণীয় ঘটনা।আত্মবলিদান আৰু ত্যাগৰ সেই অগ্নিগৰ্ভ কাহিনীত অসমৰ আবাল-বৃদ্ধ-বনিতাই উৎসাহ আৰু উদ্দীপনাৰে অংশগ্ৰহণ কৰিছিল।স্বাধীনতা যুঁজৰ আগৰ পৰ্যায়বোৰৰ দৰে ভাৰত ত্যাগ আন্দোলনতো কটন কলেজ হৈ উঠিছিল আন্দোলনৰ এক অন্যতম স্নায়ুকেন্দ্ৰ,ৰাইজৰ বাবে প্ৰেৰণাৰ উৎস।ফাঁচীশাল,পাশৱিক অত্যাচাৰ, অকথ্য নিৰ্যাতনে মুক্তি প্ৰয়াসী জনতাক লক্ষ্য প্ৰাপ্তিৰ পৰা অকণো বিচলিত কৰিব নোৱাৰিলে।স্বদেশৰ স্বাধীনতা,স্বাধীন ভাৰতৰ স্বপ্নই প্ৰতিগৰাকী স্বাধীনতা সেনানীক কৰি তুলিছিল দৃঢ়মনা।১৯৪২ চনৰ ২০ ছেপ্টেম্বৰত ভাৰতীয় জাতীয় কংগ্ৰেছৰ অসম শাখাই প্ৰত্যেক থানাত ভাৰতীয় জাতীয় পতাকা উত্তোলন কৰাৰ আঁচনি গ্ৰহণ কৰিছিল।তাৰ বাবে সাজু কৰিছিল মৃত্যু বাহিনী।এই আঁচনিৰ অংশস্বৰুপে তেতিয়াৰ দৰ্ং জিলাৰ গহপুৰ থানাত ত্ৰিৰংগা পতাকা তুলিবলৈ যাওঁতে সমদলৰ নেতৃত্বত থকা পাটগাভৰু কনকলতা আৰু তেওঁৰ এগৰাকী যুৱ সতীৰ্থ মুকুন্দ কাকতিয়ে পুলিচৰ গুলীত প্ৰাণ আহুতি দিয়ে।এইদৰে কনকলতা,মুকুন্দ কাকতি,ভোগেশ্বৰী ফুকননী,ঠগীৰাম সুত,নিধানু ৰাজবংশী,ৰতন কছাৰী,মনবৰ নাথ,হেমোৰাম পাতৰ,বলোৰাম সুত,লক্ষ্মী হাজৰিকা,মদন ৰাউতা আদিকে ধৰি স্বাধীনতাপ্ৰেমী বহু বীৰ-বীৰাংগনা ছহিদ হয়।সৰুপথাৰৰ ৰে’ল দুৰ্ঘটনাৰ বাবে দোষী সাব্যস্ত কৰি কুশল কোঁৱৰক ইংৰাজে ফাঁচী দিয়ে।কাৰাগাৰৰ ভিতৰতে দেহ ত্যাগ কৰে মহান দেশপ্ৰেমিক কমলা মিৰিয়ে।পুলিচৰ গুলী আৰু লাঠীচালনাত আহত হয় অসংখ্য লোক।আন বহুতে কাৰাবাস খাটি দুৰ্বিসহ জীৱন কটাবলগীয়া হয়।ভাৰতৰ এখন অন্যতম ৰাজ্য হিচাপে অসমে স্বাধীনতা সংগ্ৰামৰ প্ৰত্যেকটো কাৰ্যসুচীতে যোগ দি ভাৰতক স্বাধীনতা আনি দিয়াত গুৰুত্বপুৰ্ণ ভুমিকা লৈছিল।ভাৰতৰ মুক্তি সংগ্ৰামত অসমৰ জনসাধাৰণে কলিজাৰ কেঁচা তেজ দান কৰি হাঁহিমুখে অকথ্য নিৰ্যাতনৰ বলি হৈ ফাঁচীকাঠত ওলমিবলৈও কুণ্ঠাবোধ কৰা নাছিল।স্বাধীনতাৰ দুৰ্বাৰ আকাংক্ষাত দেশৰ আন প্ৰান্তৰ লগতে অসমৰ ৰাইজো আকুল হৈ উঠিছিল।দেশৰ হাজাৰ হাজাৰ বীৰ ছহিদে হাঁহিমুখে আত্মহুতি দি বিশ্বৰ আগত যি চৰম ত্যাগৰ দৃষ্টান্ত দাঙি ধৰিলে তাৰ তুলনা নাই।বিয়াল্লিছৰ গণ বিপ্লৱে ভাৰতৰ মুক্তি পথৰ দুৱাৰ মুকলি কৰি দিয়ে।১৯৪২ চনৰ ঐতিহাসিক আগষ্ট গণ বিপ্লৱত ভাৰতীয় জনসাধাৰণৰ স্বত:স্ফুৰ্ত সঁহাৰিত ব্ৰিটিছৰ মেৰুদণ্ড কঁপি উঠিল।লোকমান্য তিলকৰ ‘স্বৰাজ আমাৰ জন্মগত স্বত্ব’কথাষাৰে প্ৰতিজন মুক্তি কামী ভাৰতীয়ৰ অন্তৰত স্বাধীনতাৰ স্পৃহাক তীব্ৰতৰ কৰি তুলিছিল।১৯৪২ চনৰ ‘ভাৰত ত্যাগ’আন্দোলনৰ আৱেগিক গভীৰতা আৰু অভুতপুৰ্ব জনজাগৰণত স্বত:স্ফুৰ্ত প্ৰকাশৰ গতি-বিধি লক্ষ্য কৰি ব্ৰিটিছ সিংহৰ মুঠি ঢিলা হৈ পৰিল।ব্ৰিটিছ চৰকাৰে ভাৰত এৰি যাবলৈ সিদ্ধান্ত ল’লে।অৱশেষত ১৯৪৭ চনৰ ১৫ আগষ্টৰ দিনা ভাৰতে বহু আকাংক্ষিত স্বৰাজ লাভ কৰে।মহাত্মা গান্ধীৰ নেতৃত্বত দীৰ্ঘ কালজুৰি চলা দেশৰ স্বাধীনতা সংগ্ৰামৰ কোলাত এটা জাতি হিচাপে আমাৰ নতুন জন্ম হ’ল।ভাৰতবাসীৰ দেশপ্ৰেম,আত্মাৰ শক্তি আৰু নৈতিক সাহসৰ আগত নীতি স্বীকাৰ কৰিবলৈ বাধ্য হৈছিল বিদেশী শাসক।এখন সমৃদ্ধিশালী নতুন ভাৰত গঢ়াৰ ক্ষেত্ৰত আমাৰ দেশৰ মুক্তি যুঁজাৰুসকলৰ অকুণ্ঠ আত্মবলিদান তথা সহিষ্ণুতা নতুন প্ৰজন্মৰ বাবে অফুৰন্ত প্ৰেৰণাৰ উৎস হৈ ৰ’ব।১৯৪৭ চনৰ ১৫ আগষ্টৰ চিৰস্মৰণীয় দিনৰ পৰাই ভাৰতৰ ইতিহাস ৰচনাৰে ভাৰত  এখন  সাৰ্বভৌম,সমাজবাদী,গণতান্ত্ৰিক,ধৰ্মনিৰপেক্ষ ৰাষ্ট্ৰৰুপে পৃথিৱীত পৰিগণিত হ’ল।এইদৰে ভাৰতৰ স্বাধীনতা আন্দোলনে অহিংসা আৰু জাতীয় ঐক্যৰ আদৰ্শ প্ৰতিষ্ঠাৰ দিশতো ঐতিহাসিক পদক্ষেপ গ্ৰহণ কৰিছিল।এনে পৰিপ্ৰেক্ষিতত জাতীয় জীৱনৰ মহান সাংস্কৃতিক ঐক্যৰ সন্ধান দিবলৈ গ’লেই আমি আমাৰ দেশৰ স্বাধীনতা সংগ্ৰামৰ সুদীৰ্ঘ কালছোৱাৰ ইতিহাসৰ কথাকেই স্মৰণ কৰিব লাগিব।আমাৰ স্বাধীনতা সংগ্ৰামৰ ইতিহাস কেৱল ভাৰতীয় জাতিৰেই নহয়,বিশ্বৰ মানৱ সমাজৰ ইতিহাসতো এক গৌৰৱোজ্জ্বল অধ্যায়।ভাৰতৰ ক্ৰান্তিকালৰ ইতিহাস বিভিন্ন সংঘাত,বিভিন্ন আদৰ্শ,নানা দৰ্শন,নানা ৰাজনৈতিক আদৰ্শ আদিৰ একক সংমিশ্ৰণ।দেশৰ স্বাধীনতা দেশখনৰ বাবে কিমান দুৰ্লভ আৰু পৱিত্ৰ সেয়া আমাৰ দেশৰ স্বাধীনতা সংগ্ৰামৰ ইতিহাসে সোঁৱৰাই দিয়ে।আজি আমি ভাৰতৰ দৰে এখন বিশাল গণতন্ত্ৰ স্বাধীন দেশৰ নাগৰিক হিচাপে প্ৰতিজন ভাৰতবাসীয়েই গভীৰ গৰ্ব অনুভৱ কৰো।শত-সহস্ৰ ছহিদৰ তেজ আৰু ত্যাগৰ বিনিময়ত আৰ্জিত এই স্বাধীনতাৰ তাৎপৰ্য অসীম।দুশ বছৰীয়া বিদেশী শাসনে থান-বান কৰি পেলোৱা আমাৰ ভাৰতীয় সমাজখনক একত্ৰিত কৰাৰ আৰু ইয়াৰ আদৰ্শ,প্ৰমুল্যসমুহ সমাজত পুনৰ প্ৰোথিত কৰাত স্বাধীনতা সংগ্ৰামে সহায় কৰিছিল।জ্ঞাত-অজ্ঞাত মুক্তি যোদ্ধাসকলৰ কাৰণেই আমি স্বাধীনতাৰ সোৱাদ লৈ মুক্ত আকাশৰ তলত মুকলি বতাহ সেৱন কৰিবলৈ সক্ষম হৈছো।মহান ভাৰতীয় জাতিৰ অবিচ্ছেদ্যং অংগ হিচাপে অসমবাসী ৰাইজে স্বাধীনতাৰ ৰণত অৱতীৰ্ণ হৈ দেশপ্ৰেম আৰু ঐক্য সংহতিৰ যাউতিযুগীয়া নিদৰ্শন দেখুৱাই গৈছে।বিদেশী শাসনৰ পৰা ভাৰতক মুক্ত কৰাৰ ক্ষেত্ৰত ‘ভাৰত ত্যাগ’আন্দোলনে নিৰ্ণায়ক ভুমিকা লৈছিল।ভাৰতবৰ্ষই সদায়েই নৈতিক আৰু অহিংস শক্তিক প্ৰাধান্য দি আহিছে।যি সুমহান পৰম্পৰা আৰু ঐতিহ্যৰে আমাৰ দেশৰ স্বাধীনতা সমৃদ্ধ হৈছে ঐতিহ্য আৰু পৰম্পৰাক অধিক মহীয়ান কৰিবলৈ আমি স্বাধীনতা দিৱসৰ পৱিত্ৰ তিথিত ত্ৰিৰংগা পতাকাৰ তলত সংকল্পবদ্ধ হোৱাৰ সময়।স্বাধীনতা দিৱস প্ৰত্যেক স্বাধীন জাতিৰ গৌৰৱৰ দিন,বিপুল আনন্দ উৎসৱৰ দিন।এই পৱিত্ৰ দিনটোত দেশবাসীয়ে নতশিৰে ৰাষ্ট্ৰীয় ত্ৰিৰংগাৰ প্ৰতি সন্মান যাঁচি শ্ৰদ্ধা আৰু কৃতজ্ঞতাৰে স্বাধীনতা লাভৰ ঐতিহাসিক দিনটোক সুঁৱৰি অন্তৰত লাভ কৰে গভীৰ প্ৰত্যয় আৰু প্ৰেৰণা।মুক্তি যুঁজৰ মহান ভাৰতীয় ঐতিহ্যৰ আদৰ্শৰাজিৰে পুনৰুজ্জীৱিত হৈ হিংসা,বিচ্ছিন্নতাবাদ আৰু সাম্প্ৰদায়িক শক্তিবোৰক এঘৰীয়া কৰি একৈশ শতিকাৰ এখন নতুন ভাৰতবৰ্ষ গঢ়াৰ সংকল্প লোৱাৰ এয়াই উপযুক্ত সময়।ভাৰতৰ স্বাধীনতা যুঁজত যিসকলে হাঁহিমুখে মৃত্যুবৰণ কৰি অমৰ হ’ল,যিসকল চিৰদিনৰ বাবে ঘুণীয়া হ’ল,যিসকল মুক্তি সংগ্ৰামীয়ে কাৰাগাৰৰ চাৰি বেৰৰ মাজত দুখ-কষ্টৰ মাজেৰে দিন অতিবাহিত কৰিলে,দেশৰ যিসকল বৰেণ্য সন্তান,অমৰ ছহিদে পৰাধীনতাৰ শিকলি ছিঙি স্বাধীন ভাৰতৰ স্বপ্ন বাস্তৱায়িত কৰিলে সেইসকল মহান মুক্তিকামী স্বাধীনতা সেনানীক স্বাধীনতা দিৱসৰ পুণ্য তিথিত সহৃদয়তাৰে স্মৰণ কৰিছো।

লেখক:অবিনাশ বৰ্মন (ৰাইজৰ বাতৰি )

3.18032786885
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top