মূল পৃষ্ঠা / শিক্ষা / অসমৰ সংস্কৃতি / “সাংস্কৃতিক ক্ষেত্ৰলৈ নাট্য সাহিত্যৰ অৱদান”
অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

“সাংস্কৃতিক ক্ষেত্ৰলৈ নাট্য সাহিত্যৰ অৱদান”

সাংস্কৃতিক ক্ষেত্ৰলৈ নাট্য সাহিত্যৰ অৱদানৰ বিষয়ে লিখা হৈছে

 

শঙ্কৰদেৱক শ্ৰীমন্ত শঙ্কৰগুৰু হিচাবে মানিছো, জ্যোতি প্ৰসাদৰ ৰূপকোঁৱৰ, বিষ্ণুৰাভাক কলাগুৰু, ফনী শৰ্মাক নটসূৰ্য্য বুলি সন্মানিছো। তথাপিও কৃষ্টি আৰু সংস্কৃতিৰ অস্তিত্বৰ ভৱিষ্যত সম্বন্ধে সন্ধিহান হৈছো কিয়? শঙ্কৰদেৱে কেৱল বৈষ্ণৱ ধৰ্ম প্ৰচাৰত মূল লক্ষ্য আছিল এনে নহয়, তেওঁ অসমীয়া জাতিটোক একতাৰ দোলেৰে সমগ্ৰ অসমীয়াক বান্ধি ৰাখিবলৈ অপূৰ্ব সৃষ্টি অঙ্কীয়া নাট, ভাওনা, অসমীয়া সংস্কৃতিৰ মনোৰম সম্পদ সমূহৰ সৰ্বোত্তম কীৰ্তি, চিহ্নযাত্ৰাৰে পাতনি মেলা এই অনুপম কলাৰ উদ্দেশ্য আছিল কৃষ্ণ বা ৰামৰ ভক্তিৰ মহিমা বা আদৰ্শ সকলো শ্ৰেণীৰ লোকৰ মাজত প্ৰতিষ্ঠা কৰা আৰু শঙ্কৰদেৱৰ প্ৰধান শিষ্য মাধৱদেৱেও গুৰুত্ব আদৰ্শৰে অনুকৰণ কৰি নাটক লিখি মঞ্চৰ বৰ ভেটি বন্ধাত সমসাময়িক অসমৰ আধ্যাত্মিক ৰাজনৈতিক আৰু আৰ্থিক দিশত উৱলি যোৱা সমাজখনক নতুন ৰূপ দি গঢ় দিবলৈ চেষ্টা কৰিছিল। এই গুৰু দুজনাৰ মহৎ প্ৰচেষ্ঠাক সমগ্ৰ অসমীয়া জাতিটোৱে সন্মান জনাই আহিছে।

জোনাকী যুগৰ পদ্মনাথ গোঁহাই বৰুৱা, লক্ষ্মীনাথ বেজবৰুৱা অতুল চন্দ্ৰ হাজৰিকা আদি নাট্যকাৰ সকলে তেওঁলোকৰ ৰচিত নাটক সমূহত জাতিয়তাবাদী আৰু বৃটিছ বিৰোধী মনোভাৱত প্ৰকাশ কৰিছিল আৰু ফলস্বৰূপে উনবিংশ শতিকাৰ শেষত পৰাহে অসমীয়া নাটকৰ আঁচল সুঁত প্ৰবাহিত হয়। এই সময়ছোৱাত অসমৰ বিভিন্ন ঠাইত ৰঙ্গমঞ্চ স্থাপিত হয়। ১৯৭০ চনত নগাঁও বীনাপানি ষ্টেজত ৰুদ্ৰৰাম বৰদলৈৰ “বঙাল-বঙালনী” মঞ্চস্থ হৈছিল।

অসমীয়া নাট্যজগতত ধ্ৰুৱতৰা স্বৰূপ জ্যোতিপ্ৰসাদ আগৰৱালা দেৱে গতানুগতিক নাট্যৰীতি পৰিহাৰ কৰি সংলাপ মঞ্চ নিৰ্দেশনা গ্ৰহণ কৰি অসমীয়া নাটকলৈ এক নতুন পৰিবৰ্তন আনে। “কাৰেঙৰ লিগিৰী” ৰোমান্তিক ধৰ্মী নাটক হ’লেও নাটকীয় সৃষ্টিভংগীৰ দিশৰ পৰা এই নাটখনৰ নায়ক সুন্দৰ কোঁৱৰৰ যোগেদি নাট্যকাৰে অসমীয়া নাটকত প্ৰগতিশীল আৰু বৈপ্লৱিক নায়কৰ সৃষ্টি কৰিছে। এই ৰোমান্তিক ধৰ্মী নাটক হ’লেও নাটকীয় দৃষ্টিভংগীৰ দিশৰ পৰা এই নাটকখন ইবচেন বা বাৰ্নাডশ্বৰ বাস্তৱ ধৰ্মী নাটকৰ দৰেই।

জ্যোতি প্ৰসাদে শিল্পীৰ সাধনাৰ ক্ষেত্ৰ বিচাৰি পাইছিল সাধাৰণ মানুহৰ মাজত। প্ৰতিভাশালী একোজন লোক উপযুক্ত প্ৰশিক্ষণৰ যোগেদি কবি, গায়ক, চিত্ৰকাৰ অথবা ভাস্কৰ হ’ব পাৰে আৰু তেওঁ এজন শিল্পী বুলি খ্যাতি অৰ্জনো কৰিব পাৰে। কিন্তু যেতিয়ালৈকে তেওঁৰ সৃষ্টি সমাজৰ দহজনৰ মাজত প্ৰতিফলিত নহয় অৰ্থাৎ যেতিয়ালৈকে তেওঁৰ সৃষ্টিয়ে সমাজৰ সাধাৰণ মানুহৰ সুকুমাৰৰ অনুভুতি জগাই তুলিব নোৱাৰে তেতিয়ালৈকে তেওঁৰ সৃষ্টি বন্ধ পানীৰ দৰে নিজৰ ব্যক্তিত্বৰ মাজতে আৱদ্ধ হৈ থাকিব। থুলমূলকৈ কবলৈ হ’লে শিল্পীৰ পৃথিৱীৰ সপোন বাস্তৱত ৰূপায়িত কৰিবলৈ হ’লে জনসাধাৰণৰ মাজত শিল্পীৰ সভাটোক প্ৰকাশ কৰি পোহৰলৈ আনিব লাগিব। আৰু সেই পৰিৱেশ প্ৰথমে তেওঁ নিজেই সৃষ্টি কৰি ল’ব পাৰিব লাগিব, কিন্তু ই এটা জটিল প্ৰশ্ন। তথাপিও অনুকুল পৰিৱেশত শিল্পীৰ প্ৰতিভাই নিজৰ সমাজ বা জাতিটোক বহুখিনি আগবঢ়াই নিব পাৰে।

অসমীয়া ভাষা সাহিত্য আৰু সাংস্কৃতিৰ ক্ষেত্ৰখন আলোকিত কৰি তোলা বিংশ শতিকাৰ সৰ্বশ্ৰেষ্ট ৰত্ন হ’ল- ড° ভৱেন্দ্ৰ নাথ শইকীয়া মহাশয়, তেওঁ সাহিত্য সাংস্কৃতিৰ বিশাল ক্ষেত্ৰখনত মহান অৱদান আগবঢ়াই থৈ যোৱা এইজনা মহান মনীষীয়ে পেছাদাৰী আৰু অপেছাদাৰী উভয় মঞ্চৰ বাবে প্ৰায় ত্ৰিশখনৰো অধিক নাটক ৰচনা কৰিছিল আৰু সাহিত্যৰ পৰা সংস্কৃতিৰ পথাৰখনলৈ বিজ্ঞানৰ পৰা সমাজ সেৱালৈ, গল্পৰ পৰা চিনেমালৈ, নাটকৰ পৰা ভ্ৰাম্যমানলৈ আৰু প্ৰান্তিক আলোচনী সঁফুৰাৰ পৰা আৰম্ভ কৰি উপন্যাস, শিশু সাহিত্য কলা ক্ষেত্ৰৰ পৰা আৰোহনলৈ যি অনবদ্য অৱদান দি থৈ গ’ল, তেওঁ সদায় জন মানসত ধ্ৰুৱতৰাৰ দৰে চিৰদিন জিলিকি থাকিব। কিয়নো প্ৰতিভা আৰু চাৰিত্ৰিক সততাৰ সমন্বয়তহে এজন ব্যক্তি মহান হ’ব পাৰে আৰু ড° ভৱেন্দ্ৰ নাথ শইকীয়া দেৱ আছিল এনে এজন ব্যক্তি যাৰ প্ৰতিভা আৰু চাৰিত্ৰিক বৈশিষ্ট্যই এটা জাতিক প্ৰতিনিধিত্ব কৰা যেন অনুভৱ হ’ব।

মানৱ-মনীষা যদি সভ্যতা আৰু সংস্কৃতিৰ জন্মদাত্ৰী মাতৃ তেনেহ’লে শান্তি সম্প্ৰীতি হ’ল তাৰ প্ৰতি পালিক ধাত্ৰী। ইতিহাসৰ পাত লুটিয়াই চালে দেখিবলৈ পাও যে কোনো যুগতেই মানুহৰ সংঘৰ্ষ আৰু বিপৰ্য্যয়ৰ মাজত সাংস্কৃতিক সম্পদ সৃষ্টি হোৱা নাই, যি সৃষ্টি হৈছে সম্প্ৰীতিয়ে ভৰা শান্তিময় পৰিৱেশৰ মাজত হে কালজয়ী আৰু বিশ্বজনীন সৃষ্টি হৈছে।

সম্প্ৰতি আমাৰ জাতীয় জীৱন এক ভয়াবহ সন্ধিক্ষণত উপনীত হৈছে। বিভেদ আৰু বিদ্বেশে আমাৰ বিচাৰ বুদ্ধি আচন্ন কৰিছে। সন্দেহ শঙ্কাই আমাৰ অন্তৰ কপাই তুলিছে আৰু প্ৰকৃত সন্ধান নাপাই আমি বিবুদ্ধিত পৰিছো। অতীতৰ ভূল শুধৰাবলৈ গৈ দহটা আৰু ভূলৰ মেৰ পাকত সোমাই পৰিছো আৰু সপ্তৰথীৰ চক্ৰবেহুত আৱদ্ধ অভিমন্যুৰ দৰে আজি আমাৰ সাহস আৰু বীৰত্ব অসাৰ্থক হৈ পৰিছে। গতিকে আমাৰ নৱ প্ৰজন্ম সকলক অনুৰোধ কৰিব খোজো যে যদি বাস্তৱৰ মীমাংসাৰ বাবে তেওঁলোকে অৰ্জ্জুনৰ দৰে গান্দীৱো তুলি ল’ব লগীয়া হয়, তথাপিও তেওঁলোকে মানৱধৰ্মৰ দৰ্শন ৰূপে অহিংসাই যে মানৱ জীৱনৰ চৰম আদৰ্শ তাক মানি ল’বই লাগিব আৰু তেতিয়াহে জীৱনৰ সকলো ক্ষেত্ৰতেই মানৱ সংস্কৃতিৰ পূৰ্ণ বিকাশ হ’ব আৰু জাতিৰ অস্তিত্বৰ আয়ুসৰেখা দুগুণে বাঢ়িব বুলি আশা কৰিব পাৰি।

লেখিকা:কল্পনা ৰাজকুমাৰ

3.0
bimaljyoti Jan 24, 2018 03:37 PM

we are staging a bengali drama on 3rd of feb, 2018 at I T A Machkhowa. May we translate this article into bengali to publish in our souvenior? we shall feel privileged if consented.

আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top