মূল পৃষ্ঠা / শিক্ষা / অসমৰ সংস্কৃতি / অম্বুবাচী মেলাৰ বিষয়ে
অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

অম্বুবাচী মেলাৰ বিষয়ে

অম্বুবাচী মেলাৰ বিষয়ে কিছু কথা

কামাখ্যা ধামৰ অনন্য অম্বুবাচী

 

নীলাচল পাহাৰৰ বুকুত অৱস্থিত কামাখ্যাধাম দেশ – বিদেশৰ পৰ্যটকৰ আকৰ্ষণৰ কেন্দ্ৰবিন্দু। ধৰ্মীয় পৰ্যটকৰ বাহিৰেও কামাখ্যাৰ ঐশ্বৰ্যশালী ভাস্কৰ্য আৰু নীলাচল পাহাৰ বেষ্টিত প্ৰাকৃতিক সৌন্দৰ্যই সাধাৰণ পৰ্যটককো হাতবাউলি মাতে এই অঞ্চললৈ। আমাৰ দেশত ধৰ্মৰ লগত জড়িত কিছুমান উৎসৱৰ সৰ্বভাৰতীয় সুনাম আছে। কামাখ্যা দেশৰ ভিতৰতে এখন নামজলা শক্তিপীঠ ৰুপে প্ৰতিষ্ঠিত। প্ৰত্যেক মন্দিৰৰে বিভিন্ন সময়ত বিভিন্ন উৎসৱ – পাৰ্বণ অনুষ্ঠিত হয়। কামাখ্যা ধামত আহাৰ মাহৰ অম্বুবাচী উৎসৱ সৰ্বভাৰতীয় উৎসৱ। এই উৎসৱলৈ দেশ – বিদেশৰ ভক্তপ্ৰাণ পৰ্যটকৰ আগমণ ঘটে। ধৰ্মীয় উৎসৱ উপলক্ষে কোনো স্থানলৈ অহা পৰ্যটকক ধৰ্মীয় পৰ্যটক বোলা হয়। পণ্ডিত সকলৰ মতে অম্বুবাচী মূলতে এক কৃষি উৎসৱ। আদিম মানৱৰ কৃষি সম্বন্ধীয় বিশ্বাসৰ ওপৰতে অম্বুবাচী উৎসৱ প্ৰতিষ্ঠিত। অম্বুবাচীত নাৰী সম্পৰ্কীয় কিছুমান ধ্যান – ধাৰণা আছে। পৃথিৱীক মাতৃৰ লগত ৰিজোৱা হয়। বিশ্বাস কৰা হয় যে কৃষি পদ্ধতি আদিতে নাৰীয়েই আৱিষ্কাৰ কৰিছিল। সংস্কৃতত অম্বু মানে পানী আৰু বাচী মানে প্ৰস্ফুটিত হোৱা। ইয়াৰ ৰুপান্তৰ হৈছে অম্বুবাচী বা ষাঠ। এইকেইটা দিনত আই বসুমতী ৰজস্বলা হোৱা বুলি বিশ্বাস কৰা হৈছে। অম্বুবাচী আহাৰ মাহৰ ষষ্ঠ দিনৰ পৰা প্ৰায় ৮৪ ঘণ্টা পৃথিৱী এনে অৱস্থাত থকা বুলি বিশ্বাস কৰা হয়। ঋতুমতী নাৰীক যেনেকৈ কাম – কাজৰ পৰা জিৰণি দিয়া হয়, তেনেদৰে মাতৃ বসুমতীকো অম্বুবাচীৰ সময়ত জিৰণি দিয়া দিয়ে। কৃষি কৰ্ম নহয়, হালখতি হয়, মাটি কৰ্ষণ নকৰে। অসমৰ পৰ্যটকৰ উৎকৃষ্ট স্থানৰ মৰ্যাদা দিছে। অম্বুবাচী উৎসৱক কেন্দ্ৰ কৰি কামাখ্যাত ধৰ্মীয় পৰ্যটন ক্ষেত্ৰৰুপে গঢ় দিয়াৰ বহু সমল আছে। বৰ্তমান সময় তথ্য – প্ৰযুক্তিৰ সময়। সেয়েহে অম্বুবাচীৰ বিষয়ে যথাসম্ভৱ দেশে – বিদেশে প্ৰচাৰ কৰা উচিত। বৈদ্যুতিক মাধ্যমত ইয়াৰ এটা প’ৰ্টেল থাকিব লাগে, যাতে মা কামাখ্যাৰ সংস্কৃতিৰ বিষয়ে এটা আগতীয়া ধাৰণা পায়। প্ৰচাৰৰ বাবে ৰাষ্ট্ৰীয় দূৰদৰ্শন মাধ্যমে অম্বুবাচী উৎসৱৰ বৰ্ণনা ৰাষ্ট্ৰীয় ভিত্তিত সম্প্ৰচাৰ কৰা উচিত। যিদৰে ওড়িষ্যাৰ ৰথযাত্ৰাৰ বিষয়ে কৰা হয়। বৈদ্যুতিন মাধ্যমত পূজা – অৰ্চনাৰ পদ্ধতি সমূহ যাৱতীয় খৰচ পাতি আৰু সম্ভাব্য দৰ্শনৰ সময় আগতীয়াকৈ উপলদ্ধ হ’লে মন্দিৰ প্ৰাংগণত ভিৰ হ্ৰাস হোৱাৰ লগতে শৃংখলাবদ্ধ হ’ব। এনে নিয়ম তিৰুপতি মন্দিৰত আছে। আচলতে কামাখ্যা পৰ্যটন ক্ষেত্ৰ হিচাপে গঢ় দিবলৈ হ’লে কেৱল ধৰ্মীয় ভাৱ – ভাৱনাৰে সমৃদ্ধ হ’লেই নহ’ব। ইয়াৰ লগে লগে শিক্ষিত আৰু সজাগ যুৱক – যুৱতী তথা পুৰুষ – মহিলা সকলে অসমীয়া সংস্কৃতিৰ অনন্য উপাদান সমূহ পৰ্যটক সকলক চিনাকি কৰি দিবলৈ মানসিক, শাৰীৰিক সকলো দিশৰে পৰা প্ৰস্তুত হ’ব লাগিব। এসময়ত কামাখ্যা ধামত দেওধানী নৃত্য অনুষ্ঠিত হৈছিল। অম্বুবাচীৰ সময়ত দেওধানী নৃত্যৰ দৰ্শনে ভক্ত সকলক পূজা – অৰ্চনাৰ লগতে দিব পৰাৰ ব্যৱস্থা অসমৰ সাংস্কৃতিক ন্ন্ত্ৰ্যালয়ে কৰিব পাৰে। অম্বুবাচীৰ সময়ছোৱাত ভক্তিৰ লগতে যাকেতে শুদ্ধ বিনোদনৰো জুতি পৰ্যটকে পায়, তাৰ ব্যৱস্থা কৰিলে এচাম নিবনুৱাও লাভাম্বিত হ’ব। উল্লেখ্য যে সৰ্বশেষ দেওধানী নাচনী আছিল মঙলদৈৰ ৰাধিকা ডেকা। সত্ৰীয়া নৃত্যৰ দৰেই দেৱদাসী, দেওধানী আদি নৃত্যবোৰ উজ্জীৱিত কৰাৰ ব্যৱস্থা লোৱা প্ৰয়োজন।

পৰ্যটনৰ বাবে আন এটা আনুষংগিক দিশ হৈছে পৰ্যটকক স্থানীয় আতিথ্য আৰু সুৰক্ষা প্ৰদান কৰা। দূৰ – দূৰণিৰ পৰা অহা ভক্ত সকলক এনেদৰে আতিথ্য আৰু সুৰক্ষা দিব লাগে, যাতে তেওঁলোকে নিজৰ ঠাইত গৈ অসমবাসীৰ অতিথি পৰায়ণতা তথা ইয়ত অনুভৱ কৰা সুৰক্ষাৰ বিষয়ে নিঃসকোচে উল্লেখ কৰে। অম্বুবাচীৰ সময়ত অহা বেছি ভাগ ভক্তই মধ্যবিত্ত পৰ্যায়ৰ হয়।ত্তেওঁলোকৰ বাবে মন্দিৰৰ ওচৰে – পাঁজৰে বা অলপ দূৰত হ’লেও থকা খোৱাৰ বাবে মিতব্যয়ী হোটেল আদিৰ আৱশ্যক আছে। কামাখ্যাৰ কাষত ধৰ্মশালাজাতীয় ভৱনৰ অভাৱ পৰিলক্ষিত হয়। কেৱল এই উৎসৱৰ সময়তেই নহয়, আন সময়তো যিহেতু বহু পৰ্যটকৰ আগমণ ঘটে, গতিকে এনে সুলভ মূল্যৰ ব্যৱস্থা বাৰে বাৰে এই ঠাইলৈ আহিবলৈ পাৰ্যটকক আগ্ৰহ জন্মাব। বৰ্তমান উপলদ্ধ হোৱা সৎসংগ বিহাৰ, গৌড়ীয় মঠৰ লেখীয়া ভৱনবোৰৰ বিতং যোগাযোগৰ ব্যৱস্থা বৈদ্যুতিক মাধ্যমত উপলদ্ধ হ’ব লাগে। এনে কিছু ব্যৱস্থা শুক্ৰেশ্বৰ মন্দিৰ বা উগ্ৰতাৰা মন্দিৰত আছে। ভৰলুৰ পৰা মালিগাঁও হৈ আজাৰা পৰ্যন্ত অতিথি শালা জাতীয় ভৱনবোৰ গঢ় লৈ উঠিব পাৰে। বৰ্তমানৰ হোটেল সমূহতো কামাখ্যা দৰ্শনৰ সা – সুবিধা প্ৰদান কৰিব লাগে। হোটেল সমূহৰ অগ্ৰিম বা আগতীয়াকৈ আৰক্ষণৰ নিয়ম পৰ্যটকৰ সুবিধাৰ বাবে বৈদ্যুতিক মাধ্যমৰ জৰিয়তে হ’ব লাগে। পুৰীৰ জগন্নাথ মন্দিৰৰ ওচৰত, দ্বাৰকা আৰু তৰুপতিত এনে অসংখ্য মিতব্যয়ী ধৰ্মশালা গঢ় লৈ উঠিছে।

পৰ্যটক সকলৰ বিনোদনৰ ব্যৱস্থাও অতি আৱশ্যক। মনত ৰখা উচিত যে পুৰীৰ সমুদ্ৰ আৰু বৈত দ্বাৰকাৰ নৌকা বিহাৰ পৰ্যটকৰ বাবে আকৰ্ষণীয়, সুৰক্ষা বিপন্ন নকৰাকৈ ব্ৰহ্মপুত্ৰত নৌকা বিহাৰ বা দীঘলী পুখুৰীৰ ব্যৱস্থা সমূহ ভক্ত সকলক মাজত প্ৰচাৰ কৰিব পাৰি। সম্ভৱ হ’লে কপিলীৰ নিচিনা নৈত নৌকা গৃহৰ কথা ভাবিব পাৰি। অসম বিভিন্ন জাতি – জনগোষ্ঠীৰ মিলনভূমি। ৰঙীন সাজ – পোছাকৰ দৰেই প্ৰত্যেক জনগিষ্ঠীৰে খাদ্যতো আছে ভিন্নতা। অম্বুবাচীৰ সময়ত স্থানীয় খাদ্যৰ বিপণী মুকলি কৰি ভক্ত সকলক ইয়াৰ জুতি দিব পাৰি। স্থায়ী হ’অলে কামাখ্যাৰ পৰ্যটক সকলে সদায়ে ইয়াৰ জুতি ল’ব পাৰে। অসমীয়া পাট – মুগা, এড়ীৰ আদৰ সৰ্বত্ৰ। সাজপাৰৰ বিপণী সমূহত এই সাজপাৰ সমূহ বিশেষভাৱে প্ৰদৰ্শন কৰিব লাগে। তদুপৰি চুৰিদাৰ, শাড়ী আদিত অসমীয়া ফুলৰ চানেকিবোৰো বিক্ৰী কৰিব পাৰে। লগত সৰু সৰু ফুলাম জাপি, গঁড়ৰ মূৰ্ত্তি, সৰু আকৃতিৰ শৰাই, পাণ বঁটা, অসমীয়া অলংকাৰ আদিৰ বিপণী কামাখ্যাৰ ওচৰে – পাজৰে হ’লে যথেষ্ট চাহিদা হ’ব। অম্বুবাচীৰ সময়ত এইবোৰ বিশেষ ৰেহাইৰে শিল্প প্ৰদৰ্শনী অনুষ্ঠিত কৰিব পাৰি। পাণবজাৰ বা ফাঁচী বজাৰৰ বিপণী সমূহত দুৰ্গাপুজা বা বিহুৰ নিচিনাকৈ সুলভ মূল্যত বিক্ৰীৰ ব্যৱস্থা কৰিলে পৰ্যটক উপকৃত হ’ব। অম্বুবাচী বা কামাখ্যা দৰ্শনৰ সুযোগতে আহিযাতে গুৱাহাটীৰ আন স্থানীয় পৰ্যটন ক্ষেত্ৰ যেনে – বশিষ্ঠাশ্ৰম, নৱগ্ৰহ, উগ্ৰতাৰা, কলাক্ষেত্ৰ, উমানন্দ আদি ভ্ৰমণ কৰিব পাৰে, তাৰ বাবে পৰ্যটন বিভাগ আৰু হোটেল বোৰেও নিজাববীয়াকৈ ব্যৱস্থা ল’ব পাৰে। তদুপৰি বহু পৰ্যটকে দূৰৰ পৰ্যটন ঠাইৰ যেনে – বৰদোৱা, হাজো মন্দিৰ, শিৱসাগৰ, তেজপুৰ আদি চোৱাৰ ইচ্ছা কৰে। তেওঁলোকৰ বাবে ইণ্টাৰনেট বা আন মাধ্যমেৰে সকলো তথ্য জনাৰ সুবিধা কৰি দিব লাগে। আন সময়ত কাজিৰঙা, পবিতৰা, মানাহ অভয়াৰণ্য আদিৰ বিষয়ে পৰ্যাপ্ত প্ৰচাৰ হ’লে অসমৰ পৰ্যটন ক্ষেত্ৰখন যথেষ্ট লাভাম্বিত হ’ব। আটাইতকৈ উল্লেখযোগ্য বিষয়টো হৈছে মন্দিৰ প্ৰাংগণত শৃংখলা বৰ্তাই ৰখাটো। কোনো ভক্ত যাতে লাঞ্ছনাৰ সন্মুখীন নহয়, তাৰ প্ৰতি লক্ষ্য ৰখাটো সকলোৰে কৰ্তব্য। ভাৰতৰ নানা মন্দিৰত ভক্ত সকল প্ৰৱঞ্চনা আৰু ঠগৰ সন্মুখীন হয়। মন্দিৰৰ পাণ্ডা সকলে মাথোঁ আৰ্থিক আয়ৰ কথা নাবাবি সদ্ব্যৱহাৰ আৰু সেৱাৰ মনোভাবেৰে ভক্ত সকলৰ লগত সম্পৰ্ক স্থাপন কৰিব লাগে। দ্বাৰকা মন্দিৰৰ পাণ্ডা সকলৰ ব্যৱহাৰ উল্লেখযোগ্য; য’ত পাণ্ডাসকলক ব্যতিব্যস্ত নকৰে। তদুপৰি মন্দিৰৰ চৌহদ চাফ – চিকুণকৈ ৰাখিব লাগে। তেতিয়াহে ভক্ত সকলৰ ঋণাত্মক মনোভাৱ আঁতৰিব। কামাখ্যা মন্দিৰক কেন্দ্ৰ কৰি ওড়িষ্যাৰ জগন্নাথ মন্দিৰ, গুজৰাটৰ দ্বাৰকা মন্দিৰ, তামিলনাডুৰ তিৰুপতি আদিৰ দৰে ধৰ্মীয় পৰ্যটন গঢ় দিয়াৰ যথেষ্ট সম্ভৱনা আছে। চৰকাৰে উপযুক্ত পৰিকল্পনাৰে পৰ্যটক গাইড আদিৰ ব্যৱস্থা কৰি সমগ্ৰ নীলাচল পাহাৰক পৰ্যটন কেন্দ্ৰৰুপে গঢ় দি ৰাজহ আহৰণৰো এক সুন্দৰ উৎস মুকলি কৰিব পাৰে।

লেখক : ৰঞ্জন কুমাৰ পদ্মপতি।

উৎস : দেওবৰীয়া বাঁহী।

 

লোক বিশ্বাসত অম্বুবাচী বা আমতি চুৱা

 

জ্যোতিষ শাস্ত্ৰ মতে আহাৰ মাহত মৃগশিৰা নক্ষত্ৰৰ তিনি পাদ অতীত হ’লে চতুৰ্থ পাদ আদ্ৰা নক্ষত্ৰৰ প্ৰথম পাদৰ ভিতৰত পৃথিৱী ঋতুমতী হয়। এই সময় খিনিক অম্বুবাচী বা আমতি চুৱা বোলে। অম্বুবাচী এক লোকাচাৰ। সংস্কৃত শব্দ ‘অম্বু’ আৰু ‘বাচী’ শব্দ দুটাৰ পৰা ‘অম্বুবাচী’ শব্দটি গঠিত হৈছে বুলি পণ্ডিত সকলে ক’ব খোজে। অম্বুবাচী শব্দটিৰ ‘অম্বু’ শব্দটোৱে পানী আৰু ‘বাচী’ শব্দটোৱে প্ৰকাশ কৰা বুজায়। গ্ৰামাঞ্চলত বাস কৰা জনগণে সৰল বিশ্বাসত নানা নিয়ম – নীতিৰ মাজেৰে পৰম্পৰাগত ভাৱে অম্বুবাচী পালন কৰি আহিছে। জেঠৰ শেষৰৰ তিনি দিন আৰু আহাৰৰ প্ৰথম তিনি দিনক একেলগে ‘সাথ’ বুলি কোৱা হয়। অম্বুবাচীৰ লগত এই সাথৰ বিশেষ সম্পৰ্ক থাকে। সাধাৰণতে প্ৰতি বছৰে ছয় নতুবা সাত আহাৰৰ পৰা দহ নাইবা এঘাৰ আহাৰলৈ অম্বুবাচীৰ যুগ থাকে। অম্বুবাচী আৰম্ভ হ’বৰ দিনাক ‘অম্বুবাচী প্ৰবৃত্তি’ আৰু শেষৰ দিনাক ‘অম্বুবাচী নিবৃত্তি’ বোলে। পৃথিৱী খনক সাধাৰণতে মাতৃ জ্ঞান কৰা হয়। লোক বিশ্বাস মতে, অম্বুবাচীৰ সময়ত ধৰিত্ৰী ৰজস্বলা হয়। সেয়ে এই ধৰিত্ৰী ৰজস্বলা হোৱাৰ বাবে গঞাৰ কৃষিজীৱি লোক সকলে এই অম্বুবাচী নানা ধৰণে পালন কৰি আহিছে। আহাৰ মাহটো কৃষক সকলৰ বাবে বৰ গুৰুত্বপূৰ্ণ মাহ। কৃষক সকলে এই মাহটোত পূৰ্বতে সিঁচি থোৱা কঠীয়া খিনি ৰুবলৈ পথাৰত মাটি সমূহ চহাবলৈ আৰম্ভ কৰে। ধৰিত্ৰী ঋতুমতী হোৱা বাবে কৃষক সকলে চাৰি দিন হাল খটি কৰে। ধৰিত্ৰী অশুদ্ধি হৈ থাকে বুলি বিশ্বাস কৰিয়েই হিন্দু ধৰ্মাৱলম্বী লোক সকলে মাংগলিক কাম কৰাৰ পৰা বিৰত থকাৰ উপৰি মাটি খন্দা, ফলমূল ছিঙা কাৰ্যবোৰৰ পৰাও বিৰত থাকে। বিশ্ব প্ৰসিদ্ধ শক্তিপীঠ কামাখ্যা মন্দিৰৰ পূজা – সেৱাও বন্ধ থাকে এই সময় খিনিত। এই দিন কেইটাত বিধৱা সকলে জুই স্পৰ্শ নকৰে। সেয়ে জুইৰ লগত সম্পৰ্ক থকা খাদ্য ভক্ষণ নকৰি ফলমূল, চাগু, দৈ আদি ভক্ষণ কৰে। এই সময়ত বাৰীত আম, কঁঠাল, লেচু, পনিয়ল, কলা জাম, প্লাম আদি পকি গোন্ধত আমোল – মোলাই থাকে। সধৱা সকলে ব্ৰত পালন কৰে। কৃষক সকলে ভঁৰাল ঘৰত উঠি ধান নমাই ননাৰ লগতে গোঁসাই ঘৰ, মাৰৈ ঘৰতো প্ৰৱেশ নকৰে। প্ৰতিটো পৰিয়ালৰে একেবাৰে লাগতিয়াল বস্তু খিনিৰ বাহিৰে আন বস্তুবোৰ একাষৰীয়াকৈ ৰাখে আৰু এই বস্তু খিনি পৰিয়ালৰ কোনো সদস্যই স্পৰ্শ নকৰে। চাৰি দিনৰ পিছত অৰ্থাৎ নিবৃত্তিৰ দিনা গাঁৱৰ প্ৰতি ঘৰৰে জীয়ৰী – বোৱাৰীহঁতে কাপোৰ – কানি, চৰু – হাৰি, ঢাৰি – ঢকুৱা আদি ধোৱাৰ উপৰিও ঘৰ – চোতাল মচা – কচা কৰি পৰিষ্কাৰ কৰে। সিদিনাই পুৰণি বাঢ়নী সমূহ চুৱা বুলি মানি লৈ সেইবোৰ পেলাই নতুন বাঢ়নী ব্যৱহাৰ কৰে। লোকবিশ্বাস মতে, ফল নধৰা গছত আমতিৰ চুৱা বাঢ়নী বান্ধি দিলে ফল ধৰে। সেয়ে ফল নধৰা আম – কঁঠাল গছত চুৱা বাঢ়নী বান্ধি দিয়া দেখা পোৱা যায়। শিপিনি সকলে তাঁত শালত নব’হে। অম্বুবাচীৰ সময়ত কম – বেছি পৰিমাণে প্ৰতি ঘৰৰ লোকে এই সময় ছোৱাত পকা ফল সমূহ ভক্ষণ কৰে। এই অম্বুবাচীৰ কেই দিনত ‘আমতি বুঢ়া’ মানুহৰ ঘৰলৈ আহে বুলি জনবিশ্বাসত প্ৰচলিত আছে। দেশৰ অন্যতম প্ৰাচীন শক্তিপীঠ কামাখ্যা মন্দিৰত বিভিন্ন উৎসৱ অনুষ্ঠিত হয় যদিও আহাৰ মাহত অনুষ্ঠিত হোৱা ‘অম্বুবাচী মেলা’ আটাইতকৈ জনপ্ৰিয়। জনবিশ্বাস মতে, অম্বুবাচীৰ সময়ত কামাখ্যা দেৱী ঋতুপ্ৰাপ্ত হয় আৰু ঋতু ধৰ্মৰ যি অশুচিতা, সেয়া কঠোৰ ভাৱে পালন কৰা হয়। এই সময় ছোৱাত অৰ্থাৎ তিনি দিন বন্ধ থাকে মন্দিৰৰ দুৱাৰ। সেই তিনি দিন দৰ্শনাৰ্থীক দৰ্শন কৰিব দিয়া নহয়। চতুৰ্থ দিনা অৰ্থাৎ অম্বুবাচীৰ নিবৃত্তিৰ দিনা ৰীতি – নীতিৰে দেৱীৰ স্নান পূজা আদি সম্পন্ন কৰাৰ পিছত মন্দিৰৰ দুৱাৰ ভক্ত সকলৰ বাবে খুলি দিয়া হয়। ভক্ত সকলে এই দিনটো দেৱী দৰ্শনৰ বাবে আটাইতকৈ শুভ দিন বুলি মানি আহিছে। কামাখ্যাৰ অম্বুবাচী মেলাত ভাৰত্বৰ্ষৰ দূৰ – দূৰণিৰ পৰা বহু যাত্ৰীৰ সমাগম হয়। দেশ – বিদেশৰ সাধু – সন্ন্যাসীৰ উপস্থিতি এই মেলাৰ বিশেষ আকৰ্ষণ। অম্বুবাচী যোগত কামাখ্যা দেৱীৰ ৰক্ত বস্ত্ৰৰ মাহাত্ম্য হিন্দু মাত্ৰেই বিদিত আছে। জন বিশ্বাসত এই ৰক্ত বস্ত্ৰ শৰীৰত ধাৰণ কৰিলে অভীষ্ট ফল লাভ হয় আৰু এই ৰক্ত বস্ত্ৰ লগত ৰাখি আন ঠাইত জপ পূজা কৰিলেও ভক্তৰ কামনা পূৰ্ণ হয়। অসমৰ এক ঐতিহ্য আৰু আন্তঃৰাষ্ট্ৰীয় জনসংযোগৰ মাধ্যম কামাখ্যাৰ ‘অম্বুবাচী মেলা’ অনুষ্ঠানটিৰ প্ৰতি চৰকাৰ কতৃপক্ষই বিশেষ ভূমিকা পালন কৰি যাব বুলি আশা কৰিলো।

লেখক : নগেন তালুকদাৰ।

উৎস : দেওবৰীয়া বাঁহী।

 

অম্বুবাচী মেলা আৰু পৰিবহণ পৰ্যটন

 

পৰ্যটনৰ বিকাশৰ বাবে এক সুচল পৰিবহণ ব্যৱস্থাৰ অতিকৈ প্ৰয়োজন। কামাখ্যা মন্দিৰৰ অম্বুবাচী মেলাই অসমৰ পৰ্যটন ক্ষেত্ৰ খনলৈ বিশেষ অৰিহণা আগবঢ়াইছে। এই মেলাই অসমত ধৰ্মীয় পৰ্যটনৰ ধাৰণাটোক সবল কৰি তুলিছে। ভাৰতৰ ধৰ্মীয় পৰ্যটন ক্ষেত্ৰ খনৰ অন্যতম আকৰ্ষণৰ কেন্দ্ৰ হো পৰিছে কামাখ্যা ধাম। প্ৰতি বছৰে অম্বুবাচী মেলালৈ অগণন ভক্ত তথা পৰ্যটকৰ আগমন ঘটে। এনেদৰে দ্ৰুত গতিত পৰ্যটকৰ হাৰ বৃদ্ধিত এক সুচল পৰিবহণ ব্যৱস্থাৰ বিশেষ ভূমিকা আছে। কামাখ্যা মন্দিৰৰ পৰা প্ৰায় ১৬-১৭ কিলোমিটাৰ দূৰত্বত লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰ অৱস্থিত। সেয়ে দৰ্শনাৰ্থীৰ বাবে বিমান সেৱা যথেষ্ট সুবিধাজনক যদিও সকলো শ্ৰেণীৰ লোকৰ বাবে এই সেৱাৰ ব্যয় বহন কৰাটো সম্ভৱ নহয়। তাৰ সলনি অম্বুবাচীৰ সময়ত ৰেলেৰে বহিঃৰাজ্যৰ বাবে পৰা অসংখ্য ভক্তৰ আগমণ ঘটে। বহিঃৰাজ্যৰ এই সকল ভক্তৰ বাবে ৰেল সেয়াই পছন্দৰ পৰিবহণ ব্যৱস্থা। দূৰণীবটিয়া ভ্ৰমণ ক্ষেত্ৰত ৰেলেৰে যাত্ৰা কৰাটো তুলনামূলকভাৱে কম খৰচী, গতিকে দূৰণীবটিয়া সাধু – সন্ন্যাসী তথা ভক্ত সকলে ৰেলেৰে অম্বুবাচী মেলাত উপস্থিত হয়। এই সময় ছোৱাত ৰেল সমূহত যাত্ৰীৰ ভিৰ অভাৱনীয়ভাৱে বৃদ্ধি পায়। যাত্ৰী ৰ ভিৰ অভাৱনীয় ভাৱে বৃদ্ধি পায়। যাত্ৰীৰ এনে ভিৰৰ প্ৰতি লক্ষ্য ৰাখিয়েই উত্তৰ – পূব সীমান্ত ৰেলৱে বিশেষ ব্যৱস্থা গ্ৰহণ কৰি আহিছে। ভক্ত সকলৰ সুবিধা হোৱাকৈ প্ৰতি বছৰে অম্বুবাচীৰ সময়ত বিশেষ ৰেল সেৱা প্ৰদান কৰা হয়। এই সকল ভক্তৰ সৰহ ভাগেই পশ্চিমবংগৰ। সেয়ে, তেওঁলোকৰ বাবে দুখন বিশেষ ৰেলৰ সুবিধা প্ৰদান কৰি অহা হৈছে। বিগত বৰ্ষত অম্বুবাচী মেলাৰ সময়ত কামাখ্যা – মালদা টাউন আৰু কামাখ্যা হাওবাৰ মাজত দুখন বিশেষ ৰেলৰ ব্যৱস্থা কৰা হৈছিল। প্ৰতি বছৰে উত্তৰ – পূব সীমান্ত ৰেলৱে ভক্ত সকলক এই সুবিধা প্ৰদান কৰি আহিছে। এই ক্ষেত্ৰত মন্দিৰৰ নিঅকটৱৰ্তী কামাখ্যা জংচনৰ গুৰুত্ব সৰ্বাধিক। মেলাৰ সময়ত জংচনটোত অভাৱনীয় ভিৰ পৰিলক্ষিত হয়। যাত্ৰীৰ এনে ভিৰ নিয়ন্ত্ৰণ কৰিবলৈ ৰেল বিভাগে ২৪ ঘণ্টাই সক্ৰিয় হৈ থকা কণ্ট্ৰ’ল ৰুম স্থাপন কৰে। তদুপৰি, অতিৰিক্ত বুলিং কাউণ্টাৰো মুকলি  কৰা হয়। কেৱল পৰিবহণ সুবিধাই নহয়, উত্তৰ – পূৱ সীমান্ত ৰেলৱে ভক্ত সকলক আশ্ৰয়ৰো ব্যৱস্থা প্ৰদান কৰি আহিছে। অম্বুবাচীৰ সময়ত কামাখ্যা ষ্টেচনত অস্থায়ী কেম্প স্থাপন কৰা হয়। এই সা – সুবিধাসমূহ সূচাৰুৰুপে প্ৰদান কৰিবলৈ আৰ পি এফ আৰু অন্যান্য বিভাগৰ কৰ্মচাৰীৰ লগতে ৰেলৱেৰ যথেষ্ট সংখ্যক স্কাউট – গাইড নিয়োগ কৰা হয়।

অম্বুবাচী মেলাৰ সময়ত পৰিবহণৰ ক্ষেত্ৰত গুৰুত্ব পূৰ্ণ ভূমিকা পালন কৰে অসম ৰাজ্যিক পৰিবহণ নিগমে। বছৰটোৰ আন সময়ত কামাখ্যা মন্দিৰলৈ পৰিবহণ নিগমৰ বাছ চলাচল কৰে। জজ ফিল্ডৰ সমীপৰ কাছাৰী ষ্টপেজৰ পৰা মন্দিৰলৈ প্ৰতিদিনে ৰাতিপুৱা ৬ বজাৰ পৰা সন্ধিয়া ৮ বজালৈ নিগমৰ চিটীবাছ সেৱা অব্যাহত থাকে। অম্বুবাচী মেলাৰ সময়ত পৰিবহণ নিগমৰ বাছ সেৱাৰ সক্ৰিয়তা অধিক বৃদ্ধি পায়। এই সময়ত মহানগৰীৰ বিভিন্ন স্থানত স্থাপন কৰা শিবিৰ সমূহৰ পৰা ভক্ত কঢ়িয়াবলৈ এশৰো অধিক বাছ ব্যৱহাৰ কৰা হৈছিল। আনহাতে, অম্বুবাচী মেলাত দৰ্শনাৰ্থীৰ এনে ভিৰৰ মাজত পৰিবহণৰ ক্ষেত্ৰত সকাহ প্ৰদান কৰি আহিছে ট্ৰেকাৰ সমূহে। বছৰৰ বিভিন্ন সময়ত ট্ৰেকাৰ সমূহে গুৱাহাটীৰ কেইবাটাও স্থানৰ পৰা কামাখ্যা মন্দিৰলৈ পোনপটীয়াকৈ যাত্ৰী কঢ়িয়াই আহিছে। শেহতীয়াকৈ ভুমুকি মৰা বিভিন্ন কোম্পানীৰ কেব সমূহৰ ভূমিকাও উল্লেখযোগ্য। অৱশ্যে এই বৰ্ষত মন্দিৰৰ পৰা ৩.৫ কিলোমিটাৰ নিলগলৈকে যান – বাহনৰ প্ৰৱেশ নিষিদ্ধ কৰা হৈছে। এই পথছোৱা দৰ্শনাৰ্থীয়ে খোজ কাঢ়িব লাগিব।

পূৰ্বাঞ্চলৰ এক বৃহৎ ধৰ্মীয় সমাবেশ হিচাপে পৰিগণিত হোৱা কামাখ্যাৰ এই অম্বুবাচী মেলাৰ বাবে চৰকাৰী – বেচৰকাৰী বিভিন্ন পৰিবহণ সেৱা উপলদ্ধ যদিও সেয়া সঠিক ভাৱে গ্ৰহণ কৰাটো যাত্ৰী তথা দৰ্শনাৰ্থী সকলৰ কৰ্তব্য। এই পৰিবহণ সেৱা সমূহ উপভোগ কৰাৰ লগতে শৃংখলাবদ্ধতা আৰু পৰিষ্কাৰ – পৰিচ্ছন্নতাৰ ক্ষেত্ৰতো যাত্ৰী সকলে গুৰুত্ব দিয়া উচিত। উত্তৰ – পূব সীমান্ত ৰেলৱে যাত্ৰীক আশ্ৰয় শিবিৰৰ ব্যৱস্থা প্ৰদান কৰি আহিছে যদিও ভক্ত সকলেও ষ্টেচনৰ পৰিষ্কাৰ – পৰিচ্ছনতা ৰক্ষা কৰাৰ গুৰুত্ব দিয়াটো দায়িত্ব। বিশেষকৈ শৌচালয়, স্নানাগাৰ তথা পানীৰ ব্যৱহাৰৰ ক্ষেত্ৰত ভক্ত সকলে দায়বদ্ধতাৰ পৰিচয় দিয়া উচিত।

লেখক : ৰিংকুমণি পাঠক।

উৎস : দেওবৰীয়া বাঁহী।

 

 

 

 

2.93333333333
তৰাসমূহৰ ওপৰত ক্লীক কৰি মান প্ৰদান কৰক।
বিজিত শৰ্মা Dec 21, 2018 07:28 AM

বৰ সুন্দৰ ৱেবচাইট । অপূৰ্ব কাম কৰা হৈছে । ইয়াৰ লগত জড়িত সকলোকে বহুত বহুত ধন্যবাদ ।

আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top