মূল পৃষ্ঠা / শিক্ষা / অসমৰ সংস্কৃতি / অসম পৰ্যটন এক সম্ভাৱনাময় ক্ষেত্ৰ:
অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

অসম পৰ্যটন এক সম্ভাৱনাময় ক্ষেত্ৰ:

অসম পৰ্যটনৰ বিষয়ে লিখা হৈছে

অসম পৰ্যটন-

 

প্ৰকৃতিৰ অপূৰ্ব নান্দনিক শোভা, জনগোষ্ঠীগত বৈশিষ্ট্য আৰু বিভিন্ন জীৱ-জন্তুৰ কাৰণে উত্তৰ-পূৰ্বাঞ্চল বিশ্বৰ যিকোনো ঠাইৰ পৰ্যটনৰ বাবে বিশেষভাৱে আকৰ্ষণীয় ৰম্যভূমি হিচাপে পৰিগণিত হ’ব পাৰে। পৰ্যটন উদ্যোগৰ প্ৰচুৰ সম্ভাৱনাৰ প্ৰতি লক্ষ্য কৰি পৰ্যটনৰ ক্ষেত্ৰখন অধিক প্ৰসাৰিত কৰাৰ বাবে পৰ্যটন থলী গঢ়ি তোলা তথা উন্নয়ন সাধন অতীৱ প্ৰয়োজন। অসমৰ অৰ্থনীতিৰ জ্বলন্ত সমস্যাৰাজিৰ অন্যতম নিবনু৭ৱা সমস্যাটো সমাধানৰ উপযুক্ত সম্ভাৱনাময় ক্ষেত্ৰ হোৱাৰ পৰিপেক্ষিতত বন্যপ্ৰাণী পৰ্যটন, সাংস্কৃতিক পৰ্যটন আদি খণ্ডসমূহে নিবনুৱা যুৱক-যুৱতীসকলৰ প্ৰতি আশাৰ বতৰা কঢ়িয়াই আনিছে। এক শংকাবিহীন শান্তিময় অনুকূল পৰিৱেশত প্ৰাকৃতিক সৌন্দৰ্য, বৰ্ণাঢ্য কৃষ্টি-সংস্কৃতিৰ যাদুঘৰ অসমৰ আপুৰুগীয়া সম্পদসমূহক পৰ্যটকসকলৰ উপভোগৰ বাবে মুকলি কৰি দিব পাৰিলে পৰ্যটনে অনতিপলমে এক লাভজনক উদ্যোগ হিচাপে ঠন ধৰি উঠিব। থাইলেণ্ড, চুইজাৰলেণ্ড, ছিংগাপুৰ, ইটালী, মালয়েছিয়া, হংকং, কম্বোদিয়া, লাওচ আদি দেশবোৰে পৰ্যটন উদ্যোগৰ জৰিয়তে প্ৰচুৰ পৰিমাণে বৈদেশিক মুদ্ৰা উপাৰ্জন কৰি দেশৰ অৰ্থনীতি টনকিয়াল কৰি তুলিছে। অসম পৰ্যটনৰ এখন সম্ভাৱনাময় ক্ষেত্ৰ। বিশ্ববিখ্যাত এশিঙীয়া গঁড়ৰ বাসস্থান কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান, মহাবাহু ব্ৰহ্মপুত্ৰ, বৃহৎ নদীদ্বীপ মাজুলী, শিৱসাগৰৰ ছশ বছৰীয়া আহোম ৰাজত্বৰ কীৰ্তিস্তম্ভ, উমানন্দ, পক্ষী অভয়াৰণ্য দীপৰ বিল, প্ৰাচ্যৰ মানচেষ্টাৰ ৰূপে খ্যাত শুৱালকুছিৰ বস্ত্ৰ উদ্যোগ, ব্যাঘ্ৰ প্ৰকল্পৰ বাবে বিখ্যাত মানাহ ৰাষ্ট্ৰীয় উদ্যান, শাৰী শাৰী চাহগছ, পক্ষীৰ আত্মহত্যাৰ ৰহস্যৰে ৰহস্যাবৃত জাতিংগা, সোণালী বান্দৰৰ বাবে বিখ্যাত কাকৈজান বনাঞ্চল, গোৱালপাৰাৰ শ্ৰীসূৰ্য পাহাৰ, শদিয়াৰ কেঁচাইখাতী মন্দিৰ, ব্ৰহ্মপুত্ৰৰ মাজত বীৰ লাচিত বৰফুকনৰ প্ৰতিমূৰ্তি ইত্যাদি অসম পৰ্যটনৰ সমলবোৰ দেশী-বিদেশী পৰ্যটকৰ আকৰ্ষণৰ কেন্দ্ৰবিন্দু। প্ৰকৃতিদত্ত সমলবোৰেৰে চহকী অসমক পৰ্যটকসকলৰ ভূ-স্বৰ্গ বুলি ক’লেও বঢ়াই কোৱা নহয়। চৰকাৰৰ আশাসুধীয়া নিৰলস প্ৰচেষ্টাত অসমে ক্ৰমে বিশ্ব পৰ্যটনৰ মানচিত্ৰত এখন সুকীয়া আসন অধিকাৰ কৰাৰ পথত আগবাঢ়িছে।

আধুনিক জগতৰ যান্ত্ৰিক নগৰ সভ্যতাই মানুহৰ অন্তৰৰ গভীৰত সুপ্ত হৈ থকা প্ৰকৃতিৰ মনোৰমা সৌন্দৰ্য সুষমা পান কৰাৰ নান্দনিক পিয়াহক আজিও নি:শেষ কৰিব পৰা নাই। মানুহে সদায় নেদেখা বস্তু চোৱাৰ আৰু নজনা কথা জনাৰ চিৰন্তন উৎসুক্যৰ বাবে সভ্যতাই বিকাশৰ চূড়ান্ত পৰ্যায়ত উপনীত হৈছে। আজিৰ যুগত পৰ্যটনৰ উন্নয়নে এখন দেশ বা ৰাজ্যৰ আৰ্থ-সামাজিক, ৰাজনৈতিক, সাংস্কৃতিক দিশৰ বিকাশত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। এইখিনিতে উল্লেখ কৰিব পাৰি যে পৰ্যটনৰ বিকাশৰ লগত জড়িত ব্যক্তিসকলৰ সৌন্দৰ্য জ্ঞান, কল্পনাশক্তি, ঐতিহ্য-পৰম্পৰাৰ প্ৰতি শ্ৰদ্ধা আৰু স্থপতি জ্ঞানৰ লগতে ৰাজ্যখনৰ সম্যক ভৌগোলিক, ঐতিহাসিক তথা সাংস্কৃতিক জ্ঞান থকাটো নিতান্ত দৰকাৰ। প্ৰকৃতিৰ অমলিন নৈসৰ্গিক শোভাই সুদূৰ অতীজৰে পৰা মানুহক আকৰ্ষণ কৰি আহিছে। ৰাজ্যখনৰ পৰম্পৰাগত স্বকীয় বৈশিষ্টখিনি ৰক্ষা কৰি তাৰ জৰিয়তে পৰ্যটনৰ বিকাশৰ এক বলিষ্ঠ ভূমিকা ল’লে অসমত পৰ্যটন উদ্যোগে দেশৰ ভিতৰতে এক শক্তিশালী উদ্যোগৰূপে আত্মপ্ৰকাশ কৰিবলৈ সক্ষম হ’ব। অসমত এই খণ্ডটোৰ প্ৰচুৰ সম্ভাৱনীয়তাৰ পৰিপ্ৰেক্ষিতত বিশ্বৰ উন্নত দেশসমূহৰ দৰে পৰ্যটনেই হ’ব পাৰে আমাৰ ঔদ্যোগীকৰণৰ মূল আধাৰ। উন্নত যোগাযোগ, বন্ধুত্বসুলভ তথা স্বাস্থ্যসন্মত নিৰাপদ পৰিৱেশৰ লগতে প্ৰদূষণমুক্ত বাতাবৰণ, থকা-খোৱাৰ আৰামদায়ক হোটেল বা পৰ্যটন নিবাস আদিয়ে পৰ্যটন খণ্ডৰ বিকাশত যোগাত্মক অৰিহণা যোগায়। এলানি অভিলাষী আৰু উদ্ভাৱনীমূলক আঁচনিৰে পৰ্যটকে সততে সন্মুখীন হোৱা নিৰাপত্তাৰ অভাৱ, থকা-খোৱাৰ অসুবিধা, যাতায়তৰ আহুকাল আদি পৰ্যটন বিকাশৰ অন্তৰায়বোৰ দূৰ কৰাৰ অভিপ্ৰায়েৰে অসমৰ পৰ্যটন মন্ত্ৰী ড: হিমন্ত বিশ্ব শৰ্মাৰ গতিশীল উদ্যোগত ৰাজ্য চৰকাৰে শেহতীয়াভাৱে পৰ্যটনৰ আন্ত:গাঁথনিত যথেষ্ট গুৰুত্ব প্ৰদান কৰা পৰিলক্ষিত হৈছে।

বিগত বৰ্ষৰ ২৪ মে’ত শপত গ্ৰহণ কৰা বিজেপি মিত্ৰজোঁটৰ নতুন চৰকাৰখনে বাজেট ভাষণত ঘোষণা কৰা আঁচনিবোৰ এনেধৰণৰ-

 

১)পুৰী-বৃন্দাবন-আজমীৰ দৰগাহ শ্বৰীফৰ দৰে গুৰুত্বপূৰ্ণ ধৰ্মীয় স্থানসমূহলৈ আমাৰ ৰাজ্যৰ পৰা ১৫,০০০ তীৰ্থযাত্ৰী পঠোৱাৰ ব্যৱস্থা।

২)বৰ্তমান থকা প্ৰশান্তি পৰ্যটন নিবাসৰ মান উন্নত কৰাৰ বাবে পদক্ষেপ গ্ৰহণ।

৩)গ্ৰামীণ আন্ত:গাঁথনি উন্নয়ন পুঁজিৰ অধীনত মাজুলীত এখন তিনি তাৰকাযুক্ত ৰিজ’ৰ্ট/হোটেল স্থাপনৰ পদক্ষেপ।

৪)ডিব্ৰুগড়ত এটা চাহ সংগ্ৰহালয় স্থাপনৰ পদক্ষেপ গ্ৰহণ।

৫)ইণ্ডিয়ান ৰে’লৱে কেটাৰিং এণ্ড টুৰিজিম কৰপ’ৰেচনৰ যুটীয়া প্ৰচেষ্টাত ‘কামাখ্যা ৰে’লৱে ষ্টেচনৰ পৰা কামাখ্যা মন্দিৰলৈ ৰজ্জু পথ(Rope Way) নিৰ্মাণ।

৬)পৰ্যটকক ঘৰত ৰখা সুবিধাক উদগনি দিয়াৰ বাবে ‘আমাৰ আলহী’ নামৰ এখন বিশেষ আঁচনি।

৭)মানাহ, পবিতৰা, কাজিৰঙা, ডিব্ৰু-ছৈখোৱা, পানী দিহিং আৰু নামেৰীত ইতিমধ্যে পৰ্যটন আন্ত:গাঁথনি উন্নয়নৰ বাবে এই বছৰৰ পৰা ব্যৱস্থা গ্ৰহণ কৰা হৈছে। তদুপৰি নতুন বিত্তীয় বৰ্ষত শোণিতপুৰ, মাজুলী আৰু শিৱসাগৰ জিলাৰ তিনিটা ঐতিহ্য ক্ষেত্ৰত পৰ্যটন অন্ত:গাঁথনি উন্নয়নৰ বাবে পদক্ষেপ গ্ৰহণ।

৮)ৰাজ্যখনৰ চহকী সংস্কৃতি আৰু ঐতিহ্যক তুলি ধৰাৰ বাবে চৰাইদেউৰ ৰজা মৈদামৰ সমীপত চৰাইদেউ সাংস্কৃতিক আৰু শৈক্ষিক প্ৰকল্প নামেৰে সাংস্কৃতিক আৰু শৈক্ষিক গৱেষণাৰ বাবে অধ্যয়ন কেন্দ্ৰ স্থাপন কৰাৰ বাবে ব্যৱস্থা গ্ৰহণ।

কামাখ্যা আৰু ইয়াৰ সমীপৱৰ্তী অঞ্চলৰ আন্ত:গাঁথনি সম্পূৰ্ণৰূপে উন্নীতকৰণৰ বাবে চৰকাৰে ‘প্ৰসাদ’ আঁচনিখন ৰূপায়ণ কৰিছে। ‘স্বদেশ দৰ্শন’ আঁচনি ৰূপায়ণৰ বাবে ৰূপায়ণকাৰী প্ৰতিষ্ঠানক ১৯১৩ লাখ টকা ইতিমধ্যে মুকলি কৰি দিছে। পৰ্যটন নীতিৰ খচৰা ৰাইজ আৰু অন্যান্য অংশীদাৰসকলৰ আলোচনাৰ বাবে আগবঢ়াই দিয়াৰ লগতে ৰাজ্যৰ চলচ্চিত্ৰ পৰ্যটনক উৎসাহিত কৰাৰ বাবে এটা ‘এখন খিৰিকী’ৰে সমাধানৰ ব্যৱস্থা কৰিছে। মাজুলীক পৰ্যটনৰ মুখ্য কেন্দ্ৰ হিচাপে গঢ়ি তোলাৰ বাবে এখন মাষ্টাৰ প্লেন আৰু বিপণন কৌশল প্ৰস্তুত কৰাৰ উপৰি গ’লফ পৰ্যটনৰ প্ৰসাৰৰ বাবেও পদক্ষেপ গ্ৰহণ কৰিছে। পৰ্যটনস্থলীসমূহৰ সৈতে জড়িত ১৫০ গৰাকী টুৰিষ্ট গাইডক প্ৰশিক্ষিত কৰি তুলিছে। নগাওঁ জিলাৰ চামগুৰিস্থিত ফুড ক্ৰাফট ইনষ্টিটিউটত ছাত্ৰ-ছাত্ৰীসকলক ফ্ৰন্ট ডেক্স মেনেজমেন্ট, বেকাৰী কনফেকশ্বনাৰী, হাউছ কিপিং আদি ক্ষেত্ৰত দক্ষতা বিকাশৰ বাবে প্ৰশিক্ষণ দিয়াৰ ব্যৱস্থা থাকিব। আজি সমগ্ৰ বিশ্বতে বৃহত্তম উদ্যোগ হিচাপে পৰিগণিত হোৱা পৰ্যটন হৈছে বিশ্বৰ বহুকেইখন ৰাষ্ট্ৰৰ ৰাজহ সংগ্ৰহৰ এক প্ৰধান উৎস। ঐতিহাসিক কালৰে পৰা অসমখন স্থাপত্য কলা, ভাস্কৰ্য তথা প্ৰত্নতত্ত্বৰ ভঁৰাল হিচাপে পৰিচিত। সপ্তম শতিকাৰ চীনা পৰিব্ৰাজক হিউ-য়েন-চাঙৰ দিনৰে পৰা অগণন দেশী-বিদেশী পৰ্যটক অসমলৈ আহি ইয়াৰ বিতোপন নৈসৰ্গিক শোভাত মুগ্ধ হৈছে। পৰ্বত-পাহাৰ, নদ-নদী, অটব্য অৰণ্যৰে ভৰপূৰ অসমত দু:সাহসিক পৰ্যটনৰো যথেষত সম্ভৱনা আছে। উত্তৰ-পূৰ্বাঞ্চলৰ দুৱাৰমুখ গুৱাহাটীৰ কেইটামান আকৰ্ষণীয় পৰ্যটন স্থান হ’ল- নীলাচল পাহাৰত থকা কামাখ্যা মন্দিৰ, অসম ৰাজ্যিক চিৰিয়াখানা, ব্ৰহ্মপুত্ৰৰ বুকুত পৃথিৱীৰ আটাইতকৈ ক্ষুদ্ৰতম দ্বীপ উমানন্দত থকা উমানন্দ মন্দিৰ, ৰাজ্যিক সংগ্ৰহালয়, দীঘলী পুখুৰী, তাৰকাগৃহ, তিৰুপতি বালাজী মন্দিৰ, নেহেৰু পাৰ্ক, শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰ, নৱগ্ৰহ মন্দিৰ, খানাপাৰাৰ বিজ্ঞান গৱেষণাগাৰ ইত্যাদি। প্ৰাচ্যৰ মানচেষ্টাৰ ৰূপে প্ৰখ্যাত শুৱালকুছিৰ মুগা কাপোৰে সমগ্ৰ বিশ্বতে সমাদৰ বুটলিবলৈ সক্ষম হৈছে। ছশ বছৰীয়া আহোম ৰাজত্বৰ অলেখ কীৰ্তিচিহ্ন বুকুত লৈ উজনিৰ চহৰ শিৱসাগৰ অতীজৰে পৰা পৰ্যটকৰ আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ আহিছে। তেজপুৰৰ বিখ্যাত অগ্নিগড় আৰু ঊষা-চিত্ৰলেখাৰ উদ্যানে বুৰঞ্জীৰ কথাকে যেন কৈ আছে। আন্তৰ্জাতিক ক্ষেত্ৰত চলোৱা প্ৰচাৰৰ বাবে পৃথিৱীৰ বিভিন্ন প্ৰাপ্তৰ মানুহে পৰ্যটকৰ ভূ-স্বৰ্গস্বৰূপ অসমৰ বিষয়ে জানিবলৈ আগ্ৰহ প্ৰকাশ কৰিছে। ক্ষমতালৈ আহিয়ে বৰ্তমানৰ ৰাজ্য চৰকাৰখনে প্ৰচুৰ সম্ভাৱনাপূৰ্ণ উদ্যোগ পৰ্যটন খণ্ডটোৰ প্ৰসাৰ আৰু বিকাশ ত্বৰান্বিত কৰাৰ অৰ্থে আন্ত:গাঁথনি উন্নয়নত সৰ্বাধিক গুৰুত্ব আৰোপ কৰিছে। এই ক্ষেত্ৰত অধিক ৰাজহ সৃষ্টিৰ প্ৰতি লক্ষ্য ৰাখি ব্যক্তিগত খণ্ডক উৎসাহিত কৰিছে। চৰকাৰে হাতত লোৱা বিভিন্ন পদক্ষেপৰ ফলস্বৰূপে বিগত কালত ৰাজ্যখনলৈ অহা পৰ্যটকৰ সংখ্যা উৎসাহজনকভাৱে বৃদ্ধি পাইছে। উদাহৰণস্বৰূপে বিগত বৰ্ষসমূহত ঘৰুৱা পৰ্যটকৰ সংখ্যা উৎসাহজনকভাৱে বৃদ্ধি পাইছে। উদাহৰণস্বৰূপে বিগত বৰ্ষসমূহত ঘৰুৱা পৰ্যটকৰ সংখ্যা ৪৪,৪৪,৩৯৩ গৰাকীৰ পৰা ৫৬,৪২,৯৫০ গৰাকীলৈ আৰু বিদেশী পৰ্যটকৰ সংখ্যা ১৯,০৮৬ গৰাকীৰ পৰা ২৬,৩২০ গৰাকীলৈ বৃদ্ধি পাইছে। ধৰ্মীয় পৰ্যটনৰ প্ৰসাৰৰ বাবে পৰ্যটন বিভাগৰ সহায়ত ২০১৬-১৭ বিত্তীয় বৰ্ষত ব্যাপকভাৱে অম্বুবাচী মেলাৰ আয়োজন কৰাৰ লগতে পশ্চিমবংগৰ কোচবিহাৰৰ মধুপুৰত ‘শ্ৰীমন্ত শংকৰদেৱ মধুপুৰ উৎসৱ’ আয়োজন কৰিছিল। আন্তৰ্জাতিক প্ৰেক্ষাপটত অসমৰ চহকী সাংস্কৃতিক পৰম্পৰা আৰু পৰ্যটকৰ বাবে আকৰ্ষণীয় স্থানসমূহৰ বিষয়ে ব্যাপক প্ৰচাৰৰ উদ্দেশ্যে চৰকাৰে যশস্বী চলচ্চিত্ৰ অভিনেত্ৰী প্ৰিয়ংকা চোপ্ৰাক অসম পৰ্যটনৰ ‘ব্ৰেণ্ড এম্বেছাদৰ’ হিচাপে নিয়োগ কৰি অসমক ৰাষ্ট্ৰীয় আৰু আন্ত:ৰাষ্ট্ৰীয় পৰ্যটন মানচিত্ৰলৈ লৈ যোৱাৰ প্ৰয়াস কৰাৰ উপৰি ব্যাপক প্ৰচাৰৰ জৰিয়তে ৰাজ্যখনৰ পৰিচিত দাঙি ধৰাৰ বাবে এগৰাকী পৰামৰ্শ দাতাও নিয়োগ কৰিছে।

পৰ্যটন এনে এটা উদ্যোগ যিটো উদ্যোগত উচ্চ প্ৰযুক্তিগত জ্ঞানৰ লগতে প্ৰচুৰ মূলধনৰ প্ৰয়োজন নাই। পৰ্যটনে দেশ এখনৰ অৰ্থনীতি অতি কম সময়ৰ ভিতৰতে সলনি কৰি দিব পাৰে। চৰকাৰী তথা ব্যক্তিগত খণ্ডৰ যৌথ উদ্যোগে ৰাজ্যৰ পৰ্যটন উদ্যোগক এক নতুন মাত্ৰা দিব বুলি আশা কৰা হৈছে। পৰ্যটন উদ্যোগৰ বিকাশে ৰাজ্যখনৰ যুৱক-যুৱতীসকলৰ বাবে নিয়োগ তথা আত্মসংস্থাপনৰ প্ৰচুৰ সুবিধা মুকলি কৰি অৰ্থনীতিৰ ভেটি টনকিয়াল কৰি তুলিব। আমাৰ ৰাজ্যখনৰ জনপ্ৰিয় পৰ্যটন থলী হিচাপে বিশ্বৰ দৰবাৰত চিহ্নিত কৰাৰ বাবে চৰকাৰকে ধৰি সকলো পক্ষই পৰিকল্পিতভাৱে ব্যৱস্থা গ্ৰহণৰ প্ৰয়োজনীয়তা আহি পৰিছে। এই খণ্ডটোৱে অসমৰ নিবনুৱা সমস্যা সমাধানৰ ক্ষেত্ৰটো প্ৰভূত অৰিহণা যোগাব পাৰে। স্বদেশ আৰু বিদেশত অসমৰ এটি সুকীয়া পৰিচয় আৰু উজ্জ্বল ভাবমূৰ্তি গঢ়ি তুলিব পাৰিলে ৰাজ্যখনলৈ পৰ্যটকৰ সোঁত বোৱাৰ লগতে আৰ্থিকভাৱে লাভৱাম্বিত হ’ব। সমগ্ৰ বিশ্বতে অসম অতিথিপৰায়ণতাৰ বাবে জনাজাত। স্থানীয় আতিথ্যআদৰ আৰু পৰম্পৰাগত খাদ্য-সম্ভাৰেৰে পৰ্যটকসকলক আপ্যায়িত কৰি চাব লাগিব যাতে পৰ্যটকসকলৰ কাৰণে ভৱিষ্যতলৈ অসমত থকা সময়ছোৱা মিঠা স্মৃতি আৰু অমলিন অনুভূতিৰ উৎস হৈ ৰয়।

 

উৎস:ৰাইজৰ বাতৰি, অসম চৰকাৰ তথ্য আৰু জনসংযোগ বিভাগ
3.04444444444
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top