মূল পৃষ্ঠা / শিক্ষা / অসমৰ সংস্কৃতি / অসমত শক্তি সাধনাৰ (শাক্ত ধৰ্মৰ) ঐতিহ্য আৰু পৰম্পৰা
অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

অসমত শক্তি সাধনাৰ (শাক্ত ধৰ্মৰ) ঐতিহ্য আৰু পৰম্পৰা

পুণ্য ভূমি ভাৰতবৰ্ষৰ উত্তৰ-পূবৰ এটি সুবিস্তীৰ্ণ অঞ্চল যাক অতি প্ৰাচীন কালৰে পৰা প্ৰাগজ্যোতিষপুৰ আৰু কামৰূপ নামেৰে জনা যায়

পুণ্য ভূমি ভাৰতবৰ্ষৰ উত্তৰ-পূবৰ এটি সুবিস্তীৰ্ণ অঞ্চল যাক অতি প্ৰাচীন কালৰে পৰা প্ৰাগজ্যোতিষপুৰ আৰু কামৰূপ নামেৰে জনা যায়, সেই পুণ্য ভূমি কামৰূপ প্ৰাচীন কালৰ পৰাই শক্তি সাধনাৰ উপযুক্ত স্থান হিচাপে পৰিগণিত হৈ আহিছে৷ মহানিৰ্ব্বাণ-তন্ত্ৰ, যোগিনী-তন্ত্ৰ আদি বিখ্যাত তন্ত্ৰ শাস্ত্ৰত ভাৰতবৰ্ষৰ চাৰিখন শক্তি-পীঠ — পূৰ্ণগিৰি, উজ্জীয়ান, জলন্ধৰ আৰু কামৰূপৰ ভিতৰত কামৰূপ পীঠক শ্ৰেষ্ঠ মহাপীঠ বুলি কৈছে৷

শক্তি পূজা বা শাক্ত-ধৰ্মৰ উৎপত্তি

মানুহে আদিতে প্ৰকৃতি-পূজা অৰ্থাৎ প্ৰকৃতিৰ অংশীদাৰ স্বৰূপ কিছুমান শক্তিক যেনে সূৰ্য্য, বায়ু, বৰুণ, অগ্নি, ইন্দ্ৰ, পৰ্বত-পাহাৰ, গছ-গছনি, নদ-নদী আদি বিশ্বাস অনুযায়ী পূজা কৰিছিল৷ শ-শ বছৰ অতিক্ৰম কৰাৰ পাছত প্ৰাচীন ভাৰতবাসীৰ ভৌগলিক স্থিতি, প্ৰাকৃতিক পৰিবেশ, ধৰ্মীয় বিশ্বাস, সাংস্কৃতিক ৰীতি অনুযায়ী জনগোষ্ঠীসমূহৰ উপাস্য দেৱ-দেৱী নিৰ্দিষ্ট হৈ পৰে৷ অসমতো এনে এক প্ৰক্ৰিয়াৰ ফলত সৃষ্টি হৈছিল শক্তি পূজা বা শাক্ত-ধৰ্মৰ৷ শাক্ত-ধৰ্মৰ মূল উপাস্য হৈছে শক্তিৰ অধিষ্ঠাত্ৰী দেৱী৷ এই দেৱীৰ বিভিন্ন ৰূপ বা নাম আমি পাওঁ৷ যেনে ভগৱতী, চণ্ডী, কাত্যায়নী, উমা, পাৰ্বতী, মহিষা মৰ্দিনী, কামাখ্যা, ভৈৰৱী, চামুণ্ডা, কালী, গৌৰী, তাৰা, চণ্ডিকা, মহা-মায়া, দশভূজা, ষোড়শভূজা, লক্ষ্মী, সৰস্বতী আদি। পৰমাশক্তিক মাতৃ ৰূপৰ মাজেৰে উপলব্ধি কৰাটোৱেই শক্তিবাদৰ প্ৰধান কথা৷

প্ৰাগজ্যোতিষপুৰৰ ৰজা নৰকেই শক্তি সাধনাৰ প্ৰথম সেৱক

প্ৰাগজ্যোতিষপুৰৰ ৰজা নৰকেই যে শক্তি সাধনাৰ প্ৰথম সেৱক আৰু প্ৰাগজ্যোতিষপুৰৰ দেৱী পূজাৰ প্ৰথম প্ৰচলন কৰিছিল তাৰ প্ৰমান পুৰাণ শাস্ত্ৰত পাওঁ৷ কালিকা পুৰাণত বৰ্ণনা কৰা মতে নৰকৰ জন্ম হয় বিষ্ণুৰ ঔৰসত, বসুমতীৰ গৰ্ভত৷ সেই বাবে বিষ্ণুৱে নৰকক প্ৰাগজ্যোতিষপুৰৰ ৰজা পাতে আৰু এই বিশাল ৰাজ্য শাসন কৰিবলৈ দিয়ে৷ লগতে বিষ্ণুৱে পুত্ৰক নিৰ্দেশ দিয়ে যে –

“তুমি সদায় কামৰূপৰ এই নীলাচল পৰ্বততে বাস কৰিবা, কামাখ্যাৰ বাহিৰে আন দেৱতাৰ পূজা নকৰিবা আৰু ইয়াৰ ব্যতিক্ৰম কৰিলে তোমাৰ প্ৰাণ নাশ হ’ব“৷

ফলত নৰকাসুৰ শক্তিৰ উপাসক হৈ পৰে আৰু তেওঁৰ দ্বাৰাই অসমত শাক্ত ধৰ্মৰ উত্থান ঘটে৷

ভগদত্ত, ব্ৰজদত্তৰ দিনত শাক্ত ধৰ্ম

নৰকৰ পাছত তেওঁৰ পুত্ৰ ভগদত্ত, নাতি ব্ৰজদত্তৰ দিনত শাক্ত ধৰ্মৰ সুঁতি আপেক্ষিক ভাৱে দুৰ্বল হৈ আহে যদিও এই সুতি একেবাৰে শুকাই যোৱা নাই৷ দুৰ্বল ভাৱে হলেও ভাস্কৰবৰ্মাৰ দিনলৈকে ই বৈ আছিল৷ প্ৰায় ৩৮০ খ্ৰীষ্টাব্দ মানৰ ৬৫০ খ্ৰীষ্টাব্দ মানলৈ ভগদত্তৰ পৰা আৰম্ভ কৰি যি সকল ৰজাই কামৰূপ শাসন কৰিছিল তেওঁলোক শাক্ত সাধনাতকৈ শৈৱ ধৰ্মৰ প্ৰতি বেছি আসক্ত আছিল৷ ইয়াৰ প্ৰমান আমি ডুবি নিধানপুৰ তাম্ৰশাসন ফলিত পাওঁ৷ যাৰ বাবে এই সময়চোৱাত শাক্ত ধৰ্মৰ সুতি আপেক্ষিক ভাৱে দুৰ্বল হৈ আহিছিল৷

৬৫০ খ্ৰীষ্টাব্দৰ পৰা প্ৰায় ১০০০ খ্ৰীষ্টাব্দলৈ

ভাস্কৰ-বৰ্মাৰ পাছত ৬৫০ খ্ৰীষ্টাব্দৰ পৰা প্ৰায় ১০০০ খ্ৰীষ্টাব্দলৈ যথাক্ৰমে শালস্তম্ভ আৰু প্ৰালম্ভ এই দুই ৰাজবংশই কামৰূপত ৰাজত্ব কৰে৷ ডo সুনীতিকুমাৰ চেটাৰ্জীৰ মতে প্ৰালম্ভ ৰাজবংশৰ ৰজাসকল শৈৱ আছিল৷ যদিওঁ তেওঁলোক শৈৱ আছিল, প্ৰালম্ভ বংশোদ্ভৱ ৰজা বনমাল বৰ্মনৰ ( ৮৩৫-৮৬০ খ্ৰীষ্টাব্দ) তাম্ৰশাসন ফলিত “কামেশ্বৰ মহাগৌৰী“ যুগল উপাসনাৰ কথা উল্লেখ থকাৰ পৰা বুজা যায় যে সেই সময়ত শিৱ-পাৰ্বতীৰ যুগল উপাসনাৰ পদ্ধতি প্ৰৱৰ্তন আছিল৷ তদুপৰি সপ্তম শতিকাৰ পৰা দ্বাদশ শতিকাৰ ভিতৰত খোদিত কৰা বুলি অনুমান কৰা দুৰ্গাৰ কেইবাটাও মূৰ্তি আৰু বিভিন্ন দেৱীৰ মূৰ্তি পোৱা গৈছে৷ এই মূৰ্তিবোৰে প্ৰমাণ কৰে যে এই সময়চোৱাত যদিও শৈৱ ধৰ্মই প্ৰাধান্য লাভ কৰিছিল তথাপিও শক্তি উপাসনা একেবাৰে দুৰ্বল হৈ যোৱা নাছিল৷

১০০০ খ্ৰীষ্টাব্দৰ পৰা ১১২৫ খ্ৰীষ্টাব্দলৈ

১০০০ খ্ৰীষ্টাব্দৰ পৰা ১১২৫ খ্ৰীষ্টাব্দলৈ পাল-বংশী ৰজা সকলে কামৰূপত ৰাজত্ব কৰিছিল৷ এওঁলোকৰ কোনো কোনো ৰজা শক্তিবাদৰ প্ৰতি অধিক আসক্ত আছিল৷ এই ৰজা সকলৰ ৰাজত্ব কালতেই শক্তিবাদৰ ঢৌ প্ৰৱল হয়৷

খ্ৰীষ্টিয় ত্ৰয়োদশ শতিকা

ভগদত্ত-ভাস্কৰবৰ্মাৰ দিনৰ বিশাল কামৰূপ খ্ৰীষ্টিয় ত্ৰয়োদশ শতিকা মানৰ পৰা ৰাজনৈতিক ক্ষমতা আৰু প্ৰতিদ্বন্দ্বিতাৰ আধাৰত কেইবাখনো সৰু সৰু ৰাজ্যত বিভক্ত হয়৷ বেলেগ বেলেগ জনগোষ্ঠীয়ে এই ৰাজ্যবোৰ শাসন কৰিবলৈ ধৰে৷ তেওঁলোকৰ ভিতৰত খেন বংশীয় ৰজাসকলে কমতা ৰাজ্য শাসন কৰিছিল৷ বুৰঞ্জীৰ বিভিন্ন তথ্যৰ পৰা তেওঁলোক শাক্ত ধৰ্মাৱলম্বী বুলি অনুমান কৰা হৈছে৷

চুতীয়া ৰজা আৰু সেই সম্প্ৰদায়ৰ লোকসকল

চুতীয়া ৰজা আৰু সেই সম্প্ৰদায়ৰ লোকসকল ঘোৰ শাক্ত আছিল৷ তেওঁলোকে “কেঁচাইখাঁতী“ ৰূপত কালীদেৱীক পূজা-উপাসনা কৰিছিল৷ তাম্ৰপত্ৰৰ মন্দিৰত অধিষ্ঠিতা কাৰণে কেচাঁইখাতী দেৱী পৰৱৰ্তী কালত তাম্ৰেশ্বৰী নামেৰে জনাজাত হৈছিল৷ কেচাঁইখাতী দেৱীৰ আগত পশু-বলিৰ উপৰিও নৰবলি পৰ্যন্ত দিয়া হৈছিল৷

কামৰূপৰ উত্তৰ-পূৱ সীমান্ত অঞ্চলত দিক্কৰ বাসিনীৰ ৰূপত দেৱীক উপাসনা কৰা হৈছে৷ কছাৰীসকলেও বহুকাল আগৰে পৰা কেচাঁইখাতী গোসাঁনীক বলি বিধানেৰে পূজা কৰি অহাৰ প্ৰমান কছাৰী বুৰঞ্জীত পোৱা যায়৷

আহোমৰ ৰাজত্ব

আহোমসকল টাইজাতিৰ আৰু বৌদ্ধধৰ্মীয় আছিল৷ আহোম ৰাজত্বৰ আৰম্ভণিৰ পৰা (১২২৮ খ্ৰী: ) অৰ্থাৎ চুকাফাৰ পৰা চুপিম্ফাৰ (১৪৯৭ খ্ৰী: ) ৰাজত্বৰ শেষলৈকে কোনো ৰজাই বা বিষয়াই হিন্দুধৰ্ম গ্ৰহণ কৰাৰ কথা বুৰঞ্জীয়ে নকয়৷ ব্যতিক্ৰম কেৱল চুডাংফা বা বামুণী কোঁৱৰ (১৩৯৭-১৪০৯খ্ৰী: )। চুহুংমুং বা দিহিঙ্গীয়া ৰজাই ১৪৯৭ খ্ৰী:ত প্ৰথম “স্বৰ্গনাৰায়ণ“ বুলি হিন্দু নাম গ্ৰহণ কৰি আহোমৰ ৰাজসিংহাসনত উঠে৷ তাৰ পিছৰে পৰাই প্ৰতিজন আহোম ৰজাই একোটা হিন্দু নাম গ্ৰহণ কৰে আৰু হিন্দু ধৰ্ম প্ৰচাৰৰ পৃষ্ঠপোষকতা কৰে৷ আহোম ৰজা প্ৰতাপসিংহই অসমত প্ৰথম দুৰ্গাদেৱীৰ মৃণ্ময় মূৰ্তিৰ নিৰ্মাণ কৰাই দুৰ্গাপূজাৰ প্ৰচলন কৰিছিল আৰু মূৰ্তিপূজাই ব্যাপকতা লাভ কৰিছিল৷ আহোম ৰজা শিৱসিংহ আৰু তেওঁৰ তিনিগৰাকী ৰাণীও ঘোৰ শাক্ত আছিল৷

এইদৰে আহোম ৰাজত্বৰ ৰজা প্ৰতাপসিংহৰ পৰা লক্ষ্মীসিংহলৈকে (১৬৯৭- ১৭৮০ খ্ৰী: ) প্ৰায় সকলোবোৰ আহোম ৰজাই হিন্দু প্ৰবৃত্তি সম্পন্ন আৰু বেছি ভাগেই শাক্তধৰ্মৰ প্ৰতি আসক্ত হৈ শাক্তগুৰুৰ ওচৰত শৰণ লৈছিল৷

জয়ন্তীয়া আৰু কোঁচ ৰজাসকল

বুৰঞ্জীৰ পাতৰ পৰা জনা যায় যে জয়ন্তীয়া ৰজাসকল আৰু কোঁচ ৰজাসকল শাক্তৰ উপাসক আছিল৷ কোঁচ ৰজা বিশ্বসিংহই কামাখ্যা মন্দিৰ নিৰ্মাণ কৰাই আৰু ইয়াৰ যথোচিত পূজা-সেৱাৰ ব্যৱস্থা কৰি দিছিল৷ আনহাতে তেওঁৰ পুত্ৰ নৰনাৰায়ণে কালাপাহাৰে ধ্বংস কৰি থৈ যোৱা কামাখ্যা মন্দিৰ পুনৰ নিৰ্মাণ কৰি উলিয়ায়৷

মধ্যযুগীয় অসমত শাক্তধৰ্ম প্ৰচলন

মধ্যযুগীয় অসমত শাক্তধৰ্ম প্ৰচলন থকাৰ প্ৰমাণ “গুৰুচৰিত“টো পোৱা যায়৷ মহাপুৰুষ শংকৰদেৱৰ শিক্ষাগুৰু মহেন্দ্ৰ কন্দলী শাক্ত আছিল৷ শংকৰদেৱৰ পত্নী কালিন্দী আইয়ে গণেশৰ মূৰ্তি পূজা কৰিছিল৷ শংকৰদেৱৰ ওচৰত শৰণ লোৱাৰ আগলৈকে মাধৱদেৱো বলি-বিধানেৰে কৰা শক্তি পূজাত একান্ত বিশ্বাসী আছিল৷
এই সকলোবোৰ তথ্যই ইঙ্গিত দিয়ে যে শংকৰদেৱে বৈষ্ণৱ ধৰ্ম প্ৰচাৰ কৰাৰ আগলৈকে অসমত শাক্তধৰ্ম প্ৰচলিত আছিল৷

অসমত শক্তি ধৰ্মৰ ইতিহাস আৰু পৰম্পৰা

অসমত শক্তি ধৰ্মৰ ইতিহাস আৰু পৰম্পৰা বিচাৰিবলৈ হলে আমি প্ৰধানকৈ তাম্ৰশাসন, প্ৰস্তৰ-লিপি, জনশ্ৰুতি, জন-সাহিত্য, বুৰঞ্জী আৰু সংস্কৃত আৰু অসমীয়া লিখিত সাহিত্যৰ পৃষ্ঠা লুটিয়াব লাগিব৷ কালিকা-পুৰাণ আৰু যোগিনী-তন্ত্ৰ এই দুখন সংস্কৃত গ্ৰন্থ শক্তিপূজা, শক্তি সাধন আৰু দাৰ্শনিক তত্ত্ব সমন্ধীয় নানা সম্বলেৰে পৰিপূৰ্ণ৷ দেৱী পূজাৰ বিস্তৃত আৰু সুশৃংখলিত বিধি কালিকা-পুৰাণত দিয়া আছে৷ তদুপৰি এই পুৰাণতে দেৱীৰ আকৃতি-প্ৰকৃতি বৰ্ণনা কৰি দশভূজা, চতুৰ্ভূজা, ষোড়শভূজা, ত্ৰিনয়না, সিংহবাহিনী আৰু মহিষাসুৰমৰ্দিনী আদি দুৰ্গাৰ বহল বিৱৰণ ডাঙি ধৰিছে৷ উগ্ৰতৰা, অন্নপূৰ্ণা, ত্ৰিপুৰাদেৱী আৰু কামেশ্বৰী আদি শক্তিৰ বহুত বিভাৱৰ ধ্যানৰ লগতে পূজা-বিধিৰো বহল বৰ্ণনা দিছে এই কালিকা পুৰাণতে৷ আনহাতে যোগিনীতন্ত্ৰত, কালিকা পুৰাণত নথকা কিছুমান নিগূঢ় শক্তি সাধন পদ্ধতি পোৱা যায়৷

তান্ত্ৰিক সংস্কৃতিৰ কেন্দ্ৰ হিচাপে ভাৰতৰ ভিতৰতে অদ্বিতীয় কামৰূপ পীঠ বিদেশৰ দৃষ্টিটো তন্ত্ৰ-মন্ত্ৰ আৰু ইন্দ্ৰজালৰ দেশ হিচাপে প্ৰাচীন কালৰে পৰা জনাজাত৷ প্ৰসিদ্ধ কামাখ্যা মন্দিৰক বুকুতলৈ মন্ত্ৰ-বিদ্যা, ইন্দ্ৰজাল, ভোজবাজী আৰু নানা গুপ্ত ৰহস্য সাধনৰ কাৰণে এই দেশ বিখ্যাত হৈ উঠিছিল৷ কামৰূপ শক্তি সাধন আৰু সিদ্ধি লাভৰ প্ৰশস্ত ক্ষেত্ৰ বুলি কালিকা পুৰাণ, যোগিনী তন্ত্ৰ, কুঞ্জিকা তন্ত্ৰ, দেৱী ভাগৱত আদি গ্ৰন্থ সমূহে নিৰ্দেশ কৰিছে৷ গতিকে এনে এখন পুণ্য স্থানত দীৰ্ঘকালীন ভাৱে আৰু ব্যাপকভাৱে শাক্ত ধৰ্ম চৰ্চিত হৈ থকাটো স্বাভাবিক৷

কালিকা পুৰাণ আৰু যোগিনী তন্ত্ৰই কৈছে-

“ দেৱীক্ষেত্ৰং কামৰূপং বিদ্যতেহন্যন তৎসমম,
অন্যত্ৰ বিৰলা দেৱী কামৰূপে গৃহে গৃহে৷”

অৰ্থাৎ কামৰূপৰ নিচিনা কোনো স্থান নাই যি ঠাই দেৱীৰ আবাসৰ কাৰণে উপযুক্ত৷ অন্য দেশত যি দুৰ্লভা সেই দেৱী কামৰূপৰ ঘৰে ঘৰে৷

লেখক:-জুনমনি কাকতি

উৎস:-সাহিত্য ডট অৰ্গ

2.89743589744
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top