অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

আমৰ আচাৰ

উপকৰণ

  • কাটি লোৱা আম: ১ কেজি।
  • নিমখ: আন্দাজ অনুযায়ী।
  • মিথি গুটি: ২০ গ্ৰাম।
  • কালজিৰা: ৩০ গ্ৰাম।
  • জালুকগুৰি: ২৫ গ্ৰাম।
  • জলকীয়া গুৰি: ৩০ গ্ৰাম।
  • মিঠাতেল: আচাৰখিনি ঢাক খোৱাকৈ যিমান লাগে।
  • চফগুৰি: ২৫ গ্ৰাম।
  • এচিটিক এচিড: ৩ মি:মি:।
  • সৰিয়হ গুৰি: ২০ গ্ৰাম।

প্ৰস্তুত প্ৰণালী

কেচা আম কেইটামান পৰিষ্কাৰকৈ পানীত ধুই দীঘলে দীঘলে সৰু সৰু কৈ কাটি লওক। কটা আমখিনি শতকৰা ২-৩ ভাগ নিমখ পানীত কিছু সময় ডুবাই ৰাখক, যাতে কটা আমখিনি ক’লা পৰি নাযায়।

প্ৰথমে ওজন কৰা মতে নিমখখিনি লৈ চকলা আমখিনিত সানি এটা বহল মুখৰ বটলত ভৰাই ৪-৫ দিন মাত ৰ’দত দিয়ক। যেতিয়া আমৰ সেউজীয়া বাকলিবিলাক অলপ পাতল হালধীয়া ৰং ধৰিব, আটাইবোৰ মছলা একেলগে মিহলাই অলপ মিঠাতেলৰ সৈতে কটা আমখিনিত ভালকৈ সানি পুনৰ পৰিষ্কাৰ শুকান বটলত হেচি ভৰাব লাগে যাতে বটলৰ মাজত বেছি বতাহ থাকিব নোৱাৰে। এতিয়া মিঠাতেলখিনি গৰম কৰি লৈ আচাৰখিনি ঢাক খোৱাকৈ ঢালি ২-৩ সপ্তাহমান তেনেকৈয়ে থৈ দিয়ক। মাজে মাজে আচাৰখিনি চাই থাকিব আৰু প্ৰয়োজন হ’লে মিঠাতেল আৰু অলপ ঢালি দিব। আমখিনি কোমল হ’লে খোৱাৰ উপযোগী হ’ব।

উৎস: বিকাশপেডিয়া।

শেহতীয়া উন্নীতকৰণ: : 4/22/2020



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate