অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

কঁঠালৰ আচাৰ

কঁঠালৰ আচাৰ

উপকৰণ

  • কঁঠাল (১ কেজি ওজনৰ )— ১ টা ।
  • ভিনেগাৰ – ২ কাপ।
  • নিমখ – আন্দাজমতে।
  • চেনি – ৫ চামুচ (চাহ চামুচৰ)।
  • হালধি – ৩ চামুচ।
  • সৰিয়হ – ৫ চামুচ।
  • আদা (ডাঙৰ)– ১ ডোখৰ ।
  • নহৰু (ডাঙৰ)– ১ টা ।
  • কেঁচা জলকীয়া– ৪/৫ টা ।
  • গোটা জিৰা– ৫ চামুচ ।
  • তেঁতেলি– ৩ চিৰা ।
  • মিঠা তেল– ২ কাপ ।

প্ৰস্তুত প্ৰণালী

কঁঠালখিনি মজলীয়া জোখত কাটি একাপ ভিনেগাৰত সিজাই ল’ব। এটা হুইচেল দিলেই কুকাৰটো নমাই থ’ব। এতিয়া সিজোৱা কঁঠালখিনিত নিমখ, হালধি সানি ৰ’দত ১ ঘণ্টামান শুকুৱাই ল’ব। সৰিয়হ, জিৰা, আদা, নহৰু আৰু কেঁচা জলকীয়া ভিনেগাৰত দি মিক্সিত পিহি ল’ব। কেৰাহিত মিঠাতেল গৰম কৰি ল’ব। তাত পাঁচফোৰণ আৰু হিং দিব। লগতে মিক্সিত পিহি লোৱা মছলাখিনি দি দিব। এতিয়া হালধি, চেনি আৰু জলকীয়া গুড়ি দিব। তেঁতেলিৰ ৰসখিনিও দি দিব। লগতে নিমখখিনি দি ভালকৈ কঁঠালখিনি লৰাব। বটলত ভৰাই থ’লে কিছুদিনলৈ খাব পাৰিব।

লেখিকা: বনশ্ৰী ভট্টাচাৰ্য, প্ৰিয় সখী

2.93333333333
পল্লৱী Apr 18, 2018 12:15 PM

তেতেলী নিদিলে হʼব নাই ?

আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top