মূল পৃষ্ঠা / শিক্ষা / অসমৰ সংস্কৃতি / অসমীয়া খাদ্য সম্ভাৰ / কচুঁশাকৰ লগত মাছৰ জালুকীয়া আঞ্জা
অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

কচুঁশাকৰ লগত মাছৰ জালুকীয়া আঞ্জা

কচুঁশাকৰ লগত মাছৰ জালুকীয়া আঞ্জাৰ প্ৰস্তুত প্ৰণালী

Soyuz sharma recipe 1

 

উপকৰণ

  • ৰৌ মাছ: ৫/৬ টুকুৰা (২৫০ গ্রাম)
  • কচুঁশাক: তিনি মুঠি (সৰু সৰুকৈ কুটি ল’ব)
  • বিলাহী: ২ টা
  • নহৰু: ১২-১৫ ফোটা
  • কেঁচা জলকীয়া : ৩-৪টা
  • পিঁয়াজপাত: ৪-৫ খিলা
  • জালুক গুড়ি : ১ টেবুল চামুচ,
  • হালধি গুড়ি, মিঠাতেল আৰু নিমখ।

ৰন্ধন প্রণালী

প্রথমে মাছৰ টুকুৰাখিনিত ভালদৰে নিমখ, হালধি সানি মিঠাতেলত ভাজি একাষৰীয়াকৈ থৈ দিয়ক।

মাছভজা তেলখিনিতে পিঁয়াজপাত, খুন্দি থোৱা নহৰুখিনি আৰু জলকীয়া দিয়ক।

জোখমতে নিমখ আৰু হালধি দি সেইখিনি ভালদৰে মিলাই ভাজক।

এতিয়া কচুঁশাকখিনি আৰু কটা বিলাহীখিনি কেৰাহীত দি ভালদৰে লৰাই ঢাকোন দি সিজিবলৈ দিয়ক।
যেতিয়া শাকখিনি সিজি গোটেইখিনি কেৰাহীৰ আধামানলৈ হ্রাস পাব, তেতিয়া তাত পানী অলপ দি পুনৰ ঢাকোন মাৰি দিব।
পানীখিনি উতলা আৰম্ভ হ’লেই ভাজি থোৱা মাছখিনিও তাত মিলাই দিয়ক। আৰু লগতে জালুকৰ গুড়ি ছটিয়াই অলপসময় কম জুইত সেইখিনি সিজিবলৈ দিয়ক। সম্পূৰ্ণ সিজিলে ভাতৰ লগত গৰমে গৰমে পৰিবেশন কৰক।

লিখক: চয়ূজ শৰ্মা

3.01851851852
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top