অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

কণী আৰু বাবৰি শাকৰ ভাজি

কণী আৰু বাবৰি শাকৰ ভাজি

উপকৰণ

  • কণী – ১-২ টা
  • বাবৰি শাক – ৩-৪ মুঠি
  • নিমখ, হালধি, তেল আন্দাজমতে
  • পিঁয়াজ – ১ টা (মিহিকৈ কুটা)

প্ৰস্তুতি

প্ৰথমে বাবৰি শাককেইমুঠি ভালকৈ বাছি-ধুই মিহিকৈ কুটি ল’ব। জুইত কেৰাহি বহুৱাই দি গৰম হ’বলৈ দিব। কেৰাহি গৰম হ’লে তেল গৰম কৰি লৈ কুটা পিঁয়াজখিনি দি অলপ ভাজি বাবৰি শাকখিনি দি দিব। নিমখ, হালধি দি শাকখিনি ভালকৈ ভাজিব। কণীকেইটা বাটি এটাত ভালদৰে ফেটি লৈ এই শাকখিনিৰ লগত মিহলাই দি ভাজিব। ভজা ভজা গোন্ধ যেতিয়া ওলাব নমাই থ’ব। বাবৰি শাকৰ গোন্ধ এটা আছে। সেই কাৰণে এনেয়ে খাবলৈ সকলোৱে ভাল নাপায়, কিন্তু এনেকৈ কণী দি ৰান্ধি খাই চাবচোন।

প্ৰস্তুতি: কল্পনা দাস, প্ৰিয় সখী

2.97916666667
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top