মূল পৃষ্ঠা / শিক্ষা / অসমৰ সংস্কৃতি / অসমীয়া খাদ্য সম্ভাৰ / কেঁচা অমিতা থেকেৰাৰে মাছৰ জোল
অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

কেঁচা অমিতা থেকেৰাৰে মাছৰ জোল

কেঁচা অমিতা থেকেৰাৰে মাছৰ জোল

উপকৰণ

  • আৰি, বৰালি বা আন তেনেকুৱা বাকলি নথকা মাছ- ৫০০ গ্ৰাম
  • অমিতা এটাৰ ১/৪ অংশ
  • শুকান কুঁজী থেকেৰা- ৬-৭ টুকুৰা
  • নিমখ, হালধি- আন্দাজমতে
  • মিথিগুটি- ১০ টা
  • মিঠাতেল, নিমখ, হালধি

প্ৰস্তুত প্ৰণালী

মাছকেইটুকুৰা তেলত আধাভজা কৰি ল’ব। থেকেৰাকেইটুকুৰা অলপমান পানীত তিয়াই থ’ব। অমিতাডোখৰ পিহনাত পিহি ল’ব। কেৰাহীত তেল ভালকৈ গৰম কৰি মিথিগুটিকেইটা ফুটাই দিয়ক। অমিতাখিনি তাতে ঢালি দি ভালদৰে লৰাই দিয়ক। নিমখ হালধি দি লৰাই ঢোকোন দি অমিতা সিজিবলৈ দিব। মাজে মাজে লৰাই থাকিব। অমিতা সিজিলে গৰম পানী দি উতল আহিবলৈ দিব। উতল আহিলে মাছকেইটুকুৰা জোলত দিব। থেকেৰা খচি পানীখিনি মিহলাই দিব। সামান্য চেনী মিহলাব পাৰে। ভালদৰে উতলি পাগ উঠিলে জুই বন্ধ কৰিব। গৰমৰ দিনত এই আঞ্জা বৰ উপাদেয় হয়।

উৎস: অসমীয়া প্ৰতিদিন।

3.19607843137
বিকাশ Oct 22, 2016 01:26 PM

ভাল লাগিল

মানসী Oct 12, 2015 03:26 PM

মই বনাই চালো। ভাল লাগিল খাই।

আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top