অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

কেঁচা আমৰ শীতল পানীয়

কেঁচা আমৰ শীতল পানীয়

উপকৰণ

  • ২ টা মজলীয়া আকৃতিৰ কেঁচা আম
  • চেনিৰ গুড়ি- ৩-৪ কাপ
  • ক’লা নিমখ- ১ টেবুল চামুচ
  • শুকুৱাই গুড়ি কৰা আদা ১-৪ টেবুল চামুচ
  • জিৰা গুড়ি-১ টেবুল চামুচ (শুকানে ভাজি গুড়ি কৰি ল’ব)

প্ৰস্তুত প্ৰণালী

আম দুটা বাকলিৰ সৈতে চাফাকৈ ধুই ল’ব। এটা ছচপেনত আম দুটা ডুব যোৱাকৈ পানী দি মজলীয়া জুইত আমকেইটা কোমল হোৱাকৈ সিজাই ল’ব। পানীৰ পৰা উলিয়াই আমকেইটা ঠাণ্ডা হ’বলৈ দিব। ঠাণ্ডা হ’লে বাকলি এৰুৱাই ভিতৰৰ শাহখিনি উলিয়াই ল’ব। এতিয়া চেনি, ক’লা নিমখ, আদাৰ গুড়ি আৰু জিৰা গুড়ি আমৰ কোমল শাহখিনিত মিহলাই ভালদৰে লৰাই থাকক। সকলো বস্তু ভালদৰে মিহলি হৈ কোমল মণ্ড হৈ গ’লে এটা ছচপেনত ৪-৫ কাপ পানী লৈ এই মিশ্ৰণটো ঢালি দিব। ডাঙৰ চামুচ বা হেতাৰে ভালদৰে লৰাই সকলো বস্তু মিহলাই ল’ব। দুই ঘন্টামান এইখিনি ফ্ৰিজত ৰাখিব। পৰিৱেশনৰ সময়ত ৬ টা সমান গিলাচত এইখিনি সমানে বাকিব আৰু গ্ৰীষ্মৰ উত্তাপত এইবিধ শীতল পানীয়ৰ সোৱাদ ল’ব।

উৎস: সম্ভাৰ।

শেহতীয়া উন্নীতকৰণ: : 5/21/2020



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate