অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

গাখীৰৰ পিঠা

গাখীৰৰ পিঠা

উপকৰণ

  • ময়দা- ২ কাপ,
  • নাৰিকল ৰোকা- ২ কাপ,
  • চেনি- ১ কাপ,
  • কনডেন্সড মিল্ক- ১/২ কাপ,
  • ইলাচি: ৩ টা,
  • কেশৰ- অকণমান,
  • গাখীৰ- ১ লিটাৰ,
  • নিমখ-এচিকুট।

প্ৰস্তুত প্ৰণালী

ময়দাত নিমখ মিহলাই কুহুমীয়া গাখীৰেৰে লুচি বনাবৰ বাবে সনাৰ দৰে সানি ল’ব। নাৰিকল আৰু আধা কাপ চেনি মিহলাই লাড়ু বনাবৰ বাবে ভজাৰ দৰে ভাজি থাকিব। চেনি গলিলেই জুই বন্ধ কৰি কনডেন্সড মিল্ক মিহলাই ভালদৰে লৰাব। গাখীৰ উতলাই আধা কৰিব। ইলাচিকেইটাৰ বাকলিটো অলপ ফালি গাখীৰট গোটে গোটে দি দিব। ময়দাখিনি সৰু সৰু লুচিৰ আকাৰত বেলিব। এখন লুচি মেলি লৈ তাৰ মাজত অলপ নাৰিকল পূৰ দিব। লুচিখন জপাই কাষটো হাতেৰে বন্ধ কৰি ধুনীয়া কৰি দিব। উতলা গাখীৰত পিঠাখিনি লাহে লাহে দি দিব। বাকী থকা চেনিখিনি দিব। কেশৰ দিব। ঘন হৈ আহিলে জুই বন্ধ কৰিব। ঠাণ্ডা হ’লে পৰিবেশন কৰিব।

লেখিকা: গীতা শৰ্মা, সম্ভাৰ।

3.03125
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top