অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

তিল বাহাৰ

তিল বাহাৰ

উপকৰণ

তিল একাপ

চেনি একাপ

ঘিউ দুই বা তিনি টেবুল চামুচ

কাজু ২৫-৩০টা(সৰুকৈ কুটা)

বাদাম ২০-২৫টা(সৰুকৈ কুটা)

ইলাচি ৫-৬টা(সৰুকৈ কুটা)।

প্ৰণালী

ননষ্টিক পেন এটাত তিলখিনি প্ৰথমতে ভালদৰে ভাজি লওক। ভজা হ’লে প্লেট এখনত নমাই থৈ ঘিউ অলপ গৰম হ’বলৈ দিয়ক। এতিয়া গৰম ঘিউত চেনিখিনি দি লৰাই থাকক। চেনিখিনি সম্পূৰ্ণভাৱে গলি গ’লে তিল, কাজু বাদাম, ইলাচিখিনি দি লৰাই থাকক। মন কৰিব এই সময়খিনিত গেছটো যেন ছিমত থাকে, নহ’লে চেনিখিনি পুৰি যোৱাৰ ভয় থাকে। এতিয়া ট্ৰে এখনত ঘিউ অলপ সানি তিলখিনি ঢালি দিয়ক। তিলখিনি ট্ৰেত নমাই অনাৰ লগে লগে বেলনা এপাটত ঘিউ লগাই পিছল কৰি লৈ গৰমে গৰমে ৰুটি বেলাৰ দৰে চাৰিওফালে সমান হোৱাকৈ বেলি দিয়ক। লগে লগে ছুৰী এখনেৰে বৰ্ফি আকৃতিত কাটি থৈ দিয়ক। দুঘণ্টামান পিছত ট্ৰেৰ পৰা উলিয়াই আনি পৰিৱেশন কৰক।

লেখিকাঃ মধুস্মিতা চক্ৰৱৰ্তী

শেহতীয়া উন্নীতকৰণ: : 4/15/2020



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate