মাছৰ পেটিখিনি সমান জোখত চাৰিচুকীয়া কৰি কাটি লৈ এটা বাটিত নিমখ আৰু নেমু ৰসত ১৫ মিনিট মেৰিনেট কৰি থ’ব। কেৰাহীত সৰহকৈ সৰিয়হ তেল গৰম কৰিব। এটা ডাঙৰ বাটিত চাৰি চামুচ ময়দা, ১ চামুচ কৰ্ণ’ফ্ল’ৰ দিব, আধা চামুচ নিমখ, বেকিং পাউদাৰ আধা চামুচ, জালুকৰ গুড়ি ১ চামুচ, ধনিয়া কুটা চাৰি ভাগৰ এক বাটি, গাখীৰ, কণী দুটা ভালকৈ ডুবাই বিস্কুটৰ গুড়িত দুয়ো পিঠি সানি তেলত ৩ বা ৪ টুকুৰা কৰি দি ৰঙা কৰি ভাজিব। জুই কমাই ল’ব। দীঘলকৈ কাটি থোৱা আলুবোৰত নিমখ-হালধি সানি গৰম তেলত ৰঙা কৰি ভাজি সজাই দিব। এটা বাটিত ক্ৰীম ফেটি ল’ব, তাত তিয়ঁহ কুটা ৪ চামুচ আৰু পিঁয়াজ কুটা দি ভালকৈ মিলাব। জালুক গুড়ি, নিমখ আন্দাজমতে আৰু চাট মছলা দিব। এতিয়া ভজা মাছৰ টুকুৰা দৈত ডুবাই পৰিৱেশন কৰক।
উৎস: বিকাশপেডিয়া।
শেহতীয়া উন্নীতকৰণ: : 4/16/2020
অসমীয়াৰ প্ৰিয় খাদ্য মাছৰ গুণ
আলংকৰিক মাছৰ ব্যৱসায়েৰে স্বাৱলম্বী পাৰ্থৰথি হাজৰিক...
অসমৰ থলুৱা আলংকাৰিক মাছৰ চাহিদা
অসমীয়া সমাজ-সংস্কৃতিত মাছ