অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

নাৰিকল দিয়া চজিনাৰ আঞ্জা

নাৰিকল দিয়া চজিনাৰ আঞ্জা

উপকৰণ

  • চজিনা- ৪-৫ ডাল,
  • চাউল-১ কাপ (৩ ঘন্টা পানীত তিয়াই থোৱা),
  • নাৰিকল- এফাল,
  • মাটি দাইল- ১ চামুচ,
  • সৰিয়হ- ১/২ চামুচ,
  • জলকীয়া- ২ টা,
  • নৰসিংহ পাত-এমুঠি,
  • তেল-নিমখ হালধি- আন্দাজমতে।

প্ৰস্তুত প্ৰণালী

চাউলখিনি ধুই পানীত তিয়াই থওক। নাৰিকলফাল ৰুকি জলকীয়া আৰু তিয়াই থোৱা চাউলৰ সৈতে গ্ৰাইণ্ড কৰি পেলাওক। নিমখ-হালধি তাতে দি ল’ব। মিশ্ৰণখিনিত ২-৩ কাপ পানী দিয়ক। ইফালে চজিনাখিনি চাৰি ইঞ্চি দীঘলকৈ কাটি অকণমান নিমখ দি সিজাই লওক। সিজিলে চেকি ল’ব। কেৰাহীত তেল গৰম কৰি মাটি দাইল, সৰিয়হ আৰু জলকীয়া দিয়ক। সৰিয়হ ফুটা বন্ধ হ’লে নৰসিংহ পাত আৰু মিশ্ৰণখিনি তাত দি দিয়ক। কম জুইত লৰাই লৰাই ভাজক। চাওক যাতে গোটাকৈ ৰৈ নাযায়। এতিয়া সিজাই লোৱা চজিনাখিনি মিলাই সাৱধানে লৰাই থাকক। গৰমে গৰমে পৰিৱেশন কৰক।

উৎস: বিকাশপেডিয়া।

শেহতীয়া উন্নীতকৰণ: : 10/7/2018



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate