পালেং পাতখিনি ভালকৈ ধুই অলপ গৰম নিমখ পানীত তিয়াই থ’ব। কণী ফেটি ল’ব। পানীৰপৰা পালেংখিনি উঠাই মিহিকৈ কুটি ল’ব। কুটি লোৱা পালেংখিনিত কুটা পিঁয়াজ-আদা-নহৰু বটা জলকীয়া কুটা ধনিয়া পাত কুটা মিলাই ভালকৈ সানি ল’ব। এটা অ’ভেনৰ বাতিত সামান্য মাখন লগাই প্ৰথমে পালেং সনা অলপ দি ফেটি লোৱা কণী দিব। ভালকৈ মিলাই দিব। বাকী থকা পালেংখিনি দি ফেটি লোৱা কণীখিনি দি সমানকৈ মিলাই অ’ভেনত ১৫০ ডিগ্ৰী চাপত আঠৰ পৰা দহ মিনিট বেক কৰিব। গৰমে গৰমে চ’চ চাটনিৰ লগত পৰিৱেশন কৰিব।
উৎস: অসম বাণী।
শেহতীয়া উন্নীতকৰণ: : 4/24/2020
মাছ আৰু কণী পৰা কুকুৰা পালনৰ প্ৰত্যক্ষ সমন্বিত পদ্...
নকল বা কৃত্ৰিম কণী চিনাক্ত কৰাৰ দহটা সহজ কিটিপ
কণী আৰু বাবৰি শাকৰ ভাজি
উৎকৃষ্ট খাদ্য কণী