অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

পালেং শাকৰ সৈতে মাছৰ আঞ্জা

পালেং শাকৰ সৈতে মাছৰ আঞ্জা

উপকৰণ

  • মাছ ৫০০ গ্ৰাম।
  • পালেং শাক পাঁচ মুঠি।
  • পিয়াজ ১ টা।
  • বিলাহী ২ টা।
  • কেঁচা জলকীয়া
  • নিমখ-হালধি

প্ৰণালী

ৰৌমাছ কেইটুকুৰামান ভালকৈ ধুই লৈ তাত হালধি আৰু নিমখ সানি ৰাখক৷ পালেং শাকখিনি ভালকৈ ধুই মিহি মিহিকৈ কাটি লওক৷ ২ টা বিলাহী সৰু সৰুকৈ কাটি লওক৷ পিয়াঁজ এটা কুটি লওক৷ কেচা জলকীয়া দুটা দীঘলে দীঘলে ফালি ৰাখক৷ মাছখিনি গৰম তেলত ৰঙচুৱাকৈ ভাজক৷ এতিয়া মাছখিনি কাঢ়ি থৈ সেই তেলতে পিয়াঁজখিনি দি অলপ সময় ভাজক৷ এতিয়া কাটি থোৱা শাকখিনি তাত দি অলপ সময় লৰাই কম জুইত ঢাকোন মাৰি ৰাখক৷ তাৰ পিছত পালেং শাকখিনিৰ পৰা পানী ওলালে তাত কাটি থোৱা বিলাহী আৰু জলকীয়াৰ লগতে সোৱাদ অনুসৰি নিমখ আৰু হালধি দিয়ক৷ ২-৩ মিনিটমান কম জুইত ৰখাৰ পিছত পালেংৰ পানীৰ অনুপাত চাই তাৰ লগতে আপোনাৰ প্ৰয়োজন হোৱা গৰম পানীখিনি দিয়াৰ পিছত ভাজি ৰখা মাছ কেইটুকুৰা দি দিয়ক৷ এবাৰ ঢাকোনখন মাৰি উতল আহিলেই নমাই দিয়ক৷ তাৰ পাছত ভাতৰ লগত গৰমে গৰমে পৰিবেশন কৰক।

গীতাশ্ৰী

শেহতীয়া উন্নীতকৰণ: : 1/19/2019



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate