অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

পিঠাগুড়িৰ পায়স

উপকৰণ

  • ডাঠ গাখীৰ-১ ১/২ লিটাৰ।
  • পিঠাগুড়ি-১২ও গ্ৰাম।
  • চেনি-১২০ গ্ৰাম।
  • ক্ৰীম-৫০ মিলিলিটাৰ।
  • নেমুৰ ৰোকা বাকলি-১/২ চাহ চামুচ।

প্ৰস্তুত প্ৰণালী

ক্ৰীমখিনি খুব ভালদৰে অলপ গুড়ি চেনিৰে ফেটি ৪ ঘন্টামান ফ্ৰীজত থ’ব। ১ কাপ গাখীৰ আতৰাই থ’ব। বাকীখিনি গাখীৰ জুইৰ ওপৰত বহাব। মধ্যমীয়া জুইত ৰাখি গাখীৰখিনি কমি কমি আধা হ’ব লৈ দিব। আতঁৰাই থোৱা গাখীৰকাপত পিঠাগুড়ি গুলি লাহে লাহে চচপেনত ঢালিব। খুব ভালদৰে আৰু ঘনকৈ লৰাব যাতে লডা নাবান্ধে। চেনি আৰু নেমুৰ বাকলি মিহলাব। প্ৰয়োজন হ’লে আৰু অলপ গাখীৰ মিহলাব পাৰে। যেতিয়া পায়স ঘন হ’ব জুইৰ পৰা নমাব। অলপ সময় লৰাই ক্ৰীমখিনি মিহলাব। ঢাকোন বন্ধ কৰি ঠাণ্ডা কৰক। এৰাতি ফ্ৰীজত থ’লে খাবলৈ বেছি উপাদেয় হয়।

লেখিকা: জ্যোতি দাস।

শেহতীয়া উন্নীতকৰণ: : 10/7/2018



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate