অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

মুগ দাইলৰ বৰা

মুগ দাইলৰ বৰা

উপকৰণ

  • মগু দাইল একাপ,
  • পিয়াঁজ ডাঙৰ এটা,
  • ধনীয়া ডাঙৰ চামুচ এচামুচ,
  • নিমখ আন্দাজমতে,
  • গৰম মছলা পাউদাৰ আধা চাহ চামুচ
  • কেঁচা জলকীয়া আৰু আদা পিহা আধা চামুচ
  • ৰঙা জলকীয়া পাউদাৰ আধা চামুচ
  • চাট মছলা আধা চামুচ
  • নেমু ৰস এচামুচ
  • বেড্‌ গ্ৰাম আধা কাপ

প্ৰণালী

মুগ দাইলখিনি পানীত এৰাতি বা ৪/৫ ঘন্টা তিয়াই ভালদৰে চেকি ল’ব। এতিয়া দাইলত কটা পিয়াঁজ, ধনীয়া কটা, নিমখ, গৰম মছলা পাউদাৰ, আদা আৰু জলকীয়া বটা, ৰঙা জলকীয়া পাউদাৰ, চাট মছলা বা আমচুৰ পাউদাৰ আৰু নেমু ৰস দি ভালদৰে মিলাব। এখন হেতাৰে দাইলখিনি হেঁচি হেঁচি অলপ ভাজি ল’ব। এতিয়া বেড গ্ৰাম দাইলত মিলাই ফিংগাৰ  চাইজত বা পকৰি বনোৱা দি তেলত ভাজি গৰমে গৰমে পৰিৱেশন কৰক।

লেখিকা: মীনা বৰুৱা।

3.01724137931
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top