অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

শুকলতি ভাজি আৰু খাৰ

শুকলতি ভাজি আৰু খাৰ

উপকৰণ

  • মিহিকৈ কটা শুকলতি,
  • একাপ ভাত বা খুদ চাউল,
  • খাৰ আন্দাজমতে,
  • মিঠাতেল ২ টেবুল চামুচ,
  • নিমখ আন্দাজমতে,
  • কেঁচা জলকীয়া ২টা মান।

শাকখিনি মিহিকৈ কাটি অকণমান মিঠাতেল গৰম কৰি নিমখ, হালধি অকণমান দি ভাজিলেই হ’ল। গৰমে গৰমে তপত ভাতৰ লগত খালে শুকনিৰ কাম কৰে বুলি আইতা সকলে আগতে প্ৰসূতিৰ খাদ্য হিচাপে ব্যৱহাৰ কৰিছিল।

প্ৰণালী

কেৰাহীখন তপতাই এচামুচ সৰিয়হ তেল দি শাকখিনি বহাই দিয়ক। অলপ লৰাই ভাতত খুদ চাউলখিনি দি নিমখ আৰু মাৰপানী দি ঢাকি দিব লাগে। সিজা যেন হ’লে, কেঁচা জলকীয়া আৰু কেঁচা তেল দি গৰম ভাতৰ লগত পৰিবেশন কৰক। এইদৰে খালে অৰুচি দূৰ হয়, ভোক বাঢ়ে।

উৎস: বিকাশপেডিয়া

শেহতীয়া উন্নীতকৰণ: : 4/22/2020



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate