অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

থুপথুপীয়া মাছৰ আঞ্জা

থুপথুপীয়া মাছৰ আঞ্জা

যোগাৰ

  • আঠ টুকুৰা ভকুৱা বা বৰালী মাছ।
  • পকা বিলাহী পাঁচটা।
  • মধ্যম আকৃতিৰ আলু চাৰিটা।
  • সৰু পিঁয়াজ এটা।
  • কেঁচা জলকীয়া পাঁচ-ছটামান।
  • আদাৰ মধ্যম আকৃতিৰ টুকুৰা এটা।
  • ধনীয়াপাত, ডেৰ চাহ চামোচ জিৰা গুড়ি।

প্ৰস্তুতি

মাছ কেইটুকুৰা ধুই ভাজি লওক৷ আদাখিনি নবটি এখন ৰোকনাৰে ৰুকি লওক। বিলাহীকেইটা কাটি গুটিবোৰ পেলাই সৰু সৰু টুকুৰা কৰি লওক৷ জলকীয়াকেইটা মাজেৰে দুফাল কৰি লওক৷ আলুকেইটা সৰু সৰুকৈ কাটি টুকুৰা টুকুৰ কৰি লওক৷ পিঁয়াজটো সৰু সৰুকৈ কাটি লওক৷

ৰন্ধন

প্ৰথমে কটা আলুখিনি পানীত দহমিনিট সিজাই লওক৷ এতিয়া এটা কেৰাহী (নন্ ষ্টিক্ হ’লে বেছি ভাল) ভালদৰে গৰম হ’বলৈ দি কটা বিলাহীখিনি দি অলপ লৰাই দিয়ক৷ অলপ পাছত যেতিয়া বিলাহীৰ পৰা পানী ওলাব ধৰিব তাত কটা আলুখিনি দি দিয়ক৷ ভালদৰে লৰাই কেইমিনিটমান পিছত সামান্য পানী দি ঢাকোন মাৰি দিয়ক আৰু জুই একেবাৰে কমাই দিয়ক৷ কেইমিনিটমান পিছত ঢাকনিখন গুচাই হেতা এখনেৰে বিলাহী আৰু আলুখিনি ভাঙি ফেনেকি দিয়ক আৰু যেতিয়া ই এক পেষ্টৰ নিচিনা হ’ব জুইৰ পৰা নমাই ৰাখক৷

[এই পেষ্টটো মাইক্ৰ’ৱেভ অভেনত সহজে তৈয়াৰ কৰিব পাৰি৷ অভেনত ব্যৱহাৰ কৰিব পৰা পাত্ৰ এটাত বিলাহী, আলুখিনি সামান্য পানীৰ লগত মাইক্ৰ’ ম’ডত ৯০০ ডিগ্ৰী চেলছিয়াচত ৪-৫ মিনিটমান ৰাখিলে সিজি যাব৷ তেতিয়া অভেনৰ পৰা উলিয়াই আলু-বিলাহীখিনি ভাঙি দিলেই পেষ্টটো তৈয়াৰ হৈ যাব]

আন এটা কেৰাহী ভালদৰে গৰম হ’বলৈ দিয়ক৷ এতিয়া কেৰাহীত চাৰি চাহচামোচ মিঠাতেল দি ভালদৰে গৰম হোৱা যেন পালে তাত পিঁয়াজখিনি ভাজক৷ তাৰপিছত ইতিমধ্যে সাজু কৰা বিলাহী আৰু আলুৰ পেষ্টখিনি দি দিয়ক আৰু এবাৰ ভালদৰে লৰাই ঢাকনিখন মাৰি দুইমিনিটমান ৰাখক৷ তেলত দিয়া পেষ্টখিনি উতলিব ধৰা যেন পালে জিৰা গুড়িখিনি আৰু আণ্ডাজমতে হালধি দি অলপ সময় ভালদৰে লৰাই থাকক৷ এতিয়া তাত তিনি কাপ গৰমপানী ঢালি দি উতলিবলৈ দিয়ক৷ ভালদৰে উতলিব আৰম্ভ কৰিলে তাত আদা, জলকীয়া, মাছকেইটুকুৰা আৰু সোৱাদ অনুযায়ী নিমখ দি উতলি থাকিব দিয়ক৷

পানীখিনি শুহি কমি আহি গ্ৰেভীৰ নিচিনা হ’লে জুই বন্ধ কৰি ধনীয়াপাতখিনি কুটি দি ঢাকনিখন মাৰি দিয়ক৷

এতিয়া গৰমে গৰমে ভাতৰ লগত পৰিবেশন কৰক৷

মৃদুল কুমাৰ শৰ্মা।

শেহতীয়া উন্নীতকৰণ: : 5/5/2020



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate