মূল পৃষ্ঠা / শিক্ষা / অসমৰ সংস্কৃতি / অসমীয়া খাদ্য সম্ভাৰ / ৰঙালী বিহুত নিয়মমতে খাব লগা বিভিন্ন অসমীয়া খাদ্যদ্ৰব্য
অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

ৰঙালী বিহুত নিয়মমতে খাব লগা বিভিন্ন অসমীয়া খাদ্যদ্ৰব্য

ৰঙালী বিহুত নিয়মমতে খাব লগা বিভিন্ন অসমীয়া খাদ্যদ্ৰব্য

অসমীয়া সংস্কৃতি বৈচিত্ৰ্যময় সংস্কৃতি। এই বৰ্ণিল সংস্কৃতিত সৌন্দৰ্য্য বঢ়াইছে বিভিন্ন ধৰণৰত উৎসৱ-অনুষ্ঠানে, য’ত আছে বৃহত্তৰ জাতিটো একত্ৰিত হৈ সৌহাৰ্দ্য বঢ়োৱা বিভিন্ন জনজাতিৰ উপাদানসমূহ। অসমীয়া জাতিৰ জাতীয় উত্‌সৱ বিহু। ই মূলত: অসমৰ কৃষিজীৱি ৰাইজৰ আনন্দ প্ৰকাশৰ মাধ্যম। অসমৰ ৰাইজ যিহেতু কৃষিৰ ওপৰত নিৰ্ভৰশীল সেয়েহে কৃষিক মাধ্যম কৰি অসমৰ জাতীয় উত্‌সৱ তিনিটা বিহু উদ্‌যাপন কৰা হয়। অসমৰ জাতীয় উত্‌সৱ প্ৰতিটো বিহুৰ লগত জড়িত আছে অসমীয়া সমাজৰ বিভিন্ন ৰীতি-নীতি, লোকাচাৰ, লোকবিশ্বাস আৰু পৰম্পৰা। যিবোৰে সমাজৰ গাঁথনিটোক সবল কৰি তোলাত উত্‌সাহ যোগাইছে। অসমীয়া নতুন বছৰৰ আৰম্ভণি হয় ৰঙালী বিহুৰে। চ’ত আৰু ব’হাগৰ সংক্ৰান্তিৰ পৰা উদ্‌যাপন কৰা এই বিহুটিক ৰঙালী বিহু বোলাৰ অৰ্থ হ’ল ৰঙৰ প্ৰাচুৰ্য্য। গৰু বিহু, খোৱা-বোৱা, হুঁচৰি, আলহী-অতিথি আপ্যায়ন, বিহুৱান ,উপহাৰ প্ৰদানেৰে মূলত: সাতদিন ধৰি উদ্‌যাপন কৰিবলগীয়া বিহুটি এমহীয়া হয়গৈ। অসমৰ কৃষিজীৱি ৰাইজৰ গৰুহালেই হ’ল কৃষিৰ মূল সম্পদ। সেয়েহে গৰুক মান্যতা দি গৰু বিহুৰে ৰঙালী বিহু আৰম্ভ কৰা হয়। তাৰ পাছত ক্ৰমান্বয়ে মানুহৰ বিহু (অসমীয়া নৱবৰ্ষৰ প্ৰথমদিন) আৰু একাদিক্ৰমে সাতদিন সাতটা বেলেগ বেলেগ নামেৰে নামকৰণ কৰা হয়। অৱশ্যে ঠাই বিশেষে এই নামকৰণ বেলেগ বেলেগ। এই বিহুত বিভিন্ন দ্ৰব্য খাব লাগে বুলি অতীজৰে পৰা কিছু নিয়ম মাই চলি অহা হৈছে আৰু এইবোৰ ঔষধি গুণবিশিষ্ট বুলি সকলোৱে বিশ্বাস কৰে। তাৰ উপৰি বছৰৰ আৰম্ভণিতে এইদৰে নিয়ম অনুযায়ী খোৱা-বোৱা কৰি বছৰটোলৈ গা টঙাই লোৱা মনোভাবো থাকে। প্ৰকৃততে এইবোৰৰ কিমান বৈজ্ঞানিক ভিত্তি আছে তাৰ বিশ্লেষণ নহ’লেও এই কথা অনুমান কৰিব পাৰি যে শীতকালত ধৰাৰ (প্ৰকৃতিৰ) যি শুকান ৰূপ বসন্তৰ আগমনত বৃষ্টি পৰি নতুন শাক-পাচলি বা গছ-লতিকাই ঠন ধৰি উঠে আৰু স্বাভাবিকভাৱেই সেইবিলাকৰ ঔষধি গুণসমূহো গা কৰি উঠে। সাত বিহুৰ দিনা সাত বিধ শাক (সাত শাকী পালন) ,কঁঠালৰ মুচি, পচলা, কঁচু, কলডিল, পদিনা, হাঁহকণী, আমৰলি টোপ, দৈ পঁইতা – এই বস্তুবোৰ বিহুৰ সাতদিনৰ ভিতৰতে খাব লাগে বুলি অসমীয়া লোকসকলে বিশ্বাস কৰে। কোনো কোনো ঠাইত গৰু বিহুৰ দিনা গৰুক গা-পা ধুৱাই পৰিয়ালৰ সকলোৱে গা-পা ধুই জা-জলপান খোৱাৰ পিছত মহিলাসকলৰ বিশেষ এটা কাম হ’ল ৰাতিলৈ খাবৰ বাবে এশ-এবিধ শাক গোটোৱা। অৱশ্যে শাক বোলোতে বহুতে পাচলিও অন্তৰ্ভুক্ত কৰে। এশ এবিধ শাকবোৰ হ’ল- সৰু মানিমুনি, বৰ মানিমুনি, মাটিকাঁদুৰী, লাইজাবৰি, মছন্দৰী, কেঁহেৰাজ, পনৌনোৱা, শুকলতি, ঢেঁকীয়া, তংলতি, কেৰেলালতি, বৰটেঙেচী, সৰু টেঙেচী, লবৰুৱা, টিকনিবৰুৱা, বনজালুক,বনতিয়ঁহ, বনখুতৰা, মিঠামৰা, তিতমৰা, চেংমৰা, টেঙামৰা, নৰসিংহ, তিতাফুল, ভেদাইলতা, জিলমিল, চুতীয়ালফা, তৰাগজালি, দোৰোণ বন, তিতাবাহক, বগা বাহক, মেচাকী, মেজেঙা, নেফাফু, মেটেকা, লাচকঁচি, তিতাকঁচি, বৰপূৰৈ, ৰঙাপূৰৈ, সৰুপূৰৈ, ভুতমলা, বেতগাজ, নলটেঙা, জাতিলাওৰ আগ, ৰঙালাওৰ আগ, বাঘ আঁচোৰা, মধু সোলেং, দুপৰ টেঙা, ভীমৰাজ, বিহলঙনি, হাতীখুতৰা, কলমৌ, মনোৱা, লাই, লফা, পালেং, বাবৰি, চুকা, ধনিয়া, টুবুকীলতা, ধেৰুৱা, মালভোগ খুতৰা, ধপাত তিতা, মহানিম, বৰবিলাহী আগ, কণবিলাহীৰ আগ, পাতীসোন্দা, উৰিয়াম, মছ, মদাৰ, মধুৰি আগ, জেতুলীপকা, কাঠ আলুৰ আগ, ৰঙা আলুৰ আগ, মোৱা আলুৰ আগ, পদিনা, তলবাঘিনী, দুবৰি বন, বন নহৰু, সোণবৰিয়াল, বৰালি বকুৱা, বিয়নীসাবটা, পচতীয়া, মহাভৃংগৰাজ, ভাঙৰ আগ, মানধনিয়া, মৰলীয়া, বগা মৰিচা, ৰঙা মৰিচা, সৰিয়হ শাক, গাখীৰতি বন, চজিনাৰ পাত, চোৰাতৰ আগ, ধতুৰা আগ, ব্ৰাহ্মী শাক, নিলাজী বন, বেলিপকা, অপৰাজিতা, মিথি শাক, পিৰালি পালেং, পিৰালীকুঁৱৰী, চালকুঁৱৰী, আগজ্বলা, হেলচী, পানীফলা, ভেঁট, পদুম, বিশল্যকৰণি, কেঞাবন, বন কপাহ, বৰবৰিয়াল, পিঁয়াজ পাত, নহৰু পাত, মনোৱা, হালিম, আদা পাত, বিভিন্ন প্ৰকাৰৰ কচু ইত্যাদি। এই এশ এবিধ শাক পৰিষ্কাৰ কৰি ধুই-কাটি কেৰাহিত তেল গৰম কৰি মিথি বা পাঁচফোৰণ দি তাত শাকখিনি দি লৰাই অলপ মজিলে নিমখ-হালধি দি লৰাই সিজিলে আদাবটা, কেঁচা জলকীয়া দি শুকানকৈ বা তৰকাৰি কৰি খায়। এইবিধ ভাজি বা তৰকাৰিত সাধাৰণতে বিশেষ মছলা প্ৰয়োগ নকৰে, কাৰণ ইয়াৰ ঔষধি গুণৰ ওপৰত বেছি গুৰুত্ব দিয়ে। অৱশ্যে ৰন্ধন প্ৰকৰণ নিজা জুতি অনুযায়ী হয়।

গৰু বিহুৰ দিনা মহিলাসকলে শাক গোটোৱাৰ দৰে ডেকাহঁতে বা পুৰুষসকলে বাঁহ একোডালত খৰাহি বান্ধি আমৰলি পৰুৱাৰ সন্ধান কৰে। অভিজ্ঞজনে বাহ দেখিলেই টোপ আছেনে ধৰিব পাৰে। আমৰলি পৰুৱাৰ টোপ ভাঙি কলপাতত মেলি দিলে টোপবোৰ তলত পৰি যায় আৰু এখন কাপোৰ ঘূৰাই ঘূৰাই দিলে পৰুৱাবোৰ উঠাব পাৰি। বিশ্বাস আছে গৰু বিহুৰ দিনা আমৰলি পৰুৱা ভাঙিলে নাকৰ এৱা ৰোগ নহয়। উচ্চ প্ৰ’টিনযুক্ত এই টোপবোৰ পানী গুচাই জৰজৰীয়া কৰি ল’ব লাগে। কেৰাহিত তেল গৰম কৰি মিহিকৈ কুটা পিঁয়াজ দি ভাজি ৰঙচুৱা হ’লে টোপখিনি দি লৰাই তাতে ডিম ভাঙি দি নিমখ-হালধি দি লৰাই জৰজৰীয়া কৰি খাব পাৰে। ইচ্ছা কৰিলে জলকীয়া, আলু আদিও দিব পাৰে। গৰু বিহুৰ দিনা খোৱা আন এবিধ তৰকাৰী হ’ল গৰুৰ চাটৰ বস্তু ভাজি বা তৰকাৰী। গৰুৰ গা ধুৱাই গৰুৰ গালৈ জাতিলাও, হালধি, বৰবেঙেনা, কেৰেলা, থেকেৰা, মাটি তিয়ঁহ আদি মৰা হয়। তেনে বস্তু বুটলি আনি আৰু চালনীত থকা বস্তু কুটি-ধুই ৰাতি ভাজি বা তৰকাৰি বনাই খোৱা হয়। বিহুৰ সাতদিনৰ সাতবিধ শাক তুলি ভাজি বা তৰকাৰি খোৱা হয়। উজনিত সাত দিনত সাত বিধ শাক খোৱা সাধাৰণ কথা; কিন্তু নামনিত সাতশাকী মহিলাসকলৰ বাবে এক বিশেষ আনন্দৰ অনুষ্ঠান। সেইদিনা মহিলাসকলে পুৱাই গা-পা ধুই বিশেষ পোছাক পিন্ধি পথাৰলৈ গৈ সমজুৱাভাবে শাক তোলে। বিভিন্ন অনুষ্ঠান কৰে আৰু আবেলি শাকৰ টোপোলা লৈ ঘৰলৈ উভতে। চালনীত শাক থৈ গা-পা ধুই শাক পৰিষ্কাৰ কৰি ৰাতি আমকলি মিহলাই শাকৰ তৰকাৰি খায়। ই গৃহস্থৰ বাবে মংগলদায়ক বুলি বিশ্বাস, শাকৰ ভিতৰত ভতুৱা (জিলমিল) আৰু ঔষধি গুণসম্পন্ন শাক উল্লেখযোগ্য। সাতশাকীত গোৱা অজস্ৰ নাম নামনিত প্ৰচলিত।

কঁঠালৰ মুচি

ৰঙালী বিহুত খাব লগা এবিধ সামগ্ৰী হ’ল কঁঠালৰ মুচি। কঁঠালৰ মুচি বিভিন্ন ধৰণে খাব পাৰি। মছলা ব্যৱহাৰ কৰি তৰকাৰি কৰিলে খাবলৈ মাংসৰ দৰে লাগে। এই তৰকাৰিৰ বাবে প্ৰয়োজনীয় সামগ্ৰী হ’ল কঁঠালৰ মুঁচি, নিমখ, হালধি, আলু, পিঁয়াজ, নহৰু, আদা বটা, জিৰা গুড়ি, গৰম মছলা গোটা আৰু বটা, কাশ্মিৰী জলকীয়া গুড়ি আৰু তেজপাত।

ৰন্ধন প্ৰণালী

প্ৰথমে কঁঠালৰ মুচিৰ বাকলি গুচাই ডোখৰ ডোখৰকৈ কাটি সামান্য নিমখ-পানীত ডুবাই ৰাখি অকণমান সিজাই ল’ব লাগে। আলুৰ বাকলি গুচাই টুকুৰা কৰি ল’ব লাগে, আদা-নহৰু, পিঁয়াজ বটা, জিৰাগুড়ি, হালধিৰ এটা পেষ্ট বনাই ল’ব লাগে। কেৰাহিত তেল গৰম কৰি গোটা গৰম মছলা আৰু তেজপাত ফোৰণ দি মছলাৰ পেষ্টটো দি তেল এৰা পৰ্য্যন্ত ভাজিব লাগে। তাত আলুখিনি দি সামান্য পানী দি সিজিবলৈ দিব লাগে। জোল ৰাখিবলৈ ইচ্ছা কৰিলে অলপ গৰম পানী দি জোখমতে নিমখ দি উতলিবলৈ দিব লাগে। গৰম মছলা বটা দি লৰাই ধনিয়াপাত দি ভাত বা ৰুটিৰ লগত খাবলৈ দিব পাৰে। ইচ্ছা কৰিলে সামান্য গৰু ঘিউ মিলাই দিব পাৰে।

পচলাৰ তৰকাৰি

কলগছৰ সৰু পুলিয়েই হ’ল পচলা। পচলা আমিষ আৰু নিৰামিষ দুয়ো ধৰণে ভাজি বা তৰকাৰি বনাব পাৰি। পচলা আৰু হাঁহৰ মাংসৰ শুকান জলাভাজি প্ৰায়বোৰ ব্যক্তিৰ বাবে অধিক আকৰ্ষনীয়। পচলাৰ সৈতে মিশ্ৰিত পাচলিৰ তৰকাৰি বনাব পাৰি।

প্ৰয়োজনীয় সামগ্ৰী

মিহিকৈ কুটা পচলা, মচুৰ, মগু বা ৰহৰ দাইল, ৰঙালাও, কুন্দুৰী, বীন, গাজৰ, স্কোৱাচ, আলু ইত্যাদি বিভিন্ন পাচলি। নিমখ, হালধি, মিঠাতেল, গোটা জালুক, তেজপাত, কেঁচা জলকীয়া, আদা-নহৰু বটা, পিঁয়াজ কুটা।

ৰন্ধন প্ৰণালী

পচলা, দাইল আৰু বিভিন্ন পাচলি সিজাই ল’ব লাগে। কেৰাহিত তেল গৰম কৰি গোটা জালুক আৰু তেজপাতৰ ফোৰণ দি পিঁয়াজ কুটাখিনি আৰু হালধি দি ভালদৰে ভাজি সিজোৱা সামগ্ৰীখিনি দি অলপ লৰাই নমোৱাৰ আগতে নহৰু আৰু আদা বটাখিনি আৰু জোখমতে নিমখ দি ভালদৰে উতলিলে কেঁচা জলকীয়া ফালি দি নমাই ধনিয়া পাত ইচ্ছা কৰিলে গাজৰ, বিলাহী, পিঁয়াজ ইত্যাদিৰে সজাই ভাত বা ৰুটিৰ লগত পৰিবেশন কৰিব পাৰে।

কলডিল

বিহুত বা ব’হাগত খাব লগা সামগ্ৰীৰ ভিতৰত কলডিল উল্লেখযোগ্য। ই আয়ডিনৰ ভাণ্ডাৰ। পাৰ মাংস আৰু কলডিলৰ জালুকীয়া ভাজি অধিক জনপ্ৰিয় যদিও নিৰামিষ আৰু আমিষ দুয়ো ধৰণেৰে কলডিলৰ ভাজি বা তৰকাৰি বনাব পাৰি। কলডিল পুৰি তৰকাৰি বনালে তাৰ এটা অনন্য সোৱাদ পোৱা যায়। পোৰা কলডিলৰ তৰকাৰিৰ বাবে প্ৰয়োজনীয় সামগ্ৰী হ’ল—পোৰা কলডিল, টুকুৰা কৰা আলু, জিৰা, ধনিয়া আৰু কাশ্মিৰী জলকীয়া গুড়ি, আদা-নহৰু-পিঁয়াজ বটা, গৰম মছলা গুড়ি, বেচনৰ ঘোল, বিস্কুটৰ গুড়ি।

ৰন্ধন প্ৰণালী

প্ৰথমে পোৰা কলডিল, টুকুৰা কৰি কাটি ল’ব লাগে। পাহবোৰ যাতে খোল খাই যাব নোৱাৰে তাৰ বাবে টুথপিকেৰে খুঁচি ৰাখিব পাৰে। কেৰাহিত তেল গৰম কৰি টুকুৰাবোৰ বেচনৰ ঘোলত ডুবাই বিস্কুটৰ গুড়িত লেটিয়াই ভাজি উঠাই ৰাখিব লাগে। ডিমৰ ঘোলত লেটিয়াইয়ো টুকুৰাবোৰ ভাজিব পাৰে। অন্য এটা কেৰাহিত তেল গৰম কৰি গোটা জিৰা, তেজপাত, গোটা গৰম মছলাৰে ফোৰণ দি আদা-নহৰু-পিঁয়াজ বটা দি ভালদৰে ভাজি টুকুৰা কৰা আলুখিনি ৰঙচুৱা হোৱালৈকে ভাজিব লাগে। সামান্য পানী ছটিয়াই জিৰা, জালুক, ধনিয়া আৰু জলকীয়া গুড়ি দি সিজিবলৈ দিব পাৰে। জোলৰ বাবে প্ৰয়োজনীয় পানী আৰু আন্দাজমতে নিমখ দি ভালদৰে উতলিলে কলডিলৰ টুকুৰাবোৰ দি পুনৰ উতলাব লাগে। নমোৱাৰ আগতে গৰম মছলাৰ গুড়ি দি ধনিয়া পাত বা পদিনা পাতেৰে সজাই পৰিবেশন কৰিব পাৰে। ইচ্ছা কৰিলে সিজোৱা ডিমৰ টুকুৰা, তিয়ঁহ, গাজৰ, বিলাহী, পিঁয়াজ ইত্যাদি সামগ্ৰীৰে সজাই পৰিবেশন কৰিব পাৰে।

কচুশাক

কচুশাক টেঙা, জলা, ভাজি, জোল, মাছৰ সৈতে জালুকীয়া তৰকাৰি আদি ভিন্ন স্বাদৰ সোৱাদ ল’ব পাৰি যদিও ব’হাগ মাহত নতুনকৈ ওলোৱা কচুথোৰ পাতত দি বেলেগ এটা জুতি ল’ব পাৰি। কথাতেই কয়-‘ কচু খাবা ওলাওঁতে, কচু খাবা সোমাওঁতে ’। পাতত দিয়া কচুৰ বাবে প্ৰয়োজনীয় সামগ্ৰী হ’ল চোঁচ গুচাই পৰিষ্কাৰকৈ ধুই লোৱা কচুথোৰ, কলপাত, কেইকোঁহমান নহৰু, সুবিধা অনুসৰি লাই, পালেং, মছন্দৰী, মান ধনিয়াৰ কোমল পাত, মিহিকৈ কটা পিঁয়াজ, কেঁচা জলকীয়া, নিমখ, মিঠাতেল, আমটেঙা, টেঙামৰা, মধুসোলেং বা যিকোনো টেঙা।

ৰন্ধন প্ৰণালী

কলপাত পৰিষ্কাৰ কৰি জুইত লেৰেলাই ল’ব লাগে। তাতে কচুথোৰ আৰু অন্যান্য সামগ্ৰীখিনি দি ভালদৰে মেৰিয়াই কল ঠৰুৱা ৰচীৰে বান্ধি আঙঠাত সুমুৱাই সিজিলে উলিয়াই আনিব লাগে। এখন কলপাত বা থালত সামগ্ৰীখিনি উলিয়াই নিমখ-তেল দি পিটিকি ভাতৰ লগত পৰিবেশন কৰিব পাৰে। জুইৰ সুবিধা নথকাসকলে তাৱা বা কেৰাহি গৰম কৰি তাত কচুৰ টোপোলা সিজাব পাৰে।

হাঁহ কণী

কণীক উৰ্বৰা শক্তিৰ প্ৰতীক হিচাপে বিবেচনা কৰি মাঘ বিহু আৰু ব’হাগ বিহুত খোৱা হয় আৰু কণী যুঁজ পতা হয়। কণীৰ আমলেট আৰু বিভিন্ন তৰকাৰি বনাব পাৰি যদিও হাঁহ কণীৰ সৈতে খৰিচাৰ ভাজি বেলেগ জুতিলগা। ইয়াৰবাবে প্ৰয়োজনীয় সামগ্ৰী হ’ল—হাঁহ কণী, খৰিচা, মিহিকৈ কুটা পিঁয়াজ, কেঁচা জলকীয়া, নিমখ, হালধি, তেল।

ৰন্ধন প্ৰণালী

কেৰাহিত তেল গৰম কৰি সামান্য মেথিৰ ফোৰণ দিব লাগে। তাতে মিহিকৈ কুটা পিঁয়াজ দি ৰঙচুৱাকৈ ভাজিব লাগে। খৰিচা সামান্য চেপি পিঁয়াজৰ লগত মিহলাই শুকান কৰিব লাগে। তাতে হাঁহকণী ভাজি দি নিমখ-হালধি আৰু কেঁচা জলকীয়া দি ভালদৰে মিহলাই মুকলিকৈ কেৰাহিত মেলি দিব লাগে জৰজৰীয়া হ’বলৈ। ইচ্ছা কৰিলে ধনিয়া পাত দিব পাৰে। ভাতৰ লগত গৰমে গৰমে খাবলৈ বিশেষ সোৱাদ লগা হয়।

পদিনা

পদিনা এবিধ ঔষধি গুণসম্পন্ন শাক। এই শাক মিশ্ৰিত শাকৰ লগত কণবিলাহীৰ সৈতে ভাজি, আলু-বিলাহীৰ সৈতে মাছৰ টেঙা ইত্যাদি বিভিন্ন জুতিলগা সামগ্ৰী প্ৰস্তুত কৰিলেও পদিনাৰ চাট্‌নি আটাইতকৈ জনপ্ৰিয়। ইয়াক ভাত, ৰুটি, পৰঠা, পকৰী, চপ সকলোৰে লগত পৰিবেশন কৰিব পাৰি। পদিনাৰ চাটনিৰ বাবে প্ৰয়োজনীয় সামগ্ৰী হ’ল – ঠাৰি গুচাই লোৱা পদিনা পাত, মান ধনিয়া বা সাধাৰণ ধনিয়া, পিঁয়াজ, নহৰু, সামান্য আদা, কেঁচা জলকীয়া, আমটেঙা, তেঁতেলি, নেমু বা যিকোনো টেঙা (প্ৰত্যেকৰে সোৱাদ বেলেগ), গুড় বা চেনি ।

প্ৰস্তুত প্ৰণালী

চাটনিৰ বাবে গোটাই লোৱা সকলো সামগ্ৰী মিক্সিত বা পটাত বটিলেই পদিনাৰ চাটনি তৈয়াৰ হয়। টেঙাৰ প্ৰকাৰ অনুযায়ী চাটনিৰ জুতি বেলেগ বেলেগ হয়। নেমু দিলে বা চাটনি তৈয়াৰ হোৱাৰ পিছত নেমু চেপি দিলে ৰং ভাল হয়। মিঠাকৈ খাবলৈ ইচ্ছা কৰাসকলে গুড় বা চেনি চাটনি পিহাৰ সময়ত দিব পাৰে।

দৈ পঁইতা

মানুহ বিহুৰ দিনা ঘৰৰ গৃহিণীগৰাকীয়ে সৰহকৈ ভাত ৰান্ধি পানী দি ৰাখে। পিছদিনা চেৰা বিহু। সেইদিনা দুপৰীয়া পঁইতা ভাতৰ লগত দৈ আৰু গুড় বা চেনি মিহলি কৰি খাবলৈ দি বিচনীৰে বা দিয়ে। বিশ্বাস কৰা হয় সেইদিনা দৈ পঁইতা খোৱা মানে বছৰটোলৈ জুৰণি আৰু বিচনীৰ বা ল’লে বছৰটোলৈ মগজু ঠাণ্ডা থাকে। অসমীয়া লোকসকলে এই দিনটোৰ আগতে বিচনীৰে বা নলয়।

অসমীয়া সমাজত এনে ধৰণে বিহু উপলক্ষে বিভিন্ন ধৰণৰ জা-জলপান, পিঠা-পনা, লাড়ু, নিৰামিষ আৰু আমিষ দুয়োবিধ খাদ্য খোৱাৰ উপৰিও নিয়ম অনুযায়ী উপৰোক্ত সামগ্ৰীসমূহ খোৱা হয়। আলহী-অতিথি আপ্যায়ন কৰা হয়। উল্লেখযোগ্য যে ৰন্ধন এক কলা। সুন্দৰকৈ ৰান্ধি-বাঢ়ি খুৱাব পৰাটো এগৰাকী মহিলাৰ কৃতিত্ব। বিহুৰ বতৰত সুন্দৰকৈ এসাঁজ ৰান্ধি সজাই-পৰাই খুৱাব পাৰিলে খুওৱাজনৰো ভাল লাগে, খাওঁতায়ো ভাল পায়। খাওঁতাৰ সন্তুষ্টিৰ প্ৰকাশেই পৰিবেশন কৰোঁতাৰ আনন্দ, অৱশ্যেই স্বীকাৰ কৰিব লাগিব সময়ৰ পৰিবৰ্তনৰ প্ৰভাৱ খাদ্য প্ৰণালীতো পৰে।

লেখিকা: দীপালী বেজবৰুৱা, প্ৰিয় সখী

3.06666666667
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top