মূল পৃষ্ঠা / শিক্ষা / অসমৰ সংস্কৃতি / অসমীয়া চহা নাৰীৰ কবিত্ব শক্তিৰ নিৰ্দশন বিয়ানাম
অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

অসমীয়া চহা নাৰীৰ কবিত্ব শক্তিৰ নিৰ্দশন বিয়ানাম

অসমীয়া চহা নাৰীৰ কবিত্ব শক্তিৰ নিৰ্দশন বিয়ানাম

বিয়ানাম অসমৰ লোকসাহিত্যৰ এক সমৃদ্ধশালী পৰম্পৰা। অসমীয়া ভাষীসকলৰ উপৰিও অন্যান্য জনগোষ্ঠীসমূহৰ মাজতো ইয়াৰ পৰম্পৰা প্ৰচলিত। নাৰীমন পুৰুষৰ তুলনাত অধিক আৱেগপ্ৰৱণ আৰু স্পৰ্শকাতৰ হোৱাৰ বাবেই জীৱনৰ দুখ দৈন্যই নাৰীক যিদৰে নিমিষতে বিচলিত কৰে, আমোদ-প্ৰমোদেও সহজে আপ্লুত কৰি তোলে।নাৰীসুলভ কোমলতা আৰু অনুভূতি প্ৰৱণতাৰ বাবেই বিয়া উতসৱৰ বিভিন্ন কাৰ্য ক্ৰমণিকাত বিয়ানামৰ ৰচয়িত্ৰী সকলে স্ব্কীয় কবিত্ব্শক্তিৰে বিধে বিধে গীত ৰচনা কৰি প্ৰতিভাৰ নিদৰ্শন দাঙি ধৰে। এক কথাত ক’বলৈ গ’লে নাৰীমন আৰু নাৰীজীৱনৰ বিচিত্ৰ প্ৰতিফলন ঘতিছে এই বিয়ানামৰ মাজেদি।সত্যেন্দ্ৰনাথ শৰ্মাদেৱৰ ভাষাৰে “দাম্পত্য জীৱনৰ আদৰ্শ, বৰ্-কন্যাৰ ৰূপ-যৌৱন, উলিয়াই দিবলৈ ধৰা কন্যাৰ আসন্ন বিচ্ছেদৰ কাৰণ্য,নাৰীজীৱনৰ আশা-আকাংক্ষা আৰু ঘৰুৱা চিত্ৰ সুন্দৰ প্ৰকাশ বিয়ানামবোৰত লক্ষ্য কৰা যায়” কল্পনা আৰু উপমাৰ নিদৰ্শন এই বিয়ানামবোৰত প্ৰকাশ পায় এনেদৰে---

শৰায়ে শৰায়ে কাঞ্চন ফুল গাঁথিছে
আইদেউৰ খোপালৈ চাই। 
সেউতী পিন্ধিছে মালতী পিন্ধিছে 
পিন্ধিছে খৰিকা জাঁই॥
সেউতীৰ এচাকি মালতী এচাকি 
আৰু চম্পাকলিৰ চাকি। 
মাকে বাপেকে আইদেউক সজাইছে 
একোকে থোৱা নাই বাকী॥ 
বিয়ানামৰ মাজত জিলিকি উঠা নাৰীপ্ৰাণৰ আকৰ্ষণীয়তা আৰু সৌন্দৰ্যপ্ৰিয়তা মন কৰিবলগীয়া। বিয়ানামত ব্ৰক্ষ্মপুত্ৰৰ উপৰিও গংগা-যমুনাৰ উল্লেখো পোৱা যায়। দৰা-কইনাক নোৱাবলৈ পানী তুলিবলৈ যাওঁতে আয়্তীসকলে মধুৰ কল্পনাৰে গায় 
ওলাই আহা শশীপ্ৰভা ৰজাৰ মহাদৈ
শুভক্ষণে যাত্ৰা কৰি জলে আনোগৈ॥
ওলাই আহা দৈৱকী এ যমুনালৈ যাওঁ।
কৃষ্ণক নোৱাব জল দিব মাও॥ 
গংগাত জলে মাগি আনিছে সাদৰী 
ঐ ৰাম, লোৱাহি মাথা দোঁৱাই হে। 
দেখিছোঁ যমূনা ৰিণিকি ৰিণিকি 
ঐ ৰাম্, বৈ আছে কদমৰ তলে হে।
প্ৰকৃতিৰ ৰুপ অনুপম হৈ উঠে যেতিয়া গছ-লতিকা, ফল্-ফুলেৰে জাতিষ্কাৰ হয় বন্-উপবন। স্ব্ভাৱ কবিৰ বৰ্ণনাত সেই ৰুপৰ কল্পনা ফুতি উথে এনেদৰে 
প্ৰথম প্ৰহৰ ৰাত্ৰি ফুলি আছে চম্পা।
উথা ৰাধা গুণৱতী তুলি বান্ধা খোপা। 
দ্বিতীয় প্ৰহৰ ৰাত্ৰি ফুলি আছে তগৰ,
উথা ৰাধা গুণৱতী নধৰিবা জগৰ্॥ 
উক্ত বিয়া নাম টিৰ প্ৰসঙ্গত নিৰ্মলপ্ৰভা বৰদলৈয়ে কৈছে “বিয়ানামক সৰ্বাংগ সুন্দৰ কবিতা বুলি ক’ব পাৰি এই অংশটোক, য’ত আছে প্ৰহৰে প্ৰহৰে ফুলি উঠাৰ চমকপ্ৰদ বৰ্ণনা” । 
সহজ সৰল অনামী মহিলা কবি সকলে এই বিনন্দিয়া প্ৰকৃতিৰ পৰা এপদ দুপদ কৈ অলঙ্কাৰ বুতলাৰ দৰে চিত্ৰসমুহ বুটলি আনি সৌন্দৰ্যপ্ৰিয়তাৰ নিৰ্দশন দিয়ে এনেদৰে 
বাৰীৰ পিছে ফালে কজলা উৰহী 
পাতে তিৰে বিৰে কৰে’ 
‘লাই হালে জালে আবেলি বতাহে 
লফা হালে জালে পাতে’ 
পৰ্বতৰ ঢেকীয়া থোৰালি থোৰালি 
নেখাই বা এৰিব কোনে’ 
তলৰ বিয়া নাম ফাকিতো গাৱলীয়া জীৱনৰ প্ৰাকৃতিক চিত্ৰৰ উপমা মনপৰশা। কল্পনাবিলাসী স্ব্ভাৱ কবিয়ে প্ৰকৃতিৰ সৈতে একাত্ম হোৱাৰ মন্পৰশা বৰ্ণনা দিয়ে এনে দৰে 
আমাৰে আইদেউ নিচেই কুমলীয়া 
যেন কলাপতৰ থুৰি’ , 
ই বিলে আইদেউ সি বোলে আইদেউ 
আইদেউ তিয়ঁহৰ জালি। 
কেলৈ ঘঁহিছা কেতুৰি হালধি 
আপুনি কেতেকী পাহি 
স্নানৰতা কইনাৰ ৰুপ-সৌন্দৰ্য়ৰ অনিৰ্বচনীয় প্ৰ্কাশ প্ৰাকৃতিক সমলৰ উপমাৰে গীতি কবিৰ মুখত শ্ৰুতিমধুৰ হৈ পৰে এনে দৰে 
থুৰি কলাপত স্বৰগে লম্ভিলে 
কঁকালে লম্ভিলে চুলি, 
পাভ মাছ যেন কঁপিব লাগিছে 
বেইতে খোপনি ধৰি। 
আম মলে থোপা থুপি, কদম মলে হালি। 
বেইৰ মাজত পদ্ম জলে, মেঘে ঢালে পানী॥ 
বিয়ানাম কেৱল যে কইনাৰ ৰুপ বৰ্ণনা কৰিয়ে গোৱা হয় এনে নহয় ইয়াত দৰাৰ ৰুপ্-সৌন্দযৰ বৰ্ণনাতো নিখুত কবিত্বৰ পৰিচয় বিৰাজমান
তেলে চিকেমিকায় চিকুণে প্ৰভুদেউ 
ঐৰাম গলে চিকেমিকায় মণিহে,
মুঠিৰে ভিতৰত কিহে চিকেমিকায় 
ঐ ৰাম হেঙুল হাইতালৰ ফণিহে। 
ডিমৰীয়া অঞ্চলত দৰা নোৱাবলৈ লওঁতে আয়তীসকলে গোৱা দেখাযায় এনেদৰে 
ওলাই আহা ৰমচন্দ্ৰ 
এ হে দুৱাৰ দলি বাজে (জয় গোবিন্দ ৰাম ) 
ঘৰতে নোৱাব মাৱে 
এ হে নকৰিবা লাজে (জয় গোবিন্দ ৰাম্) 
সধাৰণতে গা ধুই আহি প্ৰায়ে ঘৰৰ ছোৱালী বিলাকে মাকক খতি ধৰে কি পিন্ধিব কি কৰিব কাৰণ এজনী ছোৱালী প্ৰথম বন্ধু মাক বিশেষ কৈ ঘৰৰ চাৰিবেৰৰ মজত বিয়াৰ দিনাও তাৰ ব্যতিক্ৰম নহয় বুলিয়েই কইনাৰ মনৰ কথা নামতিৰ নামৰ মাজেৰে প্ৰকাশ পায় এনেদৰে 
গা ধুই আহিয়ে আইদেউৱে মাকক সুধিলে 
ঐ ৰাম কি সাজ সলাব পায়্হে । 
মাকৰ উত্তৰ আকৌ আয়্তীয়ে দিয়ে এইদৰে 
ছাঁতে শুকুৱা মুঠিতে লুকুৱা 
ঐ ৰা সেই সাজ সলাব পায়হে। 
কইনাৰ ৰুপৰ বৰ্ণনা গীতৰ মাজেৰে দিয়ে এই দৰে 
গাধুই আইদেৱে বৰণে সলালে
ঐ ৰাম হালধি চৰিলে অতিহে 
স্নানো কৰিলে বস্ত্ৰও পিন্ধিলে 
ঐ ৰাম উৰি যাওঁ উৰি যাও কৰে হে।

 

ৰুপ-সৌন্দৰ্যৰ বৰ্ণনা কৰোঁতে অনুভৱৰ গভীৰতা আৰু প্ৰকাশভঙীৰ আন্তৰিকতাই বিয়ানামক শ্ৰেষ্ঠ কবিতাৰ শাৰীলৈ উন্নীত কৰাইছে। উদাহৰণস্বৰুপে সদ্যস্নাতা কইনাৰ কপালত জিলিকি উঠা সেন্দুৰৰ ফোটটিকে পুৱাৰ সুৰুয আৰু শিৰৰ ৰেখাক সেন্দুৰীয়া আলি ৰুপে কৰা কল্পনাই কবিতাৰ ৰুপ লৈছে এনেদৰে 
কেতেকী পহীয়া আমাৰে আইদেউ 
ভোমোৰা কলীয়া চুলি, 
শিৰতে জিলিকিল সেন্দুৰীয়া আলি 
কপালত জিলিকিল বেলি। 
বিয়াৰ লগত অলংকাৰৰ সম্ব্ন্ধ এটা মুদ্ৰাৰ ইপিঠি সিপিঠি, আৰু অলংকাৰ প্ৰীতি নাৰীৰ অন্যতম চৰিত্ৰ। সেয়েহে অলংকাৰৰ বৰ্ণনাত আয়্তীৰ কবিত্ব গুণৰ ৰেঙনিপোৱা যায়। দৰা ঘৰৰ পৰা জোৰণ পিন্ধাবলৈ সাজ-পাৰ, আ-অলংকাৰ আৰু প্ৰসাধন সামগ্ৰীৰে ভৰা শৰাই দিওঁতে নামতীয়ে গায় 
ৰমৰে ঘৰৰে আয়ে অলংকাৰে 
আনিছোঁ শৰাই ভৰাই। 
ভিতৰে বহি কি কৰা জানেকী 
লোৱাঁহি মাথা দোঁৱাই॥ 
আৰু কি কি সামগ্ৰী আনিছে তাৰ মনোৰম বৰ্ণনাতো ফুতি উঠে চহা মহিলাৰ গুণৰ চমতকাৰিত্য 
খাৰু লওকে কুণ্ডল সাতেসৰী। 
তেল সেন্দুৰ ফণি কাকৈ লওকে শৰাই ভৰি॥ 
পাটৰ লওকে মুগাৰ লওকে আৰু মেজাংকৰী 
ভাৰ পাছি সজাই লওকে অতি যতন কৰি। 
অলংকাৰ পৰিধান কৰি কইনাৰ সৌন্দৰ্য আয়্তীৰ বিয়ানমত এনেদৰে প্ৰকাশ পায় 
আইদেউৰে গালৈকে চাবকে নোৱাৰি, 
হীৰা কি মুকুতা জ্বলে ধৰিব নোৱাৰি। 
সৰ্ব অলংকাৰে সৰ্বাঙ্গে তুলিছে 
নেপুৰে ধৰিছে তুলি; 
অনিৰুদ্ধ কুমাৰে ধনুশৰ ধৰিছে
কোনোবাই হৰিব বুলি। 
কোনো এক যৌৱনউদ্দীপ্তা গাভৰু কইনা সাজাৰে সজ্বিতা হৈ চালে চকুৰোৱা ৰুপৰ আধিকাৰীনী হয়। এই সৌন্দৰ্যৰ সাৰ্থকতাৰ বাবে কোনো এক উপযুক্ত পাত্ৰ পোৱাৰ নাৰীৰ গোপন হাবিয়াস বিয়ানামৰ দ্বাৰা আয়্তীসকলে প্ৰকাশ কৰে;
পাটীত বহি ৰুক্মিণীয়ে মাটিত মঙ্গল চায়্।
কেতিয়া আহিব কৃষ্ণ সোণৰ বাংশী বায়্॥
পাটীত বহি ৰুক্মিণীয়ে মনে মনে গুণে
কৃষ্ণ আহিছে বুলি কাণ পাতি শুনে॥
বিয়া বুলিলে এফালে যেনেদৰে মিলনৰ আনন্দ তেনেদৰে তেনেদৰে আনফালে দেখাপোৱা যায় বিচ্ছেদৰ কাৰুণ্য। নাৰীমনৰ মৰ্মভেদী ব্যাথা ব্যক্ত কৰিছে কোনোবা অনামী সৰল প্ৰাণা ৰচয়িত্ৰীয়ে এনেদৰে
‘জীয়ৰী নামেৰে জনম নধৰিবা 
গৰ্ভতো নিদিবা ঠাই।‘ 
সচাকৈ মাক দেউতাকৰ বুকুৰ উমত ডাঙৰ হোৱা গৰ্ভস্থ সন্তান এটিক পৰৰ ঘৰলৈ উলিয়াই দিয়াৰ কাৰুণ্য সহিবলৈ কঠিন। এই হৃদয় বিদাৰক সত্য ব্যক্ত কৰে মহিলা কবিয়ে এনেদৰে 
কেলৈ কুটিলা চুমৈকৈ পচলা 
লোকে বাটি ভৰাই খাব,
কেলৈ তুলিলা ৰুপহী জীয়েৰক 
লোকে বনে কৰাই খাব। 
কিন্তু অতি দুখৰ কথা যে ঘৰখনে ইছা কৰিলেও এজনী ছোৱালীক ঘৰত বিয়া নিদিয়াকৈ ৰাখি থব নোৱাৰে।বুকুৰ আক্ষেপ প্ৰকাশ পায় বিয়া নামত এনেদৰে 
চাউল চালিবৰে ৰুপহী চালনী
বহি জাৰিবলৈ কুলা, 
জীয়ৰী ধনেৰে কিনো দৌল সাজিবা
উৰি যায় শিমলু তুলা। 
এটা স্বাস্ব্ত সত্য, জীৱনৰ বাত কেতিয়াও সহজ নহয়্। বহুত দুখ আৰু অলপ সুখৰ সমাহাৰেই জীৱন।জীৱনৰ দুখ আৰু সুখ নেওচি বাত বুলুতে এই সত্যই সন্মুখত দেখাদিয়ে। অনুভৱৰ গভীৰতাই আৰু কবিতাৰ লালিত্যই তেনে সত্যক গীতলৈ ৰুপান্তৰিত কৰে ... 
আইদেউৰ মজিয়াতে কোনে উমলিব 
কৰ্ছন চৰাইৰে পাখি,
আন্ধাৰি মজিয়াত পোহৰাই আছিলা 
ৰামে লৈ যাব আজি। 
মাতৃ হৃদয়ৰ ব্যাথা-বেদনা মূৰ্ত প্ৰকাশ আৰু পুৰুশৰ ওপৰত অভিমান প্ৰকাশ পায়ইছে বিয়ানমত এনেদৰে 
মাৰে তুলিলে কতনা দুখেৰে 
লোকৰ ঢাপৰ কচু খাই,
বাপেৰ বিলনীয়া বিলাই পঠিয়ালে 
লোকৰ কটা তামোল খাই॥ 
কইনা বিদাইৰ প্ৰাকমুহূত্তৰ্তত কইনা ঘৰত এক শোকাকুল পৰিবেশৰ সৃষ্টি হয় আৰু তাতে এনে ধৰণৰ কৰুণ গীত বোৰে পৰিবেশ আৰু গম্ভীৰ কৰি তোলে 
কালি এতেবেলি আছিলা আইদেউ 
মাৰাৰ পালেঙত শুই 
আজি এতেবলি যাবলৈ ওলালা 
অৰণ্যত লগালা জুই। 
অসমীয়া যুৱতীৰ তাতৰ লগত এক নিৱিৰ সম্পৰ্ক, গতিকে বিদাইৰ মুহূৰ্তত ঘৰ খনৰ লগতে যেন তাত্শাল খনেও উচুপে তাকে কল্পনা কৰি মহিলা গীতিকবিৰ ৰচনা 
বৰঘৰত কান্দিলে মাকে বাপেকে 
মাৰলত কান্দিলে ভনী, 
বাৰীৰ পিছ্ফালে কান্দে তাঁতৰ শালে 
আইদেউক বিয়া দিবৰ শুনি। 
প্ৰফুল্লদত্ত গোস্বামী দেৱৰ মতে 
“The namati’s genius is revealed most when she has to give expression to the atmosphere of sadness that prevails when the dear girl is to be parted with and taken away” 
ত্যাগৰ মনোভাৱেৰে এজনী যুৱতী স্বামী গৃহত যাতে সকলোৰে প্ৰিয় হব পাৰে তাৰো উপদেশ দিয়ে বিয়ানামে , নাৰী প্ৰাণৰ মহীয়্সী ৰুপ প্ৰকশ হয় তেতিয়াই যেতিয়া এই ত্যাগৰ মন্ত্ৰ নিৰ্গত হয় কোমল কণ্ঠেৰে .. 
শহুৰক মানিবা দেউতাৰৰ দৰে,
শাহুআইক দেখিবা মাৰৰ দৰে।
দেওৰক যাচিবা ভাইটিৰ মৰম্,
ননদক কৰিবা ভনীটিৰ মৰম্।
আলহী অতিথিক সুধিবা সদায়,
চেনেহৰ মাত যেন আটায়ে পায়্।
যতনে কৰিবা বোৱাৰী-বন্;
সেয়েহে জনিবা নাৰীৰ ধৰম্।
এজনী ছোৱালী যাতে নিজৰ ঘৰৰ পৰা নতুন এখন ঘৰ নতুন এটা পৰিবেশ আৰু কিছুমান নতুন মানুহৰ নতুন আচাৰ ব্যহাৰৰ লগত যেন খাপ খাবগৈ পাৰে, তৰে মনক প্ৰবিধ দি আয়্তী আশ্ব্স্ত হয় এনেদেৰে 
সোণাৰীৰ শালতে নিতৌ চিকেমিকায় 
আদেউৰ হাতৰে খাৰু;
চিন্তা নকৰিবা আমাৰে আইদেউ 
হ’বাগৈ আলাসৰ লাৰু। 
ঘৰৰ আজলী ছোৱালী জনীক নি দৰাই যাতে কোনো কষ্ট নিদিয়ে তাৰবাবে নামতীয়ে দৰাক অনুৰুধ কৰে নামৰ মাজেৰে আৰু দৰাই সুধিব লগা প্ৰশ্ন আয়্তীয়ে সোধে নামৰ মাজেৰে এনেদৰে
চোতালৰে পৰা সোধে জোঁৱাই ল’ৰা 
আইদেৱে কি বন পাৰে? 
প্ৰশ্নৰ উত্তৰো নামতীয়ে দিয়ে এনেদৰে
শৰাইত গুৱা কাটে তাঁতত হালে জালে 
আইদেৱে সেই বন পাৰে। 
শুকান পিঠাগুৰি চালিব নোৱাৰে 
হাতত পানী জোলা বান্ধে, 
লোকৰ বৰে কথা শুনিব নোৱাৰে 
উচুপি উচুপি কান্দে। 
গাৱলীয়া সহজ সৰল জীৱনৰ পঙ্কিল জীৱন পথত জগতৰ সম্পৰ্কে নাৰীয়ে যি সত্যৰ সম্ভেদ তাকে নাৰীমনৰ উপলব্ধি আৰু প্ৰাকাশৰ আন্তৰিকতাই সেই সত্যক অপূৰ্ব কবিত্ব শক্তিলৈ ৰুপান্তৰিত কৰিছে। অসমীয়া নাৰীৰ সমূহিক আবেগ আৰু অনুভুতিৰ অবিমিশ্ৰ প্ৰকাশ এই বিয়া নামসমুহ অসমীয়া লোকসহিত্যৰ অমূল্য সম্পদ্। কিন্তু এই খিনিতে দুখেৰে কব লাগিব য়ে সময়ৰ সোঁতত যেন আমাৰ এই গীত সমূহ হেৰাই যাব ধৰিছে। আজিকালি আধুনিক শিক্ষাৰে শিক্ষিত ছোৱালীবিলাকে বিয়া নাম নাগায়। বিয়ালৈ চাদৰ-মেখেলা পিন্ধিও নাযায়্। তাৰ সলনি তেওঁলোক আধুনিক সাজ পোছাকেৰে গৈ কইনাৰ লগত ধেমালি কৰে। প্ৰম্পৰাগত বিয়ানম আজি আধুনিক কেছেটত বাদ্যযন্ত্ৰ সহকাৰে বাণীবদ্ধ হ’ল্। বিয়ানামৰ বাণীবদ্ধ ৰুপত ছোৱালীবিলাকে আনন্দ লভে আৰু দৰা-কইনাও তাৰ পৰা বঞ্চিত নহয়্। কিন্তু সেই বিয়ানামে দাম্পত্য জীৱনৰ শিক্ষা প্ৰদানৰ সলনি আনন্দহে প্ৰদান কৰে ।

সহায়ক গ্ৰন্থ 
অসমীয়া লোকসাহিত্যৰ ৰহঘৰা। 
অসমীয়া লোকসাহিত্য্। 
অসমীয়া সহিত্যৰ ৰুপৰেখা
লোক সংস্কৃতি

যুগুতালে: পলাশ জ্যোতি ভৰালী

2.93103448276
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top