মূল পৃষ্ঠা / শিক্ষা / অসমৰ সংস্কৃতি / অসমীয়া জাতি আৰু সংস্কৃতিৰ বিশেষ প্ৰতীক জাপি
অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

অসমীয়া জাতি আৰু সংস্কৃতিৰ বিশেষ প্ৰতীক জাপি

অসমীয়া জাতি আৰু সংস্কৃতিৰ বিশেষ প্ৰতীক জাপিৰ বিষয়ে লিখা হৈছে

অসমীয়া সংস্কৃতিৰ বাহক, অসমীয়া জাতি আৰু সংস্কৃতিৰ বিশেষ প্ৰতীকৰুপে জাপি সর্বজনবিদিত। জাপি হৈছে বাঁহৰ কাঠী আৰু টকৌ পাতেৰে সজা মাজত টুপ থকা ছাতিৰ সলনি ব্যৱহাৰ কৰা এবিধ ঘূৰণীয়া যতন । অতীজত মূলতঃ ৰ’দ-বৰষুণৰ পৰা ৰক্ষা পাবৰ বাবেই জাপিৰ ব্যৱহাৰ হৈছিল যদিও অসমীয়া সমাজত জাপিৰ এক বিশিষ্ট স্থান আছে; অসমৰ লোক-কলাৰ এক অনুপম চানেকীৰূপেও জাপিয়ে স্বীকৃতি লাভ কৰিছে । চীন দেশত পোনপ্ৰথমে আত্মপ্ৰকাশ কৰা জাপিৰ প্ৰচলন অহোম ৰাজত্বৰ সময়ৰে পৰা অসমত আৰম্ভ হয় । পুৰণি অসমীয়া সমাজত জাপি আছিল সন্মান আৰু আভিজাত্য প্ৰতীক । অ’লৈ-ত’লৈ যোৱাৰ সময়ত সম্ভ্ৰান্ত অসমীয়া মহিলাৰ আবুৰ আৰু আভিজাত্য ৰক্ষাৰ নিমিত্তে জাপিৰ ব্যৱহাৰ হোৱাৰ কথা জনা যায় । একেদৰে ৰজা ডা-ডাঙৰীয়া আৰু সত্ৰাধিকাৰসকল ভ্ৰমণলৈ যাওঁতেও জাপি ধৰি যোৱাৰ নিয়ম আছিল । ৰূপসজ্জা তথা ব্যৱহাৰৰ ফালৰ পৰা জাপিৰ সুকীয়া সুকীয়া নাম আছে । নামবোৰৰ পৰাই জাপিৰ ৰূপসজ্জা, গঠনৰ আৰু ব্যৱহাৰৰ আভাস পাব পাৰি । যেনেঃ গৰখীয়া জাপি, পানী জাপি, বনুৱা জাপি, হালোৱা জাপি, উকা জাপি, ফুলাম জাপি, টকৌ গছৰ পাত, বাঁহ-বেতেৰে সজা পদুমীয়া জাপি, সৰুদৈয়া জাপি, বৰজাপি আদি । বাৰেৰহণীয়া সূতাৰে নির্মিত গুণা, সোণৰ গুণাৰে বুটা বাছি নির্মাণ কৰা জাপি আছিল আহোম ৰাজবিষয়াসকলৰ পদমর্যাদা অনুসৰি পোৱা সাজ-সজ্জাৰো অন্তর্ভুক্ত সামগ্ৰী । বিয়া আদিৰ দৰে মাংগলিক উত্সৱতো জাপিৰ এক বিশেষ ভূমিকা আছিল । আজিকালি অৱশ্যে জাপিৰ ব্যৱহাৰ কমি আহিছে যদিও গৃহশোভাৰ উপকৰণ হিচাপে, সন্মানীয় উপহাৰ হিচাপে আৰু তোৰণ আদি সজাৰ কামত ইয়াৰ বহুল ব্যৱহাৰ হৈ আহিছে । কামৰুপ জিলাৰ ঠাই বিশেষ আৰু তেজপুৰ আকর্ষণীয় ফুলাম জাপি নির্মাণৰ বাবে প্ৰখ্যাত । জাপি-সংশ্লিষ্ট এক নৃত্যইও (জাপি নৃত্য) অসমত জনপ্ৰিয়তা অর্জন কৰিছে । গাঁৱৰ খেতিয়কসকলৰ মাজত সৰু উকা জাপিৰ প্ৰচলন আজিও আছে ।এই জাপিৰ বিষয়েই আমি আমাৰ পাঠকসকলক জনাব বিচাৰিছো৷ আমাৰ অসমত আমি জাপি বুলি ক’লে সাধাৰণতে নলবাৰীৰ জাপিৰ কথাহে জানো৷ সৰু সৰু জাপিবোৰ তাত ৰঙা-সেউজীয়া কাপোৰ লগোৱা জাপিবোৰ৷ কিন্তু আমি আজি আপোনালোকক জনাম এই নলবাৰীৰ নহয়, গোলাঘাটৰ এখন গাৱৰ কথা য’ত গাৱঁখনৰ প্ৰায় সকলোয়েই এই শিল্পৰ লগত জড়িত৷ আমি নলবাৰীৰ কথা সকলোয়ে জানো৷ কিন্তু গোলাঘাটৰ এই গাৱখনৰ লোকসকলে নিৰবে- এই সাধনা কৰি আহিছে প্ৰায় তিনিপুৰুষ ধৰি৷ গাঁৱখনৰ লোকসকলে প্ৰধানকৈ উকা জাপি বনাই দুটা বেলেগ বেলেগ জোখৰ৷ গৰখীয়া বা হালোৱাৰ কাৰণে বনোৱা জাপিটো অলপ বেচি বহল- ডাঙৰ আৰু ৰোৱনীৰ কাৰণে বনোৱা জাপিটো অলপ সৰু৷

গোলাঘাটৰ শ্ৰী অপুৰ্ব বল্লভ গোস্বামীদা আৰু মই গৈছিলো গোলাঘাটৰ নাহৰণি খাট গাৱলৈ, পণ্ডিত হেমচন্দ্ৰ গোস্বামী পথৰ পৰা মাত্ৰ চাৰি কিল’মিটাৰ ভিতৰত৷ আমাক বাট দেখুৱাই লৈ গৈছিল ছাইফুল হুছেইনদাই৷ এই নাহৰণি গাঁওত প্ৰায় ৫০-৬০ ঘৰ মানুহ এই জাপি শিল্পৰ লগত জড়িত৷ আমি দেখিবলৈ পাইছিলো এই গাঁওখনত হিন্দু – মুছলিমৰ সম্প্ৰীতিৰ বান্ধোন, এক ধৰণৰ ভাতৃত্ববোধ৷ ইয়াত হিন্দু কৈৱৰ্তসকল আৰু মুছলিমসকলে একেলগে বসবাস কৰিছিলে৷ গাৱঁখনৰ সকলোকে লগ কৰা সম্ভৱ নহয় কাৰণেই আমি লগ কৰিছিলো হৰেণ দাসক৷ দাসৰ বৰ্তমান তেওঁৰ পত্নী আৰু সৰু লৰাটোৰে সৈতে তিনিজনীয়া সংসাৰ৷ তেওঁৰ দেউতাক প্ৰদীপ আৰু ককাক ক’লাপানী দাস, ক্ৰমে তিনি পুৰুষ এই জাপি শিল্পৰ লগতে জড়িত৷ আৰু বৰ্তমান তেওঁৰ পত্নী তিতাবৰৰ জীয়ৰি শ্ৰী মতী লুলুমাই দাসও স্বামীৰ সহায়কাৰী ৰূপে এই শিল্পৰ লগত জড়িত৷ গোস্বামীদাই তেওঁলোকক সুধিছিলে কেনেকৈ, কি দৰে তেওঁলোক এই ব্যৱসায়ৰ লগত জড়িত; দিনে কিমান বনাব পাৰে, বছৰত কিমান বনাই, জাপিৰ কাৰণে প্ৰয়োজন হোৱা বাহঁ, বেত, টকৌ পাত সমুহ ক’ৰ পৰা যোগান পায় ইত্যাদি বিভিন্ন প্ৰশ্ন৷ ছাইফুল হুছেইনে আমাক সঠিক উত্তৰবোৰ বিচাৰিলোৱাত সহায় কৰিছিলে৷
তেওঁলোকে কৈ যোৱাৰ লগতে, আমাক হাতে কামে জাপি কেনেদৰে বনাই সেইয়াও দেখুৱাইছিলে৷ তেওঁলোকে কৈ গৈছিল, “আমি সৰুৰে পৰাই এইদৰে জাপি বনাই আহিছো৷ আমাৰ ককাই বনাইছিলে, আমাৰ দেউতাই বনাইছিলে, এতিয়া মই বনাইছো৷ নাজানো আৰু আমাৰ লৰা-ছোৱালীয়ে জাপি বনাবনে নাই৷ আমি দিনে ১০ টা মান জাপি বনাও তিনি-চাৰিজনে লগ লাগি৷ এই তিনি-চাৰিজনৰ মাজত মোৰ শ্ৰীমতীও আছে৷ তেওঁও আমাৰ লগতে সমানে সহায় কৰে৷ আমি সৰু থাকোতে জাপি বনাবলে দৰকাৰ হোৱা টকৌ পাত ওচৰতে পাইছিলো৷ আমাৰ এইবিলাকতে আছিলে৷ এতিয়া আমি যোৰহাট পানীচকুৱাৰ পৰা আনিব লাগে খনে চাৰিটকাকৈ ৷ আৰু সেই পাতটো যদি আমি ইয়াতে কিনো আমি দিব লাগে আঁঠ টকা৷ সেইদৰে বাঁহো ঘৰৰে আছিলে এতিয়া কেতিয়াবা কিনিব লাগে৷ বেত ও কিনিব লাগে৷ আগতে বস্তুৰ দাম কম আছিল, জাপিও বেছি বিক্ৰি হৈছিল৷ এতিয়া বস্তুৰ দামও বাঢ়িলে, জাপিও কম বিক্ৰি হয়৷ জাপিনো কিনিব কোনে, আজিকালি মানুহবোৰে খেতিয়ে নকৰে৷ আগৰ লেখিয়াকৈ ৰাইজে খেতিডৰা পাতোতেও আগৰ দৰে হাহিঁ-ফূৰ্টি কৰি নকৰে৷ সবেই গাই-গুটিয়াকে কৰে৷” এইয়া সহজ সৰল ______ দাসৰ বক্তব্য৷
আমি দেখিবলৈ পাইছিলো জাপি বনাবলৈ থকা নিদিষ্ট ঠাইডোখৰত প্ৰায় ৩০ছেঃমিঃ ব্যাসাৰ্ধৰ এটা ফাৰ্মা৷ ফাৰ্মা মানে কেচা মজিয়াখনত কৰি লোৱা এটা মিহি জোঙা ১০ছেঃমিঃ দ’ গাত৷ আমি দেখিবলৈ পাইছিলো, তেওঁলোকে মাজত ত্ৰিংকুশটো দি কিনাৰটো বহল বাঁহ-বেতেৰে বৈ উলিওবা দুখন চালনিৰ দৰে মেলাহি ঢাল ফৰ্মাটোৰ ওপৰত লৈ ল’লে৷ তাৰপাছত এখন আতৰাই লৈ আনখনৰ ওপৰত এফালৰ পৰা মিহিকৈ পানীত টিয়াই লোৱা শুকান টকৌ গছৰ পাত মেলি গ’ল৷ এইদৰে মেলি সম্পুৰ্ণ কৰি তাৰ ওপৰত আনখন ঢাল দি চাৰিওফালে চাৰিওফালে বেজি সুঁতা লৈ গাঁঠি দিবলৈ আৰম্ভ কৰিলে৷ এইদৰে মাজত আৰু কাষত গাঁঠি দিয়াৰ পাছত কাষৰত বেছি দীঘল হৈ থকা পাতবোৰ কাটি দিলে৷ ইতিমধ্যে প্ৰায় সম্পুৰ্ণ হৈ উঠা জাপিটোৰ শেহতীয়া কাৰুকাৰ্য্য হিচাপে পুনৰ ফাৰ্মাটোত বহুৱাই চাৰিওফালে ভৰিৰে গচকিবলৈ আৰম্ভ কৰিলে৷ এইদৰে গচকি তেওঁলোকে অলপ ঠেক হৈ যোৱা জাপিটোক আমি সদায় দেখি থকা আকাৰটো দিলে আৰু ৰ’দত শুকাবলৈ দিলে৷
তেওঁলোকে কৈছিলে যে, বছেৰেকত তেওঁলোকৰ এটা এটা পৰিয়ালে ৫০০-৬০০ তেনেকৈ জাপি বিক্ৰি কৰে৷ তেওঁলোকে কোনো এটা পৰিয়ালে কুঁহিয়াৰ খেতি কৰে, কোনোয়ে নিজৰ বাৰীত চাহগছ লগাইছে, বতৰৰ শাক-পাছলিৰ খেতি কৰিও উপাৰ্জন কৰে, যি সকলৰ দ’-মাটি আছে তেওঁলোকে এতিয়া ধান খেতিও কৰে৷ এইদৰে বেলেগ কামৰ মাজে মাজে সময় উলিয়াই তেওঁলোকে গোটেই বছৰটোয়েই জাপি বনাই ৰাখি থয়৷ আৰু এপ্ৰিল মাহৰ পৰা ছীজন অহা মাত্ৰক বিক্ৰি কৰে৷ ছীজনত তেওঁলোকে দৈনিক ১০টালৈকে জাপি বনাই বুলি আমাক জনাইছিল ৷ আমি ভাৱি চাইছিলো এইদৰে এঘৰ মানুহে ৫০০ টা জাপি বিক্ৰিলে ৫০-৬০ ঘৰ মানুহে বছেৰেকত প্ৰায় ২০-২৫ হেজাৰ জাপিৰ চাহিদা পূৰাই আহিছে সমগ্ৰ অসমতে৷ তেওঁলোকে জনোৱা ম’তে কেতিয়াবা কোনো চাপ্লায়াৰে আহি পাইকাৰী হাৰত সৰহীয়াকৈ জাপিবোৰ লৈ যায়৷ তেতিয়া জাপিৰ চাহিদা বাঢ়ে আৰু তেওঁলোকৰ অলপ সুবিধা হয়৷
কবলৈ গ’লে জাপি খেতিয়কসকলৰ প্ৰধান সম্পদ কেইটাৰ ভিতৰত এবিধ৷ কথাতে আছে – “জাপি, লাঠি, তিয়নি নেৰিবিঐ বিয়নি…” ৷ চৰকাৰেও মাজে সময়ে খেতিয়কক জাপি বিতৰণ কৰাৰ কথা আমি শুনিবলৈ পাওঁ৷ কিন্তু আমি দেখিবলৈ পাইছিলো আমাৰ এই শিল্পটোক বৰ্তাই ৰখা লোকসকল আৰ্থিকভাৱে বৰ টনকীয়াল নাছিল৷ আমি যাৰ ঘৰত বহি বাকী ওচৰৰ পাজৰৰ গাঁওৰ এই শিল্পৰ লগত জড়িত আন সকল লোকক লগ পাইছিলো, সেই হৰেণ দাসৰ অৱস্থা টনকীয়াল নাছিল৷ এই আপুৰুগীয়া শিল্পটো থন ধৰি উঠিবলৈ সহায় কৰাটো বাদেই, এই লোকসকলক চৰকাৰৰ ইন্দিৰা আৱাস যোজনা বা তেনেধৰণৰ চৰকাৰী আঁচনিয়েও চুব পৰা নাই এতিয়ালৈকে৷ গাঁওখনৰ কোনো এটা পৰিয়ালে নিজৰ চেষ্টাৰে অলপ আগবাঢ়িছে যদিও এই শিল্পৰ লগত জড়িত প্ৰায়সকলৰে কোনো ধৰণৰ উন্নতি হোৱা নাই৷ যি সময়ত এই জাপি শিল্পক এটা পৰিকল্পিত উদ্যোগ হিচাপে গঢ়ি তুলি আমি এটা বুজন পৰিমানৰ আৰ্থিক সকাহ পাব পাৰো; সেই তেনে সময়ত আমাৰ কৃষি বিভাগ, উদ্যোগ বিভাগ বা হস্তশিল্প বিভাগ কিয় উদাসীন এই শিল্পৰ প্ৰতি আমি বুজি নাপালো৷ আমি হৰেণ দাসৰ লগত কথা পাতি আৰু গাঁওৰ লগ পোৱা আনসকল প্ৰদিপ দাস, চম্পা দাস, মুহিধৰ দাস, দিলীপ দাস, নগেন দাস, দেৱ দাস, বাবুল দাস, বুধেশ্বৰ দাস ইত্যাদি সকলক লগ পায় ভাৱ হৈছিল এইসকলে আজি কৰি আছে৷ কিন্তু আজি চৰকাৰে যদি কোনো ধৰণৰ সঁহাৰি আগনবঢ়ায়, এওঁলোকৰ ভবিষ্যৎ প্ৰজন্মই এই শিল্পটোক ধৰি থাকিবনে ? আমি যেতিয়া তেওঁলোকৰ লগত কথা পাতি আছিলো, আমাক কৈছিলে যে, “আমি আজিলৈকে কোনো ধৰণৰ সাহাৰ্য্য পোৱা নাই, চৰকাৰ বা কোনো বিভাগৰ সমৰ্থন পোৱা নাই৷ আমাৰ কোনো ধৰণৰ প্ৰচাৰ নাই৷ আমি কি কৰিম এনেকৈ ? আমি কব লগা হৈছিলে যে আমি তেওঁলোকক একো সহায় কৰিব নোৱাৰো৷ গোস্বামীদাই কৈছিলে, আমি যদি কিবা কৰিব পাৰো সেইয়া হৈছে, আমি চৰকাৰক মাত্ৰ অনুৰোধ কৰিব পাৰো আপোনালোকক সহায় কৰিবলৈ৷ তাৰ বাহিৰে একো দিব নোৱাৰো৷ আমি নিজেও একো নাপাওঁ আজি আপোনালোকৰ ওচৰলৈ আহিছো কাৰণে৷ কিন্তু আমি আপোনালোকৰ বিষয়ে প্ৰচাৰ কৰিব বিচাৰো৷ সেই কাৰণেহে আহিছো৷
এইদৰেই আমি তেওঁলোকৰ লগত কিছু কথা পাতি, তেওঁলোক সহজ-সৰল গাওঁবাসীৰ মৰমবোৰ বুকুৰ মাজত লৈ উভতি আহিছিলো৷ আহোঁতেও আমি চিন্তা কৰিছিলো কি কৰিলে এই লোকসকলৰ সহায় হব ?? আমি ভাৱিছিলো একো কৰিব নোৱাৰিব পাৰো কিন্তু আমি এই আলোচনীৰ দ্বাৰাই জনচক্ষুৰ আঁৰত চলি থকা এই নিৰৱ সাধনাক আপোনালোকৰ সন্মুখলৈ উলিয়াই আনিব পাৰো৷ দহজনে গম পাওঁক৷ আমাৰ গোলাঘাট অঞ্চলৰ এই শিল্প হেৰাই নাযাওঁক৷ আমি নাহৰণি খাট কৈৱৰ্ত্ত গাওঁবাসীৰ সকলো ধৰণৰ আৰ্থিক, সামাজিক আৰু মানসিক উন্নতিৰ কামনা কৰিলো৷


উৎস-কৃষক বন্ধু,লেখিকা-শ্ৰী বৰ্ণালী শৰ্মা বৰুৱা, গুৱাহাটী

3.0
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top