মূল পৃষ্ঠা / শিক্ষা / অসমৰ সংস্কৃতি / অসমীয়া জাতীয় জীৱনত মহাপুৰুষ দুজনাৰ অৱদান
অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

অসমীয়া জাতীয় জীৱনত মহাপুৰুষ দুজনাৰ অৱদান

অসমীয়া জাতীয় জীৱনত মহাপুৰুষ দুজনাৰ অৱদান

অসমীয়া সাহিত্য-সংস্কৃতি তথা জাতীয় জীৱনৰ এনে এটা দিশ নাই য'ত শ্ৰীমন্ত শংকৰদেৱ আৰু শ্ৰীমন্ত মাধৱদেৱ গুৰু দুজনাৰ প্ৰভাৱ অনুভূত নহয়৷ শ্ৰীমন্ত শংকৰদেৱৰ ভক্তি-আদৰ্শই পঞ্চদশ-ষোড়শ শতিকাৰ অসমৰ সামাজিক, সাংস্কৃতিক জীৱনত এক প্ৰকাৰ নৱজাগৰণৰ সূচনা কৰিছিল৷ কৃষ্ণভক্তিৰ বাণী আৰু আদৰ্শ সঞ্চাৰিত কৰিবলৈ তেওঁ নিজেও কাব্য, গীত, নাট আদি ৰচনা কৰে আৰু আন আন শিষ্য-প্ৰশিষ্যসকলকো সেই কাৰ্যত ব্ৰতী কৰায়৷

১৪৪৯ চনত মহাপুৰুষ শংকৰদেৱে নগাঁৱৰ আলিপুখুৰী নামে ঠাইত জন্মগ্ৰহণ কৰে৷ তেওঁৰ পিতৃৰ নাম আছিল কুসুম্বৰ ভূঞা আৰু মাতৃ সত্যসন্ধ্যা৷ সৰুতে মাক-দেউতাকৰ মৃত্যু হোৱাত বুঢ়ীমাক খেৰসুতীয়ে তেওঁক তুলি-তালি ডাঙৰ দীঘল কৰে আৰু পঢ়া-শুনা কৰাৰ বাবে  মহেন্দ্ৰ কন্দলীৰ টোলত নাম লগাই দিয়ে৷ শিশুকালৰেপৰা শংকৰদেৱে বহুতো অসাধাৰণ কাম কৰি সকলোকে চমক খুৱাইছিল৷ 'ক' ফলা শিকিয়েই তেওঁ ''কৰতল কমল কমল দল নয়ন'' গীতটি ৰচনা কৰি মেধাশক্তিৰ পৰিচয় দিছিল৷ দহ বছৰ গুৰু-গৃহ মহেন্দ্ৰ কন্দলীৰ টোলত অধ্যয়ন কৰে আৰু শিক্ষা সাং কৰি ঘৰলৈ উভতি আহে৷ ২১ বছৰ বয়সতে তেওঁ সূৰ্যৱতীক বিয়া কৰায়৷ বিয়াৰ তিনি বছৰ পাছত এটি কন্যা (মনু) সন্তান জন্ম দিয়েই সূৰ্যৱতীৰ মৃত্যু ঘটে৷ ৩২ বছৰ বয়সত শংকৰদেৱে প্ৰথমবাৰৰ বাবে তীৰ্থ ভ্ৰমণলৈ ওলায়৷ বাৰ বছৰ কাল তীৰ্থ ভ্ৰণণ কৰি আহি তেওঁ বৈষ্ণৱ ধৰ্ম প্ৰচাৰত মনোযোগ দিয়ে৷ লগতে বৈষ্ণৱ ধৰ্ম প্ৰচাৰৰ বাবে তেওঁ ভালেসংখ্যক গ্ৰন্থ ৰচনা কৰে৷ মহাপুৰুষ শংকৰদেৱে ৰচনা কৰা গ্ৰন্থসমূহক তলত দিয়া ধৰণে ভাগ কৰি আলোচনা কৰিব পাৰি৷

কাব্য : হৰিশ্চন্দ্ৰ উপাখ্যান, ৰুণিী হৰণ কাব্য, বলিছলন, অমৃত মন্থন, অজামিল উপাখ্যান, কুৰুক্ষেত্ৰ

ভক্তিতত্ত্ব প্ৰকাশক গ্ৰন্থ : ভক্তি প্ৰদীপ, ভক্তি ৰত্নাকৰ, নিমি নৱসিদ্ধ সংবাদ, অনাদি পাতন

অনুবাদমূলক : ভাগৱতৰ১ম, ২য়, , ৬ষ্ঠ, ৮ম, ১০ম, ১১শ স্কন্ধ, ১২শ স্কন্ধ আৰু উত্তৰাকাণ্ড ৰামায়ণ

অংকীয়া নাট :  পত্নী প্ৰসাদ, কালি দমন, কেলি গোপাল, ৰুক্মিণী হৰণ, পাৰিজাত হৰণ, ৰাম বিজয়

গীত : বৰগীত, ভটিমা, টোটয় আৰু চপয়

নাম প্ৰসঙ্গমূলক : কীৰ্তন আৰু গুণমালা

শংকৰদেৱৰ দৰে মাধৱদেৱেও অসমীয়া জাতীয় জীৱনলৈ অভূতপূৰ্ব অৱদান আগবঢ়াইছে৷ তেওঁ মহাপুৰুষ শংকৰদেৱৰ প্ৰিয়তম শিষ্য আছিল৷ ১৪৮৯ খ্ৰীঃত বৰ্তমানৰ  উত্তৰ লখিমপুৰৰ নাৰায়ণপুৰত গোবিন্দগিৰি ভূঞা ঔৰসত মনোৰমাৰ গৰ্ভত জন্ম লাভ কৰিছিল৷ জীৱিকাৰ সন্ধানত গোবিন্দগিৰিয়ে বিভিন্ন ঠাই ঘূৰি-ফূৰি পূৰ্বৰ ঠাই  বণ্ডুকালৈ যায় আৰু তাতে ৰাজেন্দ্ৰ অধ্যাপকৰ টোলত মাধৱদেৱক নাম লগাই দিয়ে৷ ৰাজেন্দ্ৰ অধ্যাপকৰ টোলত শিক্ষা গ্ৰহণ কৰি মাধৱদেৱ সৰ্বশাস্ত্ৰ  বিশাৰদ হৈ  উঠে৷ তেওঁ  প্ৰথমাৱস্থাত শক্তি পন্থাত বিশ্বাসী আছিল৷ এবাৰ তেওঁ মাকৰ ৰুগ্নাৱস্থাৰ পৰা হাত সাৰিবলৈ দুৰ্গা গোসাঁনীৰ আগত এটা পঠা ছাগলী বলি দিবলৈ আগ কৰি থৈছিল৷ এই পঠা ছাগলী বিচাৰিবলৈ ভনী-জোঁৱায়েক ৰামদাসক পাচিছিল৷ এই ঘটনা সন্দৰ্ভতে ১৫২২ খ্ৰীঃত তেওঁ ধুঁৱাহাট-বেলগুৰি নামে ঠাইত শংকৰদেৱৰ সৈতে শাস্ত্ৰযুদ্ধত প্ৰবৃত্ত হ'বলগীয়া হৈছিল৷ এই বাক্‌-যুদ্ধতেই শংকৰদেৱৰ যুক্তিৰ ওচৰত সেও মানি তেওঁ শংকৰদেৱৰ শিষ্যত্ব গ্ৰহণ কৰে৷ শংকৰদেৱৰ মহাপ্ৰয়াণৰ আগে আগে গুৰুজনাই  মাধৱদেৱক ধৰ্ম প্ৰচাৰৰ সম্পূৰ্ণ ভাৰ ন্যস্ত কৰিছিল৷ ধৰ্মবস্তু প্ৰসাৰৰ অধিকাৰ লাভ কৰি তেওঁ একান্তভাৱে গুৰুদায়িত্ব পালন কৰিছিল৷ বৰপেটাৰ পাটবাউসী, সুন্দৰীদিয়া আদি ঠাইত থাকি শেষত তেওঁ বৰপেটাত বিখ্যাত 'বৰপেটা সত্ৰ' স্থাপন কৰে৷ তেওঁ জীৱনৰ শেষৰ ফালে কোচৰজা লক্ষ্মীনাৰায়ণৰ  আশ্ৰয়ত কোচবিহাৰত আছিল আৰু ভেলা-মধুপুৰ সত্ৰত থকা অৱস্থাত ১৫৯৬ খ্ৰীঃত মাধৱদেৱে ইহলীলা সম্বৰণ কৰে৷ মাধৱদেৱে নৱ-বৈষ্ণৱ ধৰ্ম প্ৰচাৰ কৰাৰ উপৰি গুৰুৰ আদৰ্শ অনুসৰণ কৰি একশ্ৰেণীৰ উচ্চ পৰ্যায়ৰ সাহিত্য সৃষ্টি কৰি থৈ যায়৷ তেওঁৰ সাহিত্যকৃতিক তলত দিয়া ধৰণে শ্ৰেণীভুক্ত কৰিব পাৰি৷

আখ্যানমূলক ৰচনাঃ  ৰামায়ণৰ আদিকাণ্ড আৰু ৰাজসূয় কাব্য

তত্ত্বমূলক ৰচনাঃ  জন্ম-ৰহস্য, ভক্তি-ৰত্নাৱলী, নামঘোষা আৰু নাম-মালিকা

নাটঃ পূৰ্ণাংগ অংকীয়া শ্ৰেণীৰ নাটঃ অৰ্জুন-ভঞ্জন আৰু ঝুমুৰাঃ চোৰধৰা, পিম্পৰা-গুচোৱা, ভূমি-লেটোৱা আৰু ভোজন-বিহাৰ৷ ওপৰত উল্লেখ কৰা নাটকেইখন মাধৱদেৱৰ ৰচনা বুলি পণ্ডিতসকলে ঠাৱৰ কৰিছে৷ ইয়াৰ উপৰি আনকেইখনমান নাট; যেনে-ৰাস-ঝুমুৰা, কোটোৰা-খেলা, ভূষণ-হৰণ আৰু ব্ৰহ্মামোহনত মাধৱদেৱৰ নাম সংযুক্ত হৈ আছে৷ নানান অন্তৰংগ আৰু বহিৰংগ কাৰণৰ ভিত্তিত এই  নাটকেইখন মাধৱদেৱৰ দ্বাৰা ৰচিত হোৱা নাই  বুলি ভাবিবৰ থল আছে৷

গীত : বৰগীত আৰু ভটিমা

শংকৰদেৱ-মাধৱদেৱৰ আধ্যাত্মিক তথা ভক্তিমূলক ৰচনাৰাজিয়ে অসমীয়া সাহ্যিতৰ বৰঘৰ শুৱনি কৰাৰ লগতে ৰচনাৰাজিৰ সৃষ্টিৰ অন্তৰালত নিহিত হৈ থকা ভক্তি আদৰ্শৰ প্ৰচাৰ আৰু প্ৰসাৰৰ ক্ষেত্ৰত ই অধিক ফলপ্ৰসূ আৰু সুদূৰ প্ৰসাৰী প্ৰভাৱ বিস্তাৰ কৰিবলৈ সক্ষম হৈছে৷ ধৰ্ম প্ৰসাৰৰ ক্ষেত্ৰত শংকৰদেৱ তথা তেওঁৰ অনুগামীসকলে বিভিন্ন সাহিত্যিক সম্ভাৰেৰে হাত উজান দিয়াৰ লগতে সত্ৰ, নামঘৰ প্ৰতিষ্ঠা কৰি অসমীয়া সমাজখন একতাৰ ডোলেৰে বান্ধি ৰাখিবলৈ যত্ন কৰিছিল৷ সেই সময়ৰ সামাজিক আৰু ৰাজনৈতিক পৰিবেশেও শংকৰদেৱক ধৰ্ম প্ৰচাৰৰ বাবে সহায় কৰিছিল৷ বিভিন্ন ৰজাৰ শাসনত সাধাৰণ প্ৰজাৰ সামাজিক মৰ্যাদা হৈ পৰিছিল অতিকে নিম্ন৷ নৱ-বৈষ্ণৱ ধৰ্মৰ সমমৰ্যাদাৰ ধ্বনিয়ে সকলোকে আকৃষ্ট কৰিছিল৷ কাৰণ ধৰ্মীয় মৰ্যাদাই অলপ হ'লেও তেওঁলোকৰ সামাজিক মৰ্যাদাৰ ক্ষোভ প্ৰশমিত কৰে৷ আনহাতে এই সমমৰ্যাদাই সকলোকে একগোট কৰি সম্প্ৰীতিৰ ডোলেৰে বান্ধ খোৱাতো সহায় কৰিলে৷ তদানীন্তন সময়ছোৱাত এক সুস্থ ধৰ্মীয় আদৰ্শৰ অভাব দেখা গৈছিল৷ সকলোৰে মাজত সম্প্ৰীতি, ঐক্য আৰু আধ্যাত্মিক ভাব জগাই তুলিবলৈ এক সহজ সাধন পন্থৰ প্ৰয়োজনীয়তাৰ কথা বিবেচনা কৰি শংকৰদেৱে 'একশৰণ নামধৰ্ম' বা 'নৱ-বৈষ্ণৱ ধৰ্ম'ৰ প্ৰচাৰ কৰে৷ নাম, দেউ, গুৰু, ভকত এই চাৰি তত্ত্বক সাৰথি কৰি ঐকান্তিক বৈষ্ণৱ ভক্তিমাৰ্গৰ প্ৰৱৰ্তন কৰি সুস্থ ধৰ্মীয় আদৰ্শৰে সকলোকে বান্ধি ৰাখে৷ নৱ-বৈষ্ণৱ ধৰ্মৰ প্ৰধান লক্ষণসমূহ সত্যেন্দ্ৰনাথ শৰ্মাদেৱে লিপিবদ্ধ কৰিছে এনেদৰে—

এই ধৰ্ম কৃষ্ণ ভক্তি প্ৰধান৷ ভাগৱত পুৰাণ আৰু গীতা এই মাৰ্গৰ প্ৰধান আৰু আদৰ্শ গ্ৰন্থ৷

শ্ৰৱণ আৰু কীৰ্তনৰ যোগে ভগৱানৰ উপাসনা৷

নানা দেৱ-দেৱীৰ ঠাইত অব্যাভিচাৰী ভক্তিৰ দ্বাৰা বিষুত আশ্ৰয়৷

যাগ-যজ্ঞ, তপস্যা-ব্ৰত আদি কষ্টসাপেক্ষ, ক্রিয়াবহুল সাধন বা উপাসনাৰ অনুপযোগিতা দৰ্শন৷

গুৰু আৰু সৎসংগৰ গভীৰ প্ৰভাৱ৷

ভক্তিৰ ক্ষেত্ৰত ব্ৰাহ্মণ-চণ্ডাল সকলোৰে সম অধিকাৰ৷

এই নীতি আদৰ্শসমূহ সহজভাৱে বুজাই দিয়াৰ লগতে উপাসনা কৰিবলৈ মহাপুৰুষজনাৰ লগতে তেওঁৰ অনুগামী বৈষ্ণৱ সন্তসকলে বিবিধ সাহিত্য উপচাৰেৰে অসমীয়া সাহিত্যৰ ভঁৰাল চহকী কৰি তোলাৰ লগতে অসমীয়া বৈষ্ণৱ সাহিত্য বৰ্ণময় কৰি তোলে৷ ইতিমধ্যে উল্লেখ কৰা হৈছে যে গুৰু দুজনাই সত্ৰ, নামঘৰ প্ৰতিষ্ঠা কৰিছিল৷ সত্ৰ অসমীয়া জাতীয় জীৱনৰ অন্যতম অনুষ্ঠান৷ সৎ লোকক ত্ৰাণ কৰোৱা বা পুণ্যধামলৈ গতি কৰাৰ অৰ্থত সাধাৰণতে 'সত্ৰ' শব্দ ব্যৱহাৰ কৰা হয়৷ যজ্ঞ, ধৰ্মস্থান, দাতব্য, যোগ, সদাব্ৰত আদি অৰ্থতো সত্ৰ শব্দ প্ৰয়োগ কৰা হয়৷ মহাপুৰুষ শংকৰদেৱ অসমৰ সত্ৰানুষ্ঠানৰ প্ৰৱৰ্তক৷ সংগীত আৰু সুকুমাৰ কলাৰ চৰ্চাৰ ক্ষেত্ৰত সত্ৰানুষ্ঠান একক, অনন্য৷ সংগীতৰ ভিতৰত বৰগীত অন্যতম৷ গুৰু দুজনাৰ দ্বাৰা ৰচিত উচ্চ আধ্যাত্মিকভাৱ সম্পন্ন পূৰ্ণাঙ্গ মাৰ্গীয় পৰ্যায়ৰ গীতকে বৰগীত বোলা হয়৷ বৰগীতবোৰ ব্ৰজাৱলী ভাষাত ৰচিত, লগতে ৰাগ-তাল বিশিষ্ট৷ সত্ৰীয়া নৃত্য প্ৰধানকৈ ভাওনাৰ লগত জড়িত৷ সত্ৰীয়া নৃত্যৰ প্ৰথম পৰ্যায়টোক 'মাটি আখৰা' বোলা হয়৷ সত্ৰীয়া নৃত্য মূলতঃ শাস্ত্ৰীয় নৃত্য৷ শংকৰদেৱে এই নৃত্য অসমত সৃষ্টি কৰিছিল৷ ভাওনা মহাপুৰুষ জনাৰ দ্বাৰা সৃষ্ট অন্যতম অনুষ্ঠান৷ শংকৰদেৱৰ আগলৈকে অসমত কোনো নাট্যানুষ্ঠানৰ উল্লেখ পোৱা নাযায়৷ গুৰুজনাই অসমৰ থলুৱা কেতবোৰ নাট্যধৰ্মী অনুষ্ঠান (দেৱদাসী নৃত্য, ওজাপালী, পুতলা নাচ), সৰ্বভাৰতীয় লোকনাট্যধৰ্মী অনুষ্ঠান আৰু সংস্কৃত (ভান আদি) নাটকৰ পৰা উপাদান আহৰণ কৰি অংকীয়া ভাওনা বা নাটক সৃষ্টি কৰে৷ অংকীয়া ভাওনা নৃত্য-গীত প্ৰধান৷সত্ৰৰ দৰে নামঘৰো অসমৰ জাতীয় জীৱনৰ অন্যতম ধৰ্মীয় অনুষ্ঠান৷ অসমৰ ভক্তি আন্দোলনৰ অন্যতম দিশ 'নাম কীৰ্তন'ৰ আধাৰতে নামঘৰ গঢ়ি তোলা হৈছে৷ মণিকূট, মূল কীৰ্তন ঘৰ, ছোঁ ঘৰ আৰু বাটচ'ৰা এইকেইটা নামঘৰৰ প্ৰধান অংশ৷ নামঘৰ গঞালোকৰ ধৰ্মীয় অৰু শিল্পচৰ্চাৰ কেন্দ্ৰস্থল৷ ধৰ্মীয়-অনুষ্ঠান হিচাপে ইয়াত নাম-কীৰ্তনকে ধৰি বাৰ্ষিক বৰসবাহ, ভাওনা, পালনাম আদি পতা হয়৷ ইয়াত গাঁৱৰ লোকসকলক নৃত্য-গীত-বাদ্যৰ শিক্ষা দিয়া হয়৷ এসময়ত গাঁৱৰ নামঘৰক কেন্দ্ৰ কৰিয়েই গা-কৰি উঠিছিল উচ্চ মানবিশিষ্ট ঘৰুৱা শিল্প আৰু খনিকৰী শিল্প চৰ্চা৷ ফলস্বৰূপে গাঁৱৰ খনিকৰসকলে গাঁৱৰ নামঘৰৰ প্ৰয়োজনীয় তিনি খলপীয়া, পাঁচ খলপীয়া, সাত খলপীয়া সিংহাসন, গৰুড়াসন, কৰণি, ৰাঙলি শৰাই, ঠগা আদি সাজি উলিয়াইছিল৷ সুন্দৰ সুন্দৰ লতা, ফুল, মূৰ্তি আদি কাটি উলিয়াইছিল৷ লিখনীত হেঙুল-হাইতাল প্ৰয়োগ কৰিছিল৷ নামঘৰৰ মণিকূট, বেৰ-দুৱাৰ আদিত বিষুৰ দশাৱতাৰ, বাইশ অৱতাৰ, চৌবিবশ অৱতাৰ লগতে বৈষ্ণৱ ধৰ্মৰ লগত জড়িত বিভিন্ন পুৰাণ কাহিনীৰ চিত্ৰ অংকন কৰি তাত হেঙুল হাইতাল বোলাই দিছিল৷ সেইদৰে ভাওনাত প্ৰয়োজন হোৱা ধনু, কাঁড়, তৰোৱাল, গদা, মুকুট, কিৰীটি, চুলি, বিভিন্ন দেৱ-দেৱতা, ৰাক্ষস, কিন্নৰ, নাগ, বিভিন্ন জন্তু, যেনে ঘোঁৰা, বাঘ, গৰু, বান্দৰ আদিৰ মুখা সঁজাৰ চৰ্চা নামঘৰৰ যোগেদি চলি আহিছে৷ এইবোৰৰ উপৰি বাঁহ-কাঠৰ ফণি, কাকৈ, বেটৰ বটা, শৰাই, বাঁহ-বেতৰ বিচনী, ফুলাম জাপি, পাচি, খৰাহী, চালনী, কুলা, ডলা, উঘা, চেৰেকী আদি নিত্য প্ৰয়োজনীয় সামগ্ৰীৰ নিৰ্মাণ আজৰি সময়ত পুৰাণ, ভাগৱতাদি পঠন-শ্ৰৱণৰ মাজেদি চৰ্চা হৈ আহিছে৷ এক অৰ্থত অনানুষ্ঠানিক শিক্ষাকেন্দ্ৰ হিচাপেও নামঘৰে অসমীয়া সমাজলৈ অৱদান আগবঢ়াই আহিছে৷ নামঘৰক লোকআদালত বুলিও ক'ব পাৰি৷ লোকআদালত হিচাপে নামঘৰত সৰুসুৰা সামাজিক সমস্যা, দায়-দোষ, কাজিয়া পেচাল, পাপ-পুণ্য আদি গাঁওবুঢ়াকে প্ৰমুখ্যে কৰি নামঘৰৰ বিষয়ববীয়াসকলে বিচাৰ কৰি দিয়ে৷এনেদৰে বিচাৰ কৰি চালে দেখা যায় যে মহাপুৰুষদুজনাই বিভিন্ন ধৰণে অসমীয়া সমাজজীৱনক প্ৰভাৱিত কৰাৰ লগতে অসমীয়া সমাজ গঠনৰ এক সঠিক আৰু সুস্থ পদক্ষেপ গ্ৰহণ কৰি অসমীয়া জাতিক এক নতুন মাত্ৰা প্ৰদান কৰে৷

মৃণাল জ্যোতি গোস্বামী

3.22950819672
দুৰ্লভ Oct 04, 2018 10:57 PM

উপকৃত হ'লো। শঙ্কৰদেৱ আৰু জাতীয় চেতনা বোধ সম্পৰ্কে লিখিবলৈ অনুৰোধ জনালোঁ। লিখিবচোন

মনজিত Sep 27, 2018 08:08 PM

শংকৰদেৱৰ ৰচনাৰ ভাষাসমূহ জানিব বিছাৰিছিলো

পিয়াংকী Sep 09, 2018 10:32 AM

অৱদান সমূহ point আকাৰত পোৱা হলে ভাল পালো হয়

পিয়াংকী Sep 09, 2018 10:32 AM

অৱদান সমূহ point আকাৰত পোৱা হলে ভাল পালো হয়

পিয়াংকী Sep 09, 2018 10:08 AM

অৱদান সমূহ point আকাৰত পোৱা হলে ভাল পালো হয়

আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top