অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

অসমীয়া নিচুকনি গীত বা ধাই নাম

অসমীয়া নিচুকনি গীত বা ধাই নাম


পৃথিৱীৰ আন ঠাইৰ দৰে অসমতো নিচুকনি গীতৰ প্ৰচলন অতীজৰে পৰা হৈ আহিছে৷ শিশুক নিচুকাবলৈ সৃষ্টি হোৱা এইবোৰ গীতৰ মাজেৰে শিশুৰ মনৰ কল্পনা মাতৃ হৃদয়ৰ অভিব্যক্তি, আশা-আকাংক্ষা, মৰম-চেনেহ আৰু কৃষিজীৱী মানুহৰ সৰু সৰু সপোন তথা হা-হুতাশবোৰৰ চিত্ৰ দেখা পোৱা যায়৷ কল্পনা শক্তিৰ মায়া জালেৰে আবৃত এই গীতবোৰে শিশুসকলক অনুসন্ধিৎসুপ্ৰৱণ কৰি তোলে৷ অসমীয়া নিচুকনি গীতৰ উদাহৰণ-----

আমাৰে মইনা শুব এ
বাৰীতে বগৰী ৰুব এ
বাৰীৰে বগৰী পকি সৰি যাব
আমাৰে মইনাই বুটলি খাব ৷
শিয়ালী এ নাহিবি ৰাতি
তোৰে কাণ কাটি লগামে বাতি
শিয়ালীৰ মুৰতে মৰুৱা ফুল
শিয়ালী পালেগৈ ৰতনপুৰ
===============

অসমৰ বিভিন্ন জাতি জনজাতিৰ মাজতো নিচুকনি গীতৰ প্ৰচলন দেখা পোৱা যায়৷ তলত দুটামান উদাহৰণ উল্লেখ কৰা হ’ল-

ফেচুদোলা, মামাথেৰ বাৰীক গেলা
আম খালা, কাঠাল খালা
মামাথেৰ ঘৰোত কি পালা?
মাইমে বোলে চিঃ চিঃ ভাগিন আইছি বইহবা দি
নেদো পিৰা বহক মাটিত, কাঠপিপৰাই কামৰক কটিত৷
ফেচুদোলা, মামাথেৰ বাৰীক গেলা
ফুল দেখি চমাক খালা
ফুলোক লাগি মেললা হাত
ফুল গেল ওঠৰ হাত৷ (নলবাৰী জিলা)
================

আহ আহ জোন কাকা
তোৰ চাৰিপোণ মোৰ চাৰিপোণ
ঘুগৰা গাথো আহ
ঘুগৰা বোলে ৰুণুৰঝুনুৰ
বৰ আইৰ হবাৰ বেলা
বৰে দিব বৰ কাপুৰ
কইনাই দিব মালা৷ (গোৱালপাৰা জিলা)
=============

আইৰে বাণ্ডিয়া শিয়াল
ঘৰ পিণ্ডাৰে থাক
বাবুৰ মা জলকে গেলে
বাবুৰ কাণ কাট৷ (চাহ জনজাতি)
============

আহ জোনাকী আহ
উৰি উৰি আহ
তৰা পাততে ভাত দিম
ইছা মাছৰ জোল দিম
তাৰ তলতে বান্ধি থ’ম
ৰাতিপুৱালৈ এৰি দিম৷ (কোচ সকলৰ নিচুকনি গীত)
===============
সংগ্ৰহ : অদৃশ্য অদ্ৰি

শেহতীয়া উন্নীতকৰণ: : 3/10/2020



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate