মূল পৃষ্ঠা / শিক্ষা / অসমৰ সংস্কৃতি / অসমীয়া সাহিত্যৰ বুৰঞ্জী
অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

অসমীয়া সাহিত্যৰ বুৰঞ্জী

অসমীয়া সাহিত্যৰ বুৰঞ্জী

(টোকাঃ ইণ্টাৰনেটত উপলব্ধ হোৱাকৈ এখন অসমীয়া ভাষাৰ বুৰঞ্জী প্ৰস্তুত কৰাটো আমাৰ বাবে আচলতে এটা মৰসাহ৷ বহু দিনৰে এটা হেঁপাহ আছিল— ইণ্টাৰনেটত অসমীয়া সাহিত্যৰ বুৰঞ্জী এখন লিখিব লাগিব৷ কাৰণ আজিৰ প্ৰজন্মই বেছিকৈ ইণ্টাৰনেটহে ব্যৱহাৰ কৰে৷ তেওঁলোকে অসমীয়া-সাহিত্যৰ বুৰঞ্জী জানিবলৈ চেষ্টা কৰে৷ কামটো হাতত ল’বলৈ লওঁতে ভয়, দ্বিধা সকলোৱে আহি জুমুৰি দিলেহি৷ তথাপিতো বেজবৰুৱাৰ দেশৰ যুৱক হিচাপে কঁকালত টঙালি বান্ধি ল’লোঁ৷ তাতে এইজনা মহাপ্ৰাণ অসমীয়াৰ জন্ম শতবৰ্ষও আহি আছে৷ তেখেতৰ প্ৰতি শ্ৰদ্ধা নিবেদন কৰিবলৈকে এই প্ৰকল্পটো হাতত ল’লো৷ মোৰ পৰিবাৰ জোনমণি গগৈয়েও বুৰঞ্জীখন লিখোতে মোক সহায় কৰিছে৷ এক কথাত এয়া আমাৰ দুয়োৰে যুটীয়া লেখাহে৷)

(১) লোককবিতা বা লোকগীত

লোক কবিতাৰাজিকেই লোকগীত বুলি অভিহিত কৰা হয়। মানৱ সভ্যতা আৰু সংস্কৃতিৰ কঠীয়াতলীতেই ইয়াৰ জন্ম আৰু বিকাশ সাধন হৈছে। ই হ’ল চহা প্ৰাণৰ মুক্ত পৰিস্ফূৰণ আৰু মৌলিক ভাবাৱেগৰ অকৃত্ৰিম প্ৰকাশ। লোকগীতসমূহক পুনৰ কেইবাটাও সৰু সৰু বিভাগত বিভাজিত কৰি আলোচনা কৰা হয়, যথা- মালিতা, ধৰ্মীয় গীত, কৰ্ম গীত, প্ৰণয় গীত, উৎসৱ-অনুষ্ঠানৰ সৈতে জড়িত গীত, সংস্কাৰমূলক কৃত্যৰ সৈতে জড়িত গীত, তত্ত্বপূৰ্ণ বা দাৰ্শনিক ভাবপ্ৰধান গীত, ল’ৰা-ছোৱালীৰ সৈতে জড়িত গীত ইত্যাদি। অসমীয়া লোকগীতসমূহলৈ চকু ফুৰালেই আমি এই বিভাজনকেইটা সুন্দৰভাৱে অনুধাৱন কৰিব পাৰিম।

মালিতা

ইংৰাজী ‘বেলাড’ শব্দটোৰ সমাৰ্থক অৰ্থত অসমীয়া ‘মালিতা’ শব্দটো ব্যৱহাৰ কৰা হৈছে। বেলাড বা মালিতা নৃত্যৰ পৰিপূৰকভাৱে সুৰ লগাই গোৱা হয় আৰু তাৰ মাজেৰে একোটা কাহিনী বৰ্ণনা কৰা হয়। সাধাৰণতে বেলাডত একক কাহিনীৰ বৰ্ণনা থাকে। অসমীয়াত মালিতা শব্দটো ‘মালা’ শব্দৰ পৰা আহৃত, ফুলৰ মালাৰ দৰে ধাৰাবাহিকভাৱে ইয়াত কোনো কাহিনী গাঁথি থোৱা থাকে – সেইবাবেই মালিতা। অসমৰ বিভিন্ন জনগোষ্ঠীৰ মাজত বিভিন্ন ধৰণৰ মালিতাৰ প্ৰচলন আছে। মালিতাক আকৌ বিভিন্ন ভাগত ভাগ কৰা হয়।

  • পুৰাণগত মালিতা (Mythical ballad)
কোনো ধৰ্মীয় অনুষংগত জগৎ সৃষ্টিৰ বৰ্ণনা, ধৰ্মীয় কৃত বা ইয়াৰ লগত জড়িত সমলৰাজিৰ উৎপত্তিৰ বিষয়ে যি মিথধৰ্মী কাহিনী গোৱা হয় তাকে পুৰাণগত মালিতা বুলি অভিহিত কৰা হয়। সোণোৱাল কছাৰীসকলৰ মাজত প্ৰচলিত ‘হাইদাং গীত’ অসমীয়া পুৰাণগত মালিতাৰ উদাহৰণ।
  • নৈদানিক মালিতা (Etiological ballad)
পুৰাণগত মালিতাৰ লগত নৈদানিক মালিতাৰ বিষয়বস্তু, সংযুতি আৰু অনুষংগৰ সাধাৰণতে মিল দেখা যায়। এই মালিতাতো জগৎ সৃষ্টি, বিভিন্ন বস্তুৰ উৎপত্তি, প্ৰাকৃতিক ব্যাপাৰৰ ব্যাখ্যা, পৰ্বত-পাহাৰ আদিৰ জন্মৰ বৰ্ণনা থাকে। পূজা-উপাসনাৰ প্ৰসংগত গোৱা পিঠাগুড়ি, ঢেঁকী, ঘট, কলহ, চৰু আদিৰ জন্ম সম্পৰ্কীয় গীতবোৰেই নৈদানিক মালিতা। মনসা পূজাত ওজাপালিয়ে গোৱা বিভিন্ন জন্ম সংক্ৰান্তীয় গীত, ব্যাসৰ ওজাপালিয়ে – বাসুদেৱ পূজা, জাগৰ পূজা আদিত গোৱা জাগৰৰ জন্ম, বিভিন্ন ৰাগ-ৰাগিনীৰ জন্ম সম্পৰ্কীয় গীতবোৰেই নৈদানিক মালিতা।
  • ঐতিহাসিক মালিতা (Historical ballad)
কোনো ঐতিহাসিক ঘটনাৰ আধাৰত ৰচিত মালিতাই হ’ল ঐতিহাসিক মালিতা। যেনে – বদন বৰফুকনৰ গীত, মণিৰাম দেৱানৰ গীত, পথৰুঘাটৰ ৰণ, ফুলগুৰিৰ ধেঁৱা আদিয়েই ঐতিহাসিক মালিতা।
  • নশ্ৰুতিমূলক মালিতা (Legendary ballad)
লোকসমাজত প্ৰচলিত জনশ্ৰুতিৰ আধাৰত যিবোৰ মালিতা ৰচনা কৰা হয় সেইবোৰেই জনশ্ৰুতিমূলক মালিতা। উদাহৰণস্বৰূপে- বেউলা-লখাই গীত, কেন্দু কলাই গীত আদি।
  • যাদুমূলক বা বিস্ময়াবহ বা অলৌকিক মালিতা (Magical or wonderous or Supernatural ballad)
যিবোৰ মালিতাত যাদুমূলক বা বিস্ময়াৱহ বা অলৌকিক কাহিনী বৰ্ণনা কৰা হয় সেইবোৰকে যাদুমূলক বা বিস্ময়াৱহ বা অলৌকিক মালিতা বোলা হয়। এইবোৰ মালিতাত সাধাৰণ মানুহৰ অলৌকিক জগতৰ সৈতে সংঘটিত সংঘৰ্ষ আৰু অলৌকিক শক্তিৰ সহায়েৰে অতিলৌকিক কাৰ্য সম্পাদন কৰা কাহিনী বৰ্ণিত হয়। যেনে- মণিকোঁৱৰৰ গীত, ফুলকোঁৱৰৰ গীত, চিকন সৰিয়হৰ গীত, জনাগাভৰুৰ গীত, কমলা কুঁৱৰীৰ গীত আদি।
  • ব্যংগাত্মক মালিতা (Satirical ballad)
সমাজ সংশোধন বা সংস্কাৰ কৰাৰ আপাহেৰে ব্যংগাত্মকভাৱে ৰচিত মালিতাৰাজিকে ব্যংগাত্মক মালিতা বুলি কোৱা হয়। সাধাৰণতে আকস্মিক আৰু মৌখিকভাৱে এই বিধ মালিতা ৰচনা কৰা হয়। ভাইৰা, ভাৱৰীয়া, বহুৱা, ওজাপালি আদি চৰিত্ৰই এই শ্ৰেণী মালিতাৰ ৰচক। উদাহৰণস্বৰূপে – ভাউৰাৰ গীত, ভূঁইকঁপৰ গীত, মলুৱাৰ গীত আদি।
  • বাৰমাহীৰ গীত

বাৰমাহীৰ গীতসমূহো মালিতাৰে এক বিশেষ অংশ। ভাৰতৰ আন আন প্ৰদেশবিলাকত প্ৰচলিত ‘বাৰমাহীৰ গীত’, ‘বাৰমাসীৰ গীত’, ‘বাৰমাসাৰ গীত’ৰ দৰে অসমতো প্ৰচলিত ‘মধুমতীৰ গীত’, ‘জয়ধন-বণিয়াৰ গীত’, ‘শান্তি বাৰমাহী’, ‘ৰাম বাৰমাহী’, ‘কন্যা বাৰমাহী’ আদি এই শ্ৰেণীৰ গীতৰ প্ৰকৃষ্ট উদাহৰণ। উল্লেখযোগ্য যে বাৰমাহীৰ গীতবোৰৰ বাস্তৱ অভিজ্ঞতাৰ প্ৰতিফলনৰ লগতে প্ৰেম-প্ৰীতিৰ কথাও বৰ্ণনা কৰা হয়। সেইবাবে ইয়াক বাস্তৱানুগত মালিতা বুলিও ক’ব পাৰি।

ধৰ্মীয় গীত

কোনো ধৰ্মীয় প্ৰসংগ, দেৱ-দেৱীৰ উৎপত্তি বা দেৱ-দেৱীৰ পূজা-উপাসনাৰ প্ৰসংগত গোৱা গীতসমূহেই ধৰ্মীয় গীত। ধৰ্মীয় পৰাকাষ্ঠা এই শ্ৰেণী গীতৰ উল্লেখযোগ্য বৈশিষ্ট্য। যেনে – আইনাম, সদাশিৱৰ নাম, জগন্নাথ পূজাৰ নাম, সুবচনীৰ নাম, মনসা পূজাৰ গীত, লখিমী সবাহৰ গীত, গোসাঁনীৰ নাম, অপেশ্বৰী সবাহৰ গীত, সোণাৰাই পূজাৰ গীত, কাতি পূজাৰ গীত, বাঁশ পূজাৰ গীত, হুদুম পূজাৰ গীত আদি।

প্ৰণয় গীত

সাধাৰণতে পূবৰ্ৰাগ, অনুৰাগ, সম্ভোগ, বিপ্ৰলম্ভ, মিলন আদি ভাব বিশিষ্ট লিৰিকধৰ্মী গীতবোৰেই হ’ল প্ৰণয়মূলক গীত। বিহুগীত, ঐনিঃতম, সাথাৰ, বৈশাগু আদি প্ৰণয় গীত। উদাহৰণস্বৰূপে- মাতৰে লেতেৰা কেতেৰা জেঙেৰা/ভোগদৈ লেতেৰা পানী/ ছোৱালী লেতেৰা বিজুলী চকুৱা/ মুখত মিচিকিয়া হাঁহি।

কৰ্ম গীত

শ্ৰম কৰোঁতে আনন্দ লভাৰ লগতে ভাগৰ-অৱসাদ আদি দূৰ কৰি নতুন উৎসাহেৰে কৰ্ম-সম্পাদন কৰিবলৈ গোৱা গীতবোৰেই হ’ল কৰ্ম গীত। অতি পুৰণি কালৰে পৰা ম’হ বা গৰুগাড়ীৰ চালক, নাৱৰীয়া, হালুৱা, কুমাৰ, কমাৰ, খৰিকটীয়া, মৈষাল, হাতী মাহুত, মাছমৰীয়া, শিপিনী, দাৱনী, ৰোৱনী আদিয়ে কমৰ্ৰ পাৰদৰ্শিতা বৃদ্ধি কৰাৰ লগতে অৱসাদ বিদুৰণৰ কাৰণে কৰ্ম বিষয়ৰ গীত গাই আহিছে। উদাহৰণস্বৰূপে – বৈঠা মাৰোঁ বৈঠা মাৰোঁ ৰে/ অ’ বাইছাৰ ভাইয়া ৰে। (নাওখেলৰ গীত)

প্ৰসংগক্ৰমে উল্লেখ কৰা হ’ল যে লোক-সাহিত্যত কৰ্মগীত বুলি উপ-বিভাগ এটা হোৱাটো উচিত নে অনুচিত এই সম্পৰ্কে লোকসংস্কৃতিবিদসকলৰ মাজত মত-বিৰোধ বিদ্যমান। কিছুমানৰ মতে যিকোনো গীতেই কৰ্মগীত বা শ্ৰমগীত হ’ব পাৰে।

উৎসৱ-অনুষ্ঠানৰ লগত জড়িত গীতঃ উৎসৱ-অনুষ্ঠানৰ বিবিধ সংযুতিত গীত-পদৰ লগতে নৃত্যই এক গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰি আহিছে। বিভিন্ন পৰম্পৰাগত উৎসৱ-অনুষ্ঠানবোৰত পৰিৱেশন কৰা গীতসমূহেই উৎসৱ-অনুষ্ঠানমূলক গীত। অসমতো বাৰ মাহত তেৰটা উৎসৱ পালিত হয় আৰু এইবোৰৰ ভিতৰত কৃষিভিত্তিক বা ঋতুকালীন উৎসৱ-অনুষ্ঠানৰ সংখ্যাই অধিক। বিহু উৎসৱৰ অন্তৰ্গত বিহুগীত, বৈশাগু, বায়খো, আলি আয়ে লৃগাং, বাম্বুলপিতা, ভঠেলি, পাউৰাতোলা, মহোহো; বিবাহ উৎসৱ উপলক্ষে গোৱা পানীতোলা, গোঁসাই পূজা কৰা, দৰা-কইনাক গা-ধোৱা, যোৰা নাম বা খিচা গীত আদি উৎসৱ-অনুষ্ঠানমূলক গীতৰ ভিতৰত পৰে।

সংস্কাৰমূলক কৃত্যৰ লগত জড়িত গীত

মানুহে সামাজিক জীৱনত বিভিন্ন সংস্কাৰমূলক কৃত্যৰ লগত জড়িত হ’বলগীয়া হয়। যেনে- জন্ম, বিবাহ আৰু মৃত্যুৰ লগত জড়িত কৃত। এই সংস্কাৰমূলক কৰ্মত গোৱা গীতসমূহেই সংস্কাৰমূলক কৃত্যৰ লগত জড়িত গীত। কাৰ্বিসকলে শ্ৰাদ্ধত গোৱা চমাংকান গীতসমূহ এনে গীতৰ উদাহৰণ।

দাশৰ্নিক ভাব প্ৰধান গীত

সংসাৰৰ অনিত্যতা সম্পৰ্কে তাত্বিক ভাব সন্নিবিষ্ট কিছু গীতো লোকসমাজত প্ৰচলিত। এনে গীতবোৰকে দাশৰ্নিক ভাব প্ৰধান গীত বোলা হয়। অসমীয়া জনসমাজত প্ৰচলিত ‘দেহ বিচাৰৰ গীত’, ‘টোকাৰী গীত’, ‘জিকিৰ’সমূহ এই শ্ৰেণীৰ গীতৰ প্ৰকৃষ্ট উদাহৰণ।

কেঁচুৱাৰ সৈতে জড়িত গীতঃ কেঁচুৱা বা শিশুসকলৰ মনোৰঞ্জন, খেল-ধেমালি, নিচুকাব আৰু টোপনি নিয়াবৰ বাবে সৰ্বসমাজতে বিবিধ গীতৰ প্ৰচলন আছে। এই সকলোবোৰকে কেঁচুৱা ল’ৰা-ছোৱালীৰ সৈতে জড়িত গীত বোলা হয়। অসমীয়া গীতৰ ভঁৰাল এই ক্ষেত্ৰত অতিকে চহকী।

(২) গদ্যধৰ্মী লোককথা

লোকসাহিত্যৰ দ্বিতীয় বিভাগটিয়েই হৈছে গদ্যধৰ্মী লোককথা৷ গদ্যৰূপত প্ৰচলিত পৰম্পৰাগত মৌখিক কাহিনীসমূহক গদ্যধৰ্মী লোককথা বোলে৷ বিষয়বস্তুৰ সংযুতি আৰু প্ৰসংগ অনুসৰি ইয়াক আকৌ তিনিটা উপবিভাগত ভগাব পাৰি৷

  • পুৰাণকথা, পুৰাকথা বা পুৰাবৃত্ত বা অতিকথা (Myth)
  • জনশ্ৰুতিমূলক বা জনশ্ৰুতিগত কথা বা কাহিনী (Legend)
  • সাধুকথা, সাধু, সাজোকথা, উপকথা, উককথা, কিচ্ছা, কাহিনী (tale) আদি৷
  • পুৰাণকথা, পুৰাকথা বা পুৰাবৃত্ত বা অতিকথাঃ অতি পুৰণি কালত উৎপত্তি হোৱা আৰু সত্য বুলি গণ্য কৰা পৰম্পৰাগত কাহিনীসমূহ এই শাখাৰ অন্তৰ্গত৷ কোনো জনগোষ্ঠীৰ সৃষ্টিতত্ত্ব আৰু অলৌকিক পৰম্পৰা, তেওঁলোকৰ উপাস্য দেৱ-দেৱীৰ কাহিনী, সাংস্কৃতিক লক্ষণ আদিয়েই ইয়াৰ প্ৰধান উপজীব্য৷ এইবোৰ মূলতঃ ধৰ্মীয় বিশ্বাসৰ ভেটিতে সৃষ্টি হয়৷ অসমৰ বিভিন্ন জনগোষ্ঠীসমূহৰ মাজত প্ৰচলিত তেওঁলোকৰ দেৱ-দেৱীৰ জন্ম কাহিনী; যেনে- ‘লক্ষ্মীদেৱীৰ জন্ম’, ‘মনসা বা পদ্মাৰ জন্ম’, ‘কুমাৰৰ জন্ম’; মিচিংসকলৰ মাজত প্ৰচলিত ‘দঃঞিঃ-পঃলৰ কাহিনী’ আদিয়েই এই শ্ৰেণীবিভাগৰ অন্তৰ্গত৷
  • জনশ্ৰুতি মূলক বা জনশ্ৰুতি গত কথা বা কাহিনীঃজনশ্ৰুতিগতভাৱে কোনো সমাজৰ ধৰ্মীয় প্ৰসংগত গেয় বা আবৃত্তি কৰা সাধু পুৰুষ, শ্বহীদৰ জীৱন বৃত্তৰ কাহিনীয়েই এই শ্ৰেণীত অন্তৰ্ভুক্ত৷ যেনে- ৰাভাসকলৰ মাজত প্ৰচলিত ‘দদান বীৰৰ কাহিনী’, কাৰ্বিসকলৰ মাজত প্ৰচলিত ‘ৰং ফাৰপিৰংবে’ৰ কাহিনী আদি এনে গদ্যধৰ্মী লোককথাৰ প্ৰকৃষ্ট উদাহৰণ৷
  • সাধুকথা, সাধু, সাজোকথা, উপকথা, উককথা, কিচ্ছা, কাহিনী(Tale)শব্দটিৰ পৰিভাষা হিচাপেই অসমত এই অভিধাকেইটাপ্ৰয়োগ কৰা হয় যদিও প্ৰধানতঃ ‘সাধুকথা’ শব্দটিয়েইবহুলভাৱে প্ৰচলিত৷ সাধুকথাবোৰ কাল্পনিক যেন লাগিলেও ই মূলতঃ সমাজৰ বাস্তৱ অভিজ্ঞতাৰ আধাৰতে ৰচিত আৰু ইয়াৰ মাজতে সমাজ এখনৰ পৰিশ্ৰমৰ চিত্ৰ ৰক্ষিত হোৱাৰ লগতে লোক জীৱনৰ বিবিধ বিশ্বাস কল্পনা আদৰ্শ সঞ্চিত হৈ থাকে৷ বিষয়বস্তুৰ ভিন্নতা অনুসৰি সাধুকথাক বিভিন্ন উপবিভাগত বিভক্ত কৰা হয়৷ অসমীয়া লোকসাহিত্যও সাধুকথাৰ ক্ষেত্ৰত অতিকে চহকী৷ অসমীয়া জনসাহিত্যৰ অন্তৰ্ভুক্ত সাধুসমূহ এনেদৰে বিভাজিত কৰি আলোচনা কৰিব পাৰি৷ যথা-জন্তুকেন্দ্ৰীয় সাধুকথা (যেনে- শিয়াল/বান্দৰ, শহা/শিয়াল, শিয়াল/কাছ, বগলী/বাঘ, টুনী/ঢোঁৰা কাউৰী আদিক লৈ ৰচিত সাধু); যাদুমূলক বা বিস্ময়ৱহ বা ৰোমাণ্টিক বা অতিলৌকিক সাধুকথা (যেনে- পানচৈ, চম্পাৱতী, তেজীমলা, কমলা কুঁৱৰীৰ সাধু আদি); নৈদানিক সাধুকথা (যেনে- তামোল পানৰ জন্ম, পৰ্বত-পাহাৰৰ জন্ম, কপৌ-মইনা চৰাইৰ জন্ম সম্বন্ধে থকা সাধু); টেটকুঁটি (হাস্য-ব্যংগ প্ৰধান সাধু, যেনে- ফৰিং, সৰৱজান, কুকুৰীকণা জোৱাঁই, বামুণৰ লিটিকাই, বামুণৰ বহুৱা, সাত মুৰ্খ, মুৰ্খজোৱাঁই, ব্ৰাহ্মণ ঠাকুৰৰ টেটকুঁটি আদি); টেটোন বা টেণ্টনৰ সাধুকথা (যেনে- টেটোন তামুলী, টেটোন, লটকন আদি); ক্ৰমপুঞ্জিত বা নিৰ্ধাৰিতগঢ়ী সাধুকথা (যেনে- ভেকুলীৰ পিঠিত খহু কিয় হয়, মিচিংসকলৰ লিপি কেনেদৰে নোহোৱা হ’ল); সমস্যামূলক সাধু ইত্যাদি ভাগত ভাগ কৰি আলোচনা কৰিব পাৰি৷ ইয়াৰ উপৰি ‘‘অ’ ফুল, অ’ ফুল, নুফুল কিয়?’’, ‘পৰুৱা আৰু ভেঁকোলা’ আদিৰ দৰে গীত আৰু কথাৰে বৰ্ণনা কৰা দীঘলীয়া সাধুও অসমীয়া সমাজত বিদ্যমান৷ অসমীয়া সাধুকথাই সমাজ জীৱনৰ প্ৰতিফলক ৰূপে ভূমিকা পালন কৰাৰ লগতে নীতিশিক্ষাও প্ৰদান কৰি আহিছে৷ উল্লেখ্য যে পৃথিৱীৰ সকলো জাতিৰ সাহিত্যৰ বুৰঞ্জীত সাধুকথাৰ স্থান আৰু মূল্য বহু ওপৰত৷

(৩) প্ৰবচন লোকোক্তি যোজনা আৰু পটন্তৰ

লোকসাহিত্যৰ উল্লেখযোগ্য উপাদান হ’ল প্ৰবচন-লোকোক্তি, যোজনা-পটন্তৰ৷ এইবোৰ হ’ল লোকসমাজৰ সূক্ষ্ম অভিব্যক্তি৷ এইবোৰৰ লগত অসমীয়া জাতীয় জীৱনৰ সম্পৰ্ক অতি গভীৰ৷ ৰাজনীতি, সমাজনীতি, গৃহস্থালি, সমাজৰ আচাৰ-ব্যৱহাৰ আদিয়ে বাংময় ৰূপ লাভ কৰিছে এইবোৰৰ মাজেদি৷ উল্লেখযোগ্য যে এইবোৰক ‘স্থিৰীকৃত বাক বৈশিষ্ট্য’(Fixed phrase genres)  বুলিও আখ্যা দিয়া হয়, কাৰণ এইবোৰৰ জমিন (Texture) এটা ভাষাৰ পৰা আন ভাষালৈ অনুবাদ কৰা অসম্ভৱ৷ ইয়াৰ লয়, অনুপ্ৰাসৰ ক্ষিপ্ৰতা, শ্বাসঘাত, সুৰসংযোগ, সুৰ লহৰি, ধন্যাত্মকতা আদিৰ মাজতেই সোমাই আছে ইহঁতৰজমিন৷ এইবোৰৰ অৰ্থ বুজিবলৈ হ’লে সামাজিক প্ৰসংগ বা অনুষঙ্গৰবিষয়ে জানিব লাগিব৷ প্ৰবচনবোৰ সংক্ষিপ্ত আৰু বুদ্ধি নিষ্ঠ পৰম্পৰাগত উক্তি৷ ইয়াৰ অন্যতম লক্ষ্য হ’ল বুদ্ধিপূৰ্ণভাৱে কোনো কথা বা উক্তি ব্যক্ত কৰা৷ এইবোৰত অতি কমেও এটা বৰ্ণনাত্মক সমল থকা উচিত৷

বৰ্ণনাত্মক সমল হ’ল বিষয়বস্তু আৰু মন্তব্যৰ সমষ্টি৷ বৰ্ণনাত্মক সমল – ‘উপৰে গো বধ তলে ব্ৰাহ্মণ বধ৷’

এই প্ৰবচনটো দুটা অংশত বিভক্ত আৰু এটা অংশই পৰস্পৰ বিৰুদ্ধ ভাব প্ৰকাশ কৰিছে৷ যেনে- গো বধ/ব্ৰাহ্মণ বধ৷ এক কথাত ক’ব পাৰি প্ৰত্যেকটো প্ৰবচনতে বিৰুদ্ধ ভাব প্ৰকাশেৰে মূল কথাখিনি ব্যক্ত কৰা হয়৷ তদপুৰি প্ৰায় প্ৰত্যেকটো প্ৰবচনৰ লগতে একোটা কাহিনী জড়িত হৈ থাকে কাৰণ, এয়া শতিকা জোৰা অভিজ্ঞতাৰ সমষ্টি৷

প্ৰবচনৰ এটি উল্লেখযোগ্য উপ শ্ৰেণী হৈছে ফকৰা৷ প্ৰফুল্ল দত্ত গোস্বামীয়ে এই বিষয়ে কৈছে যে ‘যোজনা ব্যৱহাৰ কৰা হয় কথাৰ লাচত প্ৰায়েইঠাট্টাৰ সুৰত, সাধাৰণ বক্তব্যৰ মেৰ মাৰিবলৈ বা কিবা কথা ব্যাখ্যা কৰিবলৈ৷’সাধাৰণতে বৈষ্ণৱ ভকতসকলৰ মাজত ফকৰাৰ আদৰ বেছি৷ সাধাৰণ ফকৰা বিলাকত স্থূলদেহৰ অসাৰতা, চিত্তদমন আদি নীতি লুকাই আছে৷’উদাহৰণস্বৰূপে- ‘নিজৰা জৰে অমৰা মৰে মৰাই বায় হাল৷/ লখিমীৰ টিকাত ছিৰা-কানি মোৰ নাম নিধনীয় ভাল৷’

ৰিজনি চানেকি আদি অৰ্থত প্ৰবচন-যোজনা আদি প্ৰয়োগ কৰা হয় বাবে ইয়াক পটন্তৰো বোলে৷ ঠিক সেইদৰে এইবোৰ মুখে মুখে প্ৰচলিত হৈ আহিছে বাবে লোকোক্তি (লোক + উক্তি) বোলা হয়৷

(৪) সাঁথৰঃ

প্ৰফুল্ল দত্ত গোস্বামীদেৱে মন্তব্য কৰিছে যে সাঁথৰসমূহো এক প্ৰকাৰৰ ফকৰা৷ ফকৰাৰ দৰে সাঁথৰৰ ভাষাও প্ৰহেলিকাময় যদিও সাঁথৰৰ অৰ্থ ঐহ্যিক বা সাধাৰণ৷ অসমীয়া ভাষাত ‘দৃষ্টান্ত’, ‘দিষ্টান’আদি অভিধাও একে অথৰ্তে ব্যৱহাৰ কৰা দেখা যায়৷ সাঁথৰক এক অৰ্থত প্ৰহেলিকাময় কিছুমান প্ৰশ্ন তথা পৰম্পৰাগত বাচিকঅভিব্যঞ্জন বুলি ক’ব পাৰি৷ ইয়াত পৰস্পৰ বিৰোধী বৰ্ণনাত্মক সমল এটা বা ততোধিক সন্নিবিষ্ট থাকে৷ পণ্ডিতসকলে সাঁথৰৰ প্ৰশ্নৰ প্ৰকৃতি অনুসৰি কেইবাটাও উপবিভাগত বিভাজন কৰি আলোচনা কৰিছে৷ সেইবোৰৰ আধাৰতে অসমীয়া সাঁথৰসমূহক ভাগ কৰিব পাৰি৷ যথা- বৰ্ণনাত্মক সাঁথৰ (ইয়াত বৰ্ণনাৰ জৰিয়তে প্ৰশ্ন উত্থাপন কৰা হয়), যেনে- সত্যযুগত মূৰত টুপী/কৃষ্ণ অৱতাৰে মুহিলা গোপী/ৰাৱণ মৰিল ৰামৰ শৰত/সেইখন আঞ্জা আমাৰ হাতত/কোৱা চোন বস্তুটো নো কি ভাই? উত্তৰ – বাঁহৰ গাজ; টেটকুঁটিমূলক প্ৰশ্ন, যেনে- কি গড়ৰ খড়গ নাই, উত্তৰ-ৰাজগড; এঠেঙীয়া হাতী ধান খায় পাচি পাচি; উত্তৰ- ঢেঁকী৷ সমস্যা প্ৰধান সাঁথৰ (য’ত সমস্যা এটা উত্থাপন কৰা হয়), যেনে- হাতুৰী বটালী বাইচখন/চোৰে নিলে তিনিখন/বাকী থাকিল কেইখন, উত্তৰ- শূন্য; শুভঙ্কৰীৰ ফাঁকি/চৌত্ৰিছৰ পৰা তিনি ‘শ’ গ’ল/ থাকিল কিমান বাকী, উত্তৰ- ৩১; ছল-সাঁথৰ -দলে দলে ফুৰে দলপতি ৰাজা/হাৰো নাই হুৰাও নাই মঙহৰ লদা, উত্তৰ- জোক৷ উল্লেখযোগ্য যে সাঁথৰত পাণ্ডিত্যতকৈ বুদ্ধিমত্তাৰ পৰিচয়হে বেছি পোৱা যায়৷

(৫) লোকভাষাঃ

লোকসাহিত্যৰ আটাইতকৈ প্ৰণিধানযোগ্য উপাদান হৈছে লোকভাষা৷ লোকসমাজত প্ৰচলিত বাক-ভংগীয়েই হ’ল লোকভাষা৷ লোকভাষা সম্পৰ্কে ড০ বিৰিঞ্চি কুমাৰ বৰুৱাই কৰা মন্তব্যটিও উল্লেখযোগ্য- ‘এটা ভাষা সম্প্ৰদায়ৰ মাজত বিভিন্ন কথ্যভাষা প্ৰচলিত হ’ব পাৰে আৰু কথ্য ৰূপেই হ’ল লোকভাষা৷’ বহুসময়তলোকভাষা উপভাষাৰে এটি স্থানীয় ৰূপ বুলি বহুতে ধাৰণা কৰে, কিন্তু কথাটো শুদ্ধ নহয়৷ কাৰণ ই হ’ল সাধাৰণ মানুহৰ এটা স্বতঃস্ফূতৰ্বচনভংগী, ইয়াৰ কোনো ব্যাকৰণ নাই৷ তদপুৰি উপভাষাই অলিখিতভাৱে হ’লেও ব্যাকৰণ অনুসৰণ কৰে আৰু লোকভাষাত ব্যৱহৃত শব্দই মূল ৰূপ তথা ভাবৰ পৰা আঁতৰি আহিও অৰ্থ প্ৰকাশ কৰে৷ লোকভাষাৰ ক্ষেত্ৰত বৃত্তিগত বিশিষ্টতা, নৃতাত্ত্বিক বিশিষ্টতা, আঞ্চলিক বিশিষ্টতা তথা প্ৰকৃতিনিৰ্থৰবিশিষ্টতাও বিদ্যমান৷ উদাহৰণস্বৰূপে- ‘ল’ৰা জনী’শব্দটি বিবেচনা কৰিব পাৰি৷ ল’ৰাৰ লগত ‘জনী’প্ৰত্যয় ব্যৱহাৰ কৰা নহয়; কিন্তু ঢকুৱাখনা অঞ্চলত ‘ছোৱালী’ৰ অৰ্থ প্ৰকাশ কৰিবলৈ ‘ল’ৰা জনী’ শব্দটি ব্যৱহাৰ কৰা হয়৷ এই শব্দকেইটাই মান্যভাষাত একো অৰ্থ প্ৰকাশ নকৰিলেও লোকভাষাত সঠিক অৰ্থই প্ৰকাশ কৰিছে৷

মন্ত্ৰ সাহিত্য আৰু ডাকৰ বচন

মন্ত্ৰ লোকসংস্কৃতি আৰু লোকসাহিত্যৰ আন এক অবিচ্ছেদ্য অংগ। পূবৰ্ৰে পৰা অসম দেশ যাদু-মন্ত্ৰৰ বাবে বিখ্যাত আৰু যাদু-মন্ত্ৰৰ ৰাজ্য বুলিয়েই চিহ্নিত। ইয়াৰ পৰাই অনুমান কৰিব পাৰি যে অসমীয়া লোকসমাজৰ লগত মন্ত্ৰ কেনেদৰে সম্পৰ্কিত হৈ আছে। অসমীয়া লোকসমাজত মন্ত্ৰৰ প্ৰভাৱ অপৰিসীম। এইবোৰৰ ৰচনাকাল সম্পৰ্কে সঠিককৈ ক’ব নোৱাৰি। পণ্ডিতসকলে ইয়াৰ ৰচনাকাল খ্ৰীষ্টীয় দশম শতিকাৰ পৰা পঞ্চদশ শতিকাৰ ভিতৰত বুলি ঠাৱৰ কৰিছে। ব্ৰাহ্মণ-অব্ৰাহ্মণ, গৰীয়া-মৰিয়া অদি সকলো সম্প্ৰদায়ৰ লোকে প্ৰয়োগ কৰা মন্ত্ৰসমূহ প্ৰথমতে বিশেষ মানুহৰ মুখে মুখে ৰচিত আৰু প্ৰচলিত হৈ আহি পৰৱৰ্তী সময়ত লিখিত ৰূপ পৰিগ্ৰহ কৰে। সাধাৰণতে মন্ত্ৰসমূহ দেৱতা-অপদেৱতা, ভূত-প্ৰেত, যখ-যখিনী, খেতৰ-ডাইনী আদিৰ কু-প্ৰভাৱৰ ফলত হোৱা বেমাৰ-আজাৰ, ধন নাশ, শত্ৰুবৃদ্ধি আদি দূৰ কৰাৰ উদ্দেশ্যে প্ৰয়োগ কৰা হয়।

(এই মন্ত্ৰবোৰত অসমীয়া সমাজৰ বিবিধ লোকবিশ্বাস, আচাৰ-ব্যৱহাৰ, ধৰ্ম-নীতি আদিৰ বিষয়েও ভালেমান কথা সোমাই আছে। তদপুৰি ৰামায়ণ-মহাভাৰত আৰু পুৰাণৰ কাহিনীও নানা ৰূপত সন্নিৱিষ্ট হৈছে; আনহাতে কিছুমান মন্ত্ৰত সৃষ্টিতত্ত্বৰ আভাস আছে। সিদ্ধিৰ কাৰণে মন্ত্ৰত গুৰু আৰু কামাখ্যা গোঁসানীক চিন্তা কৰা হয় – ‘সিদ্ধ গুৰুৰ পাৱ ৰক্ষা কৰা কামৰূপ কামাখ্যা মাৱ।’ মানুহৰ ৰোগৰ কাৰণ আৰু তাৰ প্ৰতিকাৰৰ উপায়ো মন্ত্ৰপুথিত পোৱা যায়। ফু মৰা, পানী ছটিওৱা, বিহলঙনি বা এড়া গছৰ পাতেৰে ৰোগী জৰা আদি প্ৰকাৰ্যও কিছুমান মন্ত্ৰত সধা হয়। কথিত ভাষাৰ প্ৰভাৱপুষ্ট মন্ত্ৰবোৰ গদ্য আৰু পদ্যত ৰচিত হ’লেও পদ্যত ৰচিত মন্ত্ৰৰ সংখ্যাই সৰহ। কিছুমান মন্ত্ৰত- ‘ওঁ হ্ৰীং উৎ, আৎ, লৎ ফট স্বাহা ’ আদি ধ্বনি উচ্চাৰণ কৰি মন্ত্ৰৰ গাম্ভীৰ্য বঢ়োৱা হৈছে। অগ্নিবাণ, ব্ৰহ্ম-কৰতি, পানী-কৰতি, ৰাম-কৰতি, গু-কৰতি পক্ষীৰাজ-মন্ত্ৰ, সুদৰ্শন-মন্ত্ৰ, সৰ্বঢাক-মন্ত্ৰ, বীৰাজৰা-মন্ত্ৰ, ধৰণী-মন্ত্ৰ, পুষ্পজৰা-মন্ত্ৰ, মোহিনী-মন্ত্ৰ আদি অসংখ্য মন্ত্ৰ অসমীয়া ভাষাত আছে।

‘ডাকৰ বচন বেদৰ বাণী’ বুলি অসমীয়া জনসমাজত প্ৰচলিত। ডাকৰ বচন অসমৰ বাহিৰেও ভাৰতৰ বিভিন্ন প্ৰদেশত প্ৰচলিত হৈ আছে। এইবোৰৰ লগত ডাক, খনা, ডংক, ঘাঘ, ভড্ডৰ, ভড্ডৰী, অগস্তি আদি ব্যক্তিৰ নাম সংপৃক্ত হৈ আছে। অসমৰ জনবিশ্বাস মতে ডাক বৰপেটাৰ ওচৰৰ লেহিডঙৰা গাঁৱত জন্মিছিল আৰু উপজিয়েই মাত দিছিল আৰু সেইবাবেই তেওঁৰ নাম ডাক। ডাকৰ বচনত উল্লেখ আছে-

লেহিডঙৰা ডাকৰ গাঁও।
সাতশ সাতোটা পুখুৰীৰ নাও।।

দ্বিতীয়তে খ্ৰীঃ ষষ্ঠ শতিকাত বৰাহ মিহিৰৰ কৃপাত তেওঁৰ জন্ম হৈছিল বুলিও বিশ্বাস কৰা হয়। ঠিক সেইদৰে বাংলা লোকবিশ্বাস মতেও তেওঁ বৰাহ মিহিৰৰে পুত্ৰ আৰু সৰু কালতে মৃত্যুমুখত পৰিছিল। উল্লেখযোগ্য যে বংগদেশত প্ৰচলিত বচনবোৰৰ লগত অসমীয়া ডাকৰ বচনৰ সাদৃশ্য কিন্তু চকুত লগা। ঠিক সেইদৰে ওৰিশাত প্ৰচলিত কৃষি আৰু জ্যোতিষ বিষয়ক বচনৰ লগত ডাকক সাঙোৰা হয়। বিহাৰ, ওৰিশা, নেপাল, উত্তৰ প্ৰদেশ, গুজৰাট, ৰাজস্থান আদি বিভিন্ন প্ৰদেশত ভিন্‌ ভিন্‌ নামেৰে এনে বচন প্ৰচলিত হৈ আহিছে।

ডাকৰ নামত প্ৰচলিত বিভিন্ন ৰচনা বা তেওঁৰ জন্ম-মৃত্যু সম্পৰ্কে সঠিক তথ্য উপলব্ধ নহয় বাবে পণ্ডিতসকলে ঠাৱৰ কৰিছে যে এওঁ কোনো ঐতিহাসিক ব্যক্তি নহয় আৰু লোকায়ত সমাজৰ দ্বাৰা সৃষ্ট মৌখিক পৰম্পৰাতেই এই বচনসমূহ সৃষ্টি হৈছে। এই ক্ষেত্ৰত শশিশেখৰ তিৱাৰীয়ে ‘ভোজপুৰী লোকোক্তিয়াঁ’ (বিহাৰ ৰাষ্ট্ৰভাষা পৰিষদ, পাটনা, ১৯৭০ পৃ-২৩১)ত কৰা মন্তব্যটি উল্লেখযোগ্য- ‘ঘাঘ, ভড্ডৰ, ভডডৰী আৰু ডাকৰ জন্মস্থান, জন্ম তিথি, মৃত্যু তিথি, প্ৰামাণিক নাম আৰু তেওঁলোকৰ প্ৰবচনৰ মূল ভাষাৰ প্ৰসংগত নিশ্চিতভাৱে একো ক’ব নোৱাৰি। অসমৰ পৰা গুজৰাট পৰ্যন্ত প্ৰায়বিলাক আঞ্চলিক ভাষাত আৰু উপভাষাত এই কবিসকলৰ নামত প্ৰচলিত প্ৰবচন বা লোকোক্তি পোৱা যায়। এই লোকোক্তিবিলাকৰ ওপৰত নিৰ্ভৰ কৰি ভাৰতবৰ্ষৰ বিভিন্ন ভাষা-ভাষী ক্ষেত্ৰৰ লোকে এই কবিসকলক নিজৰ নিজৰ ক্ষেত্ৰ আৰু ভাষাৰ কবিৰূপে প্ৰতিপন্ন কৰিবলৈ চেষ্টা কৰি আহিছে।’
অসমত প্ৰচলিত ডাকৰ বচনসমূহৰ আখৰ জোঁটনি, ভাষা শৈলী, ঠাঁচ, ছন্দৰ প্ৰয়োগ আদি বিভিন্ন দিশলৈ চকু ফুৰালে এটা কথাত পতিয়ন যাব পাৰি যে ইয়াৰ মূল জুমুঠিটো ষষ্ঠ-সপ্তম শতিকাতে তৈয়াৰ কৰা হৈছিল যদিও আজিৰ পৰা দুশ-আঢ়ৈশ বছৰৰ ভিতৰতহে লিখিত ৰূপ পৰিগ্ৰহ কৰিছে। অসমীয়া ডাকৰ বচনসমূহ বিভিন্ন ভাগত বিভক্ত কৰি থোৱা হৈছে; যথা – জন্ম প্ৰকৰণ, ধৰ্ম প্ৰকৰণ, ন্যায় প্ৰকৰণ, নীতি প্ৰকৰণ, ৰাজন্যাদি প্ৰকৰণ, ৰন্ধন প্ৰকৰণ, গৃহিণী লক্ষণ, পৰিত্যাগ কথন, বষৰ্ষাদি বৰ্ণন, বৃষ লক্ষণ, হলবাহনক্ৰম, কৃষি লক্ষণ, জ্যোতিষ প্ৰকৰণ, যমঘণ্ট কথন, যাত্ৰা লক্ষণ, গৃহ লক্ষণ, নাৰী লক্ষণ, টোকন-নাল আদি, টোকনৰ গুণ, ওপৰিঞ্চি ডাকৰ জন্ম আৰু মৰণ। উল্লেখযোগ্য যে ডাকৰ বচনৰ সকলো পুথিতে এই ভাগবোৰ পোৱা নাযায় বা ক’ৰবাত ক’ৰবাত বেছিকৈও পোৱা যায়।

মূলতঃ ডাকৰ বচন অসমীয়া সমাজৰ ব্যৱহাৰিক বিজ্ঞানৰ নিদান বুলিও মন্তব্য কৰিব পাৰি। মানৱ জীৱন, সমাজ জীৱনত প্ৰয়োজনীয় সকলোবিলাক দিশৰ বিষয়েই এই বচনসমূহত বিভিন্ন কথা পৰিব্যাপ্ত হৈ আছে। জন্মৰ পৰা মৃত্যুলৈকে ঘৰ সজাৰ পৰা গৰু কিনালৈকে, বাৰী পতাৰ পৰা খেতি তোলালৈকে সকলো দিশ ইয়াত সামৰা হৈছে। উদাহৰণস্বৰূপে-

Øভাদত কৰিয়া কলা ৰোপণ।
সবংশে মৰিল লাৰ ৰাৱণ।।

Ø সাতে পাতল পাঁচত ঘন।
ছয়ত তামোল নদন-বদন।।

Ø জালুক পপিলী আদা খায়।
ডাকে বোলে তাৰ কাহ পলায়।।

ডাকৰ বচনত থকা সাৰ্বজনীনতা, সঞ্চিত বাস্তৱ অভিজ্ঞতা, জীৱন আৰু সমাজৰ লগত থকা নিবিড় সম্পৰ্ক আদিয়ে লোকজীৱনত নৈৰ্ব্যক্তিক বাহনৰ ক্ৰিয়া সম্পাদন কৰিছে। মুঠতে ইয়াৰ বিষয়বস্তুৰ ব্যাপকতালৈ লক্ষ্য ৰাখি কোনো ব্যক্তি বিশেষৰ ৰচনা বোলাতকৈ জাতীয় জীৱনৰ সামূহিক অভিজ্ঞতাৰ পৰিণতি বুলিয়েই কোৱা উচিত।

চৰ্যাপদ

চৰ্যাপদসমূহক অসমীয়া ভাষাৰ প্ৰথম লিখিত ৰূপৰ চানেকি হিচাপে চিহ্নিত কৰা হৈছে। বৰ্তমান সময়ত বিভিন্ন গৱেষণাৰ অন্তত চৰ্যাপদসমূহত অসমীয়া ভাষাৰ উপৰি বাংলা, ওড়িয়া, হিন্দী, মৈথিলী আদি ভাষাৰো আদি কালৰ নিদৰ্শন ৰক্ষিত হৈছে বুলি প্ৰমাণিত হৈছে। চৰ্যাপদসমূহ মূলতঃ বৌদ্ধ ধৰ্মৰ সহজযানী পন্থাৰ ধৰ্ম সাধনাৰ গীত। এই চৰ্যাপদসমূহ পোন প্ৰথমবাৰৰ বাবে লোকচক্ষুৰ আগত তুলি ধৰে হৰপ্ৰসাদ শাস্ত্ৰীয়ে। কলিকতাৰ ‘এচিয়াটিক ছ’চাইটি’ৰ পুথি সংগ্ৰহৰ কামত হৰপ্ৰসাদ শাস্ত্ৰী কেইবাবাৰো নেপাললৈ গৈছিল। ইয়াৰে ১৯০৭ চনত তৃতীয়বাৰৰ বাবে নেপাললৈ যাওঁতে তাৰে ৰাজ দৰবাৰৰ গ্ৰন্থাগাৰত ৰক্ষিত কেইখনমান নতুন পুথি বিচাৰি পায়। সেইকেইখন হ’ল- ‘চৰ্যাচৰ্যবিনিশ্চয়’ সৰোজব<ৰ(?) ‘দোহাকোষ’ আৰু কৃষ্ণাচাৰ্যাৰ ‘দোহাকোষ’। এই তিনিখন পুথিৰ লগতে আগৰবাৰ যাওঁতে সংগ্ৰহ কৰি অনা ‘ডাকাণৰ্ৱ’ নামৰ পুথিখন একেলগ কৰি ১৯১৬ খ্ৰীঃত হাজাৰ বছব়ে পুবাণ(?) বাংলা ভাষাৰ বৌদ্ধ গান ও দোহা নামেৰে ছপা কৰি উলিয়ায়। প্ৰকাশক আছিল ‘বঙ্গীয় সাহিত্য পৰিষদ’। উল্লেখযোগ্য যে হৰপ্ৰসাদ শাস্ত্ৰীয়ে পোৱা ‘চৰ্যাচৰ্যবিনিশ্চয়’ পুথিখন মূল পুথি নাছিল। এইখন আছিল আচাৰ্য মুনিদত্তই লিখা এখন টীকা পুথিহে। পুথিখনৰ ক’তো ‘চৰ্যাচৰ্যবিনিশ্চয়’ নামটো উল্লেখ নথকাৰ পৰা অনুমান কৰা হয় যে এই নামটো শাস্ত্ৰীয়ে নিজেই দিছিল। মুনিদত্তই লিখা টীকা পুথিখনত অৱশ্যে ‘চৰ্য্যাগীতিকোষবৃত্তি’ নামটো আছে আৰু ইয়াৰ লগতে মূল চৰ্যাখিনিও সন্নিবিষ্ট আছিল। চৰ্যাগীতৰ তিব্বতী অনুবাদৰ প্ৰথম সন্ধান লাভ কৰে ড০ সুনীতি কুমাৰ চট্টোপাধ্যায়ে। পৰৱৰ্তীকালত ড০ প্ৰবোধ চন্দ্ৰ বাগচী, নীলৰতন সেন আদিয়ে চৰ্যাপদ সম্পৰ্কে গৱেষণা কৰি বিভিন্ন নতুন নতুন তথ্যৰ সম্ভেদ দিয়ে। ড০ বাগচীৰ গৱেষণাৰ কালতেই চৰ্যাগীতৰ সম্পৰ্ণূ তিব্বতী অনুবাদটি আৱিষ্কৃত হয় আৰু তাৰ পৰাই সংস্কৃত টীকাকাৰ নাম যে মুনিদত্ত আছিল সেয়া গম পোৱা যায়।
তিব্বতী অনুবাদৰ পৰা গম পোৱা যায় যে আচাৰ্য মুনিদত্তই এশটা গানৰ কোষ-গ্ৰন্থৰ পৰা একাৱন্নটা গান বাচি লৈ টীকা ব্যাখ্যা কৰিছিল। তাৰে এটা টীকা পৰৱৰ্তীকালৰ কোনো লিপিকাৰৰ হাতত হেৰাল আৰু সেইটি বাদ দিয়েই মুনিদত্তৰ টীকাখন নকল কৰি উলিয়ায়। অৱশ্যে নেপালত উদ্ধাৰ হোৱা পুথিখনত (চৰ্যাগীতিকোষ)ৰ শেষৰ পাতখিলা আৰু মাজৰ কেইখিলামান পাত নাই (৬৯খন পাত আছে)। সৰ্বমুঠ তিনিটা সম্পূৰ্ণ আৰু এটাৰ আধা অংশৰ মূল পাঠৰ লগতে টীকা অংশ নাছিল।

‘হৰপ্ৰসাদ শাস্ত্ৰীয়ে চৰ্যাচৰ্য্যিবনিশ্চয় পুথিখনৰ গানবোৰক বৌদ্ধ কীৰ্তন, বৌদ্ধ সংকীৰ্তন বুলি অভিহিত কৰিছে।’ অৱশ্যে টীকাকাৰে চৰ্যাৰ উপৰি ‘গীত’ আৰু ‘পদ’ শব্দ দুটাও উল্লেখ কৰিছে। এই গীতসমূহৰ ভাষাৰ লগত নব্য ভাৰতীয় আৰ্যভাষাৰ অন্তৰ্গত মৈথিলী, বাংলা আৰু অসমীয়া ভাষাৰ মিল দেখা যায়। সেয়ে বিভিন্ন ভাষাৰ পণ্ডিতসকলে নিজৰ নিজৰ ভাষাৰ সম্পত্তি বুলি এই চৰ্যাপদসমূহক চিক্তিত কৰিছে। ড০ বাণীকান্ত কাকতিয়েও ইয়াৰ ধ্বনিতাত্ত্বিক আৰু ৰূপতাত্ত্বিক দিশসমূহ ফঁহিয়াই অসমীয়া ভাষাৰ লগত যে মিল আছে সেয়া প্ৰমাণ কৰি গৈছে।

এই পুথিখনত সবৰ্মুঠ ২৩ জন সিদ্ধাচাৰ্যৰ দ্বাৰা ৰচিত গীত সন্নিৱিষ্ট হৈছে। উল্লেখযোগ্য যে এওঁলোক ৮৪জন তান্ত্ৰিক সিদ্ধাচাৰ্যৰ অন্তৰ্ভুক্ত। তেওঁলোকৰ নামসমূহ হ’ল- কাহ্নপাদ (১৩টা চৰ্যা), ভুসুকপাদ (৮টা), সৰহপাদ (৪টা), কুক্কুৰীপাদ (৩টা), লুইপাদ, শবৰপাদ, শান্তিপাদ (এইসকলৰ দুটা), বিৰুৱাপাদ, গুণ্ডৰীপাদ, চাটিল্লপাদ, কম্বলাম্বৰপাদ, ডোম্বীপাদ, মহীধৰপাদ, বীণাপাদ, আৰ্যদেৱপাদ, ঢেণ্ঢনপাদ, দাৰিকপাদ, ভাদপোদ, তাড়কপাদ, কংকনপাদ, জয়নন্দীপাদ, ধামপাদ, তন্ত্ৰীপাদ (তেওঁলোকৰ এটাকৈ চৰ্যা)। ইয়াৰে লুইপাদ, সৰহপাদ, মীননাথ, শান্তিপাদ, ডোম্বীপাদ, ঢেণ্ঢনপাদ, মহীধৰপাদ আদিক কামৰূপৰ লগত বিশেষ সম্পৰ্ক থকা বুলি পণ্ডিতসকলে ঠাৱৰ কৰিব খোজে। এওঁলোকৰ বাহিৰেও চৰ্যাপদ, ইউড়ীপাদ, মীননাথ, আচাৰ্য বিনাত্তক, ধোকৰীপাদ, বিৰুপাক্ষপাদ, তিলোপাদ আদি সিদ্ধাচাৰ্যৰ নামো টীকাত উল্লেখ আছে।

চৰ্যাপদসমূহ অধিকাংশই দহ শাৰীয়া; তাৰে ভিতৰত ১০,২৮, ৫০ নং চৰ্যা চৈধ্য শাৰীৰ; ২১, ২২ বাৰ শাৰীৰ; ৩৯ নং ঊনৈশ শাৰীৰ; ১৪ নংটি সাত শাৰীৰ; ২৩ নং ছয় শাৰীৰ; ২৫ নম্বৰটিৰ চাৰিটা শাৰীৰ নমুনাত ছয়টামান শব্দ আছে আৰু ২৪, ৪৮ নম্বৰ চৰ্যা দুটি লুপ্ত। সাধাৰণতে মাত্ৰাবৃত্ত ছন্দত লিখা চৰ্যাসমূহত অন্ত্যানুপ্ৰাসৰ প্ৰয়োগ বহুল। এই গীতসমূহ গাবৰ বাবে নিৰ্ধাৰণ কৰি দিয়া হৈছে সবৰ্মুঠ ১৭টি ৰাগ- পটমঞ্জৰী, গৱড়া (গউড়া), অৰু, গুঞ্জৰী, দেৱক্ৰী, দেশাখ (দ্বেশাখ), ভৈৰৱী, কামোদ, ধনসী, ৰামক্ৰী, বৰাড়ী (বলাড্ডী), শৱৰী, মল্লাৰী, মালশী, গবুড়া, কাহুগুঞ্জৰী আৰু বঙ্গাল। ইয়াৰে প্ৰায়বোৰেই পুৰণি অসমীয়া গীতত পোৱা যায়। বৰগীতৰ দৰে চৰ্যাটো ভণিতা আছে আৰু প্ৰত্যেক পদৰ দ্বিতীয় চৰণটোত ‘ধ্ৰং’ বা ‘ধ্ৰৱ’ বুলি নিৰ্দেশ কৰা হৈছে। ইতিমধ্যে উল্লেখ কৰা হৈছে যে চৰ্যাপদসমূহ বৌদ্ধ তান্ত্ৰিকসকলৰ ধৰ্মসাধনৰ গীত। এই বাবেই ইয়াৰ বিষয়বস্তু ৰহস্যময়ী। মূলতঃ নিৰ্বাণ লাভ কৰাৰ উদ্দেশ্য আগত ৰাখিয়েই ইয়াক ৰচনা কৰা হৈছে। নিৰ্বাণ মানে বাসনাৰ পৰা নিবৃত্তি লাভ। ‘পাৰ্থিব স্থিতিৰ অনিত্যতা জ্ঞান লাভ কৰি অবিদ্যা-মোহ ধবংস কৰিব পাৰিলেই নিৰ্বাণ লাভ হয়।’ বৌদ্ধ ধৰ্মৰ সহজযানী পন্থাৰ ধৰ্ম সাধনাৰ কাৰণে নিৰ্বাণ লাভ কৰাৰ পথ দেখুৱাবৰ বাবে বিভিন্ন ধৰণৰ ৰূপক, প্ৰতীক, দ্ব্যৰ্থক পাৰিভাষিক শব্দ, বিবিধ উপমা আদি ব্যৱহাৰ কৰি এই চৰ্যাসমূহ ৰচনা কৰা হৈছে। ইয়াৰ অৰ্থ শুদ্ধভাৱে অনুধাৱন কৰিবলৈ হ’লে গুৰুৰ সহায় অপৰিহাৰ্য। সেইবাবেই প্ৰথম চৰ্যাটিত কোৱা হৈছে- ‘লুই ভণই গুৰু পুচ্ছিঅ জান।।’ চৰ্যাবোৰৰ মাজেদি সহজীয়া ধৰ্মৰ দাৰ্শনিক তত্ত্ব সম্বন্ধীয়, যোগ সম্বন্ধীয়, আৰু তন্ত্ৰ সম্বন্ধীয় দিশ প্ৰতীকি ভাষাৰে অৱগত কৰা হৈছে।

সাধাৰণতে চৰ্যাপদত ব্যৱহৃত ভাষাৰ ৰূপটি পূৰ্বী অৱহটঠ্‌। সিদ্ধাচাৰ্যসকলে দ্ব্যৰ্থক পাৰিভাষিক শব্দ, নানান উপমা-প্ৰতীক ব্যৱহাৰ কৰি ইয়াৰ ভাষা অধিক ৰহস্যময়ী কৰি তুলিছে। হৰপ্ৰসাদ শাস্ত্ৰীয় ইয়াৰ ভাষাক ‘সন্ধ্যা ভাষা’ আখ্যা দি মন্তব্য কৰিছে – ‘সন্ধ্যাভাষা মানে আলো-আঁধাৰি ভাষা, কতক আলো কতক অন্ধকাৰ, খানিক বুঝা যায় খানিক বুঝা যায় না।’ প্ৰাচ্যতত্ত্ববিদ মহেশ্বৰ নেওগেও ‘‘….ইচ্ছাকৃত জটিলতা বৰ্তমান, কাৰণ সেই ভাষা সাংকেতিক, যাৰে তাৰে বাবে নহয় – সি বোবা গুৰুৱে কলা শিষ্যক (গুৰু বোব সে সীস কাল) বুজোৱা কিছুমান ইংগিত মাত্ৰ। বৃত্তিকাৰে সেই ভাষাক সন্ধ্যাভাষা বা সন্ধ্যাবচন, সন্ধ্যাসংকেত বা সন্ধ্যা- যি ভাষাৰ অভীষ্ট মৰ্মাৰ্থ গভীৰভাৱে অনুধ্যান কৰিহে হৃদয়ঙ্গম কৰিব পৰা যায়।’’ বুলি মন্তব্য কৰিছে। আচাৰ্য মুনিদত্তইও ব্যাখ্যা কৰাৰ প্ৰসংগত ‘সন্ধ্যাবচন’, ‘সন্ধ্যাসংকেত’, ‘সন্ধা’ এনে শব্দৰে গূঢ়তত্ত্ব ব্যাখ্যা কৰিছে। গ্ৰন্থৰ পবিত্ৰতা, সাধন প্ৰণালীৰ গোপনীয়তা আৰু গূঢ়তত্ত্বৰ গুৰুত্ব সন্ধ্যাভাষাত সততে ৰক্ষা কৰা হয়। সেয়ে ইয়াৰ ভাষা দ্ব্যৰ্থক পাৰিভাষিক আৰু আলংকাৰিক। উল্লেখযোগ্য যে সৰ্বসাধাৰণ জনগণে ব্যৱহাৰ কৰা ভাষাৰ মাধ্যমেৰেই ইয়াত ধৰ্মৰ গূঢ়তত্ত্ব ব্যাখ্যা কৰা হৈছে।

আইসন চৰ্যা কুক্কুৰীপাএঁ গাই উ।
কোড়ি মাঝেঁ একু হিঅহিঁ সমাইউ।। (২ নং চৰ্যা)

প্ৰধান কথাটি হ’ল এই কথ্য ভাষাটি আছিল প্ৰাচীন কামৰূপ, মগধ, উৎকল, গৌড় আদি ঠাইৰ উমৈহতীয়া কথ্য ভাষা। চৰ্যাত এই সকলো ঠাইৰে আঞ্চলিক ভাষিক বৈশিষ্ট্য মিহলি হৈ আছে। সেয়ে প্ৰত্যেকেই চৰ্যাসমূহ নিজৰ নিজৰ প্ৰাচীন সম্পত্তি বুলি দাবী কৰে। তদপুৰি চৰ্যাবোৰৰ মাজেদি সমকালীন সমাজ জীৱনৰ বিভিন্ন চিত্ৰ; যেনে- তুলা বা কপাহ ধুনা কাৰ্য, শৱৰ ডোম প্ৰভৃতি কৰ্মজীৱীৰ ব্যৱসায়িক ভিত্তি, মাছমৰা, বিবাহ পদ্ধতি, নাৱৰীয়া আদিৰ উল্লেখেৰে ঘৰুৱা চিত্ৰক, দৈনন্দিক কৰ্মক ৰূপক হিচাপে ব্যৱহাৰ কৰি ধমৰ্তত্ত্বৰ ব্যাখ্যা আগবঢাইছে। এক কথাত ক’ব পাৰি যে চৰ্যাত ব্যৱহাৰিক জীৱনত সদায় দেখি থকা বা উপলব্ধি কৰা চিত্ৰৰ মাজেদি গভীৰ তাত্ত্বিক কথা এটি সহজ-সৰলভাৱে উপস্থাপন কৰিবলৈ বিচৰা হৈছে।
ইতিমধ্যে আমি উল্লেখ কৰিছোঁ যে ড০ বাণীকান্ত কাকতিয়ে চৰ্যাপদৰ ভাষাৰ লগত অসমীয়া ভাষাৰ সম্পৰ্কৰ কথা ধ্বনিতাত্ত্বিক আৰু ৰূপতাত্ত্বিক বিশ্লেষণেৰে ফঁহিয়াই দেখুৱাইছে। তলত তাৰে কেইটিমান উল্লেখ কৰা হ’ল- হ্ৰস্ব আৰু দীৰ্ঘ বৰ্ণ অবিচাৰিতভাৱে ব্যৱহৃত যেনে- চুম্বি, চূম্বি, চূম্বী, পঞ্চ, পাঞ্চ। অসমীয়াৰ দৰে চৰ্যাত কৰ্তা- কৰ্ম, কৰণ আৰু অধিকৰণ কাৰক বাক্যত বিভক্তিযুক্ত নোহোৱাকৈ ব্যৱহাৰ হয়, যেনে- বাঢ়ই সো তৰু সুভাসুভ পানী (৪৫ নং), কামৰ ণাঅ (২নং)। অসমীয়াৰ দৰে ষষ্ঠী বিভক্তিৰ সম্বন্ধ পদৰ চিন ‘-ৰ’ ব্যৱহাৰ- হৰিণাৰ খুৰ ডোম্বীৰ সঙ্গে। স্ত্ৰী প্ৰত্যয় ‘ঈ’ আৰু ‘নী’ৰ ব্যৱহাৰ যেনে- হৰিনী, দেৱী, জোইণি। পুৰণি অসমীয়াত প্ৰচলিত তৎসম, অৰ্ধ-তৎসম, তদ্ভৱ আৰু দেশী শব্দৰ ব্যৱহাৰ। যেনে- তৎসম শব্দ অৱকাশ, অভাব, আকাশ, গগণ, চৰণ, নাটক, নায়ক; অৰ্ধ-তৎসম শব্দ- গৰাহক < গ্ৰাহক, পৰস < স্পৰ্শ, পহাৰা < প্ৰহৰ; তৎভৱ শব্দ- সমধৰ < শশধৰ, সোণ < সুৱৰ্ণ, কামৰু < কামৰূপ; দেশী শব্দ টাকলি, ভিড়ি, খাল, ঘাট ইত্যাদি। পয়াৰ, অনুষ্টুভ, পাদাকুলক আদি মাত্ৰাবৃত্ত ছন্দসজ্জাৰে ৰচিত এই চৰ্যাবোৰৰ মাজেদি উদ্ভৱ কালৰ অসমীয়া ভাষাৰ সাহিত্যিক ৰূপ এটি ৰক্ষিত হৈছে। ক’ব পাৰি চৰ্যাপদসমূহ অসমীয়া ভাষাৰ লিখিত ৰূপৰ আদি নিদৰ্শন।

মিশ্ৰ অসমীয়া সাহিত্য

চৰ্যাপদৰ পৰৱৰ্তীকালত ৰচনা হোৱা আৰু অসমীয়া ভাষাৰ লগতে পূব-মাগধীৰ পৰা সৃষ্টি হোৱা আন আন ভাষাৰ লগত মিল থকা দুখন পুথি হ’ল বড়ু চণ্ডীদাসৰ ‘শ্ৰীকৃষ্ণ কীৰ্তন’ আৰু ৰমাই পণ্ডিতৰ ‘শূন্যপুৰাণ’। এই দুয়োখন পুথিয়েই  বঙলা লিপিকাৰ তথা সম্পাদকৰ হাতত পৰি বহু পৰিমাণে বঙলুৱা হৈ পৰিছে। অৱশ্যে পুথি দুখনৰ ধ্বনিতাত্ত্বিক আৰু ৰূপতাত্ত্বিক বিশ্লেষণৰ অন্ততঃ বাংলা আৰু অসমীয়া ভাষাৰ উমৈহতীয়া সাহিত্য হিচাপে চিহ্নিত কৰা হৈছে। সেই বাবেই ড° সত্যেন্দ্ৰনাথ শৰ্মাই এইকেইখন পুথিক ‘বঙালী অসমীয়া উমৈহতীয়া সাহিত্য’ বুলি অভিহিত কৰিছে আৰু ড° মহেশ্বৰ নেওগে ‘মিশ্ৰ-অসমীয়া ৰচনা’ বুলি মন্তব্য কৰিছে।

শ্ৰীকৃষ্ণ কীৰ্তন

শ্ৰীকৃষ্ণ আৰু ৰাধাৰ লৌকিক পৰকীয়া প্ৰেমলীলাক কেন্দ্ৰ কৰি লিখা এই আদি ৰসাত্মক কাব্যখন উদ্ভৱকালীন অসমীয়া সাহিত্যৰ দ্বিতীয় সাহিত্যিক নিদৰ্শন। এই পুথিখন পশ্চিমবংগৰ বাঁকুৰা জিলাৰ বন বিষ্ণুপুৰৰ কাষৰ ক্যাঁকিলা গাঁৱৰ নিবাসী দেবেন্দ্ৰ নাথ মুখোপাধ্যায়ৰ ঘৰৰ পৰা ১৯০৯ চনত বসন্ত বল্লভ ৰায়ে সংগ্ৰহ কৰে। তেওঁৰ সম্পাদনাতে ১৯১৬ চনত ‘বঙ্গীয় সাহিত্য পৰিষদ’ৰ দ্বাৰা এই পুথিখন প্ৰকাশিত হৈছিল। পুথিখনৰ প্ৰকৃত নাম কি আছিল জনা নাযায়। কাৰণ পুথিখনৰ প্ৰথম পাতখিলাৰ লগতে ভিতৰৰো কেইবাটিও পাত নাই। জনসমাজত চণ্ডীদাস নামৰ কবি এজনে ৰাধাকৃষ্ণৰ লীলা বিষয়ক এখন কাব্য ৰচনা কৰিছিল বুলি থকা জনশ্ৰুতি অনুসৰি বসন্ত বল্লভ ৰায়ে লাভ কৰা পুথিখনৰ বিষয়বস্তুৰ মিল থকাত তেওঁ ইয়াৰ নামকৰণ ‘শ্ৰীকৃষ্ণ কীৰ্তন’ কৰে। উল্লেখযোগ্য যে কাব্যখন ওলোৱাৰ পিছতেই ইয়াৰ ভাষাই অসমীয়া পণ্ডিতসকলৰ দৃষ্টি আকৰ্ষণ কৰে, কাৰণ পুথিখনৰ ভাষা পুৰণি অসমীয়া ভাষাৰ অনুগত আছিল। আনকি কাব্যখনত থকা অসমীয়া ভাষাৰ পৰ্যাপ্ত উপাদান দেখি সংকলক তথা সম্পাদক বসন্ত বল্লভ ৰায়ে শেষ লিপিকাৰৰ হাতত পৰাৰ আগতে পুথিখনে কামৰূপ ভ্ৰমণ কৰি আহিছে বুলিও পাতনিতে উল্লেখ কৰিছে। বাংলা সাহিত্যৰ বিভিন্ন বুৰঞ্জীত এই পুথিখনৰ বিষয়ে যিমান বিষদভাৱে আলোচনা হৈছে অসমীয়াত সেয়া হোৱা নাই। কাৰণ এই পুথিখনৰ বিষয়বস্তু হিচাপে বৰ্ণিত হৈছে ৰাধা-কৃষ্ণৰ লৌকিক পৰকীয়া প্ৰেম আৰু বিষ্ণু-কৃষ্ণকে উপাস্য দেৱতা হিচাপে বন্দনা কৰা অসমীয়া বৈষ্ণৱ সমাজৰ বাবে এনে বিষয়বস্তু গ্ৰহণযোগ্য নহয়। এই কাব্যখনৰ ৰচক বড়ু চণ্ডীদাসৰ বিষয়ে বিস্তৃতভাৱে কোনো তথ্য পোৱা নাযায়। কাব্যখনৰ হেৰাই যোৱা পাতকেইখিলাৰ মাজত কিবা তথ্য আছিল যদিও সেয়া কালৰ গৰ্ভত লীন গ’ল। অৱশ্যে পুথিখনত সন্নিৱিষ্ট ৪১৮টা গীতৰ ভিতৰত ৩৪০টা গীততে থকা ভণিতাত দুটা নাম পোৱা যায় যথা ‘বড়ু চণ্ডীদাস’ আৰু ‘অনন্ত বা অনন্ত বড়ু’। ইয়াৰ পৰা অনুমান কৰিব পাৰি যে কবিগৰাকীৰ আচল নাম আছিল ‘অনন্ত’ ‘বড়ুৱাৰ পৰা হোৱা বড়ু’ তেওঁৰ উপাধি। আনহাতে চণ্ডী মানে বাসুলী বা বাসুলীৰেই এক ৰূপ; গতিকে চণ্ডীৰ উপাসক এইজনা কবিয়ে মূল উপাধিৰ পাছত চণ্ডীৰ দাস হিচাপে চণ্ডীদাস উপাধি ব্যৱহাৰ কৰিছিল।এই গৰাকী কবিয়ে তেওঁৰ সময়সীমা সম্পৰ্কেও কোনো ইংগিত দি যোৱা নাই। কাব্যখনৰ ভাষা বিশ্লেষণ কৰি বিভিন্ন পণ্ডিতসকলেও ভিন্ন মত পোষণ কৰিছে। খেনোৰ মতে চতুৰ্দশ-পঞ্চদশ শতিকা,খেনোৰ মতে চতুৰ্দশ শতিকাৰ প্ৰথমাৰ্ধ আৰু খেনোৰ মতে অষ্টাদশ শতিকা। ড° বাণীকান্ত কাকতিয়ে ইয়াৰ ভাষা বিশ্লেষণ কৰি মন্তব্য কৰিছে যে অসমীয়া বাংলা আদি ভাষা স্পষ্টৰূপে পৃথক হৈ ওলোৱাৰ আগৰ যিটো ৰূপ আছিল শ্ৰীকৃষ্ণ কীৰ্তনৰ ভাষা তাৰে প্ৰতিভূ। ইয়াৰ পৰাই ধাৰণা কৰিব পাৰি যে কাব্যখনৰ সময়সীমা ত্ৰয়োদশ চতুৰ্দশ শতিকাৰ পাছলৈ আনিব নোৱাৰি। উদ্ধাৰ হোৱা পুথিখন বডু চণ্ডীদাসৰ স্বহস্ত লিখিত নহয়। ধাৰণা কৰা হয় এইখন মূল পুথিৰ নকলৰো নকল। বহু সময়ত সেইবাবে নতুন ব্যাকৰণিক ৰূপো ইয়াত সোমাই পৰিছে। লিপি বিশেষজ্ঞ ৰাখাল দাস বন্দোপাধ্যায়ে এই তুলাপতীয়া কাব্যাখনত প্ৰাচীন হস্তাক্ষৰ ইয়াৰ অনুকৰণত লিখা শৈলী আৰু আপেক্ষাকৃত আধুনিক হস্তাক্ষৰ দেখা পাইছিল। তদপুৰি পেট কটা ‘ৰ’ ব্যৱহাৰ ইয়াত মন কৰিবলগীয়া। পুথিখনৰ আৰম্ভণিৰ পাঁচটা পদ, ছয় নং পদৰ প্ৰথম অংশ, আঠ নং পদৰ শেষৰ শাৰীকেইটা নাই। তদপুৰি ১৯, ২০, ৩৬, ৩৭, ৮৭, ৮৮, ১৮২, ১৯২, ১৯৩, ২০৩, ২২৫, ২৭৭, ২৭৮ আৰু ৪১৮ নং গীতকেইটা খণ্ডিত। এই পুথিখন মূলতঃ গীতিধৰ্মী আৰু নাট্যধৰ্মী। মুঠতে তেৰটা খণ্ডত বিভক্ত কাব্যখনত ১৬১টা শ্লোক(ইয়াৰে ২৮টা পুনৰবৃত্তি) ৩২টা ৰাগ, ১৫ তাল থকা ৪১৮টা গীত সন্নিবিষ্ট হৈছে। সেই খণ্ডকেইটা হ’ল –

জন্ম, তাম্বুল, দান, নৌকা,ভাৰ, ছত্ৰ, বৃন্দাবন, কালীয়দমন, বস্ত্ৰহৰণ, হাৰ, বান, বংশী আৰু ৰাধা বিৰহ খণ্ড। কাব্যখনত প্ৰতিটো খণ্ডই স্বয়ংসম্পূৰ্ণৰ দৰে যদিও কবিয়ে শ্লোকৰ ব্যৱহাৰ কৰি এইবোৰৰ মাজত সংগতি স্থাপন কৰিছে। ইয়াৰ গীতবোৰ দুটা ভাগ- ধ্ৰৱক আৰু পদ। প্ৰথম ছয়শাৰী পদক ধ্ৰৱক আৰু শেষৰখিনিক পদ বুলি চিহ্নিত কৰি প্ৰতিটো গীতৰ আৰম্ভণিতে ৰাগ, তাল আৰু কিছুমান গীতত গোৱাৰ সময় লিপিবদ্ধ কৰা হৈছে। ইতিমধ্যে উল্লেখ কৰা হৈছে যে শ্ৰীকৃষ্ণ কীৰ্তনৰ ভাষা পুৰণি অসমীয়া ভাষাৰ অনুগত। দেবেন্দ্ৰনাথ বেজবৰুৱা প্ৰমুখ্যে বিভিন্ন সাহিত্যৰ বুৰঞ্জীকাৰ, ড° বাণীকান্ত কাকতি, ড° উপেন্দ্ৰ নাথ গোস্বামী আদি ভাষাবিদে অসমীয়া ভাষাৰ বিভিন্ন স্তৰৰ সৈতে এই পুথিখনৰ ভাষাৰ সাদৃশ্য দেখুৱাই ইয়াক ‘পূৰ্ব ভাৰতৰ উমৈহতীয়া সম্পদ’ বুলি স্বীকৃতি দিছে। তাৰে কেইটিমান উদাহৰণ হ’ল- মূল প্ৰতিলিপিত পেটকটা ‘ৰ’ আৰু ‘ৱ’ৰ ব্যৱহাৰ; তলপ, আজি, অলপ, পো, নাতিনী, বুঢ়া-বুঢ়ী, তিৰী, ঘৰিয়াল, হিয়া, আদি খাচ অসমীয়া শব্দ। বৰ্ণবিপিৰ্যয় (হ্ৰদ > দহ); স্বৰ ভক্তি (পৰভাত, মৰম); মহাপ্ৰাণীভৱন (সুখান, হাথী) আদি ধ্বনিতাত্ত্বিক প্ৰক্ৰিয়াৰো অসমীয়াৰ সৈতে মিল আছে। ঠিক সেইদৰে পুৰণি অসমীয়াত অপাদান কাৰকত পঞ্চম বিভক্তি ‘হতেন’ৰ দৰে এই কাব্যতো ‘হতেঁ’, ‘হৈতেঁ’ পৰসৰ্গৰ ব্যৱহাৰ; যেনে- এবে হতেঁ, আজি হৈতেঁ আৰু বাক্যত ব্যৱহৃত শব্দ বিভক্তিবোৰ অসমীয়াৰ দৰে। এইবোৰে প্ৰমাণ কৰে যে শ্ৰীকৃষ্ণ কীৰ্তনো উদ্ভৱকালীন অসমীয়া ভাষাৰ এক অমূল্য নিদৰ্শন।

শূন্যপুৰাণ

অসমীয়া আৰু বঙলা এই উভয় সাহিত্যই নিজৰ বুলি দাবী কৰা তথা উদ্ভৱকালীন আন এখন পুথি হ’ল ৰমাই পণ্ডিতৰ ‘শূন্যপুৰাণ’। মূলতঃ ধৰ্মদেৱতাৰ পূজাৰ বৰ্ণনা সন্নিৱিষ্ট পুথিখনো বঙলা সম্পাদকেহে প্ৰকাশ কৰিছে। পুথিখনৰ ৰচক ৰমাই পণ্ডিত সম্পৰ্কে সবিশেষ তথ্য ক’তো পোৱা নাযায়। জনশ্ৰুতিমতে তেওঁ মৰ্ত্যত প্ৰথম ধৰ্মৰ পূজা প্ৰচাৰ কৰিছিল। বাংলা সাহিত্যৰ বুৰঞ্জীকাৰসকলেও জনশ্ৰুতিৰ ওপৰতে ভিত্তি কৰি তেওঁৰ বিষয়ে বিভিন্ন কথা লিখিছে যদিও অবিসম্বাদীতভাৱে এটা মতকে কোনেও মানি লোৱা নাই। তদপুৰি তেওঁৰ সময়সীমা সম্পৰ্কেও প্ৰত্যেকজন বুৰঞ্জীকাৰৰ মত বেলেগ বেলেগ। বঙ্গীয় সাহিত্য পৰিষদে প্ৰকাশ কৰা শূন্যপুৰাণখনত সবৰ্মুঠ ৫৬টা অধ্যায় সন্নিৱিষ্ট আছে। ইয়াৰ প্ৰথম ৫টা অধ্যায়ত সৃষ্টি তত্ত্ব আৰু বাকীকেইটাত ধৰ্মপূজাৰ বিবিধ পদ্ধতি আলোচনা কৰা হৈছে। কাব্যখনৰ আৰম্ভণিতে ‘শ্ৰীশ্ৰী ধৰ্ম্মায় নমঃ’ বুলি প্ৰণাম জনাই- নহি ব়েক নহি রূপ নহি ছিল বন্ন চিন। রবি সসী নহি ছিল নহি রাতি দিন।। বুলি বিষয়বস্তুৰ বৰ্ণনা আৰম্ভ কৰিছে। উল্লেখযোগ্য যে এই পুথিখনৰ কেইবাটিও নকল ইতিমধ্যে উদ্ধাৰ হৈছে যদিও কোনোখন পুথিতে নামকৰণ কৰা হোৱা নাছিল। পুথিখনত ধৰ্মদেৱতাৰ কথা বৰ্ণনা কৰা কথাৰ আঁত ধৰি অৰ্থাৎ এই কাব্যত ‘শূন্যময়তা দেৱতা’ ধৰ্মঠাকুৰৰ পূজা-পদ্ধতি বৰ্ণিত হৈছে বাবে নগেন্দ্ৰ নাথ বসুৱে সম্পাদনা কৰি ১৩১৪ বাংলা চনত ‘বঙ্গীয় সাহিত্য পৰিষদ’ৰ দ্বাৰা গ্ৰন্থৰূপে প্ৰকাশ কৰা কালতে ‘শূন্যপুৰাণ’ বুলি নতুনকৈ নামকৰণ কৰে। বাংলা সাহিত্যৰ ইতিহাসকাৰ ভূদেব চৌধুৰীয়ে মত পোষণ কৰে যে হৰ প্ৰসাদ শাস্ত্ৰীয়েই পোন প্ৰথমবাৰৰ বাবে ধৰ্মঠাকুৰ সম্পৰ্কে আলোচনাত প্ৰবৃত্ত হৈছিল। তেওঁৰ মতে ‘‘এই দেৱতা বঙ্গ দেশত বৌদ্ধ প্ৰভাৱৰ সৰ্বশেষ প্ৰতীক। কিন্তু আজি আৰু সংশয় নাই যে ধৰ্মঠাকুৰ আৰ্য-পূৰ্ব-বঙ্গলোকসকলৰ মাজৰ নিজস্ব কল্পনাপ্ৰসূত দেৱ মণ্ডলীৰ এজন। কালৰ সোঁতত এই পূজা পদ্ধতিত আৰ্য-অনাৰ্য, বৈদিক-পৌৰাণিক, বৌদ্ধ প্ৰভৃতি নানা প্ৰভাৱৰ ধাৰা জড়িত হৈ পৰিছিল।’’ ‘ধমৰ্পূজা’ মূলতঃ বঙ্গদেশৰ পশ্চিম অঞ্চলৰ ধৰ্মীয় উৎসৱ। নিম্ন শ্ৰেণীৰ হিন্দু তথা পতিত ব্ৰাহ্মণসকলে শূন্যৰূপী (যি বিষ্ণু, সূৰ্য আৰু যমকো প্ৰতিফলিত কৰে) ধৰ্মদেৱতাক পূজা কৰে। অসমতো প্ৰাচীন কালত ধৰ্মদেৱতাৰ পূজাৰ প্ৰচলন থকাৰ প্ৰমাণ পোৱা যায়। ‘কথা গুৰু চৰিত’ত অনন্ত কন্দলি সম্পৰ্কে থকা এটা কাহিনীত, মনকৰৰ ‘মনসা কাব্য’ত থকা বিৱৰণ আৰু মনসা পূজাৰ সময়ত মনসা দেৱীৰ বেদীৰ অলপ আঁতৰত এটা আমডালিৰে পূৰ্ণ ঘট আগলি কলাপাতেৰে পতা হয় আৰু ইয়েই ধৰ্মৰ ঘট বুলি বিবেচনা কৰা কথাই ইয়াৰ প্ৰমাণ। অৱশ্যে শূন্যপুৰাণত বৰ্ণিত ৰূপতকৈ কিছু বেলেগ ধৰণেহে অসমত এয়া ৰূপায়ণ হয়। শূন্যপুৰাণ পুথিখনৰ ৰচনা কাল সম্পৰ্কে ভিন্নজনে ভিন্ন মত পোষণ কৰিছে। History of Bengali Literature ত অধ্যাপক দীনেশ চন্দ্ৰ সেনে লিখিছে- ‘Ramai Pandit was a contemporary of Dharma Pal II, who reigned in Gaud in the early part of the 11th century A.D. Rajendra Chola’s rock-inscription (1012 AD) discovered in Tirumalaya, probably makes mention of this monarch, Rama Rai Pandit was born on the 5th day of waxing moon, in the month of Baisakh, towards the end of the 10th century AD.’’ আনহাতে ডিম্বেশ্বৰ নেওগে পুথিখনৰ ভাষা বিচাৰ কৰি ‘ঘাইকৈ অসমীয়া মন্ত্ৰ সাহিত্যৰ লগত ইয়াৰ ভাব-ভাষাৰ মিলৰ পৰা শূন্যপুৰাণৰ ৰচনা ত্ৰয়োদশ শতিকাৰ পাছৰ বুলি অনুমান কৰা হয়’ বুলি মন্তব্য কৰিছে। প্ৰসংগক্ৰমে উল্লেখযোগ্য যে শূন্যপুৰাণৰ অংশ বিশেষ মনসা কবি মনকৰৰ কাব্যৰ খণ্ডবিশেষৰ লগত মিল আছে। এই পুথিখনত ব্যৱহৃত ভাষা প্ৰাচীন অসমীয়া ভাষাৰ লগত মিল আছে। বৈয়াকৰণিক ৰূপলৈ মন কৰিলে প্ৰাচীন কামৰূপ ৰাজ্যৰ নাইবা প্ৰাচীন কামৰূপী পণ্ডিতৰ ৰচনা যেন অনুভৱ হয়। প্ৰথমা বিভক্তিৰ চিন ‘-এ’, ষষ্ঠীৰ ‘-ৰ’, সপ্তমীৰ ‘-ত’ নিজ অৰ্থত ‘আপুনি’ সৰ্বনামৰ প্ৰয়োগ আদি অসমীয়া ভাষাতাত্ত্বিক বৈশিষ্ট্য অনুগত। ঠিক সেইদৰে জুই, খৰিকা, টোপোলা, দৰব,গজাল ইত্যাদি অসমীয়া ভাষাৰ শব্দৰ ব্যৱহাৰ আদিয়েও এই কথাখিনি অধিক প্ৰকট কৰি তোলে। এক কথাত ক’ব পাৰি উদ্ভৱকালৰ অসমীয়া তথা বাংলা ভাষাৰ নিদৰ্শন ৰূপে শূন্যপুৰাণে সাহিত্যৰ ইতিহাসত এক সুকীয়া স্থান লাভ কৰিছে।

প্ৰাক্-শংকৰী যুগ

শংকৰদেৱৰ পূৰ্বকবি মাধৱ কন্দলি সহিতে তেৰাৰ সমসাময়িক হেম সৰস্বতী, হৰিবৰ বিপ্ৰ, কবিৰত্ন সৰস্বতী আৰু ৰুদ্ৰ কন্দলিৰ হাততে বিশুদ্ধ অসমীয়া সাহিত্যই বিকাশ লাভ কৰে আৰু তেওঁলোককে প্ৰাক্-শংকৰী যুগৰ কবি বুলি অভিহিত কৰা হয়। অসমীয়া সাহিত্যৰ বুৰঞ্জীকাৰসকলে তেওঁলোকৰ সময়সীমা নিৰ্ধাৰণ কৰিছে ত্ৰয়োদশ শতিকাৰ শেষৰ পৰা পঞ্চদশ শতিকাৰ আদি ভাগলৈ। বিশেষভাৱে ৰাজপৃষ্ঠপোষকতা লাভ কৰা এই কবিচামে মূলতঃ ৰামায়ণ-মহাভাৰত, জৈমিনীয়াশ্বমেধ আৰু বামন পুৰাণৰ পৰা বিষয়বস্তু আহৰণ কৰি অসমৰ জন মানসিকতাত ৰজিতা খোৱাকৈ মৌলিক তথা স্থানীয় সমলসানি ৰচনা কৰিছে কেইবাখনো কাব্য। প্ৰধানকৈ পয়াৰ, দুলড়ী আৰু ছবি ছন্দত ৰজা তথা প্ৰজাৰ মনোৰঞ্জনৰ বাবে ৰচনা কৰা এই ৰাজি সাহিত্যৰ মাজতেই অসমীয়া ভাষাই স্বকীয় বৈশিষ্ট্যৰে উদ্ভাসিত হোৱাৰ উপৰি উচ্চ সাহিত্যিক ভাব প্ৰকাশ কৰিব পৰা সাধু ভাষাৰ গঢ় লাভ কৰে। অন্ত্যানুপ্ৰাসযুক্ত এই ছন্দায়িত ভাষাৰ মাজেদিয়েই আক্ষৰিক ছন্দ বা অক্ষৰবৃত্ত ছন্দই বিকাশ লাভ কৰে। তলত এই যুগৰ কবিসকলৰ আৰু তেওঁলোকৰ কাব্যকৃতিৰ বিষয়ে বহলাই আলোচনা কৰা হ’ল।

  • হেম সৰস্বতী

প্ৰহ্লাদ চৰিত আৰু হৰ-গৌৰী সংবাদ নামৰ দুখন কাব্য পুথি ৰচনা কৰা হেম সৰস্বতীয়ে কমতাধপিতি দুৰ্লভনাৰায়ণৰ পৃষ্ঠপোষকতা লাভ কৰিছিল। এওঁৰ সময়সীমা সম্পৰ্কে সাহিত্যৰ বুৰঞ্জীকাৰসকলৰ মজত মতভেদ থকা পৰিলক্ষিত হয়। খেনোৱে এওঁক ত্ৰয়োদশ শতিকাৰ শেষ নাইবা চতুৰ্দশশতিকাৰ প্ৰথমাৰ্ধ (কালিৰাম মেধি ড সত্যেন্দ্ৰ নাথ শৰ্মা), খেনোৱে চৈধ্য শতিকাৰ মাজভাগৰ (কনকলাল বৰুৱা, দেৱানন্দ ভঁৰালি আদি) বুলি ঠাৱৰ কৰিব বিচাৰে। কবিৰ দুয়োখন কাব্যতে অৱশ্যে নিজৰ পৰিচয় সম্পৰ্কে ভিন্ন মত প্ৰকাশ পাইছে। প্ৰহ্লাদ চৰিতত উল্লেখ থকা মতে-

কমতামণ্ডল দুৰ্লভনাৰায়ণ নপৃবৰ অনপুাম।

তাহান ৰাজ্যত ৰুদ্ৰসৰস্বতী দেৱযানী কন্যা নাম।।

তাহান তনয় হেম সৰস্বতী ধ্ৰৱৰ অনুজ ভাই।

পদবন্ধে তেহো প্ৰচাৰ কৰিলা বামণ পুৰাণ চাই।।

ইয়াৰ মতে হেম সৰস্বতী দুৰ্লভনাৰায়ণৰ ৰাজ্য কমতাপুৰত থকা ৰুদ্ৰ সৰস্বতীৰ কন্যা দেৱযানীৰ পুত্ৰ আৰু ধ্ৰৱৰ অনুজ ভাই। সেই হিচাপে ৰুদ্ৰ সৰস্বতী এওঁৰ ককাক। কিন্তু হৰ-গৌৰী সম্বাদত কবিয়ে নিজে উল্লেখ কৰিছে।

ভপূ দুৰ্লভনাৰায়ণ পাত্ৰপশুপতিসুত সৰ্ব্বশাস্ত্ৰে পণ্ডিত সুজান।

তাহাৰ তনয় চাৰি ধনঞ্জয় আদি কৰি ধ্ৰৱ ভৈল কুলত প্ৰধান।

অপৰ হেমনত কবি হৰগৌৰী পদ সেৱি হেম সৰস্বতী ভৈল নাম।।

এই কবিতা ফাঁকিত কবিয়ে কৈছে যে পশুপতি পাত্ৰৰ নাতি চাৰিজন, ধ্ৰৱ তাৰে প্ৰধান আৰু হেম সৰস্বতীৰ আন এটা নাম হেমন্ত। দুয়োখন কাব্যৰ কবি পৰিচয় ফঁহিয়াই চালে দেখা যায় যে ৰুদ্ৰ সৰস্বতী আৰু পশুপতি সুতৰ অৱস্থান সম। সেই বিচাৰত হেম সৰস্বতীক ৰুদ্ৰ সৰস্বতী বা পশুপতি পুত্ৰৰ পুত্ৰ বুলি ধৰি লোৱাত আপত্তি নাথাকে। মহেশ্বৰ নেওগে হৰিবৰ বিপ্ৰতকৈ এক পুৰুষৰ পাছৰ বুলি ক’ব খোজে যদিও আন পণ্ডিতসকলে এওঁক প্ৰাক্-শংকৰী যুগৰ আটাইতকৈ প্ৰাচীন কবি বুলি ক’ব খোজে।

হেম সৰস্বতীয়ে লিখা ‘এশ চৰণযুক্ত’ সৰু পুথি প্ৰহ্লাদ চৰিত্ৰ (প্ৰহ্ৰাদ চৰিত্ৰ) অসমীয়া সাহিত্যৰ এখন আপুৰুগীয়া গ্ৰন্থ। অধুনালুপ্ত বামনপুৰাণৰ আধাৰত এই কাব্যখন কবিজনাই ৰচনা কৰিছিল। হিৰণ্যকশিপু আৰু ভক্ত প্ৰহ্লাদৰ তৰ্ক-বিতৰ্কৰ পৰা আৰম্ভ কৰি হিৰণ্যকশিপু বধলৈকে বৰ্ণনা থকা এই কাব্যখনত ঘটনা আৰু পৰিস্থিতিৰ সৰল আৰু সহজবোধ্য বিৱৰণ আছে; কিন্তু সূ-কলাবোধ, সুদূৰ প্ৰসাৰী কল্পনা, চিত্তাকৰ্ষক বৰ্ণনা, ছন্দৰ ব্যাপকতা ইয়াত প্ৰকাশ পোৱা নাই। ভাষা আৰু ৰচনাশৈলীও বৰ উচ্চ খাপৰ আৰু নিমজ নহয় বুলি সমালোচকসকলে মত পোষণ কৰে। কথক ৰূপেও কবি বৰ সফল নহয়। অৱশ্যে ঘৰুৱা জতুৱা ঠাঁচৰ প্ৰয়োগ, যেনে- আচাৰত ভিন হৰি বিচাৰত এক; অলংকাৰত প্ৰয়োগ, যেনে- তালুত লাগিলা যেন প্ৰচণ্ড অগনি (উপমা), গিৰিক ভেদিয়া যেন বহি জাই জল।/ হিৰণ্যৰ তেজে বসুমতী গৈলা তল। (উৎপ্ৰেক্ষা) আদিয়ে কবিৰ বৰ্ণনাত ঘৰুৱা পৰিৱেশৰ সষ্টি কৰিছে। উল্লেখযোগ্য যে তেওঁ অসুৰৰ শাস্ত্ৰক ‘বামনায়’ আখ্যা দিছে আৰু হস্তী সাধামন্ত্ৰৰ উল্লেখো কৰিছে। এইখন পুথিত বৈষ্ণৱ ধৰ্ম আৰু বিষ্ণু ভক্তিৰ মাহাত্ম্য প্ৰকাশ হোৱালৈ চাই কালিৰাম মেধি ডাঙৰীয়াই বৈষ্ণৱ ধৰ্মৰ প্ৰথম অসমীয়া পুথি বুলি আখ্যা দিছে। কাব্যখনত বামনায় শাস্ত্ৰৰ উপাসকসকলৰ বিৰুদ্ধে বৈষ্ণৱ প্ৰহ্লাদৰ বিজয় কীৰ্তন কৰা হৈছে।

৮৯৯টা পদ সম্বলিত আৰু ছটা অধ্যায়ত বিভক্ত হৰ-গৌৰী সংবাদ কাব্যখন কবি হেম সৰস্বতীৰ দ্বিতীয় পুথি। কাব্যখনৰ প্ৰথম অধ্যায়টিত নৃসিংহ পুৰাণৰ পৰা আহৰিত আৰু নৰসিংহ বিষ্ণুৰ হাতত হিৰণ্যকশিপু বধৰ কথা বৰ্ণনা কৰা হৈছে। দ্বিতীয়ৰ পৰা পঞ্চম অধ্যায়লৈ তাৰকাসুৰৰ যুদ্ধ, হৰৰ কোপত মদন ভষ্ম, হৰ-গৌৰীৰ বিবাহ, কাৰ্তিক কুমাৰৰ জন্ম, আৰু তাড়ক বধৰ কাহিনী বৰ্ণিত হৈছে। এই অধ্যায় কেইটাৰ বিষয়বস্তু হৰ-গৌৰী সম্বাদৰ পৰা আহৰণ কৰা হৈছে বুলি কৈছে যদিও সেইখন পুথি আজিলৈকে আৱিষ্কৃত হোৱা নাই। কিন্তু কালিকা পুৰাণৰ সৈতে আৰু কুমৰ সম্ভৱত এনে কাহিনী বৰ্ণিত হোৱাৰ পৰা অনুমান কৰা হয় যে কবিয়ে হয়তো এইকেইখনৰ পৰাই বিষয়বস্তু চয়ন কৰিছিল। ষষ্ঠ অধ্যায়টিত যোগ সাধনাৰ, অৰ্থাৎ যোগ-কথনম অধ্যায়টিত যোগ প্ৰক্ৰিয়াৰ কথা বৰ্ণনা কৰা হৈছে। এই অধ্যায়টিত বৰ্ণনা কৰিছে-

বায়ু মণ্ডলত বায়ু কৰিবা স্তম্ভন।

বায়ুৰ আহাৰ বিন্দু কৰিবা ভোজন।।

বায়ুক ৰাখয় বিন্দুক ৰাখয় বায়ু।

দুই সমে নৰ হয় চিৰন্তন আয়ু।।

প্ৰণিধানযোগ্য যে হৰ-গৌৰী সংবাদ পুথিখন এতিয়ালৈকে পাঠ সমীক্ষিত হৈ প্ৰকাশ হোৱা নাই। তথাপিও ক’ব লাগিব হেম সৰস্বতী উচ্চ খাপৰ কবি নহ’লেও ভাব ভাষাৰ উপস্থাপনত বৈষ্ণৱ যুগলৈ তেওঁ এক আৰ্হি দাঙি থৈ গ’ল।

  • কবিৰত্ন সৰস্বতী

প্ৰাক্-শংকৰী যুগৰ কবিসকলৰ ভিতৰত স্পষ্টভাৱে নিজৰ পৃষ্ঠপোষক ৰজাৰ লগতে নিজৰ বংশ পৰিচয় সম্পৰ্কে কাব্যৰ মাজেদি প্ৰকাশ কৰি গৈছে কবিৰত্ন সৰস্বতীয়ে। এওঁ দুৰ্লভ নাৰায়ণৰ পুত্ৰ ইন্দ্ৰনাৰায়ণৰ পৃষ্ঠপোষকতা লাভ কৰিছিল। এতিয়ালৈ এখন মাত্ৰ কাব্য উদ্ধাৰ হোৱা এই জনা কবিয়ে কাব্য (জয়দ্ৰথ বধ)খনত নিজৰ পৰিচয় দিছে এনেদৰে-

নপৃ শিৰোমণি দেৱ মহামানী দুৰ্লভনাৰায়ণ ৰাজা।

নিতে পুত্ৰৱতে পালিলা সততে পৃথিৱীৰ যত প্ৰজা।।

তাহান তনয় ভৈল ধৰ্মময় ইন্দ্ৰনাৰায়ণ ৰাজা।

মহাবীৰ ধীৰ স্বভাৱে গম্ভীৰ নিতে কৃত হৰি সেৱা।।

নিজ বাহুবলে পাইলা অবিকলে অখণ্ড মহীমণ্ডলে।

যাত খাটে নমি সততে প্ৰণামি বপিক্ষ নপৃসকলে।।

যাত সৰ্বক্ষণ ইন্দ্ৰনাৰায়ণ বৰ দেনত সদাশিৱ।

হৌক নৰেশ্বৰ পাঞ্চ গৌৰেশ্বৰ পিতাপুত্ৰ চিৰঞ্জীৱ।।

ছোট শিলা নাম আছে এক গ্ৰাম য’ত গ্ৰাম মধ্যে সাৰ।

আছিল তথাত জগত প্ৰখ্যাত চক্ৰপাণি শিকদাৰ।।

পটু নৰবৰ কায়স্থ প্ৰবৰ ধৰ্মবনত মহাযশী।

পণ্ডিত তিলক কুল প্ৰকাশক নিষ্কলংক যেন শশী।।

তাহান তনয় অতি শুভনয় কবিৰত্ন সৰস্বতী।

দ্ৰোণপৰ্ব পদ জয়দথ বধ কৌতুহলে নিগদতি।।

কবি গৰাকীৰ ঘৰ বৰপেটা অঞ্চলৰ ছোটাশিলা গ্ৰামত। চক্ৰপাণি শিকদাৰ নামৰ এজন কায়স্থকুলৰ লোক আছিল তেওঁৰ পিতৃ। ৰাজবিষয়া আৰু চন্দ্ৰমাৰ দৰে নিষ্কলুষ চক্ৰপাণি শিকদাৰ আছিল বংশৰ মুখ উজ্বল কৰোঁতা পণ্ডিত। এনে হেন ব্যক্তিৰ পুত্ৰ কবিৰত্ন সৰস্বতীয়ে ইন্দ্ৰনাৰায়ণ ৰজাৰ পৃষ্ঠপোষকতাত মহাভাৰতৰ দ্ৰোণ পৰ্বৰ অন্তৰ্গত জয়দ্ৰথ বধৰ কাহিনীভাগ অসমীয়ালৈ অনুবাদ কৰে। উল্লেখযোগ্য যে এইজন কবিৰত্ন সৰস্বতীৰে বংশধৰ হ’ল মাধৱদেৱৰ ভাগিনীয়েক ৰামচৰণ ঠাকুৰ। কবিৰত্ন সৰস্বতীৰ জয়দ্ৰথ বধ  কাব্যখন সম্পূৰ্ণৰূপে এতিয়ালৈকে উদ্ধাৰ হোৱা নাই। অসমীয়া সাহিত্যৰ চানেকিত  সন্নিবিষ্ট হৈছে কবিজনাই ৰচনা কৰা ‘কৈলাশ বৰ্ণনা’ অংশহে। দুলড়ী ছন্দত ৰচিত কৈলাশ বৰ্ণনা মুঠ ১৯x২=৩৮ টা ছন্দতে সীমাবদ্ধ। এই কেইটিমান পদৰ পৰাই কবিজনাৰ কাব্য প্ৰতিভাৰ উমান পাব পাৰি। কৈলাশৰ ফল-ফুলৰ শোভা, শিৱৰ অনুচৰবোৰৰ বিকৃত শৰীৰ, নাগৰিকসকলৰ ৰূপযৌৱন, মদন-চঞ্চল ভাব আদি বিষয়ে বৰ্ণনা কৰিবলৈ গৈ কবিয়ে অৰ্জুনক সপোনতে কৈলাশ ভ্ৰমণ কৰাই এই চিত্ৰবোৰ অংকন কৰি নিজৰ কবিত্ব শক্তিৰ পৰিচয় দাঙি ধৰিছে। উল্লেখযোগ্য যে এই বৰ্ণনাত অসমৰ ২০ বিধ ফলৰ গছ ২৪ বিধ ফুল আৰু ৪ প্ৰকাৰৰ চৰাইৰ নাম সন্নিবিষ্ট হৈছে। কবিৰ এইবোৰ বৰ্ণনাই আমাৰ মনলৈ আনে শ্ৰীমন্ত শংকৰদেৱৰ ‘হৰমোহনৰ’ উপবন বৰ্ণনা অংশলৈ। অৱশ্যে এটা কথা ঠিক যে কবিৰত্ন সৰস্বতীৰ বৰ্ণনা স্বকল্পিত, সৰল, সৰস। কবিৰ ‘ফুল ভৰে ভাগে ডাল’, ‘উন্নত কঠিন ঘন পীন স্তন’, ‘কোকিলে তেজয় ৰাৱ’ আদি চিত্ৰকল্পময়ী বৰ্ণনাই পাঠকক এক মনোৰম ৰাজ্যলৈ লৈ যায়। কবিৰ ৰচনাত জতুৱা ঠাঁচৰ প্ৰয়োগ সীমিত, ঘৰুৱা উপমাৰ চিত্ৰ সংখ্যাত তাকৰ যদিও গভীৰ অৰ্থব্যঞ্জক। কবিজনাই এইখন কাব্যৰ পূৰ্বতে মহাভাৰতৰে আদি পৰ্বৰ অন্তৰ্গত শকুন্তলা-উপাখ্যান আৰু যযাতিৰ চৰিত্ৰ ৰচনা কৰিছিল বুলি উল্লেখ কৰিছে (ভণিতাত) যদিও বৰ্তমানলৈকে সেয়া উদ্ধাৰ হোৱা নাই।

মৃণাল জ্যোতি গোস্বামী

3.42727272727
গায়ত্রী বৰুৱা Jul 20, 2019 06:45 PM

মই আপোনাৰ এই তথ্যসমূহ পৰা বহু পৰিমাণে উপকৃত হৈছো.. কাৰন আপোতথ্যসমূহে মোক সহায় কৰাত অৰিহণা যোগাইছে.. ধন্যবাদ...

হৰি দাস Jan 08, 2019 12:03 PM

খুব সুন্দৰ লিখনি , প্ৰশংসনীয় প্ৰয়াস

মৃণাল শৰ্মা Dec 08, 2018 03:35 PM

বহুত ভাল লাগিল,,, প্ৰশংসনীয় প্ৰচেষ্টা অব্যাহত ৰাখিব

লাচিত গগৈ Nov 06, 2018 08:09 PM

সুন্দৰ প্ৰয়াস, যথেষ্ট পৰিমাণে উপকৃত হৈছো, অসমীয়া ভাষা আৰু সাহিত্যৰ উপৰত আৰু অধিক তথ্য সংযোগ হ'লে অধিক জানিব পাৰিম।

prostuti chetia Oct 21, 2018 06:14 AM

I m a collage student in nazira.....departmnt of assamese ......m reading ur data,,its nice......thank you, becouse its an importent data for me ....

আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top