অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

অসমীয়া চলচ্চিত্ৰৰ ইটো সিটো

অসমীয়া চলচ্চিত্ৰৰ ইটো সিটো

প্রথম অসমীয়া চলচিত্র “জয়মতী”ৰ বিষয়ে কিছু কথা →
জয়মতী চেন্সৰ হয় ৫ মার্চ, ১৯৩৫ চনত।
চেন্সৰ কৰা হয় ‘বেংগল ফিল্ম চেন্সৰ বোর্ড’ত।

প্রিমিয়াৰ শ্ব’ – ১০ মার্চ, ১৯৩৫ চন। দেওবাৰ।
স্থান : কলিকতাৰ ‘ৰাওনাক প্রেক্ষাগৃহ’।
অসমত মুক্তি লাভ – ২০ মার্চ, ১৯৩৫ চন। বুধবাৰ।
স্থান : ‘উজান বজাৰ থিয়েটাৰ হল’, গুৱাহাটী।
ছবিখন ১৪ এপ্রিললৈকে প্রদর্শন কৰা হৈছিল। নিতৌ ৬.৩০ আৰু ৯.৩০ বজাত।
টিকতৰ মূল্য আছিল- তিনি টকা, দুই টকা, এটকা, আঠ অনা আৰু চাৰি অনা।
মহিলাৰ বাবে বিশেষ ৰেহাই : এটকা আৰু আঠ অনা।
প্রিণ্টৰ সংখ্যা : ১টা।
দ্বিতীয় প্রদর্শন : ‘১৯৩৬ চনৰ ১৫ আগষ্টৰ পৰা ২১ আগষ্টলৈকে।
স্থান : উজান বজাৰ থিয়েটাৰ হল।
তৃতীয় প্রদর্শন : (নতুন সংস্কৰণ) ২৮ মে’, ১৯৪৯ চন। শনিবাৰ।
এই নতুন সংস্কৰণটি মুক্তি দিওঁতেহে ‘জয়মতী’ ছবিৰ ৬টি গীতৰ ৰেকর্ড উলিয়ায় ১৯৪৯ চনত ‘এইচ.এম.ভি’ কোম্পানীয়ে।
বিজ্ঞাপন অনুসৰি N.31062 নম্বৰৰ ৰেকর্ডত আছিল এই গীত দুটি–’পর্বতৰ ঢেঁকীয়া’ আৰু ‘ল’ৰা-বুঢ়া কাক কয়’।
N.31063 আছিল- ‘মোৰে ভাৰতৰে’ আৰু ‘অসম সুষমা’।
N.31064ত আছিল- ‘আগবাৰীত ফুলিলে’ আৰু ‘খোপাতে মই পিন্ধিম’।
বাকী দুটা গীতৰ ৰেকর্ড ১৯৫০ চনৰ ফেব্রুৱাৰী মাহত ‘ চেনোলো ৰেকর্ড কোম্পানী’য়ে উলিয়ায়।
গীত দুটি আছিল- ‘লুইতৰে পানী যাবি অ’ বৈ’ আৰু ‘সোণৰ পালঙতে অ’ মনেতৰা’।
ৰেকর্ড নম্বৰ– Q.S.765।

দ্বিতীয় কথা ছবি ‘ইন্দ্রমালতী’।
প্রিমিয়াৰ শ্ব : ৩০ জুলাই, ১৯৩৯ চন। দেওবাৰ। দিনৰ ৪ বজাত।
স্থান : ‘সতী টকী হাউছ’ গুৱাহাটী।
মুক্তি লাভ : উক্ত চিত্রগৃহতে ১ আগষ্ট, ১৯৩৯।
এসপ্তাহ চলিছিল।
প্রিণ্টৰ সংখ্যা – ১টা।
সংগ্রহ কৰা তথ্য মতে ‘ইন্দ্রমালতী’ ক’ত কেতিয়া প্রদর্শন কৰা হৈছিল→
১.০৯.৩৯ৰ পৰা ১৪.০৯.৩৯ লৈ- যোৰহাট।
১৭.০৯.৩৯ৰ পৰা ২৩.০৯.৩৯ লৈ- নগাঁও।
১৪.১০.৩৯ৰ পৰা ২৭.১০.৩৯ লৈ- তেজপুৰ।
২৪.১১.৩৯ৰ পৰা ৩০.১১.৩৯লৈ ডিব্রুগড়।
১.১২.৩৯ ৰ পৰা ৭.১২.৩৯ লৈ – তিনিচুকীয়া।
৮.১২.৩৯ৰ পৰা ৯.১২.৩৯ লৈ – ডিগবৈ।
১০.১২.৩৯ৰ পৰা ১১.১২.৩৯ লৈ – ডুমডুমা।
১৫.১২.৩৯ ৰ পৰা ১৬.১২.৩৯লৈ – তালাপ।
১৭.১২.৩৯ৰ পৰা ১৮.১২.৩৯লৈ – মার্ঘেৰিটা।

তৃতীয় ছবি ‘মনোমতী’।
প্রিমিয়াৰ শ্ব : ৩০ মার্চ, ১৯৪১ চন। দেওবাৰ।
স্থান : ‘পূৰবী চিত্রগৃহ’, কলিকতা।
মুক্তিলাভ : ১৯৪১ চনৰে এপ্রিল মাহৰ কোনোবা এটা দিন। সঠিক মুক্তিৰ তাৰিখটো অজ্ঞাত।
দ্বিতীয় মুক্তি : ১৯৪৬ চনৰ ২ আৰু ৩ অক্টোবৰত নগাঁওৰ ‘জয়শ্রী চিত্রগৃহ’ত। কিমান সপ্তাহ চলিছিল তাৰ তথ্য নাই।
গীতৰ ৰেকর্ড উলিয়াইছিল ‘চেনোলা ৰেকর্ড কোম্পানী’য়ে।
Q.S.526 ৰেকর্ডখনত আছিল প্রশান্ত বৰুৱাই গোৱা দুটি গীত- ‘গান মোৰ কাঢ়ি’ আৰু ‘কোন দেশৰ সেই ৰাজকুমাৰী’।
Q.S.527 নং ৰেকর্ডত আছিল কমল চৌধুৰীয়ে গোৱা দুটি গীত- ‘খোলা দেউল দুৱাৰ’ আৰু ‘হিয়া নাওখনি’।
ছবিখনৰ নিউ প্রিণ্ট ১৯৬৮ চন মানত তিনিচুকীয়াৰ ‘ৰংঘৰ’ প্রেক্ষাগৃহত মর্নিং শ্ব’ত প্রদর্শন কৰা হৈছিল।

হীৰকজ্যোতি নাথ

শেহতীয়া উন্নীতকৰণ: : 3/4/2020



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate