মূল পৃষ্ঠা / শিক্ষা / অসমৰ সংস্কৃতি / অসমীয়া চহা ৰাইজৰ আকুতি 'কাতি বিহু'
অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

অসমীয়া চহা ৰাইজৰ আকুতি 'কাতি বিহু'

অসমীয়া চহা ৰাইজৰ আকুতি 'কাতি বিহু'ৰ বিষয়ে আলোচনা কৰা হৈছে

বিহু অসমৰ জাতীয় উৎসৱ।অসমীয়া জাতীয় জীৱনৰ সকলো উছাহ,আশা-আকাংক্ষা,ৰ্ং-ৰহইচ,আৱেগ-অনুভুতি আদি বিহুৰ লগত ওতপ্ৰোতভাৱে জড়িত।‘বিহু’শব্দটিৰ উৎপত্তি সম্বন্ধে বিভিন্ন পণ্ডিতে বিভিন্ন ধৰণে মত পোষণ কৰেইছে।সংস্কৃত বিষুৱ শব্দৰ পৰা বিষু বা বিসু আৰু ইয়াৰ পৰাই বিহু শব্দটিৰ বিকাশ হোৱা বুলি পণ্ডিতসকলে মত পোষণ কৰি আহিছে।একে আষাৰে ক’বলৈ হ’লে বিহু অসমীয়া সমাজৰ প্ৰাণ,অসমীয়াৰ প্ৰাণৰ স্পন্দন।বিহুক বাদ দি অসমীয়া সমাজখনৰ অস্তিত্বৰ কথা ভাবিব নোৱাৰি।সীমাহীন আনন্দ,উলহ-মালহেৰে অসমীয়াৰ হিয়াৰ আমঠু বিহুক সামাজিক উৎসৱ তথা সামুহিক প্ৰকাশৰ ফল বুজি সমাজ তাত্ত্বিকসকলে গণ্য কৰি আহিছে।

সৃষ্টিৰ নিয়ম মানি সময়ৰ চিৰন্তন ৰীতিকে সাৰোগত কৰি ঋতুৰ বুকুত ঋতুৱে বাগৰ সলায়।মাহৰ পিছত মাহ ধৰাৰ বুকুলৈ নামি আহে।এনেদৰেই প্ৰকৃতিৰ বুকুলৈ নামি আহে শৰৎ কাল।এই শৰততে আহিন মাহৰ সংক্ৰান্তিৰ দিনা পৰম্পৰাগতভাৱে কাতি বিহু অসমত পালন কৰা হয়।কৃত্তিকা তাৰ সন্নিকটম নক্ষত্ৰত পুৰ্ণিমাপ্ত হোৱা চান্দ্ৰ মাহকে প্ৰকৃততে মুখ্য চান্দ্ৰ কাতি বুলি কোৱা হয়।হিন্দু দৰ্শন অনুসৰি বছৰৰ বাৰটা মাহৰ ভিতৰত কাতি মাহক সৰ্বশ্ৰেষ্ঠ আৰু পৱিত্ৰ মাহ ৰুপে গণ্য কৰা হয়।‘স্কন্ধ পুৰাণ’ৰ মতে এই মাহতে সকলো দেৱ-দেৱীয়ে পৃথিৱীলৈ আহি মানৱৰ পৰা নৈৱেদ্য গ্ৰহণ কৰে।পদ্ম পুৰাণতো সেই একে ধৰণেৰেই কোৱা হৈছে যে এই মাহত আত্মসংযমী হৈ থাকিলে মানুহে অনেক পাপৰ পৰা মুক্তি লাভ কৰিব পাৰে।পুত:স্নান কৰি এই মাহত ব্ৰত কৰিলে বাঞ্জিত আশা পুৰ্ণ হয়।এই পুত:স্নানকে ‘কাৰ্তক স্নান’বুলিও কোৱা হয়।কাতি মাহত দৰিদ্ৰ ভোকাতুৰক দান কৰিব পাৰিলে স্বৰ্গ সুখ প্ৰাপ্তি হয় বুলি গীতাত উল্লেখ আছে।কোনো পৱিত্ৰ নদীত নিতৌ স্নান কৰি ১০৮ টা তুলসীৰ পাত উচৰ্গা কৰিলে বিশেষ পুণ্য হয় বুলি কোৱা হয়।

অসমীয়া সমাজ জীৱনৰ তিনিটা মুখ্য উৎসৱ মাঘ বিহু বা ভোগালী বিহু,ব’হাগ বিহু বা ৰঙালী বিহু আৰু ইয়াৰ ঠিক পিছৰে পৰা আৰম্ভ গ্ৰীষ্ম-বৰ্ষাৰ একো একোটি অস্থিৰ ক্ষণ পাৰহৈ যোৱাৰ পিছতে শৰতৰ মৃদু-মধু পৰশে প্ৰকৃতিৰ বুকুৰ মনোৰম সেউজীয়া ৰুপেৰে বসুন্ধৰাক সেউজীয়া দলিচা সজাই থুপি থুপি ফুলৰ মালাৰে মনোৰমা কৰি তোলাৰ সন্ধিক্ষণতে কাতি বিহু সমাগত হয় আহিন মাহৰ সংক্ৰান্তিৰ দিনা।ইফালে শইচৰ পথাৰখন সেউজীয়া হয়হে মাথোন,এনেহেন বতৰত অভাৱ-অনাটনেৰে ভৰা দুটিমান প্ৰহৰো আহে।সেয়েহে এই বিহুক ‘কঙালী বিহু’ও বোলা হয়।

প্ৰকৃতিৰ ওপৰত সদায় নিৰ্ভৰশীল খেতিয়কে ভৱিষ্যতৰ একমাত্ৰা আশা-ভৰষাৰ স্থল তথা সোণালী সপোন স্বৰুপ পথাৰৰ ধাননিডৰাৰ মংগলৰ কাৰণেই আচলতে পথাৰ,ভঁৰাল আৰু তুলসীৰ তলত চাকি জ্বলায়।পথাৰৰ লখিমীক ভঁৰাললৈ অহাৰ বাট দেখুৱাই আকাশ বন্তি জ্বলায়।এয়াই হৈছে কাতি বিহুৰ বিশেষত্ব।এই বিহুৰ দিনাই অসমীয়াই প্ৰত্যেকৰে চোতালৰ আগত সুন্দৰ ভেটি সাজি তাত এজোপা তুলসী গছ ৰোৱে।তুলসীৰ তলতে সাধ্য অনুসাৰে মাহ-প্ৰসাদৰ নৈৱেদ্য আগবঢ়াই চাকি-ধুপ জ্বলাই প্ৰাৰ্থনা কৰা হয়।তুলসীৰ লগতে ঠাই ভেদে তামোলৰ পুলি,নাৰিকলৰ পুলিও ৰোৱা হয় আৰু সন্ধিয়া চাকি জ্বলোৱা হয়।ইয়াৰ উপৰি আকাশ বন্তি জ্বলাই লখিমী আগমনৰ পুৰ্বাভাষ জগতক জনাই দিয়া হয়।আকাশ বন্তি সাধাৰণতে একোডাল দীঘল বাঁহৰ সহায়ত সজা হয়।আধা ডোখৰ কোমোৰাৰ মাজৰ গুটি অংশ উলিয়াই এটা চাকি বাঁহডালৰ মুৰত খোপ কাটি সুমুৱাই লোৱা হয়।তাতে তেল-শলিতা জ্বলাই পথাৰৰ মাজত নাইবা ঠাইভেদে চোতালৰ আগত বাঁহডাল পুতি দিয়া হয়।ইয়াৰ উপৰি তাল-খোল আদি বাদ্য বজাই ধাননি পথাৰখনৰ মাজতো চাকি এগচি জ্বলাই দিয়ে যাতে এই চাকিৰ পোহৰত শইচৰ অনিষ্টকাৰী পোক-পৰুৱা জাহ যায় আৰু কৃষকে মুৰৰ ঘাম মাটিত পেলাই উৎপাদন কৰা শস্য নিৰাপদে চপাই আনিব পাৰে।

কাতি বিহু বা কঙালী বিহু অসমীয়া সমাজ বা সংস্কৃতিৰ যেনেদৰে এটি নিতান্তই প্ৰয়োজনীয় অংগস্বৰুপ,সেইদৰে এই বিহু উৎসৱৰ লগত পৰম্পৰাগতভাৱে প্ৰচলিত নিয়মসমুহৰো প্ৰয়োজনীয়তা কোনো পধ্যে নুই কৰিব নোৱাৰি।এই নিয়মসমুহ সংস্কাৰশীল।কিয়নো কাতি বিহুৰ মুল উপাদানস্বৰুপ তুলসী গছৰ বৈজ্ঞানিক প্ৰমাণযোগ্য ব্যৱহাৰ মানৱ জীৱনৰ বাবে অতিকৈ প্ৰয়োজনীয় ব্যৱস্থা।তুলসী গছ হ’ল সমস্ত উদ্ভিদৰ ভিতৰত আটাইতকৈ বিশুদ্ধ অক্সিজেন প্ৰদান কৰা উদ্ভিদ।সেয়ে সন্ধিয়া পৰত এগছি চাকি জ্বলাই যদি তুলসীৰ তলত সেৱা এটি কৰিব পৰা যায়,তেন্তে সেইখিনি সময়তে তুলসীয়ে প্ৰদান কৰা বিশুদ্ধ অক্সিজেন গ্ৰহণ কৰাৰ সুবিধা আমি ল’ব পাৰোঁ।ইয়াৰ উপৰি তুলসী পাতৰ ৰস কাহ,পানীলগা আদি ৰোগৰ বাবেও উপকাৰী।সেয়ে অসমৰ গ্ৰাম্য জীৱনৰ লগত একাংগীতভুত হৈ থকা কাতি বিহু বা ৰঙালী বিহুৰ প্ৰাসংগিকতা কেতিয়াও নুই কৰিব নোৱাৰি।

প্ৰকৃততে উৎসৱ আহে সামাজিক,ধৰ্মীয় ৰীতি-নীতি আৰু কেতিয়াবা লৌকিকতাৰ মাজেৰে।উৎসৱৰ অৰ্থই হ’ল আনন্দ-মিলনৰ অনুভুতি,ভক্তি-ভাৱনা,লোক-বিশ্বাস আৰু ইজনে সিজনক প্ৰেৰণ কৰা স্বত:স্ফুৰ্ত প্ৰেম।কিন্তু আজি ইয়াৰ ঠাইত উশৃংখলাৰ প্ৰকোপ বৃদ্ধি হৈ বিহুকে ধৰি সকলো উৎসৱৰ যি প্ৰকৃত সোৱাদ তৃপ্তি,তাৰ পৰা যেন মানৱ সমাজ বঞ্চিত হ’বলগা হৈছে।মানুহে সদায়ে ন ন পদ্ধতিৰে উন্নতিৰ জখলাত আগুৱাই গৈছে যদিও মানুহৰ মনবোৰ দিনে দিনে আত্মকেন্দ্ৰিক হৈ পৰিছে,স্বাৰ্থপৰ হৈ পৰিছে।ফলস্বৰুপে মৰম-চেনেহৰ এনাজৰীডাল ছিগি শেষ হৈ যাবলৈ ধৰিছে।তথাপি আমি আশা কৰিছো যে কাতি বিহুৰ যি পৰম্পৰা,বিশ্বাস,সিয়ে অসমীয়া সমাজখনৰ সকলো শ্ৰেণীৰ লোককে একগোট কৰি ৰাখিবলৈ সক্ষম হ’ব।মনত ৰাখিব লাগিব যে বিহুৰ পৰম্পৰা ৰক্ষাতে নিহিত হৈ আছে অসমীয়া সমাজখনৰ মান-সন্মান আৰু অস্তিত্বৰ প্ৰশ্ন।

উৎস:ৰাইজৰ বাতৰি

3.28571428571
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top