মূল পৃষ্ঠা / শিক্ষা / অসমৰ সংস্কৃতি / অসমীয়া জনজীৱনত “বাঁহ গছ”
অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

অসমীয়া জনজীৱনত “বাঁহ গছ”

অসমীয়া জনজীৱনত “বাঁহ গছ”ৰ বিষয়ে লিখা হৈছে

 

লোকজীৱনৰ প্ৰতিটো ক্ষেত্ৰতে প্রকৃতিৰ পৰা আহৰণ কৰা বিভিন্ন সমলৰ প্রয়োজন। এই প্রকৃতিৰে এটা অতি লাগতিয়াল সমল অসমীয়া জাতিৰ জন্মৰ পৰা মৃত্যুলৈ প্রয়োজন হয়, যাৰ কথা জাতিৰ সংস্কৃতি, প্রবাদ-প্রবচন, আখ্যান-উপাখ্যান, লোকগীত আদিৰ মাজেৰে প্ৰকাশ হৈ উদ্ভৱ হৈছে। অসমৰ লগতে উত্তৰ-পূৰ্বাঞ্চলত বাঁহক পবিত্ৰ জ্ঞান কৰা হয়। কিন্তু বাঁহ গছ নহয়, তৃণজাতীয় উদ্ভিদহে। পৃথিৱীৰ ভিতৰত আটাইতকৈ ডাঙৰ আৰু দীঘল তৃণ জাতীয় উদ্ভিদ স্বৰূপে বাঁহক গণ্য কৰা হয়। সাধাৰণতে গ্ৰীষ্ম মণ্ডলস্থিত অথবা অৰ্থ-গ্রীষ্ম মণ্ডলীয় গৰম আৰু তিতা বা সেমেকা পৰিৱেশত বাঁহ প্ৰচুৰ পৰিমাণে উৎপন্ন হয়। ইংৰাজী Bamboo শব্দটো মূলত মালয় শব্দ "Bambu'। এই ফালৰ পৰা বাঁহৰ উৎসস্থল চীন, চীনৰ পৰা দক্ষিণ-পূব এছিয়াৰ বিভিন্ন অঞ্চললৈ ই প্রসাৰিত হৈছে আৰু মালয়, হংকং আদিৰ পৰা উত্তৰ ভাৰত হৈ ভাৰতৰ আন ঠাইলৈ প্ৰসাৰিত হৈছে।

বাঁহগছ অসমীয়া সংস্কৃতিৰ অপৰিহার্য অংগ-

 

অসমীয়া ছোৱালী-বোৱাৰীয়ে যিদৰে কাপোৰ বব নজনাটো লাজৰ কথা, সেইদৰে অসমীয়া পুৰুষেও বাঁহৰ কাম নজনাটো লাজৰ কথা বুলি বিবেচিত। সেইবাবেই প্ৰতিজন অসমীয়াই জন্মগতভাৱে সুন্দৰ বাঁহৰ কাম জানিছিল। ঘৰ-বাৰী সাজোঁতে, নঙলা দিয়া, জেওৰা দিয়া ইত্যাদি কামবোৰ বাঁহগছৰ পৰা কৰাৰ লগতে ঢাৰি, মূঢ়া, জাঁপি, বিচনি, টুকুৰি, ডলা, চালনি ইত্যাদি ঘৰৰ প্রায় প্ৰতিটো সামগ্ৰীয়ে অসমীয়া মানুহে নিপুণভাৱে বাঁহেৰে তৈয়াৰ কৰিছিল। অসমীয়া লোক-সংস্কৃতিৰ অন্যতম উৎকৃষ্ট নিদৰ্শন। সেয়ে অসমীয়া মানুহৰ বাৰীত বাঁহগছ থাকিবই। এই বাঁহগছ বাৰীৰ কোন দিশত থাকিব লাগিব তাৰ নির্দেশ ডাকৰ বচনত সুন্দৰভাৱে পোৱা যায়।

'পূবে হাঁহ, পশ্চিমে বাঁহ

উত্তৰে গুৱা, দক্ষিণে ধুৱা।”

একেদৰে-

‘যাৰ নাই বাঁহ তাৰ নাই সাহ’

বাঁহগছৰ উৎপত্তি সম্পৰ্কে কেইবাটাও সুন্দৰ কাহিনী আমাৰ ধাৰ্মিক গ্ৰন্থ বা লোককথাৰ পৰা পোৱা যায়। এদিন ব্ৰহ্মা, বিষ্ণু, মহেশ্বৰৰ পৰামৰ্শমতে মালাগিৰিয়ে নদীপাৰলৈ গৈ এটা বাঁহ পুলি পালে আৰু তেওঁ সেই পুলিটো আনি বাঁহ খেতি আৰম্ভ কৰিলে। এইদৰেই বাঁহৰ উৎপত্তি হ’ল আৰু সময়ত বিভিন্ন বাঁহৰ সৃষ্টি হোৱাত উপযুক্ত বাঁহ কাটি আনি ধুই-মেলি পৰিষ্কাৰ কৰি পূজাৰ বাবে প্ৰস্তুত কৰে।

বাঁহৰ জন্ম সম্পৰ্কে পুৰাণতো এটা সুন্দৰ কাহিনী পোৱা যায়। ঋষি কন্যা মুৰলাই পৰিচয় নোপোৱাকৈ এজন ডেকাক বিয়া কৰাইছিল। বিয়াৰ পিছত তেওঁ বুজিব পাৰিছিল যে তেওঁৰ স্বামী ব্ৰাহ্মণ পুত্ৰ বুলি ফাঁকি দি বিয়া কৰোৱা বাবে তেওঁ খুবেই অপমানিত আৰু অস্থিৰ হৈ পৰিছিল। স্বামীৰ প্ৰতাৰণাৰ বাবে তেওঁ ইহ জগতত জীয়াই থাকিবলৈ ইচ্ছা নকৰি এখন চিতা নির্মাণ কৰি তাত অগ্নিসংযোগ কৰিলে। চিতা দাওদাওকৈ জ্বলি উঠিল। মুৰলাই বিষ্ণুক বন্দনা কৰি জ্বলন্ত চিতাত জাঁপ দিলে। কৃপালু বিষ্ণুৱে মুৰলাৰ ভক্তিৰ প্ৰতীকস্বৰূপে সেই চিতাভস্মৰ পৰাই বাঁহৰ সৃষ্টি কৰে। সেইবাবে বাঁহক বিষ্ণুৰ প্ৰতীক বুলিও গণ্য কৰা হয়।।

বাঁহক অগ্নিৰ প্ৰতীক বুলিও গণ্য কৰা হয়। যিহেতু বাঁহে বাঁহে ঘঁহনি খালে অগ্নি নিৰ্গত হয়। বাঁহ লিংগৰ প্ৰতীক। আই ধৰিত্ৰী বা বসুমতীৰ জৰায়ুত বাঁহ স্থাপন কৰিলে আই বসুমতী শস্যশালিনী হয় বুলি বিশ্বাস প্ৰচলিত হৈ আহিছে। অসমৰ ভঠেলি, দেউল উৎসৱৰ দৰে পৃথিৱীৰ বিভিন্ন ঠাইত বাঁহ পূজা কৰা দেখা যায়। ব’হাগ মাহত বাঁহ গছ ৰোৱাৰ উপযুক্ত সময়।

অসমীয়া জাতিৰ বাপতি-সাহেন ৰঙালী বিহুতো কেইবাবিধৰো বাদ্যযন্ত্র বাঁহেৰে সজা হয়। লগতে ৰঙালী বিহুৰ হুঁচৰি, বিহুগীত আদিতো বাঁহক লৈয়ে বিভিন্ন গীত প্রদর্শন কৰা দেখা যায়। বিহুৰ অপৰিহার্য গগনা, টকা, ঢোল বজোৱা লাঠী ইত্যাদি বাঁহেৰেই বনোৱা হয়।

টকাৰ মাতে শুনি         ৰ’বকে নোৱাৰোঁ

এৰি যাওঁ পেটৰে ভাত ।

একেদৰে—

আগলি বাঁহেৰে           লাহৰী গণনা

বহি তাঁতৰৰ পাতে বাওঁ,

আহে কি নাহে ঐ        মোৰনে লাহৰী

চিৰি শক্তি মঙলখন চাওঁ।

অসমীয়া জাতিৰ মাছ হ’ল খাদ্যৰ অভিন্ন অংগ। সেইবাবেই অসমীয়া মানুহে মাছ মাৰিবলৈ লগা সঁজুলিসমূহ জাকৈ, খালৈ, পল, বৰশী, চেপা আদি বাঁহেৰে সুন্দৰভাৱে তৈয়াৰ কৰি লৈছিল

এসময়ত অসমীয়া শিপিনীৰ আদৰৰ আৰু আত্মনিৰ্ভৰশীলতাৰ প্ৰতীক তাঁতশালখন আৰু ইয়াৰ সঁজুলিসমূহো বাঁহেৰে সজা হৈছিল।

পুৰণি কামৰূপত মহ খেদা বা মহোহো নামে আঘোণ মাহৰ পূৰ্ণিমা তিথিত এটা অনুষ্ঠান হয়। এই উৎসৱত ডেকা-বুঢ়া মিলি হাতত বাঁহৰ টাঙোন লৈ তাৰ শব্দ কৰি সন্ধিয়া ঘৰে ঘৰে গীত গাই চাউল-পইচা আদি সংগ্ৰহ কৰি পিছত লগভাত খায়।

'চেকনিৰ আগত বিদ্যা।”—অর্থাৎ চেকনিৰ কোব পালেহে পঢ়া-শুনাত মন বহে বুলি প্রচলিত জনবিশ্বাস। বৰ্তমান যুগত কিন্তু চেকনিৰ কোব দিলে শিক্ষকহে বিপদত পৰে।

জ্যোতিষ শাস্ত্ৰতো বাঁহৰ এটা সুকীয়া স্থান আছে। যদি কোনো ব্যক্তি আর্থিক সমস্যাত ভোগে তেতিয়া হ’লে ঘৰত তেওঁ এডাল বাঁহ ৰাখিব লাগে বুলি কৈছে। বাহীঘৰত ৰাখিলে ঘৰত লক্ষ্মী মাতৃয়ে বাস কৰে বুলি কোৱা হয়। ইয়াৰ পৰা ঘৰৰ বাস্তুদোষো নাশ হয় আৰু সেইখন ঘৰলৈ ধন লাভৰ যোগৰ সৃষ্টি হয়।

ভাৰতৰ উত্তৰ-পূৰ্বাঞ্চলৰ সর্বসাধাৰণ লোকৰ ‘বাঁহ গছ' হ’ল এবিধ জনপ্রিয় খাদ্য। বাঁহৰ পৰাই উৎকৃষ্ট মানৰ কাগজ নির্মাণ কৰা হয়। চীন দেশত হান ৰাজবংশ (Han Dynasty 206 BC 220 A.D.) ৰাজত্বৰ শেষৰফালে চই লুনে (Cai-Lun) কাগজ আবিষ্কাৰ কৰাৰ আগলৈ বাঁহেই কাগজৰ ভূমিকা পালন কৰিছিল। ইয়াৰ আগলৈকে বাঁহৰ পাতল কামী বা চোঁচত চিঠি, কিতাপ আদি লিখা হৈছিল।

বাঁহ হ’ল এজন ব্যক্তিৰ মৃত্যুৰ সহযাত্রী। এজন মানুহ মৃত্যু হ’লে আন মানুহৰ কথাটো বাদেই নিজৰ পুত্র-পুত্রী আদিয়েও বাপেকৰ মৰাশটো নোচোৱে চুৱা লাগিব বুলি। ঘৰৰ ভিতৰৰ পৰা মানুহে মৰাশ বাহিৰ কৰি থয়৷ ঘৰৰ পৱিত্রতা নষ্ট হ’ব বুলি। কিন্তু এনেকুৱা শোকাকুল, অকলশৰীয়া অৱস্থাতো মানুহৰ একমাত্র লগৰী বাঁহৰ খাট, বাঁহৰ ঢাৰি, বাঁহৰ ভাৰবাৰী, বাঁহৰ চিতা আদি।

বাঁহ গছ কটাৰ নিয়ম-

 

আমাৰ অসমৰ বেছিভাগ মানুহৰে জীৱন-জীবিকাৰ মুখ্য সম্বল আছিল কৃষি। সেয়েহে বহুতো প্রবাদ-প্রবচনত কৃষি কর্ম সম্বন্ধীয় নির্দেশ পোৱা যায়।

"শীত সৰিয়হ, মীত মাহ

শৰণীত নাকাটিবা বাঁহ।”

ইয়াত "শীত' মানে বুজোৱা হৈছে যেনে— একাদশী, দ্বাদশী, ত্ৰয়োদশী আৰু চতুৰ্দশী আদি শব্দৰ শেষৰ “শী"টোক বুজোৱা হৈছে। অর্থাৎ এই "শী" থকাবোৰ তিথিত সৰিয়হ আৰু "মী"ত অর্থাৎ “পঞ্চমী, সপ্তমী, অষ্টমী, নৱমী আৰু দশমীত মাহ সিচিব নাপায়। "শৰণ" মানে শ্ৰৱণাৰ পৰবৰ্তী নক্ষত্র যেনে— শ্ৰৱণা, ধনিষ্ঠা, শতভিষা, পূৰ্ব ভাদ্ৰপদ, উত্তৰ ভাদ্ৰপদ আৰু ৰেৱতী নক্ষত্ৰত বাঁহ কাটিব নাপায় বুলি অসমীয়া লোকসমাজত বিশ্বাস প্রচলিত হৈ আহিছে।

মঙলবাৰ আৰু শনিবাৰে বাঁহ কাটিব নাপায়। অমৱস্যা, দোমাহি আদিতো বাঁহ কটাটো দোষণীয় কাম বুলি বিবেচনা কৰা হয়। কোনো কোনো অঞ্চলৰ জনবিশ্বাস মতে— কম বয়সীয়া মানুহে বাঁহ গছ ৰুব নাপায়, আদবয়সীয়া বা প্রবীণ লোকেহে বাঁহ গছ ৰোৱা উচিত। সাধাৰণতে বাঁহ নুফুলে, কিন্তু যদি কেতিয়াবা ফুলে তেনেহ’লে বুজিব লাগিব যে দেশত দুৰ্ঘোৰ আকালে দেখা দিব। এই বিশ্বাসটো ভাৰতৰ উত্তৰ-পূর্বাঞ্চলৰ লগতে সমগ্র দক্ষিণ-পূব এছিয়াতে প্রচলিত।

লিখক: প্ৰদীপ ঠাকুৰীয়া, পূৰ্বাচল।

3.09090909091
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top