মূল পৃষ্ঠা / শিক্ষা / অসমৰ সংস্কৃতি / অসমীয়া জাতি-সংস্কৃতিত আহোমৰ অৱদান
অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

অসমীয়া জাতি-সংস্কৃতিত আহোমৰ অৱদান

অসমীয়া জাতি-সংস্কৃতিত আহোমৰ অৱদানৰ বিষয়ে লিখা হৈছে

 

অসমীয়া জাতি গঠনৰ প্ৰক্ৰিয়াত আহোমৰ অৱদান ব্যাপক আৰু গভীৰ-

 

ত্ৰয়োদশ শতিকাৰ তৃতীয় দশকৰ পৰা ঊনৈছ শতিকাৰ চতুৰ্থ দশকলৈ আহোম সকলে অসমত বসবাস কৰি অসমীয়া জাতিলৈ অলেখ অৰিহণা আগ বঢ়ালে। তেনে অৰিহণাৰ উদাহণ বিশ্ব বুৰঞ্জীত বিৰল। নানান Assimilation আৰু Acculturation প্ৰক্ৰিয়াৰ যোগেদি অসমৰ মানুহে আজিৰ যি অসমীয়া জাতিৰ ৰুপ লাভ কৰিছে, সি নিঃসন্দেহে এক সংমিশ্ৰিত ৰুপ। অসমীয়া জাতি বুলিলে স্পষ্টকৈ কাকো আঙুলিয়াই দেখুৱাব নোৱাৰি, অথচ অসমীয়া এক বৃহত্তৰ জাতিৰ নাম। কেৱল অসমীয়া ভাষা কোৱা মানুহ খিনিয়ে আজি অসমীয়া জাতিক সামৰি লোৱা নাই। তদুপৰি, ভৌগোলিক পৰিসীমাৰেও অসমীয়া জাতিক আবদ্ধ কৰিব নোৱাৰে।

যদিও অসমীয়া জাতি গঠনত অষ্ট্ৰিক আৰু দ্ৰাবিড় প্ৰজাতিৰ লক্ষণ স্বীকাৰ কৰা হয়, তথাপি মংগোলীয় আৰু ককেচীয়া প্ৰজাতিৰ লক্ষণ সমূহে অসমীয়া শৰীৰ আৰু জীৱনত বেছি পৰিমাণে সুস্পষ্ট। অসমত এই দুটা মুখ্য প্ৰজাতিৰ সংমিশ্ৰণ যেনেদৰে হৈছে, পৃথিৱীৰ আন বহুতো ঠাইত তেনেদৰে হোৱা নাই। ইয়াৰ বৈশিষ্ট্য এই খিনিতে যে সংমিশ্ৰণে দুয়োটা প্ৰজাতিৰ মূল লক্ষণ বোৰ একেবাৰে নাইকিয়া কৰি দিব পৰা নাই। বৰং স্বকীয় বৈশিষ্ট্য কিছু পৰিমাণে বজাই ৰাখিও অসমৰ মানুহে অন্য জাতি – জনজাতিৰ সংস্কৃতি গ্ৰহণ – বৰ্জন কৰিছে।

অসমত এনে সংমিশ্ৰণৰ উপযুক্ত দৃষ্টান্ত হ’ল আহোম সকল। আহোমৰ প্ৰায় ছশ বছৰৰ বসবাসে ব্ৰহ্মপুত্ৰ উপত্যকাৰ জাতীয় জীৱনটোকে সলনি কৰি পেলালে। আহোমৰ জাতীয় জীৱন ৰচনাৰ মুখ্য অৱলম্বন আছিল ৰাজনৈতিক শাসন। চুকাফাৰ পৰা পুৰন্দৰ সিংহলৈকে চল্লিশ জন ৰজাই এই দেশত ৰাজত্ব কৰিছিল। এই ৰজা সকলৰ ভিতৰত সকলো ৰজাৰ দিনতে অসমত যে সংস্কাৰ মূলক কাম সম্ভৱ হৈছিল এনে নহয়, এই শাসন কালতে অসমীয়া জাতীয় জীৱনৰ কোনো কোনো দিশত পতনো হৈছিল। তথাপি সামগ্ৰিক ভাৱে আহোমৰ দিনতে অসমৰ মানুহে লাভ কৰিছিল এক স্বকীয় বৈশিষ্ট্য পূৰ্ণ ৰুপ। এই বিষয়ে তলত কিছু কথাৰ আলোচনা কৰা হৈছে।

আহোম সকলৰ পূৰ্ব পুৰুষ টাই জাতি আৰু পূৰ্ব – বাসস্থান চীন দেশ-

 

বিৰাট টাই জাতিৰে এটা ঠাল আহোম সকল। এওঁলোক ভাষাগত ভাৱে তীৰ্ব্বত – বৰ্মী। চীন দেশৰ সংস্কৃতি সম্পন্ন মনটো লৈ এওঁলোক অসমলৈ আহিছিল সাৰুৱা মাটিৰ সন্ধানত। অসমৰ নদী প্ৰধান মাটিত খেতি ভাল হয় কাৰণে আহোম সকলে এই ঠাই খনক বুলিছিল ম্যৃঙ্‌-দ্যুন-ছুন-খাম – গছ গছনিৰে ভৰা সোণালী দেশ। সেই সময়ত অসমত চুতীয়া, মৰাণ, বৰাহী, ভূঞা, কছাৰী আদি জাতিয়ে অসমৰ ক্ষুদ্ৰ ক্ষুদ্ৰ অঞ্চল অধিকাৰ কৰি আছিল কাৰণে এই দেশ বিলাক জয় কৰিবলৈ আহোমৰ বিশেষ অসুবিধা নহৈছিল।

ভাৰতত মাত্ৰ দুটা জাতিয়ে নিজৰ ত্তীত গৌৰৱ বুৰঞ্জীত লিপিবদ্ধ কৰিছিল। এটা কাশ্মীৰত আৰু আনটো আছে অসমত – আহোম সকলৰ মাজত। অন্য বুৰঞ্জী লেখকে উল্লেখ নকৰিলেও আহোম সকলে নিজেই নিজৰ গুণগ্ৰাহিতা, সহিষ্ণুতা আৰু সৌন্দৰ্য্য – প্ৰীতিৰ কথা ক’বলৈ যাওঁতে শাসন – নীতি, ধৰ্ম, ভাষা, সাহিত্য, স্থাপত্য – ভাস্কৰ্য্য, শিল্পৰীতি আৰু অন্যান্য সাংস্কৃতিক চিন্তাৰ কথা উল্লেখ কৰি হৈছে।

শাসন – নীতিৰ ক্ষেত্ৰত আহোম সকল আছিল বিশেষ পাৰদৰ্শী। বিশেষকৈ স্বৰ্গদেউ চুকাফা (১২২৮ – ১২৬৮), চুহুংমুং দিহিংগীয়া ৰজা (১৪৯৭ – ১৫৩৯), প্ৰতাপ সিংহ (১৬০৩ -১৬৪১) আৰু ৰুদ্ৰসিংহ (১৬৯৭ – ১৭১৪)-ৰ শাসন – নীতিয়ে সমগ্ৰ আহোম ৰাজত্বকে দান কৰিছিল এক দিক্‌নিৰ্ণয়কাৰী আয়তন। আহোম সকল ধৰ্ম – বিশ্বাস আৰু সামাজিক আচৰণ – বিধি থলুৱা বাসিন্দা সকলৰ তুলনাত বেলেগ হ’লেও থলুৱা লোকৰ ৰীতি – নীতি, ধৰ্ম – বিশ্বাসত তেওঁলোকে হস্তক্ষেপ কৰা নাছিল। আনকি অসমলৈ আহিয়ে তেওঁলোকে নিজৰ ভাষা আৰু ধৰ্ম সংৰক্ষণ কৰিও সেই যুগৰ অসমৰ ভাষা আৰু হিন্দু ধৰ্ম গ্ৰহণ কৰি উদাৰ শাসন – নীতিৰ পৰিচয় দিছিল। অতি তাকৰীয়া তিৰোতা লগত লৈ আহিছিল কাৰণে তেওঁলোকে ইয়াৰে স্থানীয় তিৰোতা বিয়া কৰাই ইয়াৰ মানুহৰ লগত জীণ যাবলৈ চেষ্টা কৰিছিল। শাসনৰ বেলিকা কোনো কোনো ৰজাই প্ৰয়োজন সাপেক্ষে ভীষণ নিষ্ঠুৰতা প্ৰমাণ দিছিল। ৰজা চুকাফাই পাটকাই পৰ্বতৰ নগা সকলক নিষ্ঠুৰ ভাৱে হত্যা কৰি মঙহ ৰান্ধি খাবলৈ বাধ্য কৰাইছিল। ৰজাৰ এনে কাৰ্য্যই ওচৰ – পাজৰৰ জনজাতি সকলৰ মাজত ভীতিৰ সঞ্চাৰ কৰিছিল : যাৰ ফলত বহুতো জনজাতিয়ে আপোনা – আপুনিয়ে ৰজাৰ ওচৰত শৰণাপন্ন হৈছিল। অথচ শাসন – নীতিৰ সম্প্ৰীতিৰ দাবীত চুকাফাই মৰাণ আৰু বৰাহী ৰাজবংশৰ চাৰি গৰাকী কুঁৱৰী বিয়া কৰাইছিল। প্ৰথম ৰজা চুকাফাই দেশ সুচাৰু ৰুপে পৰিচালনা কৰিবলৈ বৰগোঁহাই নামে দুজন মন্ত্ৰী সৃষ্টি কৰি লৈছিল। চুহুংমুং দিহিঙীয়া ৰজাৰ দিনতে আহোম ৰাজত্ব বিস্তৃত হৈছিল। আৰু এইজন ৰজাই অসমত প্ৰথম ১৫১০ খ্ৰীঃত লোক – পিয়লৰ ব্যৱস্থা কৰিছিল; আইতনীয়া গভৰু বিয়া কৰাই উদাৰতাৰ পৰিচয় দিছিল। এইজন ৰজাই বুঢ়াগোঁহাই আৰু বৰগোঁহাইৰ লগতে বৰপাত্ৰগোঁহাই পদৰ সৃষ্টি কৰিছিল। তিনিজনা মন্ত্ৰীৰ সিদ্ধান্ত মৰ্মে ৰজাক ভঙা – পতা কৰিব পৰা নিয়মো তেতিয়াৰ পৰাই নিৰ্ধাৰিত হৈছিল।

প্ৰতাপী আছিল কাৰণেই চুচেংফা বুঢ়া ৰজাক মানুহে প্ৰতাপ সিংহ বুলিছিল। এইজনা ৰজাই প্ৰায় দুকুৰি বছৰ কাল ৰাজত্ব কৰি উজনিৰ পৰা নামনি লৈকে ব্ৰহ্মপুত্ৰৰ উপত্যকাৰ দুয়োপাৰ নতুন ৰুপেৰে জাতিষ্কাৰ কৰি তুলিছিল। এওঁৰ অনেক স্ত্ৰী আছিল। অপুত্ৰক মৰাণ পত্নীক আও নগা সন্তান এটিক তুলি – তালি ডাঙৰ – দীঘল কৰিবৰ অনুমতি দিছিল। পাছত ৰজাই এই ল’ৰা কেইটাকে চেতিয়া খেলত তুলি ল’লে। দোপগড়ীয়া নগাই মিত্ৰতাৰ চিন স্বৰুপে দিয়া আও, আপম আৰু লাচিত নামৰ ল’ৰাকেইটাক ৰজাই বৰুৱা, কোঁৱৰ, গোঁহাই বাব দি অসমীয়াৰ জাতত তুলিলে। শ্ৰীমংগল নামৰ কোচ মাউতক চমুৱা আহোমৰ খেললৈ তুলিছিল। আহোম কটকীবোৰ অকামিলা বুলি ৰজাই চৈধ্য ঘৰ বামুণ কটকী লৈছিল। অনিৰুদ্ধদেৱে এইজনা ৰজাৰ দিনতে সুপ্ৰতিষ্ঠিত হৈ মোৱামৰীয়া সম্প্ৰদায়ৰ জন্ম দিছিল। আদৰ্শ আছিল গুৰু – সৰ্বস্ব। এলেহুৱা আৰু নিষ্কৰ্মা মানুহক ৰজাই কঠোৰ শাস্তি বিহিছিল। ৰজাৰ বুৰঞ্জীৰ জ্ঞান আছিল অসীম। বিদ্বানক তেওঁ শ্ৰদ্ধা কৰিছিল। নিজৰ পুত্ৰৰ গাত ৰজা লক্ষণ নাছিল কাৰণে ৰজাই মুমূৰ্ষ অৱস্থাত কাৰো নাম উল্লেখ নকৰি মৃত্যুক সাৱটি লৈছিল।

ৰজা প্ৰতাপ সিংহৰ ব্যক্তিত্বৰ আটাইতকৈ উজ্জ্বল দিশট প্ৰতিভাত হৈছিল মোমাই তামুলীক বৰবৰুৱা পতা কাৰ্শ্যত। মোমাই তামুলী বৰবুৱাৰে পুত্ৰ লাচিত বৰফুকন। মোমাই তামুলীৰ প্ৰথম নাম আছিল শুকতি। চাৰি টকা ৰুপৰ বিনিময়ত ভাগিনীয়েকৰ ঘৰত বন্ধা হৈ কাম কৰিছিল কাৰণে সকলোৱে এওঁক মোমাই বুলিছিল। পাছত ৰজাই মোমাইৰ কাম কৰা প্ৰণালী সুন্দৰ দেখি প্ৰথমে তামুলীৰ বাব আৰু পাচত বৰবৰুৱাৰ বাব দি সমগ্ৰ নামনি খণ্ড শাসন কৰিবলৈ দিছিল। যাৰ ফলত মোমাই তামুলীয়ে মোগলক প্ৰতিৰোধ কৰি ইতিমধ্যে গঢ় লোৱা সাতাম পুৰুষীয়া অসমীয়া ঐতিহ্যল ছেদেলি – ভেদেলি হ’বলৈ নিদি সুদৃঢ়কৈ নিজৰ হাতৰ মুঠিত ধৰি ৰাখিছিল। এইজনা বৰবৰুৱাৰ গাঁও – সংগঠন প্ৰণালী অনুসৰি বিভিন্ন খেল বিভিন্ন মানুহে একেলগে থাকি বিয়া – বাৰু কৰাই এটা জাতি ৰুপে গঢ় লৈ উঠিছিল। অসমৰ বৰ্তমান অৰ্থনৈতিক জীৱন মোমাই তামুলী বৰবৰুৱাৰ অনুষ্ঠিত ব্যৱস্থাৰ পৰিণতি বুলি ক’ব পাৰি। ১৬০৮ খ্ৰীষ্টান্দত তেওঁ অসমীয়া বিষয়া সকলৰ কৰ্তব্য আৰু কাৰ্যপন্থা নিৰুপণ কৰে আৰু তাৰ ফলত কিমান সংখ্যক পাইকে কাম কৰিব তাকে ধাৰ্য্য কৰি দিয়ে। মোগলৰ মনচবদাৰী প্ৰথা অনুযায়ী বৰা, শইকীয়া, হাজৰিকা, বৰুৱা, ৰাজখোৱা, ফুকন এই সকলৰ বিষয়া সৃষ্টি কৰা হয়।

প্ৰতাপ সিংহৰ পিছতে বৰ অসম ৰচনাত মুখ্য ভূমিকা লৈছিল ৰজা ৰুদ্ৰ সিংহই। চুকাফাই ভেঁটি পাতি থৈ যোৱা আহোম ৰাজ্যক আহল – বহল কৰি গঢ়ি তুলিছিল প্ৰতাপ সিংহই আৰু সেই ৰাজ্যক শাসনৰ যোগেদি এক নতুন সাংস্কৃতিক চৈতন্য দিবৰ সক্ষম হৈছিল ৰজা ৰুদ্ৰসিংহই। এইজনা ৰজাই অসমক ভাৰতৰ এটা অংগ বুলিহে গণ্য কৰিছিল। যাৰ ফলত ভাৰতীয় বিভিন্ন প্ৰাদেশিক ৰাজ্যৰ সংস্কাৰ আহি অসমীয়াৰ জাতীয় জীৱনত অন্তৰ্ভূক্ত হৈ পৰিছিল। সৰুক বৰ বিষয়া নিদিবি; পথালি ফোটাক বিশ্বাস নকৰিবি; ৰজাসভাত জোঙা ঢোল বজোৱাই নটিনী ননচুৱাবি – বুলি মৃত্যুশয্যাত পিতৃয়ে সঁকীয়নি দিয়া সত্ত্বেও ৰজা ৰুদ্ৰসিংহই পথালি ফোঁটক বিশেষ আদৰ কৰি ৰাজসভাত জোঙা ঢোল বজাই নৃত্য – নাটৰো আয়োজন কৰিছিল। গদাধৰ সিংহই (১৬৮১ – ১৬৯৬) কৰা পিয়ল ৰুদ্ৰসিংহই সম্পূৰ্ণ কৰি গাঁও সংগঠনত নতুঅনত্ব দিছিল। বিহতোলা, বেজ, চাং – বেজ, জৰা – বেজ, বেজবৰুৱা আদি বাব সৃষ্টি কৰাৰ উপৰি ৰসায়ন বিদ্যা চৰ্চাৰ বাবে পৰমানন্দ শৰ্মাক বিশ্বনাথৰ পৰা অনাই ৰংপুৰত এশপুৰা নিষ্কৰ মাটি দি থাপিছিল। ৰজাই যাতায়াত আৰু সৌন্দৰ্য্য বৃদ্ধিৰ কাৰণে ঠায়ে ঠায়ে আলি – পদূলি, সাঁকো, দলং, পুখুৰী – খাৱৈ, দ’ল – দেৱালয় আদিৰ নিৰ্মাণ কৰিছিল। চালনিৰে চালি গুড়ি মাটি হাতীৰে গচকাই দুবৰি ৰুই দুবৰণি আলি বন্ধাইছিল। ৰজাই ভাৰতীয় সংগীতক আনি অসমত থাপনা কৰাৰ লগতে বিহু – নৃত্য গীতক ৰংঘৰৰ সন্মুখলৈ আনি ৰাজকীয় সন্মান দিছিল। সচিত্ৰ শঙ্খচূড় – বধ, গীত – গোবিন্দ, শকুন্তলা, ব্ৰহ্মবৈৱৰ্ত্ত পুৰাণ আদিৰ প্ৰণেতা কবিৰাজ চক্ৰৱৰ্তী ৰজাৰ ৰাজকবি আছিল। এইজন ৰজাই মুছলমান পাগজামা পিন্ধি অসমৰ কৌটিকলীয়া ৰজা – পোছাকৰো পৰিৱৰ্তন কৰিছিল আৰু ৰজাই নিজে ঠুংৰী, গজল, টন্নাৰ আদি সুৰত গীত ৰচনা কৰি মুছলমানৰ লগত একাত্ম হৈ পৰিছিল।

বুৰঞ্জী মতে অসমৰ মধ্য যুগৰ নিৰ্ণয়ত এহাতে আহোম আৰু কোচ ৰাজত্ব আৰু আনহাতে শংকৰদেৱৰ বৈষ্ণৱ আন্দোলনে মুখ্য ভূমিকা গ্ৰহণ কৰিছিল। অৰ্থাৎ আহোম – কোচ ৰাজত্বৰ উত্থানৰ সময়তে বৈষ্ণৱ আন্দোলন প্ৰসাৰিত হৈছিল। আহোম সকলৰ দেৱ – দেৱী আছিল অনেক। কোনো দেশ জয় কৰা মানেই সেই দেশৰ দেৱ – দেৱীকো জয় কৰা বুলি আহোম সকলে ভাবিছিল। সেয়ে তেওঁলোক তাও আৰু বৌদ্ধ ধৰ্মী হৈও হিন্দু ধৰ্ম অনুসৰি শৈৱ, শাক্ত আৰু বৈষ্ণৱ ধৰ্মৰ পৃষ্ঠপোষকতা কৰিছিল। এনেকুৱা ধৰ্মীয় কাৰণতো আহোম সকলে অতি সহজে দেশ জয় কৰাৰ লগতে সকলো জাতি – জনজাতিৰ মাজত ঐক্য – সূত্ৰেৰে বান্ধ খাই পৰিছিল। আনকি ইছলাম ধৰ্ম প্ৰৱৰ্তনৰ কাৰণে ৰজাই মছজিদ নিৰ্মাণ কৰিবলৈকো অনুমতি দিছিল। শংকৰদেৱৰ বৈষ্ণৱ ধৰ্মৰ লগত আজান ফকীৰৰ নিছলাম ধৰ্ম মতৰ সাদৃশ্য থকাৰ কাৰণে মুছলমান সকলৰ লগতে বহুতো স্থানীয় অসমীয়ায়ো ইছলাম ধৰ্মত দীক্ষিত হৈছিল। ৰজা ৰুদ্ৰ সিংহই অসমলৈ ফাৰ্চী পটীয়া, আখৰ – কটীয়া, শিলাকটীয়া, গুমাকটীয়া, খনিকৰ, নেগেৰীয়া, দৰ্জী আদি আঠোটা মুছলমান খেল আনি বিভিন্ন কাৰ্য্যত নিয়োগ কৰিছিল। ৰজা প্ৰমত্ত সিংহই (১৭৪৪ – ১৭৫১) এজন মুছলমান সাধকক ধন – বস্তু দি মক্কালৈ পঠিওৱাৰ কথা বুৰঞ্জীত আছে। তদুপৰি, ৰজাই ব্ৰাহ্মণ পণ্ডিত, গোঁহাই – মহন্ত সকলক ধৰ্মানুষ্ঠান প্ৰতিষ্ঠা কৰিবলৈ মাটি – বৃত্তি দান কৰি সেই বিলাক পৰিচালনা কৰিবলৈ বিশেষ কৰ্মী নিয়োগ কৰিছিল। ৰজা চুদাংফাই (১৩৯৮ – ১৪০৭) ব্ৰাহ্মণ পৰিয়ালৰ পুত্ৰ সকলক কোঁৱৰ পতাৰ লগতে ব্ৰাহ্মণৰ ঘৰত থকা লক্ষ্মীনাৰায়ণ শালেগ্ৰাম খন আনি ৰাজসভাত থাপনা কৰিছিল। জয়ধ্বজ সিংহই (১৬৪৮ – ১৬৬৩) আউনীআটি বৈষ্ণৱ সত্ৰৰ নিৰঞ্জন দেৱৰ ওচৰত দীক্ষা লাভ কৰিছিল। এইজন ৰজাৰ পিছৰ পৰাই অসমত বৈষ্ণৱ ধৰ্মৰ সাংস্কৃতিক চেতনাই নতুন পোহেৰেৰে যাত্ৰাৰাম্ভ কৰিছিল। ৰজা সকলে সত্ৰ – নামঘৰ মন্দিৰ প্ৰতিষ্ঠা কৰি ধৰ্ম – চৰ্চাৰ পথ সুগম কৰি তুলিছিল আৰু গোসাঁই – মহন্ত বৈষ্ণৱ পণ্ডিত সকলক প্ৰশাসনীয় কাম – কাজ আৰু কৰ – কাটলৰ পৰা ৰেহাই দিছিল। ৰুদ্ৰ সিংহই পণ্ডিত কৃষ্ণৰাম ন্যায় বাগীশাক পশ্চিমবংগৰ পৰা আনি হিন্দু ধৰ্ম প্ৰচাৰৰ অৰ্থে গুৱাহাতীৰ নীলাচল পাহাৰৰ কামাখ্যাত থাপিছিল। ১৮৫৪ চনত কৰা এটা জৰীপৰ মতে আহোম ৰজাই ধৰ্মানুষ্ঠানলৈ মাটি দান দিয়াৰ পৰিণাম আছিল ৭,৭৫, ৪৬৮ পুৰা আৰু ইয়াৰ অধিকাংশ মাটিয়েই আছিল কামৰুপ আৰু দৰঙৰ। ধৰ্ম কথাৰ লেঠাত নহয়, কিন্তু হাতী ধৰা জগতৰহে, অৰ্থাৎ ৰজা ঘৰৰ পৰা মেলাচিকাৰী হাতী অগোচৰ পাল পৰোঁতে ভূঞা সকলে নিজৰ পাল ৰাখিব নোৱাৰা অপৰাধতহে শংকৰদেৱক ধৰি নিবলৈ আহোম ৰজাই কটকী পঠাইছিল।

মহাবাহু ব্ৰহ্মপুত্ৰৰ দুয়োপাৰে থকা অজস্ৰ স্থাপত্য – ভাস্কৰ্য্যৰ অৱস্থিতিয়ে অন্যান্য ৰাজত্বৰ লগতে আহোম যুগৰ গৌৰৱময় ইতিহাসৰ কথাই ঘোষণা কৰি আছে। অৱশ্যে তুলনামূলক দৃষ্টিভংগীৰে চালে অবিভক্ত শিৱসাগৰ জিলাতেই অধিকাংশ স্থাপত্য – ভাস্কৰ্য্যৰ পৰিমাণ দেখা যায়। এই যুগতে অসমীয়া এটি স্বকীয় স্থাপত্য – ৰীতিয়ে গঢ় লৈ উঠিছিল। মিঠাতেল, ধূনা, গুৰ, বৰালি মাছ, চূণ, শণ, মাটিমাহ, বৰা চাউলৰ কৰাই গুৰি, হাঁহ কণী আদি নিৰ্দিষ্ট পৰিমাণত মিহলি কৰি কৰাল প্ৰস্তুত কৰা হৈছিল। শিলাকুটি, বাঢ়ৈ আৰু খনিকৰ খেলৰ সৃষ্টি এনে কামৰ কাৰণে কৰা হৈছিল। শিলত কটা ভাস্কৰ্য্যত দেৱ – দেৱীৰ মূৰ্তি, শাস্ত্ৰীয় কাহিনীৰ কোনো কোনো ধৰ্মীয় – দৃশ্য, ধৰ্ম – নিৰপেক্ষ স্বাভাৱিক জীৱনৰ দৃশ্য, জীৱ – জন্ত, গছ – লতা, ফল – পাত আদি দেখা যায়। জয়দ’লত ৰুদ্ৰ সিংহই ঘোঁৰাত উঠি থকা দৃশ্য থকাৰ উপৰি দক্ষিণ ফালৰ বেৰত জয়মতী বুলি থাৱৰ কৰা নাৰী মূৰ্তি এটাও দেখা পোৱা যায়। তদুপৰি ৰংঘৰ, তলাতল ঘৰ, কাৰেংঘৰ আদিত মোগলাই আৰু নাগৰ শৈলী আৰু জয়সাগৰৰ পশ্চিম পাৰৰ নামনিৰ নাতি গোঁসাই দ’লৰ গৌড়ীয় আৰ্হিৰ প্ৰচলনে ভাৰতৰ অন্য ঠাইৰ লগত অসমৰ সম্প্ৰতি ঘোষণা কৰিছে। আহোমৰ দিনতে প্ৰচলন হোৱা কিছুমান নিত্য – ব্যৱাহাৰ্য্য সামগ্ৰী যেনে – খাট – পালেং, চালপীৰা, নৰাপীৰা, তামুলী পীৰা, সিংহাসন, মুখা, মূৰ্তি, শৰাই, পেড়া, সঁফুৰা, চৰানাও, বাচৰ, হয়ফলি, মগৰী, নাও আদিত সুন্দৰ কাঠ খোদাইৰ ব্যৱস্থা কৰা হৈছিল।

আহোম যুগত অসমৰ চিত্ৰ – কলাৰো বিকাশ হৈছিল। এই যুগৰ চিত্ৰ – কলাক প্ৰধানকৈ দুটা ভাগত ভাগ কৰা হৈছিল। ৰজা ঘৰীয়া ধৰ্ম – নিৰপেক্ষ চিত্ৰ – কলা আৰু অসমৰ জনসাধাৰণৰ মাজত প্ৰচলিত আৰু সত্ৰ সমূহত চৰ্চা কৰা ধৰ্মীয় চিত্ৰ – কলা। ৰজাৰ পৃষ্ঠপোষকতাত প্ৰথম শ্ৰেণীৰ চিত্ৰ – কলাৰ বিকাশ হৈছিল। প্ৰতাপ সিংহই কলা বিদ্যাৰ উন্নতিকল্পে ভাটিৰ দিল্লী, আজমীৰ, পঞ্জাৱ আদি ঠাইৰ পৰা বহুতো শিল্পী অসমলৈ আনিছিল। তদুপৰি, মোগল আৰু ৰাজপুতনাৰ লগত ৰজাৰ কূটনৈতিক সম্পৰ্কৰ ফলতো বহুতো শিল্পী অসমলৈ আহিছিল। ৰজা শিৱসিংহই (১৮১৪ – ১৭৪৪) অঁকোৱা চিত্ৰ সমূহ মোগলৰ প্ৰভাৱ সুস্পষ্ট। এইজনা ৰজাই শঙ্খচূড় – বধ আৰু কুমাৰ – হৰণ পুথিত চিত্ৰ সংযোগ কৰিছিল। শঙ্খচূড় – বধ পুথিত গদাধৰ সিংহৰ ৰাজচ’ৰাৰ চিত্ৰ উল্লেখযোগ্য। ৰজাৰ সাজ – পোছাক, বিশেষকৈ মূৰত মৰা ফাচৌৰ অঙ্কনেও মোগল প্ৰভাৱৰ কথা ব্যক্ত কৰিছে। ৰজা ঘৰীয়া চিত্ৰ – কলাৰ ভিতৰত আউনিআটী সত্ৰৰ হাতী পুথি, পুৰাতত্ত্ব বিভাগৰ হস্তি বিদ্যাৰ্ণৱ, গীতগোবিন্দ, আনন্দলহৰী, দৰং ৰাজবংশাৱলী, চলিহা বাৰেঘৰ সত্ৰৰ ৰামায়ণ, ধেমেচীৰ পূৰ্ণকান্ত বুঢ়াগোঁহাইৰ সংগৃহিত ৰুক্মিণী – হৰণ কাব্য উল্লেখনীয়। ৰজাই এনে পুথিবোৰ সংৰক্ষণ কৰিবলৈ গন্ধীয়া ভঁৰালী সৃষ্টি কৰিছিল। সাঁচি গছ, হেঙুল – হাইতাল, বেলৰ ৰস, হাঁহকণী, ঢেঁকীয়া, অন্যান্য গছৰ ৰস আদিয়ে আছিল আহোমৰ চিত্ৰ তুলিকাৰ প্ৰধান ৰং। আৰ্য্য আৰু আৰ্য্য ভিন্ন মিশ্ৰিত এক স্বকীয় মোটিফ আহোম যুগৰ চিত্ৰত প্ৰকাশি উঠিছে। ভাৰতীয় নৃত্য – পৰম্পৰা বহন কৰা সত্ৰীয়া নৃত্যৰ ভংগিমা, খোল আদি ভাৰতীয় বাদ্যযন্ত্ৰ, গাহৰি, ম’হ, কুকুৰা, ছাগলী, মাছ, সাপ, জেঠী, হাতী, সিংহ, ঘোঁৰা আদি মংগোলীয় মোটিফ, আহোমৰ পূজা – পাতল, আসন, শৰাই, থুৰীয়া, ছেলেং চাদৰ, পতলুং আদিৰ উল্লেখ আহোমৰ চিত্ৰকলাত পোৱা যায়।

প্ৰাক্‌বৈষ্ণৱ আৰু বৈষ্ণৱ যুগৰ সংগীত পৰম্পৰাক আহোম ৰজা সকলে এক নতুন মাত্ৰাৰে থাপিলে। ৰজাই শিল্পী সংগীতজ্ঞক আদৰৰ কৰাৰ বাবে এক শ্ৰেণীৰ ব’ৰাগীয়ে অসমীয়া লোকগীতৰ চৰ্চা নিৰ্বিবাদে কৰিব পৰা হ’ল। ৰুদ্ৰসিংহ আৰু শিৱসিংহৰ চৈতন্যত এটা শিল্পীমনে অনবৰতে ক্ৰিয়া কৰি থকাৰ উমান তেওঁলোকৰ কাৰ্য্যাৱলীৰ যোগেদি পোৱা যায়। শিৱসিংহই দেৰগাঁৱৰ শিৱদ’লৰ ফুলমতীক আনি ৰজা কাৰেঙত বহুৱাই ফুলেশ্বৰী কুঁৱৰী ৰুপে গ্ৰহণ কৰিছিল। ৰুদ্ৰসিংহই থলুৱা গীত-মা-বাদ্যৰ পৃষ্ঠপোষকতা কৰিছিল বাবে এইজনা ৰজাৰ দিনতে অসমত সত্ৰানুষ্ঠানে বিশেষ প্ৰসাৰ লাভ কৰিবলৈ সক্ষম হৈছিল। ৰজাই সুচান্দ ৰাই ওজাৰ হতুৱাই শ্ৰীহস্ত মুক্তাৱলী অসমীয়ালৈ অনুবাদ কৰাইছিল। ৰাজেশ্বৰ সিংহৰ (১৭৫১ – ১৭৬৯) দিনত ৰাৱণ বধ, গৌৰীনাথ সিংহৰ দিনত (১৭৮০ – ১৭৯৫) পদ্মাৱতী – হৰণ, কমলেশ্বৰ সিংহৰ দিনত (১৭৯৪ – ১৮১০) ৰুক্মিণী – হৰণ, অক্ৰুৰাগমন ভাওনাৰ প্ৰদৰ্শন কৰা হৈছিল।

আহোম সকলে অসমত দীৰ্ঘদিন ৰাজত্ব কৰাৰ অন্য কাৰণৰ ভিতৰত উল্লেখযোগ্য হ’ল তেওঁলোকৰ সামূহিকতা আৰু সহনশীলতা। যদিও সামূহিকতাৰ লক্ষণ মংগোলীয়ৰ পৰা অসমীয়ালৈ আহিছে, তথাপি আহোম সকলেই এই গুণৰ অধিক অংশীদাৰ বুলি ক’ব পাৰি। মোগলৰ উপৰ্যুপৰি অসম আক্ৰমণৰ ঘটনাই অসমৰ মানুহক একত্ৰিত হৈ কাম কৰিবলৈ বাধ্য কৰাইছিল। আহোমৰ শস্য চপোৱা বা ৰোৱাৰ সময়ত আজিও প্ৰচলিত সাউৰি অনুষ্ঠান তাৰে উৎকৃষ্ট উদাহৰণ। তদুপৰি, বিয়া – সবাহত সমূহীয়াকৈ কাম কৰা, ঘৰ সজা, আলি বন্ধা, পুখুৰী খন্দা, একেলগে যাত্ৰা কৰা আদি প্ৰথা আহোমৰ পৰা অসমীয়ালৈ আহিছে।

জাতি অনুসৰি উচ্চ – নীচৰ পাৰ্থক্যহীনতা, নাৰীৰ প্ৰতি সন্মান, সকলো ধৰণৰ খাদ্য গ্ৰহণ আদিয়ে আহোমৰ সহনশীলতাৰ দিশটোকে উন্মোচিত কৰে। নাৰীয়ে ওৰণি লোৱা প্ৰথা আহোম সকলে পালন নকৰিছিল। শাসন কাৰ্য্যত নাৰীয়েও ভূমিকা ল’ব পাৰিছিল। যৌতুক প্ৰথাৰ ব্যৱস্থা নাছিল। বংশ বিচাৰেৰে নহয়, কৰ্ম বিচাৰেৰেহে আহোম নাৰীৰ বিবাহ সম্পন্ন হৈছিল। মূলা গাভৰু, জয়মতী আদি নাৰীৰ ত্যাগ আৰু বীৰত্বৰ চানেকিয়ে আহোম বুৰঞ্জী তেজেৰে জাতিষ্কাৰ কৰি ৰাখিছে। সকলো ধৰণৰ খাদ্য ভক্ষণ কৰি আহোম সকলে সমন্বয়ৰ দৃষ্টান্ত দাঙি ধৰিছিল। আৰ্য্য প্ৰধান খাদ্যৰ উপৰি গাহৰি, ম’হ, গৰু, ভেকুলী, কেকোঁৰা, কুচিয়া, বাদুলী, পলু, মুগালেটা, বৰল, কোঁদো, আমৰলি, মৌ – মাখি, কচু, ঢেঁকীয়া, কলমৌ, মাটিমাহ, মেটেকা, মেজেঙা, নেফাফু, চেংমৰা, তেজমৌ, টিকনি বৰুৱা, মানিমুনি, লাইজাৱৰি, নল টেঙা, টংলতি, মাটি কাদুৰি, খুটুৰা, ভেদাইলতা, মচন্দৰি, তিতাকচি, সোকোতা, ঔটেঙা, খৰালি, কলডিল, পচলা, চাউল ভজা, চালি, লাওপানী বা সাজ আদি সকলো খাদ্যই আহোম সকলে নিঃসংকোচে ভক্ষণ কৰি আৰ্য্য – অনাৰ্য্যৰ মাজত সোণৰ সাঁকো ৰচনা কৰিছিল। ছশ বছৰীয়া ৰাজত্ব সত্ত্বেও বৰ্তমান অসমত প্ৰচলিত অসমীয়া আৰ্য্য ভাষাত আহোম ভাষাৰ প্ৰভাৱ তেনেই সীমিত। ইয়াৰ মুখ্য কাৰণ হ’ল, আহোম সকলে অন্য মানুহৰ লগত কথা – বতৰা পাতোঁতে অনবৰতে সেই সময়ৰ অসমীয়া ভাষা ক’বলৈহে চেষ্টা কৰিছিল। কিন্ত তেওঁলোকৰ অসমীয়া জাতিলৈ শ্ৰেষ্ঠ অৱদান বুৰঞ্জী সাহিত্যৰ প্ৰচলন। বুৰঞ্জীত দেশৰ সাংস্কৃতিক, অৰ্থনৈতিক আৰু ৰাজনৈতিক জীৱনৰ কথা উল্লেখ আছে। মধ্য যুগৰ বিকাশত এই বুৰঞ্জী সমূহেও লৈছিল গুৰুত্ব পূৰ্ণ ভূমিকা। এইবোৰত অতীত অসমৰ সত্য কাহিনী চিত্ৰিত হোৱাৰ উপৰি বিভিন্ন উপকথা, ফকৰা – যোজনা, প্ৰবচন, খণ্ডবাক্য, প্ৰবাদ আদিৰো উল্লেখ আছে। অসমীয়া গদ্য – ভাষাৰ বিকাশৰ ধাৰাটো এই বুৰঞ্জী সমূহে নিৰ্ণয় কৰাৰ লগতে ইয়াতে প্ৰতিফলিত হৈছে অসমীয়াৰ ঐতিহ্যবাহক সাতামপুৰুষীয়া চৈতন্যৰ।

অসমীয়া জাতি – সংস্কৃতিত আহোমৰ অৱদানৰ বৈশিষ্ট্য পূৰ্ণ দিশ অনেক। সেইবোৰৰ বিষয়ে ইতিমধ্যে যথেষ্ট আলোচনা হৈছে। ইয়াত কেৱল অসমীয়া জাতি গঠনৰ প্ৰক্তিয়াত আহোম সকলে আগ বঢ়োৱা সংমিশ্ৰিত ৰুপটোৰ (Assimilated Form) বিষয়েহে সামান্য আলোচনা কৰা হ’ল। আহোমৰ জীৱনবোধ আৰু অসমীয়াৰ মাজত পাৰ্থক্যতকৈ সাদৃশ্যই সৰহ।

 

লেখক : মৃণাল কুমাৰ গগৈ।

উৎস : লোক – সংস্কৃতিৰ সঁফুৰা।

 

 

2.86206896552
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top