মূল পৃষ্ঠা / শিক্ষা / অসমৰ সংস্কৃতি / অসমীয়া মৌখিক লোক সাহিত্য: অনুশ্ৰী দাস
অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

অসমীয়া মৌখিক লোক সাহিত্য: অনুশ্ৰী দাস

অসমীয়া মৌখিক লোক সাহিত্য: অনুশ্ৰী দাসৰ বিষয়ে লিখা হৈছে ।

প্ৰত্যেক জাতিৰে নিজস্ব ভাষা আছে আৰু সেই ভাষাৰ মাধ্যমত জাতিৰ সাহিত্য গঢ়ি উঠে৷ ভাৰতৰ সংবিধানৰ দ্বাৰা স্বীকৃত প্ৰধান ভাষাসমূহৰ ভিতৰত অসমীয়া ভাষাটোও এটা অন্যতম ভাষা৷

জাতীয় সাহিত্য, জাতিৰ আশা-আকাংক্ষা, আনন্দ বেদনা আৰু ভাৱ-কল্পনাৰ প্ৰকাশৰ থল৷ অসমীয়া জীৱনৰ অভিব্যক্তি, অসমীয়াৰ চিন্তা ভাৱনাৰ ধাৰা, ধৰ্ম-সমাজ, আচাৰ-ব্যৱহাৰ, ৰীতি নীতি আৰু মানসিক প্ৰগতিৰ ইতিহাস অসমীয়া সাহিত্যত প্ৰতিফলিত হৈছে৷

সকলো জাতিৰ সাহিত্যই লিখিত ৰূপ পোৱাৰ আগতে মৌলিক গীত মাত, প্ৰবচন, সাধুকথা, ফকৰা যোজনা, পটন্তৰ আদি থকাৰ প্ৰমাণ পোৱা যায়৷

অসমীয়া ভাষাতো তেনে ধৰণৰ লোক গীত, সাধুকথা, প্ৰবচন আদিৰ প্ৰচলন আছিল৷ এইবোৰ সাহিত্যই লিখিত ৰূপ পোৱাৰ আগতে জনসমাজত মুখে মুখে গীত, পদ আদিৰ ৰূপত প্ৰচলিত হৈ আছিল আৰু কালক্ৰমত ইয়েই লোকসাহিত্যৰ ৰূপ লয়৷

অসমীয়া লোকসাহিত্যৰ ভিতৰত প্ৰধানকৈ -

১)সাধুকথা,

২)ফকৰা যোজনা,

পটন্তৰ প্ৰৱচন,

৩)লোকগীতেই প্ৰধান৷

১) সাধুকথাঃ

নৃতত্ত্ব আৰু সমাজতত্ত্বৰ অধ্যয়নৰ ফালৰ পৰা সাধুকথাৰ যথেষ্ট মূল্য আছে৷ সাধুকথাবোৰৰ এটা স্থিৰ ৰূপ নাই৷

সাধু কওঁতাই নিজৰ ৰুচি, অভিৰুচি আৰু সামৰ্থ্য অনুসাৰে বৰ্ণাই যায়৷ উদাহৰণ স্বৰূপে তেজীমলাৰ সাধুটোৰ ভাষা, প্ৰকাশ ভংগী বিভিন্ন বক্তাৰ মুখত বিভিন্ন হৈ পৰে, সাধুটোৰ মূল ঘটনাটোৰহে পৰিবৰ্তন নহয়৷

বিভিন্ন সাধুকথাই সমাজৰ বিভিন্ন স্তৰৰ আভাস দিয়ে৷ প্ৰেম-প্ৰীতি, পিতৃস্নেহ, মাতৃস্নেহ, অসূয়া-ঈৰ্ষা, জীয়াই থকাৰ স্পৃহা, জনবিশ্বাস, কুসংস্কাৰ আদি আদিম ভাৱ আৰু অনুভূতি সমূহৰ সৰল আৰু মুকলি প্ৰকাশ সাধুবোৰত দেখা যায়৷

তেজীমলা, তুলা আৰু তেজা, চিলনীৰ জীয়েকৰ, বাৰী পুতেকৰ সাধু ইত্যাদিবোৰ অসমীয়া লোকসাহিত্যৰ এক উল্লেখযোগ্য সম্পদ৷

২) ফকৰা-যোজনা, প্ৰবচন, পটন্তৰঃ

ফকৰা-যোজনা, প্ৰবচন, পটন্তৰ, ডাকৰ বচন আদিয়ে অসমীয়া মৌখিক লোক সাহিত্যৰ ভঁৰাল চহকী কৰি তুলিছে৷

ফকৰা-যোজনা আৰু প্ৰবচন বোৰত সাংসাৰিক অভিজ্ঞতা, প্ৰচলিত জীৱন চৰ্চা, আচাৰ ব্যৱহাৰ আদিৰ প্ৰভাৱ দেখা যায়৷

অসমীয়া লোক সাহিত্যৰ এক উল্লেখ যোগ্য সম্পদ হ’ল ডাকৰ বচন৷ ডাকৰ বচন সমূহে অসমীয়া সমাজ জীৱনৰ কৃষি সম্পৰ্কীয় জ্যোতিষ বচন, নাৰীৰ লক্ষণ, গাৰ্হস্থ্য নীতি আদি প্ৰতিফলিত কৰে৷

ক) ছয় পো বাৰ নাতি

তেহে কৰিবা কুঁহিয়াৰ খেতি৷

খ) মাছে গৰকা আঞ্জা খাবা

শাহুৱে গৰকা বোৱাৰী বাবা৷ (ডাকৰ বচন)

কিছুমান যোজনা বা পটন্তৰত নাৰী মনৰ তথা নাৰী সমাজৰ চিত্ৰ পোৱা যায়৷ এইবোৰৰ ৰচক নাৰী বুলি ঠাৱৰ কৰিব পাৰি৷

ক)আৰ ছিগা চুলি, তাৰ ছিগা চুলি

মাৰি যাওঁ নেঘেৰী খোপা৷

খ) মাজ মুৰত নাই চুলি

গিৰিয়েকে মাতে কেশমতী বুলি

কিছুমান ফকৰাই আকৌ বুৰঞ্জীৰ কথাও কয়

নাই ৰঙামাটি

নাই গুৱাহাটী৷

কিন্তু বৰ্তমান আধুনিক সভ্যতাৰ লগত খাপ নোখোৱা বহুতো প্ৰবচন, পটন্তৰ, যোজনা আদি অপ্ৰচলিত হৈ লোপ পাব ধৰিছে৷

৩) লোকগীতঃ

লোকগীত বোৰক প্ৰধানকৈ তিনিটা শ্ৰেণীত ভাগ কৰিব পাৰি৷

  • অনুষ্ঠানমূলক,
  • আখ্যানমূলক,
  • বিবিধ বিষয়ক৷

অনুষ্ঠানমূলক গীতবোৰৰ ভিতৰত আইনাম, বিয়া নাম, বিহুগীত, অপেশ্বৰী সবাহৰ গীত, সুবচনীৰ গীত, লখিমী সবাহৰ গীত, মহো-হো গীত, আৰু বিবিধ পূজা পাতলৰ গীত বিশেষভাৱে উল্লেখযোগ্য৷

আখ্যানমূলক গীতবোৰ হ’ল –

  • মণি কোঁৱৰৰ গীত,
  • শান্তি বাৰমাহীৰ গীত,

বৰফুকনৰ গীত আদি৷

বিবিধ বিষয়ৰ গীত সমূহৰ ভিতৰত – নিচুকণি গীত, গৰখীয়া গীত, নাও খেলোৱা গীত, মহো হো গীত, হাতী মাউতৰ গীত, মৈষাল গীত, জুনা গীত, চটকা গীত, নাঙেলী গীত, চাহ পুৰাণৰ গীত ইত্যাদি৷

বিহুগীতৰ ভিতৰত হুচৰিগীত আৰু বনগীত দুয়োবিধ অন্তৰ্ভুক্ত৷ বহাগ বিহুত গাঁৱৰ ৰাইজে ঢোল পেঁপা তাল আদি লৈ গৃহস্থৰ ঘৰত সামূহিকভাবে গোৱা বিহুগীতেই হুচৰি গীত৷ হুচৰি গীতবোৰৰ মাজেৰে ঈশ্বৰৰ নাম লোৱা হয় আৰু গৃহস্থৰ মংগল কামনা কৰা হয়৷

উদাহৰণঃ

কৃষ্ণাইৰ মূৰতে বকুল ফুল এপাহি

নিয়ৰ পাই মুকলি হ’ল, গোৱিন্দাই ৰাম৷

এবাটি নহৰু এবাটি পনৰু

এবাটি খুটুৰা শাক

মুৰৰ চুলি ছিগি আশীৰ্ব্বাদ কৰিছোঁ

গৃহস্থ কুশলে থাক৷

আনহাতে বনগীতবোৰ প্ৰধানকৈ ডেকা গাভৰুৰ উদ্দাম জীৱন যৌৱনৰ মুকলি প্ৰকাশ৷ এইবোৰ সাধাৰণতে বিহুতলী, মুকলি পথাৰ অথবা নিৰ্জন বনথলিত গোট খাই গোৱাৰ নিয়ম আছিল৷

বহাগ বিহু বসন্ত উৎসৱৰে এটি অসমীয়া অভিব্যক্তি৷ বসন্তৰ আগমনৰ লগে লগে প্ৰকৃতিয়ে যৌৱন শোভা ধাৰণ কৰে৷

কিছুমান গীতত ডেকাৰ আৰু কিছুমান গীতত গাভৰুৰ মনৰ ভাৱ প্ৰকাশ হোৱা দেখা যায়৷

মুখলৈ কি চাবা পূৰ্ণিমাৰ জোন যেন

চকু সৰগৰ তৰা

গালৈ কি চাবা সেন্দূৰী আম যেন

জিলিকে নিলগৰ পৰা৷

তইনো ক’লিয়া অলিয়া বলিয়া

মোকে কৰি গলি বাউল

জালিকটা বেৰদি সুহুৰী মাৰিলি

হোৱা ভাতক কৰিলি চাউল

বিয়া নাম -

অসমীয়া বিবাহ অনুষ্ঠানৰ বিভিন্ন ক্ৰম বা অৱস্থাত আয়তীসকলে গোৱা গীতবোৰ অসমীয়া লোকসাহিত্যৰ মূল্যৱান সম্পদ৷

দৰা আদৰোতে, কন্যা হোমৰ গুৰিত বহোঁতে, সুৱাগ তোলোতে আৰু কন্যা উলিয়াই দিওঁতে আয়তীসকলে বিধে বিধে গীত গায়৷

বিয়া গীতবোৰক সাধাৰণতে দুটা শ্ৰেণীত ভাগ কৰিব পাৰি৷ এক শ্ৰেণী গহীন আৰু ৰুচিপূৰ্ণ, দ্বিতীয় শ্ৰেণীৰ গীতক সাধাৰণতে যোৰা নাম বোলা হয়৷ নামনি অসমত ইয়াক খিচা গীত বোলা হয়৷

মাৰাৰ অলংকাৰ থোৱাহে আইদেউ

দেউতাৰাৰ অলংকাৰ থোৱা

ৰামে দি পঠাইছে সুৱৰ্ণৰ অলংকাৰ

মাথা দোঁৱাই লোৱা হে৷

পাণো আনিলা মেকুৰী কণীয়া

তামোলো আনিলা ধেনা

কোনি পাৰে হ’লা দৰাৰ ককায়েক

দিনতে দুচকু কণা (যোৰা নাম)

আই নাম -

আইনাম, সুবচনীৰ গীত, অপেশ্বৰী সবাহৰ গীত, লখিমী সবাহৰ গীত, গোঁসানী পূজাৰ গীত প্ৰায় একে পৰ্য্যায়ত পৰে৷ নাৰী সমাজতহে এই গীত মাত বোৰ প্ৰচলিত৷

উজায়ে আহিলে আইৰে সতে ভনী

বসন্তে বা বলাই

টেমাতে আনিছে জাতি চন্দনে

সবাকো দিছে পিন্ধাই (আই নাম)

এই আই অপেশ্বৰী মণ্ডপে নামিলা

সুৱৰ্ণৰ পঞ্চঘটে পূজা আৰম্ভিলা (অপেশ্বৰী সবাহ)

আখ্যান মূলক গীত যাক ইংৰাজীত বেলাড্ বোলা হয় যেনেঃ

  • ফুল কোঁৱৰৰ গীত,
  • শান্তি বাৰমাহীৰ গীত,
  • বৰফুকণৰ গীত,
  • মণি কোঁৱৰৰ গীত ইত্যাদি৷

বাৰ বছৰেও নুফুলা ফুলৰ

তেতিয়া ধৰিলো শিপা

মালিনী বাৰীত  পৰি ফুল কোঁৱৰে

চৌপাশে মেলিলে হাত৷ (ফুল কোঁৱৰৰ গীত)

বাৰমাহীৰ গীত যেনে “বৰ্ষ প্ৰদক্ষিণৰ গীত”

জেঠ মাহতে ৰাধে জেঠুৱাৰে খৰ

বনৰ হৰিণা পহু সিও চাপে ঘৰ

আহাৰ মাহতে হয় ঘন বৰিষন

আমামাক ছাড়ি গৈলা ৰাম নাৰায়ণ ইত্যাদি

(শান্তি বাৰমাহীৰ গীত)

বিবিধ বিষয়ক গীতৰ ভিতৰত পৰে নিচুকণি গীত, নাও খেলোৱা গীত, মহো হো গীত, নাঙেলী গীত, চাহ পুৰাণৰ গীত, আৰু গোৱালপাৰা অঞ্চলৰ চটকা গীত, জুনা গীত, গৰখীয়া গীত, মৈষাল গীত, হাতী মাউতৰ গীত ইত্যাদি৷

ও মোৰ দঁতাল হাতীৰ মাহুত ৰে

যেদিন মাহুত চিকাৰ যায়

নাৰীৰ মনমোৰ ঝুৰিয়া ৰয় ৰে (হাতী মাউতৰ গীত)

আমাৰে মইনা শুব এ

বাৰীতে বগৰী ৰুব এ ইত্যাদি (নিচুকনি গীত)

অসমীয়া মৌলিক লোকসাহিত্যৰ পৰিধি বৰ বিশাল৷ বিশেষকৈ লোকগীত শাখাত অজস্ৰ গীত মাতেৰে অসমীয়া সাহিত্যৰ ভঁৰাল চহকী হৈ আছে, যিটো এটা ক্ষুদ্ৰ লিখনিৰ মাজেৰে সম্পূৰ্ণ ৰূপে প্ৰকাশ কৰা সম্ভৱ নহয়৷

লেখিকা: অনুশ্ৰী দাস(সাহিত্য.অৰ্গ)

5.0
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top