মূল পৃষ্ঠা / শিক্ষা / অসমৰ সংস্কৃতি / অসমীয়া লোক সংস্কৃতিত গৃহ নিৰ্মাণ কেনেকৈ কৰিব পাৰি?
অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

অসমীয়া লোক সংস্কৃতিত গৃহ নিৰ্মাণ কেনেকৈ কৰিব পাৰি?

অসমীয়া লোক-সংস্কৃতি গৃহ নিৰ্মাণ

সাধাৰণ ঘৰ

দেশ আৰু যুগৰ সংস্কৃতিৰ লগত ঘৰ আৰু গৃহ নিৰ্মাণ প্ৰণালীৰ প্ৰত্যক্ষ সম্বন্ধ। অসমৰ লোক-সংস্কৃতিৰ ক্ষেত্ৰতো এই কথা প্ৰযোজ্য। ঘৰ আৰু ঘৰ সজাৰ লগত জড়িত বিভিন্ন বিষয়ৰ আলোচনা নকৰিলে অসমীয়া গ্ৰাম্যজীৱনৰ অধ্যয়ন অসম্পূৰ্ণ ৰ’ব। অসমৰ সৰহভাগ লোক খেতিয়ক; তেওঁলোকৰ প্ৰয়োজন আৰু শক্তি-সামৰ্থ্যৰ ওপৰত নিৰ্ভৰ কৰিয়েই অসমৰ গৃহ নিৰ্মাণ প্ৰণালী গঢ়ি উঠিছে। প্ৰচুৰ বৰষুণ আৰু সঘনে ভূমিকম্প হোৱাৰ হেতু অসমৰ গৃহাদি নিৰ্মাণৰীতি অন্য শুকান অঞ্চলৰ দৰে নহয়। খেতিয়ক সম্প্ৰদায়ে নগৰৰ দৰে গাঁৱত ডাঙৰ ৰাজহুৱা ঘৰ সজাৰ প্ৰয়োজনীয়তাও বোধ নকৰে। তদুপৰি গাঁৱৰ ঘৰবোৰত ব্যৱসায়ী ৰাজমিস্ত্ৰীৰো দৰকাৰ নাই; তাত প্ৰত্যেকজন গঞাই নিজৰ সজা-পৰা কামখিনি নিজে কৰে। সেই কাৰণে অসমৰ গাঁৱলীয়া মানুহৰ ঘৰ-দুৱাৰ সামাজিক, জলবায়ু আৰু ভৌগোলিক পৰিস্থিতিৰ এক সন্মিলিত ফলস্বৰূপ। সাধাৰণতে ৰ’দ-বৰষুণৰ আশ্ৰয় হিচাপে নিজৰ আৰু গৰু-গাইৰ কাৰণে গাঁৱলীয়া মানুহে ঘৰ সাজি লয়। ঘৰ সজা আৰু ঘৰৰ আৰ্হি নক্সা কৰোঁতা বিশেষজ্ঞও গাঁৱত নাই। প্ৰত্যেক গঞাই নিজৰ সা-সুবিধা আৰু সামৰ্থ্য অনুযায়ী ঘৰ-দুৱাৰ সাজে। কেতিয়াবা গাঁৱৰ বুঢ়া-মেথা, অভিজ্ঞসকলৰ পৰা নাইবা ডাক-ভনিতা আদি পুৰণি প্ৰবাদৰ পৰাও সহায় লয়। এনেধৰণৰ সহায় আৰু সামান্য সম্বলেৰে আৰু হাততে পোৱা আহিলা-পাতিৰে তেওঁলোকে অতি সহজভাবে গৃহ নিৰ্মাণ কৰে। ইয়াতেই তেওঁলোকৰ সৰল জীৱন যাপনৰ আৰ্হি প্ৰকাশ পায়, ঘৰৰ খুঁটাত বা কাষত(পাৰিত) নিজৰ মনেৰে গঢ় দি লোৱা সুন্দৰ কাৰুকাৰ্যাদিৰ কথা তেওঁলোকে বৰকৈ অনুভৱ নকৰে; মাটিৰে লেপা বেৰ, সাধাৰণ ডাং লগোৱা দুৱাৰ, দুখন চাল- এইবোৰৰ আৱশ্যকতাই প্ৰথমে ভাবে। লোক জীৱন যিহেতু অবিভাজনীয়, সেইবাবে অসমীয়া নামঘৰেই হওক বা থকা ঘৰেই হওক, অসমীয়া জীৱনৰ ই পৰিচয়স্বৰূপ। অসমীয়া গাঁৱৰ ঘৰ স্থানীয় ভৌগোলিক অৱস্থা (নদীৰ পাৰ, পাহাৰ, জংগল আদি) আৰু তাত বাস কৰোঁতাসকলৰ সামাজিক আৰু আৰ্থিক অৱস্থাৰ হেতু কোনো ক্ষেত্ৰত অৱশ্যে সামান্য বেলেগো হয়। ওপৰত উল্লেখ কৰা হৈছে যে সাধাৰণ মানুহে স্থানীয়ভাবে পোৱা সঁজুলিৰেই তেওঁলোকৰ ঘৰ যথাসম্ভৱ সহজভাবে সাজি লয়; আহিলা-পাতিৰ প্ৰকৃতি কেতিয়াবা ঘৰৰ আৰ্হি আৰু স্থানভেদে বেলেগ বেলেগ ধৰণৰ হয়। ভৌগোলিক অৱস্থান, জলবায়ু, মাটি আৰু স্থানৰ পৰিস্থিতি বা পাব পৰা আহিলা-পাতি আদি অনেক কাৰণবশত: এনে পাৰ্থক্য হয়। অসমৰ ভৌগোলিক গঠনৰো এক বৈশিষ্ট্য আছে; সৰু-বৰ নদী, অটব্য অৰণ্য, ওখ পাহাৰেৰে ভৰা এই অসম। গৃহ নিৰ্মাণৰ ক্ষেত্ৰত এই অৱস্থাবোৰেও ক্ৰিয়া কৰে। নদীৰ পাৰত বহা গাঁৱ কেতিয়াবা বানপানীয়ে উটাই নিয়ে; আৰু সেইবাবে তেনে ঠাইৰ লোকে সাধাৰণতে নৈৰ পাৰত সহজতেই পাব পৰা বাঁহ, খেৰ আৰু ইকৰাৰে ঘৰ সাজে। মিৰিসকলৰ দৰে নদীৰ কাষৰ লোকে বানপানীৰ পৰা ৰক্ষা পাবলৈ বাঁহৰ চাংঘৰ সাজে। বছৰে বছৰে বানপানী ঘৰৰ চাঙৰ তলেৰেই বাগৰি যায়। পানী উঠা ভৈয়ামৰ দ-ঠাইৰ মানুহেও চাং পাতি ওখকৈ ভঁৰালঘৰ সাজে আৰু তলত গৰু আদি বান্ধে। পাহাৰত সাধাৰণতে কাঠেৰে ঘৰ সজা হয়; পাহাৰত কাঠ পোৱা সহজ; গতিকে কেতিয়াবা বেৰবোৰো আনকি কাঠেৰেই কৰি লয়। কাঠৰ বেৰে ভিতৰখন গৰম কৰি ৰাখে আৰু জাৰৰপৰা ৰক্ষা কৰে। ওখকৈ সজা চাংঘৰৰ তলেদি হাতী আদি বনৰীয়া জন্তু সহজে ৰাতিও অহা-যোৱা কৰিব পাৰে। অসমীয়া মানুহে বাৰীৰ চৌহদৰ ভিতৰত বেলেগ বেলেগ কামৰ কাৰণে কেইবাটাও ঘৰ সাজে; চ’ৰাঘৰ, বৰঘৰ, সৰুঘৰ, মাৰলঘৰ, শোৱনিঘৰ, বুলনি চ’ৰা, পাকঘৰ বা ৰান্ধনিঘৰ, ঢেঁকীশাল, তাঁতশাল, গোহালিঘৰ, ভঁৰালঘৰ আৰু তাৰ উপৰিও বাটচ’ৰা নামঘৰ বা কীৰ্তন-ঘৰ। আহোমৰ দিনত ৰজাসকলৰ নিমিত্তে ইটাৰে কাৰেংঘৰ আৰু তেওঁলোকে ৰং-ধেমালি চাবলৈ ৰংঘৰ সজা হৈছিল। সেইদৰে ৰাজ অভিষেকৰ কাৰণে পাটঘৰ, হোলোংঘৰ আৰু শিঙৰিঘৰ আছিল। এই ঘৰবোৰৰ প্ৰায়ভাগেই দুচলীয়াকৈ চাৰি-চুকীয়া হিচাপে সজা হৈছিল। আহোমসকলৰ দিনত সাধাৰণ লোকে টুপ দিয়া ঘৰ আৰু পকীঘৰ সাজিব নোৱাৰিছিল। সৰ্বসাধাৰণক পকীঘৰ সাজিবলৈ দিয়া নহৈছিল। নাইবা এটা টুপ দিয়া ঘৰো সাজিবলৈ দিয়া নহৈছিল। একমাত্ৰ ৰজাইহে দুয়োমূৰে টুপ লগোৱা ঘৰ সাজিব পাৰিছিল। চ’ৰাঘৰ বা আলহীঘৰটো দুচলীয়াকৈ পথালিভাবে সজা হয় আৰু আনবোৰ ঘৰ শাৰী শাৰীকৈ সাজে। চ’ৰাঘৰত সোমাবলৈ বাহিৰৰ চোতালৰ  পৰা দুৱাৰ থাকে আৰু ইয়াৰপৰা অন্য ঘৰলৈ যাবলৈ দীঘলী বাট বা নাওৰা দিয়া হয়। প্ৰত্যেক ঘৰতে ওলোৱা-সোমোৱা কৰিবলৈ আগফালে আৰু পাছফালে দুখনকৈ দুৱাৰ দিয়া হয়। সাধাৰণতে, ঘৰত খিড়িকী দিয়া নহয়, যদিও পোহৰ আহিবৰ কাৰণে চালৰ নামে আৰু বেৰৰ ওপৰভাগত একোটা সৰু বাট বা জলঙা ৰখা হয়। কিছুমান ঘৰত বেৰৰ ওপৰফালে বাঁহৰ কাঠিৰ শিয়াল-তাঁতীৰ দৰে একোখন ঢাপলিকা বা বাকনি বৈ বান্ধি দিয়ে। চ’ৰাঘৰটোত সাধাৰণতে মানুহ-দুনুহ বহিবলৈ মাজত বেৰ নিদি মুকলি কৰিয়েই ৰখা হয়; অন্য ঘৰবোৰৰ মাজত বেৰ একোখন দি দুই-তিনিটা কোঠালি কৰা হয়। জাৰকালি চ’ৰাঘৰত জুহাল পাতে আৰু পৰিয়ালৰ সকলোৱেই দিনৰ পৰিশ্ৰমৰ অন্তত সেই জুহালৰ কেউকাষে বহি ভাগৰ মাৰে। বেউলা আখ্যানত মেৰঘৰৰো উল্লেখ আছে। ৰান্ধনি ঘৰটো শেষৰ শাৰীত আৰু থকা ঘৰৰ পৰা আঁতৰত সজা হয়। সাধাৰণতে, গা ধুই পৰিষ্কাৰ নোহোৱাকৈ কাকো তাত সোমাবলৈ দিয়া নহয়। গোহালি ঘৰটো অন্যান্য ঘৰৰপৰা আঁতৰত সজা হয় আৰু ইয়াৰ প্ৰায়ে বেৰ নেথাকে। লোক-সংস্কৃতিৰ পিনৰপৰা অসমৰ ঘৰ-দুৱাৰ বিশেষকৈ ইয়াৰ গৃহ নিৰ্মাণ প্ৰণালী মন কৰিবলগীয়া। ঘৰ সজাৰ আগতে ঘৰৰ ভেটি জ্যোতিষীৰ হতুৱাই চোৱাই দিশ ধৰি ঘৰ সজা হয়। বাৰটা মাহৰ আঠোটা দিশ আছে। ঘৰৰ ভেটি চাওঁতে নাগতত্ত্ব বিচাৰ কৰা হয়। ধড়, যম, অগ্নি আৰু প্ৰেতৰ বেলেগ বেলেগ দিশ আছে; তাৰ মাজৰখিনিয়েই ঘৰ সাজিবৰ কাৰণে উপযুক্ত স্থান। ভেটিটোৰ তলত জন্তু আদিৰ হাড়, মূৰ, নখ আদি থকা অশুভ বুলি ধাৰণা কৰি তেনে বস্তু থাকিলে তাক খান্দি উলিওৱা হয়। পথৰুৱা ঠাইৰপৰা মাটি আনি ঘৰৰ ভেটি ওখকৈ বন্ধা হয়। বেৰৰ বাহিৰ ফালে থকা ভেটিৰ অংশক পিৰালি বা কাঁথি বোলে। ডাকৰ ৰচনাত ঘৰৰ দিশ নিৰ্ণয় প্ৰসংগত আছে –

পূবা পছিমাকৈ সাজিবা ঘৰ।

অকাল মৃত্যুক নাহিকে দৰ।।

পূবে ভঁড়াল পছিমে গঁড়াল।

উত্তৰে চৰু দক্ষিণে গৰু।।

পছিমে বাঁহ পূবে বেত।

উত্তৰে তামোল দক্ষিণে খেত।।

ঘাই খুঁটা, বৰ খুঁটা বা মূল খুঁটাটো প্ৰথমে পোতা হয়। মূধৰ খুঁটা, কুমৰ খুঁটা আৰু পানী বা পাৰিৰ খুঁটা বেলেগ। কাঠৰ খুঁটাৰ তলত উয়ে নধৰিবলৈ কেতিয়াবা গুৰিটো জুইত অলপ পুৰি দিয়ে আৰু খুঁটাৰ গুৰিত মাটিৰ সলনি বালি দিয়ে। শাল, শলখ, সোণাৰু, নাহৰ, পদ্ম, মজ, আমৰি, নগাটেঙা, বনচোম, তেলী উঁই, থেকেৰা, কঁঠাল, জামু, নিম, গমাৰি, শিলিখা, কৰৈ, গন্ধসৰৈ, কঁহিৰ, আজাৰ, পোঁজা, চাম, পমা আদিৰ কাঠৰ খুঁটা সাধাৰণতে লগোৱা হয়। বাঁহৰ ভিতৰত ভলুকা বাঁহৰ আৰু গোহালি ঘৰত মকাল বাঁহৰো খুঁটা লগোৱা হয়। তদুপৰি তাল, তামোল, ছোৱা আদি গছৰ খুঁটা আৰু তলত কাঠৰ শলা জোৰা দি বাঁহৰ খুঁটাও লগায়। তলত সুকাঠি আৰু ওপৰত আওকাঠিৰে জোৰা দিও খুঁটা লগোৱা হয়। খুঁটাৰ মূৰত চটি ভৰাবলৈ বা মাৰলি লগাই বান্ধিবৰ কাৰণে যথাক্ৰমে আল আৰু কাণ কাটি দিয়ে। মাটিত খুঁটা পুতিবলৈ খন্দা হাতেৰে ঢুকি নোপোৱা দ গাঁতৰ মাটি বাঁহৰ থাকৰ বা খোকাঁউৰিৰে তোলা হয়। পথালিৰ দুটা খুঁটাৰ ওপৰৰ আলত সুমুৱাই দিয়া বাঁহ, কাঠৰ নাম চটি। এনেদৰে পথালিৰ খুঁটাত জোৰকৈ চটি দিয়া হয়। এনেধৰণৰ দীঘল চটি হৈছে ভৰলুৱা চটি। পথালিৰ পানীপোতাৰ খুঁটাৰ (পাৰিৰ খুঁটা) পৰা নিদি তাৰ ওপৰৰ ভাগত কুমৰ খুঁটা দুটাত দিয়া চটিক ফুল চটি বা সৰু চটি বোলে। পাৰিৰ চাৰি চুকৰ চাৰিটা খুঁটাত যোৰ যোৰ কৰি দুটা চটি প্ৰথমতে বহুৱাই লোৱা হয়; মাজৰ পালি খুঁটাতো সেইদৰে চটি খুৱায় তাৰ ওপৰত দীঘে দুই পানীপোতাত দুডাল মাড়লি দীঘে দীঘে চালখনৰ সমান দীঘল কৰি বহুৱায়। ঘৰটোৰ প্ৰস্থৰ দুই মূৰৰ মাজভাগত সচৰাচৰ মূধৰ খুঁটা পোতে আৰু তাৰ ওপৰতো সেইদৰে দীঘে দীঘে মূধৰ মাড়লিতো বন্ধা হয়। কেতিয়াবা মাজত চটিৰ পৰা মূধৰ মাড়লিলৈ মূধৰ খুঁটাৰ সলনি থিয়ভাৱে বাঁহ বা কাঠৰ টুকুৰা দি থয়; সেয়ে দমৰা বা বহিখোৱা। সেইদৰে পানীপোতাৰ চটিৰপৰা ফুলচটিৰ দুইমূৰলৈ অথবা মূধৰ খুঁটা বা দমৰাৰপৰা বেঁকাকৈ কুমৰ খুঁটালৈ দি থোৱা ঢোকা দুডাল হ’ল ফ’কাম। মাড়লি সাধাৰণতে তিনিটা বা পাঁচোটা থাকে, ডাঙৰ হ’লেহে পাঁচোটা মাড়লি খুৱায়। মাড়লিৰ ওপৰত চালখন দোপা নপৰিবলৈ চালৰ প্ৰস্থৰ সমান কৰি একোডাল গোটা বাঁহ, সোঁ মাজডোখৰ জুইত পুৰি বা এফাল কাটি ভাঙিব পৰাকৈ মাজৰ (মূধৰ) মাড়লিত বহুৱাই দি বান্ধি দিয়া হয়। ইয়ে জালিবাঁহ। খুঁটাৰে সৈতে চটি আৰু মাড়লিত দিয়া গাঁঠি হ’ল নাথনি। কেতিয়াবা কাঠৰ চটিত পদুম আদি নানা মনোৰম ফুল কাটি চকুৰোৱাকৈ সজোৱা হয়। ঘৰবোৰ সচৰাচৰ দুচলীয়া। জাতিবাঁহৰ গুৰিৰ ছেওৰে মূৰত আঁখি ৰাখি কৰা কামিয়েই ৰুৱা। জাতিবাঁহ বা ভলুকাবাঁহৰ আগ কিম্বা অন্য মুটুকীয়া বাঁহ গোটা গোটে দিও ৰুৱা কৰা হয়। বাঁহ ফালি, চাঁচি তাৰে কামি কৰে আৰু এই ৰুৱা আৰু কামিৰে চাল গাঁথে। ৰুৱা কামি ঘুণে নধৰিবলৈ আৰু সোনকালে নপচিবৰ কাৰণে কেইদিনমান পানীত গোঁৰাই থয়। একোটা ৰুৱাৰ বুকুফাল কাটি পাতল কৰি মূৰৰ গাঁঠিটো নিছিগাকৈ মাজত কেইবাচিটাও (দুই, তিনি বা চাৰি) কৰি কামিৰ লগত তল-ওপৰ কৰি বৈ দিয়ে; সেয়ে জেঠি। ঘৰৰ চাল দুবিধ। দুটীয়া মোৰ বা জাওমোৰেৰে বৈ গাঁঠি দি বান্ধি দিয়াখন হ’ল শীতলী চাল। চাল বান্ধিবলৈ কুমলীয়া বাঁহৰ পাতলকৈ তোলা কাঠি অৰ্থাৎ তমাল, বেতৰ সূত অথবা ঢেঁকীয়া লতাৰ ব্যৱহাৰ কৰা হয়। বান্ধি দিয়া চালত মতা গাঁঠি, ৰূপহী গাঁঠি, টোপা গাঁঠি বা থোপা গাঁঠি আৰু মুখত কোমোৰা গাঁঠি আদি গাঁঠি দিয়ে। মূধ, কুম আৰু পানীপোতাৰ প্ৰত্যেকডাল মাড়লিৰে সৈতে চালখন এফালৰ পৰা বান্ধি যায়। ইখন চালো সেইদৰে বান্ধে। আৰম্ভণিৰে এইখিনিলৈকে কৰা কামেই হ’ল ঘৰ উভা। দুয়োখন চাল মেৰিয়াই একেলগে বান্ধিব নেপায় বুলি কয় : তেনে গাঁঠিক হাতী সাঙোৰা গাঁঠি বোলে। সেই গাঁঠি দিয়া ঘৰত বাস কৰিলে সাধাৰণতে কাজিয়া লাগে বুলি বিশ্বাস। চালত গাঁঠিৰ সলনি কেতিয়াবা কেঁকোৰা বা ককোৰা দিও থোৱা হয়। ঘৰৰ ভেটিটো পিট ল’বৰ কাৰণে অপায়-অমংগল দূৰ কৰিবলৈ প্ৰথমতে তাত গৰু বান্ধে। সাধাৰণতে উলুখেৰ, শৰণখেৰ আৰু বৰতা খেৰেৰে ঘৰ ছোৱা হয়। পুৰণি বুৰুলি খেৰো ব্যৱহাৰ কৰা হয়। তলত বুৰুলি খেৰ দি ওপৰত নতুন খেৰেৰে ঘৰ ছায়। টকৌ গছৰ পাত, জেংপাত আদিৰেও ঘৰ ছায়। চালৰ লগত (ওপৰত) খেৰ পাৰি কামিৰে বান্ধি দিবলৈ বাঁহৰ দুবিধ তমাল ব্যৱহাৰ কৰে – নলীয়া আৰু পতীয়া বা পিঠীয়া। সাধাৰণতে, মূধচৰ গাঁঠিকেইটা তমালেৰে দিয়ে; তেতিয়া হ’লে সেই গাঁঠি সোনকালে পচি নাযায়। এবাৰ খেৰ পাৰি তাৰ ওপৰত ছাৱনি কামি পাৰি বেচা বন্ধা হয়। পানীপোতাৰপৰা শাৰী শাৰীকৈ খেৰ পাৰি ওপৰলৈ অৰ্থাৎ মূধচৰ ফাললৈ চাই আগবঢ়া হয়। প্ৰথমতে, মুখৰ বেচা বন্ধাৰ আগতে মূধচৰ ফালটো এৰি প্ৰত্যেকখন চালৰে তিনিও ফালে বুৰুলি খেৰ বা নতুন খেৰৰ গুৰিটো তললৈ চালখনৰপৰা এবেগতমান বঢ়াই দি এটা কামিৰে বান্ধি লয়; সেয়ে দবা পৰলি বা বাওচলি। এইদৰে বন্ধা ৰীতিয়েই মদালিওৱা। পানীপোতাৰপৰা মূধলৈ দুই মূৰে কাঁড় বোলে। ঘৰ চাই যোৱাৰ লগে লগে তাত পানীপোতাৰ ফালে বেঁকাকৈ নমাই খেৰ বান্ধি থোৱা হয়। প্ৰত্যেক বেচাতেই একোটাকৈ কামি দি ৰুৱাৰে (চালৰ) সৈতে তমালেৰে গাঁঠি দিয়া হয়। ইয়াত নপকীয়া বা টোপা গাঁঠি দিয়ে। পানীপোতাৰ ফালে বন্ধা বেচাৰ নাম পানীবেচা। চালৰ লগত বান্ধি থোৱা প্ৰত্যেক বেচাৰ লগত বান্ধি দিয়া কামি হহুঁৱা কামি। তাৰ পিছত অগা-গোৰাকৈ মূধচটোত খেৰ পৰা হয় আগৰেপৰা মিলাই অনা কাঁড়টোৰ লগত, একোটা খেৰৰ ভিতৰ (ওপৰ) ফালে গুৰিটো মিলাই আগটো মেলি দিয়ে। হঁহুৱা কামি দুটাত খুঁচি বেঁকাকৈ সেই খেৰখিনি নপৰিবৰ কাৰণে ম’ৰা কামি দিয়ে। কাঁড়ৰ লগত মিলাই তেনেকৈ মেলি দিয়া খেৰ হ’ল ম’ৰা মেলা। তাৰ ওপৰত মূধচৰ কামি দুটা বান্ধি উঠি নপচিবৰ কাৰণে খেৰেৰে একোটা গঁৰিলা দিয়া হয়। গঁৰিলা বান্ধি দিয়া গাঁঠিয়ে হ’ল আল গাঁঠি। মূধচ মাৰি তমালেৰে ৰান্ধনি গাঁঠি একোটা দি ওপৰলৈ থিয় কৰি খুঁচি থয় আৰু ঘৰটোত পানী এছাটি মাৰি ছোৱা কাম সম্পূৰ্ণ কৰে। পানীপোতাৰ পিনে চালতকৈ বঢ়াই ৰখা খেৰেই আওলা। কোনোৱে আকৌ বেৰৰপৰা বাহিৰত থকা চালৰ চাৰি কোণৰ অংশকহে আওলা বোলে। আগবাঢ়ি থকা খেৰখিনি আওবোৰে নাকাটি শুভবাৰে কটা নিয়ম। দুচলীয়া ঘৰৰ বাহিৰে তিনিচলীয়া, চৌচলীয়া আৰু টুপ দিয়া ঘৰ আছে। টুপ দুবিধ – গোলমূৰীয়া আৰু হাত কোকৰীয়া। এইবোৰ ঘৰো একে প্ৰণালীৰেই ছোৱা আৰু সজা হয়। চাৰিটা খুঁটা পুতি বা কোনো ঘৰৰ মূধৰ ফালে এখন চাল দি থ’লে তাক চালি বোলে। মূধটো বেছি ওখ নহ’লে সেই ঘৰক চন্দা পৰা বোলে।দুই ঘৰৰ মাজতো বৰষুণৰ পানী নপৰিবলৈ চোৱা আদি গছৰ এফাল খুলি নাওৰা দিয়া হয়। নাওৰাৰ মুখৰ পানী চোতালৰ যি ঠাইত পৰে, সেই ঠাইত পানী জোৰেৰে পৰি খাল নকৰিবলৈ বাঁহৰ খোকাঁ এটাৰ পৰলৈ মুখ কৰি পুতি তাৰ তলত খেৰ পাৰি দিয়ে। বেৰৰ ওপৰভাগত মূধৰ ফালে সৰা বা ঢাপলি (ঢাপলিকা) বান্ধি দিয়ে। টুপতি তেনেকৈ বান্ধি দিয়া ঢাপলিকাখনেই ছৈ। নামঘৰৰ মূধত দিয়া চালিৰ নাম ঢেঁকেৰী চালি। আসন থকা ঠাইৰ ওপৰ ভাগত আমহি ঘৰ সাজি দিয়ে। থকা ঘৰতকৈ ভঁৰাল ঘৰ সজাৰ প্ৰণালী অলপ সুকীয়া। ধান থ’বলৈ যিখন চাং সজা হয় তাত প্ৰথমে গছৰ মুঢ়া বা শিলৰ থুম বা ধুম দিয়ে। তাৰ ওপৰত কাঠৰ দীঘল ধাম দি গাধৈ বান্ধে। গাধৰি বা গাধৈত চোংহলাৰে বেৰ দিয়ে, সেই চোংহলাৰ লাজত বান্ধি দিয়া যোৰ কামিৰ নাম সৰাহ বা খামোচা। গাধৈত থিয় কৰি দিয়া বাঁহৰ ছটাবোৰ হ’ল লিটিকাই ; কোনোৱে মেৰধৰা কামিকো লিটিকাই বোলে। দুখন বেৰৰ মূৰত বাঁহৰ চোঁচ দি জোৰা লগাই পোলা বন্ধা হয়। বাঁহৰ চোঁচ বা হলাৰে ভঁৰাল ঘৰত বেৰ দিয়া হয়। গাধৈ অজলা মোৰেৰে বয়। ভঁৰালৰ বেৰবোৰৰ ভিতৰফালে, মেৰ আৰু ডুলি আদি অকল গোবৰেৰে লেও দিয়ে। গৰু, ম’হ, ছাগলী আদিৰ কাৰণে গোহালিঘৰ সাজি দিয়াৰ উপৰিও ছাগলীৰ কাৰণে ওখ চাংঘৰ অথবা গোহালি ঘৰৰ ভিতৰতে চাং সাজি দিয়া হয়। পাৰ চৰাইৰ কাৰণে টঙিঘৰ বা বাহ একোটা সাজি দিয়ে। হাঁহ-কুকুৰা আৰু গাহৰি আদিৰ কাৰণে বাঁহৰ কামিৰে  ঘৰা বৈ মাটিত পুতি দিয়ে আৰু এটা বাট কাটি দিয়ে। শিয়াল কুকুৰে খাব বা নিব নোৱাৰাকৈ ওপৰটোত ঢাকনি এখন দি বান্ধি দিয়া হয়, এনে ঘৰকে গড়াল বোলে, ঘৰৰ খুঁটা আদি সলাবলৈ চাল দাঙি দিয়া ঢোকাৰ নাম খৰ্চনা। ঘৰ কেনিবা উৰুখিলে খোঁচা মাৰি পানী নপৰা কৰে। থকা, খোৱা, শোৱা আদি ঘৰ, নামঘৰ আৰু ভঁৰালঘৰৰ বাহিৰে আনঘৰ সাধাৰণতে বেৰ দিয়া নহয়। বাঁহৰ চোঁচ বা হলা, ইকৰা, বাঁহৰ কাঠি আদিৰে গুঁঠি, বৈ বা বান্ধি সাধাৰণতে বেৰ দিয়া হয়। বেৰৰ নিচেই তলত বেৰখন মাটিত লাগি নপচিবলৈ গোটবাঁহেৰে গঁৰিলা বা বাৰতা দিয়ে। এটা বাঁহৰ এফালতকৈ কম অংশ এৰুৱাই খুলি তাত বেৰখনৰ তলত মূৰটো সুমুৱাই খঁবুৱা বান্ধি দিয়ে; বাৰতাৰ ওপৰত খঁবুৱা আৰু তাৰ ওপৰত বেৰখন থাকে। খুঁটাৰ লগত বাহিৰ ফালৰ পৰা খঁবুৱা আৰু বাৰতাক সাৱটি ধৰি থকাকৈ, একো টুকুৰা বাঁহৰ ওপৰৰ ভাগৰ এফাল কাটি পেলাই, কটা ফালটো ভিতৰ ফালেদি মাটিত পুতি খুঁটাৰে সৈতে বান্ধি দিয়া হয়। সেইটুকুৰা বাঁহেই কুকুৰ। বেৰখনৰ ওপৰৰ ভাগটোতে তেনেকৈ খুঁটাৰ লগত বাহিৰ ফালৰপৰা শকত কামি একোটা দি মাজত বেৰখনেৰে সৈতে খুঁটাত বান্ধি দিয়ে। খুঁটাৰে সৈতে বেৰখনৰ বাহিৰ ফালে গাঁঠিৰে মেৰিয়াই ধৰা ফলীয়া বাঁহচটা হ’ল সাবটা। চুকত, য’ত দুখন বেৰ যোৰা লাগে, তাত বাঁহৰ চোঁচ বা এমুঠি ইকৰাৰে বান্ধি দিয়ায়ে হ’ল পোলা বন্ধা। গোবৰ আৰু মাটি মিহলাই বোকা কৰি তাৰে লিপা হয়; আঠা হ’বৰ বাবে তুঁহগুৰি আৰু খঁলিহৈও মিহলায়। বেৰৰ ৰং উজ্জ্বল হ’বলৈ উঁইমাটি নাইবা ৰঙামাটিৰেও এলিপা দিয়ে। কোনো কোনোৱে এই উদ্দেশ্যে কেতিয়াবা কেঁকোৰা গাঁতৰ মাটিও ব্যৱহাৰ কৰে। দুৱাৰ বা খিৰিকীৰ চৌকাঠ কেতিয়াবা বাঁহেৰেও লগায়। বাঁহৰ চোঁচেৰে বা কাঠিৰ কিম্বা কাঠেৰে দুৱাৰ সজা হয়। বাঁহৰ কাঠিৰে দুৱাৰৰ মাজত বাঁহপাত, টোপৰৰ পাত অথবা টকৌগছৰ পাত দিয়ে, ডাং দিয়ে। দুৱাৰ শলখা লগোৱা দুৱাৰ আৰু চোঁচনি দুৱাৰ আদি বিবিধ ধৰণৰ দুৱাৰ। বাহিৰ-ভিতৰ দুয়ো ফালৰপৰা জপাই থ’ব পৰাকৈ দুৱাৰত ডাং বা শলখা লগোৱা হয়। দুৱাৰৰ তলত গঁৰিলা বা দুৱাৰদলি দিয়ে। মাজত শলখাৰ সলনি কাঠৰ দুৱাৰত ভেকুলীও লগায়। দুৱাৰৰ ওপৰফালে এখন ঢাপলিকা বান্ধে। দুৱাৰখন ঘূৰিবলৈ ঘূৰঘূৰি দিয়ে। এটা কোঠালিৰপৰা আন এটা কোঠালিলৈ যোৱা বা এটা ঘৰৰপৰা আন এটা ঘৰলৈ যোৱা দীঘলীয়া বাটক দীঘলী বাট বোলে। এটা চটিৰপৰা আন এটা চটিলৈ বাঁহ পাৰি সাজি নিয়া চাঙক আটাল বোলে। ঘৰৰ অন্য অপৰিহাৰ্য অংগ হৈছে আগ আৰু পাছপিনৰ চোতাল দুখন। অসমীয়া লোকগীতত চোতালৰ মনোৰম বৰ্ণনা আছে। গাঁৱলীয়া মানুহৰ অৱসৰ বিনোদন মন কৰিবলগীয়া। পুৱা-গধূলি অৱসৰৰ সময়ত ওচৰ-চুবুৰীয়াৰ লগত ইয়াতে মেল মাৰে, জহকালি জুৰ লয়, জাৰকালি জুই পুঁৱায়, পথাৰৰ পৰা ধান আনি থয়, মৰণা মাৰে, চলা জৰা কৰে, আজৰি সময়ত বাঁহ-বেতৰ কাম কৰে। মাক-বুঢ়ীমাকে সন্ধিয়া নিচুকনি গীত গাই, সাধুকথা শুনাই কেঁচুৱাক শুৱায়, তাঁত-বাতি কৰে, ধান-চাউল ৰ’দত দিয়ে। ৰভা পাতি চোতালত উৎসৱ-অনুষ্ঠান পালন কৰা হয়। অসমীয়া লোক-জীৱনৰ লগত চোতালৰ এশ-একুৰি সম্বন্ধ। চোতাল সৰা-মচা আৰু ঘৰৰ মজিয়া সাৰিবলৈ তামোল পাতৰ শোটা, নাৰিকলৰ বাঢ়নী, বাঁহৰ কাঠিৰ বাঢ়নী আদিৰ ব্যৱহাৰ কৰা হয়। ঘৰৰ জাৱৰ আৰু চৰুৰ ছাই আদি পেলোৱাৰ নিৰ্ধাৰিত তিথি, দিন আৰু সময় আছে। সেইদৰে বাহী ঠাই-চোতাল নিতৌ সৰা-মচা কৰিব লাগে। খোৱা-বোৱা কৰা মজিয়া হাতেৰে পানী দি মচা হয়। চুৱা-পাতনি আৰু চোতাল সৰা শোটা বেলেগ। সেইদৰে বাহী ঠাই আৰু সজ ঠাই সৰা শোটাও বেলেগ বেলেগ। পাকঘৰ বা ৰান্ধনি ঘৰ সাৰিবলৈ ধুতি-শোটা আৰু মচিবলৈ নেচাৰ বৱহাৰ কৰা হয়। গোবৰ আৰু বগা মাটিৰে ঠাই মচা হয়। কলগছৰ বৌখা, মৰাপাট আৰু ফটা কাপোৰৰ সোপাৰে নেচা কৰি লয়। অম্বুবাচীত, তিনি বিহুত, অশৌচৰ অন্তত, গ্ৰহণত চৰু-হাড়ি ধুই পুৰণি নেচা-শোটা পেলাই নতুনকৈ লোৱা হয়। এইবোৰ সংস্কাৰৰ কাৰণেই গাঁৱলীয়া মানুহৰ ঘৰ-চোতাল সদায়ে পৰিষ্কাৰ-পৰিচ্ছন্ন হৈ থাকে। ঘৰৰ লগত ভালেমান বিশ্বাসজড়িত আচাৰ-অনুষ্ঠান আছে। গাঁৱলীয়া জীৱনত সেইবোৰৰো বিশেষ মূল্য আছে। তাৰে কেতবোৰ হ’ল – নতুন ঘৰ লোৱা উৎসৱৰ বাহিৰেও ন-ছোৱালীক ঘৰ গচকোৱা বিবাহৰ আনুষংগিক পৰ্ব। অন্যান্য বিশ্বাসৰ ভিতৰত ঘৰৰ পানীপোতাত আৰু দুৱাৰদলিত বহাৰ নিষেধো এটা। দুৱাৰ ভৰিৰে গুৰিয়াব নাপায় – তাত ঈশ্বৰ বা ঘৰ-জেউতি (লক্ষ্মী) থাকে বুলি বিশ্বাস। কাৰোবাৰ ঘৰত জুই লগাৰ বাতৰি পালে বা দেখিলে নিজৰ ঘৰত পানী এলোটা ছটিয়াব লাগে; আনকো সেই খবৰ দিব লাগে। পদুলিৰ মূৰত সিজু, আকণ, বাহক আদি গছ ৰুব লাগে। আকণ গছ থাকিলে কলেৰা নহয় বুলি বিশ্বাস। বাৰীত খকন গছ থাকিলে খকন-খৰিয়াল (কাজিয়া) লাগে বুলি কোৱা হয়। আকৌ ‘আগফালে তেঁতেলি পিছফালে ঔ; সেই ঘৰৰ মানুহ মৰিলনে নৌ’। ঘৰত শগুণ, হুদু আদি চৰাই পৰা অমংগল। এনে হ’লে সাধাৰণতে ঘৰটোৰ মূধচটো খুলি পেলাই দিয়া নিয়ম। যি ঠাইত চৰাইটো পৰে, সেই ঠাইৰ তলৰ মাটিও খান্দি পেলাই দিয়া হয়। যোৰপতা সাপ, সোণ-গুঁই আদি ঘৰৰ ভিতৰত সোমোৱা বেয়া। এনেবোৰৰ ক্ষেত্ৰত সহস্ৰ নাম পাঠ, জ্ঞাতি-ভোজন বা নাম-কীৰ্তন কৰোৱাব লাগে। ভাদ, কাতি, পুহ, মাঘ আৰু চ’ত মহীয়া ঘৰৰ কাম কৰা নহয়। অগ্নিশৰতো ঘৰৰ কাম কৰা নিষেধ। সাতাইছটা নক্ষত্ৰৰ ভিতৰত শেষৰ সাতোটা নক্ষত্ৰত অগ্নিশৰ লাগে। অমাৱস্যা আদিতো ঘৰ ছোৱা, ভেটি বন্ধা নিষেধ। ব’হাগ মাহৰ প্ৰথম দিনা নাহৰ গছৰ পাতত গোৰোচনা আৰু কুংকুমেৰে কৰা চিঞাহীৰে তলৰ মন্ত্ৰটো ব্ৰাহ্মণ, দৈৱজ্ঞ, গোঁসাইৰ পৰা লিখাই ঘৰৰ চালত খুঁচি থ’ব লাগে। এই মন্ত্ৰটো এনেকৈ লিখা থাকিলে বিদ্যুৎ আৰু অগ্নিৰ ভয় নাথাকে:

দেৱ দেৱ মহাদেৱ বিৰূপাক্ষ ত্ৰিলোচন ।

বাতবৃষ্টিহৰং দেৱ মহাদেৱ নমস্তুতে ।।

জৈমিনিশ্চ সুমণ্ডশ্চ বৈশম্পায়নমেবচ ।

পুলস্তি পুলহশ্চৈব পঞ্চৈতে বজ্ৰবাৰণা: ।।

মুনিকল্যাণমিত্ৰস্য জৈমিনেশ্চানুকীৰ্ত্তনাৎ ।

বিদ্যুদগ্নি ভয়ং নাস্তি নিখিতস্য গৃহোদৰে ।।

নতুন ঘৰ প্ৰথমে লোৱাৰ আগতে গোবৰ-মাটিৰে ঠাই মচি তাত নাম-কীৰ্তন কৰে আৰু তাক ঘৰলোৱা-সবাহ বোলে। তাৰ আগতে ঘৰটোত শান্তি-পানী ছটিয়ায়। ঘৰ, ঘৰ সজা, ঘৰৰ সাঁ-সঁজুলি আদিক কেন্দ্ৰ কৰি ভালেমান গীত-মাত, প্ৰবচন, উপমা, দৃষ্টান্ত, যোজনা, ফকৰা, শাও-শপনিৰ সৃষ্টি হৈছে। নিদৰ্শনস্বৰূপে কেইটামান উদ্ধৃতি দিয়া হ’ল:

চুটিখেৰৰ বেচা ঘন, তোমালৈ যাবৰে মন ।(বিহুগীত)

উৰুখা ঘৰত বৰিষা বাসা, যুৱতী কন্যা ঘৰত ৰাখা।

বৰঘৰৰ মেকুৰী সৰু ঘৰলৈ যায়।

ঢাকোন পেলাই পঁইতা খায়।।

আগবাৰী শুৱনি কাকিনী তামোলে, পাছবাৰী শুৱনি পাণ ।(বিয়ানাম)

বৰঘৰ শুৱনি জীয়ৰী ছোৱালী উলিয়াই দিবলৈ টান ।।

ঘৰ ছাই নকৰে মূধচ, তাৰ সমান নাই কুন্ধচ ।

বৰাৰ ঘৰ তৰাৰ গাঁঠি, বৰা নো থাকিব কেই ৰাতি ?

শাল-সোণাৰু, কঁহিৰৰ এফাল ।

ইকৰাই বোলে, মই নিতিতিলে যাওঁ কতকাল ।

ঘৰৰ লগত সম্বন্ধ থকা ব্যাক্যাংশ :

ঘৰভঙা, ঘৰসুন্দৰী, ঘৰপতা, ঘৰৰ ঘৈণী, ঘৰ-জোঁৱাই, ঘৰতে শকত, ঘৰচীয়া, ঘৰ-গচকোৱা, ঘৰে-দুৱাৰে খোৱা, ঘাই খুঁটা, বৰ খুঁটা, ঘৰ চপনীয়া ইত্যাদি।

শাও-শপনিত প্ৰয়োগ হোৱা ব্যাক্যাংশ :

ভেটি উছন যোৱা, ভেটিত তিতা লাও গজা, মাটিয়ে ভেটিয়ে খন্দা, পোলাকটা চোৰ, ঘৰতে বুঢ়ী হোৱা।

গৃহ নিৰ্মাণ কাৰ্যত গাঁৱলীয়া জীৱনৰ কেইবাটাও বৈশিষ্ট্য পৰিলক্ষিত হয়। প্ৰথম, প্ৰাচীন ৰীতিৰ প্ৰতি শ্ৰদ্ধা; পুৰণি পদ্ধতি কেৱল ঘৰৰ আৰ্হি আৰু ঘৰ সজা কাৰ্যতে অনুসৰণ কৰা নহয় – ঘৰৰ লগত সম্বন্ধ থকা ভালেমান ক্ৰিয়া-অনুষ্ঠানো পূৰ্বৰ দৰে গাঁৱলীয়া মানুহে আজিও পালন কৰে। দ্বিতীয়তে, ইজনে-সিজনৰ আৰু কেতিয়াবা সমূহ গঞাৰ (যেনে, নামঘৰ নিৰ্মাণত) সহায়তহে গৃহ নিৰ্মাণ সম্ভৱপৰ হয়। আগৰ দিনত গঞাই লগ লাগিহে বছৰটোৰ কাৰণে খেৰ, ইকৰা, বেত আদি মাঘ-ফাগুন মাহত হাবিৰপৰা কাটি আনিছিল। ডেকাৰপৰা বুঢ়ালৈকে সকলোৱে তমাল তুলুৱাৰপৰা মূধচ মৰা লৈকে ঘৰ সজাৰ সকলো কাম কৰিব পৰাটোও গাঁৱলীয়া স্বাৱলম্বী জীৱনৰ অন্যতম বৈশিষ্ট্য।

নামঘৰ নিৰ্মাণ

অন্যান্য ঘৰৰ দৰেই অসমৰ বৈষ্ণৱপন্থী গাঁৱবিলাকৰ প্ৰায় প্ৰত্যেকখনত একোটিকৈ নামঘৰ আছে। সত্ৰত ইয়াক কীৰ্তনঘৰ বোলে, আৰু জাতীয় ৰংগমঞ্চ আৰু দৈনন্দিন প্ৰাৰ্থনা আই কামৰ কাৰণে ৰাইজে সমিল-মিলভাৱে কৰি লোৱা ঘৰক নামঘৰ বা গোঁসাই ঘৰ বোলে। ৰাজহুৱা কাম কৰাক ‘হজ’ কৰা বোলা হয়। নামঘৰ বা গোঁসাই ঘৰ সাজোতেও ৰাইজে পাল পাতি হজ কৰে। একো একোটি দলে পাল পাতি ইয়াৰ নিৰ্মাণকাৰ্য সম্পন্ন কৰে। নামঘৰ বুলিলে সাধাৰণতে দুটা আৰু কেতিয়াবা একেলগে তিনিটা বা চাৰিটা ঘৰকো বুজায়। সেয়ে হৈছে – বাটচ’ৰা, ছোঁ ঘৰ আৰু মণিকূট। প্ৰথমতে বাটচ’ৰাটো দুচলীয়াকৈ সৰু কৰি সজা হয়। কোনো কোনো ঠাইত বাটচ’ৰা নাথাকে। কেতিয়াবা তাৰ সলনি সৰুকৈ চালি এখন দিয়া হয়; সেয়ে ঢেঁকেৰী চালি। নামঘৰ পূবা-পছিমাকৈ সাজে; পছিমৰ মূৰত এটা টূপ থাকে। টূপৰ কাৰণে বেঁকা মাড়লিডাল বাঁহৰ কামিৰে সাজি তাৰ ওপৰত মৰাপাট বা বেত মেৰিয়াই দিয়া হয়। টূপটো যি ঠাইৰপৰা দিয়া হয়, মূধচৰ সেইখিনিত ঘূৰণীয়া কাঠ এটুকুৰা নাল ৰাখি নালটো মূধচৰ মাড়লিত সুমুৱাই দিয়ে। টূপৰ পিনৰ মূল দুৱাৰখনেই হৈছে মুখ দুৱাৰ। দুৱাৰৰ দুয়োকাষে আৰু ওপৰৰ কাঠত পদুম ফুল, লতা আদি কাটি দিয়ে; তাক মেহৰাজী কৰা বোলে। দুৱাৰত সিংহ কাটি দিলে হয় সিংহদুৱাৰ। আন ফুল, লতা আদি কটা দুৱাৰক ফুল-তেতেলা-কটা দুৱাৰ নাম দিয়া হয়। সাধাৰণতে, নামঘৰ তিনি, পাঁচ বা সাত কোঠালিৰ হয়। টুপৰ ভাগ বাদ দি শেষৰ কোঠালিৰ উত্তৰ বা দক্ষিণ পিনে তিনিটা খুঁটাৰে ওখ চাং এখনত দবা থয়। বাহিৰৰপৰা ধৰিব পৰাকৈ দুৱাৰত কলচী আৰু ভিতৰৰ পৰা বন্ধ কৰিব পৰাকৈ শলখা লগোৱা হয়। নামঘৰৰ দীঘৰ দুয়োকাষে দিয়া দুৱাৰক পেটদুৱাৰ বোলে।

সাধাৰণতে চটিবোৰতো পদুমফুল আদি কাটি দিয়ে আৰু লাইখুঁটা থকা বৰচটিতে ঘৰ সজাৰ চন তাৰিখ কাটে। দুয়োকাষে চটিত বাঁহ পাৰি আটাল বা চাং সাজি দিয়ে আৰু বেলেগে ছোঁ ঘৰ নাথাকিলে তাতে ছোঁ-মুখা থয়। পূবৰ পৰা প্ৰথম কোঠালিটো আসনৰ কাৰণে এৰি, দ্বিতীয়বোৰ খুঁটাৰ উত্তৰৰটোক লাইঁখুটা বোলে। তাত অধিকাৰ বা গোঁসাইবোৰ বহে। তাৰ দক্ষিণ আসনৰ ওচৰতে ব্ৰাহ্মণসকলৰ স্থান। নামঘৰৰ উত্তৰফালে আইসকল বহে। লাইখুঁটা থকা কোঠালিটোৰ পৰা ক্ৰমে পছিমফালে সাধাৰণ শ্ৰেণীৰ সকলোৱেই বহিব পাৰে। শৰণ, ভজন আৰু মালাবস্তু লোৱা বা উদাসীন ভকতসকল আৰু অন্যান্য জাতি যথাক্ৰমে আগশাৰী পাবৰ যোগ্য। অনুন্নত শ্ৰেণীৰ সকলক সাধাৰণতে পিছৰ শাৰীত টুপৰ ফালেহে বহিবলৈ দিয়ে। নামঘৰৰ প্ৰথম কোঠালিত সিংহাসন থাপনা কৰে। কাঠত কটা গৰুড়, হনুমান, লাড়ুৱা-গোপাল আদি মূৰ্তিৰে সেই কোঠালিটো সজোৱা হয়। আসনৰ বাওঁফালে বন্তি লগাবলৈ কাঠৰ, লোহাৰ বা পিতলৰ গছা থাকে। এক বন্তি জ্বলাব পৰা হেতা-গছা হৈছে শইকীয়া গছা। ভাওনা আদিত চৌতৰা, মহটা আৰু আৰিয়া জ্বলাই পোহৰৰ ব্যৱস্থা কৰা হয়। আসন বা সিংহাসন তিনি, পাঁচ, সাত বা ন খলপা কৰি চাৰি চুকে চাৰিটা হাতীৰ ওপৰত সিংহ কাঠত কাটি প্ৰত্যেক খলপাতে লগোৱা হয়। তাতে আসনৰ লেখনিপাট চাৰিখন থাকে। লেখনিপাটত দশাৱতাৰ বা চতুৰ্বিংশতি অৱতাৰৰ ছবি, অথবা ফুল-লতাৰ ছবিখনিকে হেঙুল-হাইতালেৰে বোলোৱা হয়। লেখনিপাটৰ ওপৰত পাৰণিপাট থোৱা হয়। তাৰ ওপৰত আকৌ সিংহ; লেখনিপাট আৰু পাৰণিপাটবোৰ দি খলপাবোৰ সজোৱা হয়। নিচেই ওপৰৰ ভাগৰ পাৰণিপাটবোৰ দি খলপাবোৰ সজোৱা হয়। নিচেই ওপৰৰ ভাগৰ পাৰণিপাটত চাৰিচুকে সৰু সৰুকৈ চাৰিটা কাঠৰ খুঁটি দিয়া হয়; সেই খুঁটিৰপৰা ছিটিকা দি আনৰি ঘৰ বা আমহি ঘৰ সাজে। এই খলপাৰ সমুখৰ দুৱাৰমুখৰ দুয়ো কাষৰ থিয় পাট দুখনত দ্বাৰৰক্ষক জয়-বিজয়ৰ ছবি অঁকা হয়। সেই খলপাতে থাপনাৰ পুথি স্থাপন কৰি কাপোৰেৰে ঢাকি থয়। কেউকাষৰ খলপাৰ সমুখৰ ভাগত গোঁসাই কাপোৰ আৰু তাৰ ওপৰত সোণ বা ৰূপৰ ফুল থাকে। গোঁসাই-কাপোৰত শিপীনীয়ে নানা ধৰণৰ ফুল, অৱতাৰৰ ৰূপ বা ঘোষা আদি কাপোৰ বওঁতেই তুলি যায়। আমহি ঘৰৰ ওপৰত পিতল, কাঁহ নাইবা কলচী লগোৱা থাকে। সিংহাসনৰ ওপৰত চন্দ্ৰতাপ অঁৰা হয়। আসনৰ নিচেই তলত শিল বা কাঠৰ ঠকুৰা দিয়ে। আসনৰ দক্ষিণফালে পাঠৰ পুথি আৰু ঠগি বা ঠগা থাকে। ঠগা কেইবাবিধৰো। একে টুকুৰা কাঠৰপৰা দুজপীয়াকৈ কাটি উলিওৱাখন হ’ল জাপ ঠগা। তলত কাছ, তাৰ ওপৰত হাতী, তাৰ ওপৰত সিংহ আৰু একেবাৰে ওপৰৰ পাটখন কাঠত কাটি দিয় হয়। মণিকূট নথকা নামঘৰৰ এই কোঠালিতে মাহ-প্ৰসাদ যোগাৰ কৰা হয়; কাঁহ, তেল, শলিতা আদি নামঘৰ যাৱতীয় বস্তু এই প্ৰথম কোঠালিটোতে থয়। সাজৰ পিঠাগুড়ি খুন্দা উড়ল, উড়লমাৰি, ডলা আৰু গুড়ি চালনীও নামঘৰতে ৰখা হয়। লাইখুঁটাৰ পছিমৰ কোঠালিৰ মাজতে শিৰত নাম-লগোৱা বহে। তেওঁৰ সোঁফালে পথালিকৈ মূল দোহাৰজন আৰু অন্য দোহাৰৰ লোকসকলো তেওঁৰ দৰেই শাৰী পাতি আগলৈ বহে। বাওঁফালেও দোহাৰৰ শাৰী বহে। নাম-লগোৱাৰ পিছতে পালিৰ শাৰী বহে। সেইদৰে অন্যসকলো শাৰী পাতি বহে। গোঁসাইসকলৰ ভিতৰত নাম লগোৱা নহ’লে নাম লগোৱা জনৰ উত্তৰফালে পথালিকৈ এইদৰে বহিব লাগে –

আসন

০ গছা         ০ ঠগা

০ লাইখুঁটা              ০ ব্ৰাহ্মণ

{০                 ০}

গোঁসাইসকল বা       {০                  ০} দোহাৰৰ শাৰী

দোহাৰৰ শাৰী         {০                  ০}

{০

০  মূল দোহাৰ

শিৰ

০  ০  ০  ০  ০

পালিৰ শাৰী

অশৌচ আদি লাগিলে কেঁচা অশৌচীয়া অৰ্থাৎ এঘাৰ দিন নোযোৱালৈকে যিকোনো মানুহেই টুপৰ ফালেহে মাথোন বহিব পাৰে। মৰা অশৌচ হ’লে কোনো কোনো ঠাইত এঘাৰ দিন নোযোৱালৈকে নামঘৰত সোমাবলৈ দিয়া নহয়। ভাওনা আদিত টুপৰ কোঠালি বাদ দি তাৰ আগৰ কোঠালিত গায়ন-বায়ন বহে। মূল গায়নজন বাওঁফালে আৰু পালি গায়নসকল তেওঁৰ শাৰীতে যথাক্ৰমে সোঁফালে বহে। মূল বায়নজনো গায়নৰ শাৰীৰ দক্ষিণফালে পথালিকৈ মাজলৈ (উত্তৰলৈ) মুখ কৰি বহে। অন্য বায়নসকল তেওঁৰ শাৰীতে আগলৈ বহি যায় অথবা উত্তৰফালেও দক্ষিণলৈ মুখ কৰি শাৰী পাতি বহে। মাজখিনি ভাৱৰীয়াৰ কাৰণে মুকলিকৈ ৰখা হয়। নামঘৰৰ পূবত নামগোৱা, আসন থোৱা, পুথি-পাঁজি আৰু অন্যান্য লাগতিয়াল বস্তু থকা মণিকূট ঘৰটি দুচলীয়াকৈ নামঘৰৰ পথালি কৰি সজা হয়। কোনো কোনো নামঘৰত মণিকূট নাথাকে। নামঘৰত থকাৰ দৰেই মণিকূটতো বেলেগ আসন, গছা, ঠগা, তাল আদি থাকে। শৰণ, ভজন আৰু মালাবস্তু লোৱা পুৰুষকহে কেৱল মণিকূটৰ ভিতৰত সোমাবলৈ দিয়া হয়, সাধাৰণতে তিৰোতাৰ তাত প্ৰৱেশ নিষেধ। কোনো কোনো সত্ৰত মণিকূটৰ দৰেই খৰমঘৰ আৰু পদশিলা ঘৰো বেলেগ ভাবে থাকে। কোনো কোনো অঞ্চলত ভাৱৰীয়াই সাজ-পাৰ কৰিবলৈ আৰু ছোঁ-মুখা আদি থ’বলৈ নামঘৰৰ ওচৰতে সৰুকৈ ছোঁঘৰ একোটা সজা হয়।

উৎস: অসমৰ লোক-সংস্কৃতি।

2.91111111111
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top