মূল পৃষ্ঠা / শিক্ষা / অসমৰ সংস্কৃতি / অসমীয়া লোক-সাহিত্যত “লোক-গাথা”- এটি অৱলোকন
অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

অসমীয়া লোক-সাহিত্যত “লোক-গাথা”- এটি অৱলোকন

অসমীয়া লোক-সাহিত্যত “লোক-গাথা”- এটি অৱলোকনৰ বিষয়ে লিখা হৈছে ।

অসমীয়া লোক-সংস্কৃতি (Folklore) ৰ বহল পথাৰখনত লোক-সাহিত্যই (folk-literature) এক বিশিষ্ট স্থান দখল কৰি আহিছে। জনসাধাৰণৰ নিভাঁজ মনৰ মধুৰ ভাৱৰাজিৰ মুকলি প্ৰকাশেই লোক-সাহিত্য। আধুনিক সভ্যতাৰ লগত লোক-সাহিত্যই গভীৰ প্ৰত্যাহ্বানৰ সন্মুখীন হ’লেও জনজীৱনৰ স্বৰূপ প্ৰকাশ পায় লোক-সাহিত্যতহে। লোক-সাহিত্য সমাজৰ উমৈহতীয়া অভিজ্ঞতাৰ ওপৰত সৃষ্টি হ’লেও ইয়াৰ মূলতে একোজন ব্যক্তি নথকা নহয়। কিন্তু তেওঁৰ গুৰুত্বটো সমাজত কমি যায়। এইবোৰ ক্ৰমে মুখ বাগৰি সমাজত চলি থাকে।

অসমীয়া সাহিত্যৰ ভঁৰালত অসমীয়া লোক-সাহিত্য মাণিকী-মধুৰী জহা ৰূপত খুন্দ খাই আছে। ইয়াত আছে সুগন্ধি-সুবাস, তৃপ্তি আৰু মাধুৰীমা। লোক-সাহিত্যই লোক-জীৱনৰ ইতিহাস আৰু লোক-মানসৰ উজ্জ্বল প্ৰতিচ্ছবি দাঙি ধৰে। এই লোক-মানসত প্ৰতিফলিত হয় লোক-জীৱনৰ আৱেগ, অনুভূতি আৰু অভিজ্ঞতা।

মানুহৰ সামূহিক আৱেগে সাহিত্যৰ ৰূপ পৰিগ্ৰহণ কৰে স্বভাৱ কবিৰ কবিতাত, বুঢ়ী আইতাৰ সাধুত, বিহুনাম-বিয়ানামত। সময়ৰ, যুগৰ সীমা চেৰাই লোক-সাহিত্যই মানুহৰ মুখে মুখে চলি আহিছে। এইদৰে আহোঁতে সময়ৰ আঁচোৰ লাগিছে, শব্দৰ পলস পৰিছে, কল্পনাৰ ৰহণ লাগিছে। ই এটা স্বাভাৱিক পৰিঘটনা। কিন্তু মূল জঁকাটো অপৰিৱৰ্তিত হৈয়ে আছে।

মানৱ-জীৱনৰ সঞ্চিত অভিজ্ঞতাৰ ওপৰতে সাহিত্যৰ ভেঁটি নিৰ্মাণ হয়। লোক-সাহিত্যৰ সৃষ্টিৰ অন্তৰালতো মানৱ-জীৱনৰ যুগ যুগ সঞ্চিত অভিজ্ঞতা থূপ খাই আছে। লক্ষ্মীনাথ বেজবৰুৱাৰ দিনৰে পৰাই অসমীয়া লোক-সাহিত্যৰ সংগ্ৰহ আৰু চৰ্চাৰ কাম আৰম্ভ হৈছিল যদিও আটাইখিনি সম্পদ এতিয়াও উদ্ধাৰ বা সংগ্ৰহ কৰিব পৰা নাই।

এইবিলাক ৰাজ্যৰ চুকে কোণে এতিয়াও সিচৰতি হৈ পৰি আছে। লোক-সাহিত্যৰ সংগৃহীত অংশৰ ভিতৰত মন্ত্ৰ-সাহিত্য, সাঁথৰ, ডাকৰ বচন, ফকৰা, যোজনা-পটন্তৰ, বিয়ানাম, আইনাম, ধাইনাম, ল’ৰা-ধেমালিৰ গীত, টোকাৰী নাম, দেহ বিচাৰৰ গীত, লখিমী সবাহৰ নাম, অপেচৰা সবাহৰ নাম, ভেকুলী-বিয়াৰ নাম, নাওখেলৰ গীত, সদাশিৱৰ নাম, বৃন্দাবনী নাম, মহো-হো বা মহখেদা গীত, জুনা, বাৰমাহী গীত, বিহুনাম, বনঘোষা, সাধুকথা, মালিতা বা বেলাড আদিয়েই প্ৰধান।

লোক-গাথা -

আমাৰ আলোচ্য বিষয়টো হৈছে- লোক-সাহিত্যৰ অন্যতম গুৰুত্বপূৰ্ণ বিভাগ-“লোক-গাথা”।

লোক মানে সাধাৰণ জনগণ। গাথা মানে হৈছে-কবিতা, গীত বা কাহিনী প্ৰধান কবিতা। অৰ্থাৎ সাধাৰণ লোকৰ জীৱনৰ দুখ-সুখ, শোক-তাপ আদিলৈ ৰচিত কাহিনী গীতেই হ’ল ‘লোক-গাথা’। এই দীঘলীয়া কাহিনীমূলক গীতবিলাকক মালিতা বা বেলাড (Ballad) বুলিও ক’ব পাৰি। অসমীয়া মালিতা শব্দটো মালা শব্দৰ পৰাই সৃষ্টি হৈছে।

ফুলৰ মালাৰ দৰে ধাৰাবাহিকভাৱে গাঁথি থোৱা গীতিব্যঞ্জক কাহিনীয়েই হ’ল মালিতা বা বেলাড। অৱশ্যে ইউৰোপীয় বেলাড আৰু আমাৰ মালিতাৰ কিছু পাৰ্থক্য আছে। আমাৰ মালিতাৰ কাহিনীবোৰত ৰোমাণ্টিক ভাৱ এটা প্ৰায়ে দেখা যায়। আনহাতে ইউৰোপীয় বেলাড বোৰত দেশপ্ৰেমৰ ভাৱ পৰিস্ফূট।

মালিতাৰ প্ৰাথমিক লক্ষণ গীতিধৰ্মিতা। বিহুগীত বা বনঘোষাৰ দৰেই মালিতাতো একো ফাকি গীত থাকে; কিন্তু ইয়াত বিষয় বস্তুৰ ধাৰাবাহিকতা ৰক্ষা কৰা হয়। মালিতাৰ লক্ষণ গীতিধৰ্মিতা হ’লেও কাহিনী অবিহনে মালিতা হ’ব নোৱাৰে।

মালিতাৰ আন এক লক্ষণ হৈছে- নৈৰ্ব্যক্তিকতা। অৰ্থাৎ মালিতাই কোনো ব্যক্তিৰ ওপৰত নিৰ্ভৰ নকৰে। মূল মালিতাটো কোনে ক’ত, কেতিয়া ৰচনা কৰিছিল কোৱা টান; কিন্তু ইয়াৰ জনপ্ৰিয়তাই সকলোকে সামৰি লয়।

ঠাই আৰু মুখ বাগৰি ই এক নতুন ৰূপ লয় আৰু পৰিশেষত জনসাধাৰণৰ সামূহিক চৰ্চাৰ বিষয় হিচাপে পৰিগণিত হয়। কেতিয়াবা একোটা কাহিনীয়েই ঠাই বিশেষে সুকীয়া সুকীয়া ৰূপত প্ৰকাশ পায়। অৱশ্যে প্ৰকাশভঙ্গী সুকীয়া হ’লেও মূল কাহিনী-ভাগ বা ছন্দৰীতি প্ৰায় একে থাকে।

এতিয়ালৈকে উদ্ধাৰ হোৱা মালিতাবোৰৰ ভিতৰত নাহৰৰ গীত, বৰফুকনৰ গীত, চিকণ-সৰিয়হৰ গীত, মণিৰাম দেৱানৰ গীত, জনা গাভৰুৰ গীত, মণিকোঁৱৰ-ফুলকোঁৱৰৰ গীত আদিয়েই প্ৰধান।

ইয়াৰোপৰি জয়মতী কুঁৱৰীৰ গীত, গৌৰীনাথ সিংহৰ গীত, হৰদত্ত- বীৰদত্তৰ গীত, সেন্দূৰী-পমিলীৰ গীত আদি মালিতাৰ খণ্ডিত অংশ বা ভগ্নাংশৰূপত পোৱা যায়।

অসমীয়া মালিতা সমূহক ঘাইকৈ দুটা ভাগত ভগাব পাৰি -

ক) বুৰঞ্জীমূলক মালিতা, খ) পৌৰাণিক কাহিনীমূলক মালিতা। ইয়াৰ ভিতৰত বুৰঞ্জীমূলক মালিতাৰ সংখ্যাই বেছি। কিছুমান কাল্পনিক মালিতাও আছে।

অৱশ্যে এইবোৰ কল্পনা ৰহণ সনা আন দুবিধ মালিতাৰ ভিতৰতে পৰে। পৌৰাণিক কাহিনীৰ গইনা লৈ ৰচিত মালিতা কেইটাতো সময়ৰ আৰু বুৰঞ্জীৰ আঁচোৰ নপৰাকৈ থকা নাই।

অসমীয়া ভাষাত পোৱা মালিতা সমূহৰ ভিতৰত বৰফুকনৰ গীত, মণিৰাম দেৱানৰ গীত, ফুলকোঁৱৰ- মণিকোঁৱৰৰ গীত, জনা-গাভৰুৰ গীত স্বয়ংসম্পূৰ্ণ বুলি ক’ব পাৰি। এইবিলাক ইতিমধ্যে পুথি আকাৰত ছপা হৈ ওলাইছে। কিছুমান মালিতা খণ্ডিত বা ভগ্নাংশ হিচাপেহে পোৱা যায়। এই টুকুৰা বিলাকেই একোটা মালিতাৰ সন্ধান দিব পাৰে।

বুৰঞ্জীমূলক মালিতাসমূহৰ ভিতৰত বৰফুকনৰ গীতটোৱেই দীঘলীয়া। ইয়াত কাহিনীৰ ধাৰাবাহিকতা ৰক্ষা পৰিছে। অসম বুৰঞ্জীৰ ১৭৩৭ শকৰ পৰা ১৭৪৬ শকলৈ এই প্ৰায় এক দশকৰ ঘটনা মালিতাটিত সোমাই আছে।

মালিতাটিত মানৰ আক্ৰমণ আৰু অত্যাচাৰৰ নিচিনা জাতীয় বিপ্লৱত অসমীয়াৰ অন্তৰত যি বেদনাৰ সোঁত বৈছিল তাৰ এটি উজ্জ্বল চিত্ৰ ফুটি উঠিছে।

বদন বৰফুকনে মান অনা, পিচত ৰাজমাওৰ উপদেশ মতে ৰূপচিং বঙ্গালে বদনক বধ কৰা আৰু বদনৰ বিধবা পত্নীৰ কৰুণ অধ্যায়, পুনৰ মানৰ আক্ৰমণ আদি বুৰঞ্জীৰ সমল মালিতাটিৰ মাজেদি প্ৰকাশ পাইছে।

“অনেক গুণনি ধৰিল ৰাজমাওৰ

উঠিল মাজনিশা ৰাতি;

পৰম হিতকাৰী ৰূপচিং বঙালক

তেতিয়াই অনালে মাতি।“

“মাছ মৰাই থলোঁ,

তোমাৰ অবিহনে বাঁৰী হ’লোঁ।

কাৰ খালোঁ ধাৰ,

আজুৰি চিঙো মই সোণৰ হাৰ।”- ইত্যাদি।

মণিকোঁৱৰ আৰু ফুলকোঁৱৰৰ মালিতা দুটি অসমীয়া মালিতা সমূহৰ ভিতৰত সবাতকৈ জনপ্ৰিয় আৰু আকৰ্ষণীয়। গীত দুটি আদ্যোপান্ত পোৱা যায়। মালিতা দুটি পৌৰাণিক সাধুকথাৰ লক্ষণযুক্ত হ’লেও বুৰঞ্জীৰ বাস্তৱ তথ্যৰে ভাৰাক্ৰান্ত হৈ পৰিছে।

গীতৰ ৰচনা-ৰীতি বিহুনামৰ লগত মিলে। আনকি গীত দুটি বিহুনাম হিচাপেও বিহু গাওঁতে ব্যৱহাৰ হোৱা দেখা যায়।

গীত দুটি আহোম ৰাজত্বৰ পটভূমিত ষোড়শ-সপ্তদশ শতিকাত ৰচিত যেন লাগে, কিয়নো আহোম ৰাজসভাৰ বৰুৱা-ফুকন, ৰাজখোৱা, তামুলী আদিয়ে গীতত সঘনাই ভুমুকি মাৰিছে।

শঙ্খদেৱ (শংকৰদেউ) ৰজাৰ পুতেক মণিকোঁৱৰ। এদিন ঘোঁৰাত উঠি নগৰ ভ্ৰমণ কৰোঁতে ফুকন (বৰবৰুৱা)ৰ জীয়েক কাচনমতীক দেখি মণিকোঁৱৰৰ মন খালে আৰু ৰোহঘৰত সোমাল। মাক বৰছা কুঁৱৰীয়ে কথাটো লিগিৰা সোণাবৰ তামুলীৰ পৰা জানিব পাৰিলে।

তাৰপাছত-

“গায়নে বায়নে সেন্দূৰী আলিয়ে

কেঁকুৰী দোলাতে উঠি;

হীৰা-মুকুতাৰে মণিধৰ কোঁৱৰে

কাচনক আনিলে তুলি।”

কাচনক বিয়া কৰাৰ পিচত এদিন গা-ধুই থাকোঁতেই বিধিৰ বিধান মতে মণিকোঁৱৰক জলকুঁৱৰীয়ে ধৰি লৈ গ’ল। এই খবৰ পাই কাচনমতীয়ে বিনাব ধৰিলে।

এই কাচন আৰু মণিকোঁৱৰৰ পুতেক ফুলকোঁৱৰ। ফুলকোঁৱৰে বাপেকক বিচাৰি কাঠৰ পখীঘোঁৰাত উঠি উৰা মাৰিলে দূৰ দেশলৈ।

পিচত ঘটনাক্ৰমে ফুলকোঁৱৰে ৰজাৰ জীয়েক পচতুলাক বিয়া কৰায়। এওঁলোকৰ আকৌ অৰুণা-জগৰা নামৰ দুটি পুতেক।

এদিন পানী বিচাৰি যাওঁতে ফুলকোঁৱৰক শুকুলা হাতীয়ে পিঠিত তুলি নি কোনোবা দেশত ৰজা পাতিলেগৈ।

মাক পচতুলাক সাউদৰ মূদৈয়ে ধৰি নিলে। এইদৰে অৰুণা-জগৰা নিথৰুৱা হৈ হাবিতে জীৱ-জন্তুৰ মাজতে ডাঙৰ-দীঘল হৈ হাতত টোকাৰী লৈ গাত ফটাকানি পিন্ধি মালিতা গাই ফুৰে।

“আই যে আছিলে ধনে পচতুলী

বোপাই মালিনীৰে নাতি;

তাও কাপোৰক ঘিণত নিপিন্ধিলোঁ

মাৰোঁ লাংমাইৰ গাঁঠি।

বোপাইক লৈ গ’ল শুকুলী হাতীয়ে

পাতে এক দেশত ৰজা;

আইক লৈ গ’ল সাউদৰ মূদৈয়ে

পাতিনাৱত দিয়ে ভৰা।”

শেষত ধন-পচতুলা, ফুলকোঁৱৰ আৰু অৰুণা-জগৰাৰ পুনৰ্মিলন হ’ল। বাইলুং, হেংদান, মাইহাং, পুথাও, জনচেং, ঠানুৱা কোঁৱৰ আদি আহোম শব্দ ব্যৱহাৰ হোৱালৈ চাই গীতৰ সৃষ্টিভূমি শিৱসাগৰ অঞ্চল বুলি ভাৱিবৰ থল আছে। অসমীয়া লোক-গাথাত মণিকোঁৱৰ-ফুলকোঁৱৰৰ গীতে এখনি সুকীয়া আসন দখল কৰিবলৈ সক্ষম হৈছে।

লোক-গাথাৰ অন্যতম মণিৰাম দেৱানৰ মালিতাত ভালেমান বুৰঞ্জীমূলক কথাৰ আভাষ পোৱা যায়।

১৮৫৭ চনৰ ভাৰতৰ স্বাধীনতা যুঁজৰ ঢৌৱে অসমকো চুইছিলহি। এই সংগ্ৰামত অংশ গ্ৰহণ কৰাৰ অপৰাধত মণিৰাম দেৱান আৰু পিয়লি বৰুৱাৰ ফাঁচী হয়।

ব্ৰিটিছৰ হাতত দুজন স্বদেশ-প্ৰেমিক অসমীয়াৰ মৃত্যু হোৱাত জনসাধাৰণৰ মনত শোক উথলি উঠে। এই সামূহিক শোক-গাথাই মণিৰাম দেৱানৰ গীতৰ উৎস।

“সোণৰ ধোঁৱাখোৱাত খালি ঐ মণিৰাম

ৰূপৰ ধোঁৱাখোৱাত খালি;

কিনো ৰজাঘৰত দোৰোহ আচৰিলি

ডিঙিত চিপেজৰী ল’লি।”

মণিৰাম দেৱানৰ গীত বিহুনামৰ ৰচনা-শৈলীৰে প্ৰায় একে। আটাইবোৰ একেলগ কৰিলে গোটেই কাহিনীটো ওলায় যদিও, প্ৰতি ফাঁকি গীতেই স্বয়ংসম্পূৰ্ণ। বুৰঞ্জী আৰু সাহিত্য-উভয় দৃষ্টিকোণৰ পৰা বিচাৰ কৰিলে মণিৰাম দেৱানৰ গীতৰ স্থান উল্লেখযোগ্য।

এইবিলাক মালিতাৰ লগতে নাহৰৰ গীত, চিকণ-সৰিয়হৰ গীত, জনা-গাভৰুৰ গীত আদি বিশেষভাৱে উল্লেখযোগ্য।

এইবিলাকৰ উপৰিও ভালেমান মালিতাৰ খণ্ডিত অংশ বা ভগ্নাংশত পোৱা যায়, যিবোৰে এটি পূৰ্ণাংগ মালিতাৰ সন্ধান দিব পাৰে।

এনে মালিতাৰ ভিতৰত জয়মতী কুঁৱৰীৰ মালিতা, হৰদত্ত-বীৰদত্তৰ মালিতা আদি উল্লেখযোগ্য। প্ৰচলিত মালিতা সমূহৰ বাহিৰেও কিছুমান মালিতা জাতীয় গীত অসমৰ বিভিন্ন অঞ্চলত পোৱা যায়।

স্থানীয় কোনো প্ৰতিপত্তিশীল ব্যক্তি বা স্মৰণীয় ঘটনাৰ পটভূমিত এইবিলাক ৰচিত। এইবিলাকৰ ভিতৰত বাখৰ বৰাৰ গীত, পৃথু বৰকাকতীৰ গীত, সেন্দূৰী-পমিলীৰ গীত, হাল্কন চাহাবৰ গীত আদিয়েই প্ৰধান।

বিহুনামৰ অন্তৰ্গত পৰুৱা-শিপিনীৰ গীত আৰু হাৰৈ-পাৰৈৰ গীত দুটিও মালিতাৰ শ্ৰেণীতে পৰে। পৰুৱা-শিপিনীৰ গীতত তাঁতৰ টোলোঠা কাটিবলৈ যোৱাৰ কাহিনী আৰু হাৰৈ-পাৰৈৰ গীতত এটি ৰোমাণ্টিক কাহিনী জড়িত হৈ আছে।

শিৱসাগৰৰ কিছুমান অঞ্চলত ৰূপচান্দ কোঁৱৰৰ গীত এটি প্ৰচলিত আছে বুলি জনা যায়। সেইদৰে নামনিৰ কোনো ঠাইত সাউদ কোঁৱৰৰ গীত, দুবলাৰ শান্তিৰ গীত আদি খণ্ডিত মালিতা পোৱা গৈছে। মালিতা সমূহৰ ভাষা আৰু প্ৰকাশভঙ্গী বিহুনামৰ লগত প্ৰায় মিলে।

অৱশ্যে বৰফুকনৰ গীত, চিকণ-সৰিয়হৰ গীত আদিত একো ফাঁকি কথা ছন্দ মিলাবলৈ যোগ দি পিচৰ ফাঁকিতহে আচল কথাটো প্ৰকাশ পায়। মালিতা বোৰত ৰস আৰু অলংকাৰৰ প্ৰাচুৰ্য নাই; সাৱলীল গতিত, সৰল ভাষাৰ মৃদু মধুৰ ছন্দত ই আগবাঢ়ে।

অৱশ্যে একেবাৰে সাহিত্যিক ৰস নাই বুলি ক’ব নোৱাৰি। জয়মতী কুঁৱৰীৰ মালিতা আৰু মণিৰাম দেৱানৰ গীতত কৰুণ ৰসৰ স্ফুৰণ দেখা যায়।

সেইদৰে ফুলকোঁৱৰ-মণিকোঁৱৰ আৰু জনা গাভৰু গীতত আদি ৰসৰ পৰশ পৰিছে। বৰফুকনৰ গীতত ভয় আৰু ঘৃণাৰ ভাৱ উদ্ৰেক হোৱা দেখা যায়। কম শব্দৰে বহল ভাৱ প্ৰকাশৰ কৌশল মালিতাবোৰত দেখা যায়।

অসমীয়া ভাষাত শুদ্ধ মালিতা আৰু মালিতা জাতীয় অনেক গীত আছে। হয়তো সকলোবিলাক এতিয়াও শুদ্ধভাৱে আৰু সম্পূৰ্ণকৈ সংগৃহীত হ’বলৈ বাকী আছে। অসমৰ খোল, তাল, ঢোল আদি লোক বাদ্য সমূহৰ লগত জড়িত কিছুমান মালিতা পোৱা যায়; য’ত এই বাদ্যসমূহৰ জন্ম বৃতান্ত আছে।

এইবোৰ মালিতা গীতৰ শাৰীত পৰে। এইবিলাক “লোক-গাথা”ৰ অন্তৰ্ভুক্ত কৰিব নোৱাৰি। উজনি-নামনি সকলোতে থলুৱা ঘটনাৰ পটভূমিত সৃষ্টি হোৱা সৰু-সুৰা অনেক গীত আছে।

এইবিলাকে স্থানীয় পৰিৱেশৰ চিত্ৰ দাঙি ধৰাৰ লগতে বিভিন্ন গীতি-ৰীতিৰ পৰিচয়ো দিব পাৰে। অনেক গীত পাহৰণিৰ বুকুত চিৰদিনলৈ হেৰাই গৈছে। এই ছিগা-ভগা গীতবোৰ তথা মালিতাবোৰো অসমীয়া লোক-সাহিত্যৰ একো একোটি মুকুতামণি।

লেখক: লক্ষেশ্বৰ হাজৰিকা

উৎস: সাহিত্য.অৰ্গ

3.625
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top