মূল পৃষ্ঠা / শিক্ষা / অসমৰ সংস্কৃতি / অসমীয়া লোক-স্ংস্কৃতিত কৃষি আৰু ডাক পুৰুষ
অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

অসমীয়া লোক-স্ংস্কৃতিত কৃষি আৰু ডাক পুৰুষ

অসমীয়া লোক-স্ংস্কৃতিত কৃষি আৰু ডাক পুৰুষ

এটা জাতিৰ লোক-স্ংস্কৃতিৰ গভীৰতা, জাতিটোৱে বহন কৰা ঐতিহ্য তথা পৰম্পৰাৰ প্ৰতিফলন ঘটে সেই জাতিটোৰ লোক-সাহিত্য আৰু লোক-বিশ্বাসমূহত। যুগ যুগ ধৰি এটা জাতিৰ মুখে মুখে বাগৰি অহা অমূল্য জনশ্ৰুতি, বাক্যাংশ, যোজনা, উপমা বা পটন্তৰসমূহৰ দৰে শব্দ গাঁথাকেই লোক-সাহিত্য তথা লোক-বিশ্বাস বুলি অভিহিত কৰা হৈছে। সমাজ জীৱনত এইসমূহৰ প্ৰয়োগ আৰু ফলাফলৰ ওপৰত বিশ্লেষণ কৰি এনেধৰণৰ অধিকাংশ লোক-সাহিত্যকে আমি পৰম্পৰাগতভাবে চলি অহা লোক-বিজ্ঞান বুলি অভিহিত কৰিব পাৰো।লোক-স্ংস্কৃতি আৰু লোক-বিশ্বাসৰ মাজৰেই এটা জাতিৰ মনস্তাত্বিক আৰু বিশ্লেষণাত্মক ভাৱধাৰাৰ গভীৰতাৰ প্ৰতিফলন ঘটে বুলি ক’লেও অত্যুক্তি কৰা নহ’ব।

এই কথা বাখ্যা কৰাৰ প্ৰয়োজন নিশ্চয় নাই যে জাতি এটাৰ কৃষি সম্পৰ্কীয় জনশ্ৰুতি বা লোকবিশ্বাসৰ আধাৰত সেই জাতিটোৰ সভ্যতা আৰু স্ংস্কৃতিৰ মাপকাঠি নিৰুপণ কৰিব পৰা যায়। সেই দিশেৰে কৃষি সম্পৰ্কীয় অসমীয়া লোক-বিশ্বাসৰ গভীৰতাও যথেষ্ট বেছি। অসমীয়া লোক-সংস্কৃতিত অষ্ট্ৰিকসকলৰ প্ৰভাৱ মনকৰিবলগীয়া। অষ্ট্ৰিকসকলৰ স্ংস্কৃতি মূলত: ক্ৰিষি স্ংস্কৃতিৰ ওপৰত আধাৰিত। অষ্ট্ৰিকমূলৰ পৰা অহা ঝুম খেতি, আহু আৰু শালি খেতিৰ প্ৰচলনৰ লগতে বিভিন্ন ধৰ্মীয় তথা কৃষি সন্দৰ্ভীয় আচাৰ-বিচাৰত তামোল-পাণৰ ব্যৱহাৰ, পথাৰত পোক-পৰুৱাৰ উপদ্ৰৱ নাইকীয়া কৰি শস্য সহপহকৈ বাঢ়ি আহিবলৈ কাতি মাহত পথাৰত জ্বলোৱা আকাশ বন্তি, ভঁৰাল ঘৰৰ পৰা ধান উলিওৱাৰ সময়ত মানি চলা আচাৰ-বিধি আদি সকলোবোৰ লোক-স্ংস্কৃতিৰেই উপাদান। ড০ বাণীকান্ত কাকতি ডাঙৰীয়াই উল্লেখ কৰা অনুসৰি জহা শব্দটো অষ্ট্ৰিকমূলীয়।

অসমৰ খৃষিখণ্ড আৰু লোক-স্ংস্কৃতিৰ বিচাৰ কৰিবলৈ যাওতে যিগৰাকী কিম্বদন্তী পুৰুষৰ নাম নল’লে সমগ্ৰ বিষয়টোৱেই অসম্পূৰ্ণ হৈ থাকে, সেই পুৰুষ গৰাকী হ’ল ডাক। জ্যোতিষ শাস্ত্ৰৰ পৰা আৰম্ভ কৰি পুৰুষ-নাৰীৰ লক্ষণ, কৃষি, উদ্যান শস্য, বতৰ, পশুপালন, ঘৰ-বাৰী আদি বিভিন্ন ক্ষেত্ৰত ডাকপুৰুষে যিসমূহ ফকৰা-যোজনা বা পটন্তৰেৰে পৰামৰ্শ আগবঢ়াইছে সেইসমূহৰ বিজ্ঞানসন্মত ভিত্তি আছে। আধুনিক প্ৰযুক্তিয়ে অসমৰ বৰ্তমানৰ কৃষিক্ষেত্ৰৰ এক বিশাল অংশক সামৰি ল’লেও ৰাজ্যখনৰ অধিকাংশ ক্ষুদ্ৰ আৰু উপান্ত শ্ৰেণীৰ কৃষককে এতিয়াও ডাকৰ বচনসমূহে বাট দেখুৱাই আহিছে বুলি ক’ব পাৰি। ডাকৰ বচনসমূহ আজিও অসমৰ গ্ৰাম্য জীৱনৰ কথন প্ৰণালীৰ অপৰিহাৰ্য অংগ। অসমীয়া লোক-সাহিত্যক শক্তিশালী ৰুপত প্ৰতিষ্ঠিত কৰা ডাকৰ বচনসমূহৰ স্ংৰক্ষণৰ লগতে অধিক বিজ্ঞানসন্মত গৱেষণাৰ প্ৰয়োজন আছে। এই নিৱন্ধৰ লেখকে অসম কৃষি বিশ্ববিদ্যালয়ৰ তিতাৰৰ আঞ্চলিক ধান গৱেষণা কেন্দ্ৰত অসমৰ কৃষি পদ্ধতিৰ বিশেষকৈ ধানখেতিৰ ওপৰত কেইবাটিও ডাকৰ বচন পৰীক্ষা কৰি সেইসমুহৰ বিজ্ঞানসন্মত ভিত্তি থকা বুলি প্ৰমাণ পাইছিল।

ডাকৰ বচনত কৃষি

হিন্দু শাস্ত্ৰত বাণিজ্যক প্ৰথম স্থানত, কৃষিক দ্বিতীয়, চাকৰি বা ৰাজকৰ্মক তৃতীয় আৰু ভিক্ষাক সৰ্বনিন্ম স্থানত ৰখা হৈছে। ‘বণিজ্যে বসতি লক্ষ্মী, অদৰ্দ্ধ্ং কৃষি কিৰ্ম্মনি, অদৰ্দ্ধ্ং ৰাজ কৰ্ম্মনি, ভিক্ষে নৈব নৈব চ।’ কিন্তু ইয়াৰ বিপৰীতে ডাকে বাণিজ্যক কৃষিৰ সমতুল্য বুলি কৈ এনেদৰে কৈছে, ‘ডাকে বোলে সুনা উপাই/বাণিজ্যৰ ধন কৃষিতে পাই/যি নৰে সদা কৃষিক কৰে/ সেৱাৰ ফল পাইবা ঘৰে।’ এই কথা আজিৰ যুগতো সমানেই প্ৰযোজ্য।

সাম্প্ৰতিক সময়ত অৰ্থকৰী শস্যৰ জৰিয়তে উপাৰ্জন বৃদ্ধিত গুৰুত্ব আৰোপ কৰা হৈছে। কিন্তু তাহানিতেই ডাকে কি ধৰণৰ খেতিত কেনেধৰণৰ লাভ হ’ব পাৰে তাৰ বাখ্যা আগবঢ়াই এনেদৰে কৈছে, ‘যত লাভ পাই সৰিসা মাহে/তত লাভ পাই কলা কপাহে।’  অৰ্থাত মাহ আৰু সৰিয়হৰ খেতি যিমান লাভজনক সিমানেই লাভজনক খেতি হ’ল কল আৰু কপাহৰ খেতি। কৃষি বিভাগে উদ্যান শস্যৰ প্ৰযুক্তি অভিযানৰ অধীনত কল খেতিৰ সম্প্ৰসাৰণত দিয়া গুৰুত্ব আৰু পাহাৰীয়া জিলা কেইখনত কঁপাহৰ খেত্তিৰ জনপ্ৰিয়তাই ডাকৰ বচনৰ সত্যতাকেই প্ৰতিপন্ন কৰে। তেনেদৰে কৃষিভূমিৰ মাজৰ অংশ সামান্য দ হ’লে সেই মাটি খেতিৰ উপৰিও বৰষুণৰ পানী আৰু ভূমি স্ংৰক্ষণৰ বাবে উপযুক্ত বুলি গণ্য কৰা হয়। ডাকে কৈছে, ‘ভুঞি কিনিবা মাজত খাল/ছোৱালি আনিবা মাক ভালব।’

খেতিৰ বাবে মাটি বাৰে বাৰে চহাব লাগে। তেনে কৰিলে পৰি থকা বীজ আৰু বনবাতবোৰ গজি আহে আৰু পৰৱৰ্তী চাহত এইবোৰ মাটিত মিহলি হৈ মাটিৰ উৰ্বৰা শক্তি বৃদ্ধি কৰে। এয়া আজিৰ জৈৱিক কৃষি পদ্ধতিৰ মূল কথা। এলাহ থাকিলে খেতি কেতিয়াও লাভজনক হ’ব নোৱাৰে। এই কথাৰে প্ৰতিফলন ঘটিছে ডাকৰ ভাষাত, ‘কিৰিসি কৰিবা চাহ পুৰণা/ জিবা আৰ্জিবা তাতে সোনা/ৰ’দে বৰষুণে সমে জাই/তেবেসে কিৰিসিৰ ফলক পাই।’

ধান অসমৰ প্ৰধান খাদ্যশস্য। সেইবাবেই সম্ভৱ ডাকৰ বচনত ধানক অধিক গুৰুত্ব দিয়া হৈছিল। আজিও অসমৰ কৃষিভিত্তিক অৰ্থনীতিক ধানেই নিয়ন্ত্ৰণ কৰি আছে বুলি ক’ব পাৰি। ‘ধনৰ মাজত ধান্য সোভন/ধান্য নহ’লে মৰে তেখন/এতেকে কৃষি কৰিব সাৰ/দুৰ্ভিক্ষত কৃষি কৰে নিস্তাৰ।’ ধান খেতিৰ সময় স্ংক্ৰান্ততো তাহানিয়েই ডাকে ৰাইকজক এনেদৰে সজাগ কৰিছিল, ‘পুহৰ আহু, জেঠৰ সালি/তেবেসে জানিবা গৃহস্থালি।’ আনহাতে ধান ৰোৱা পদ্ধতিৰ বিষয়ে ডাকে সেই সময়তেই উল্লেখ কৰি যোৱা দিহাৰ সত্যতা আজিও প্ৰযোজ্য। আহুজাতবোৰ কমদিনীয়া হোৱাৰ বাবে ঘনাই ৰুব লাগে যাতে এখোজ মাটিত একুৰি জোপা হয় আৰু শালি ধান ৮ ইঞ্চি (এবেগত)ব্যৱধানত ৰুব লাগে। অতি দ মাটিত ওখ জাত সেৰেঙাকৈ ৰুব লাগে। নহ’লে ধান গছ বাগৰি ধান পতান হয়। এয়া বিজ্ঞানসন্মত কথা। এই কথাকেই তাহানি ডাকে কৈছিল এনেদৰে, ‘আহু ৰোবা খোজত বুৰি/সালি ৰোবা বেগেত যুৰি/জেৱে দেখা আঠু উপৰে পানী/হাতেকত গোচা দিবা জানি।’

উন্নত কৃষি পদ্ধতিত কঠীয়াৰ যতনৰ ওপৰত গুৰুত্ব আৰোপ কৰা হয়। ডাকেও তাকেই কৈছে। কঠিয়াই যদি বেয়া হয়, খেতি ভাল হ’ব কেনেকৈ? ‘বাই গুণে ভিনিহি, কঠীয়া গুণে কিৰিষি/বাই মৰা ভিনিহি, কঠীয়া মৰা কিৰিষি। আজিৰ কৃষি পদ্ধতিত জল স্ংৰক্ষণৰ ওপৰত যথেষ্ট গুৰুত্ব দিয়া হয়। ডাকেও জল স্ংৰক্ষণক গুৰুত্ব দি এনেদৰে কোকিছে, ‘ঘন ঘন কৈ দিবা আলি/পৰ্ব্বততো ৰোবা সালি।’ আহিনৰ পাছত মৌচুমী বায়ুৰ প্ৰস্থান ঘটে আৰু ফলত বৰষুণ কমি আহে। সেয়েহে এই সময়ছোৱাত জল স্ংৰক্ষণ অতি গুৰুত্বপূৰ্ণ। ডাকে তেতিয়াই কৈছিল, ‘আহিন কাতিত ৰাখিবা পানি/জেহেনে ৰজাই ৰখে ৰাণি।’

ডাকৰ বচনত উদ্যান শস্য

উদ্যান শস্যৰ ক্ষেত্ৰতো ডাকৰ পৰামৰ্শসমূহৰ বিজ্ঞানসন্মত ভিত্তি আছে। কল ৰোৱাৰ বাবে গাঁতৰ গভীৰতাৰ বিষয়ে ডাকে আগবঢ়োৱা পৰামৰ্শ আজিৰ অনুমোদনৰ সৈতে একে-এহাত এমুঠন কলৰ পোট/তেৱেসে দেখিবা কলৰ গোট। আনহাতে কলৰ পুলিৰ মাজত থকা ব্যৱধান আৰু এই খেতিৰ লাভজনক দিশটোৰ ওপৰত ডাকে কৈ যোৱা কথা আজিৰ আধুনিক কৃষি পদ্ধতিতো মানি চলা হয়-‘তিনিস সঠি জোপা ৰোবা কল/ মাহেকে পষেকে চিকুণাবা তল/ পাত-পচলা লাভত খাবা/লঙ্কাৰ বনিজ ঘৰতে পাবা।’ এবিঘা মাটিত তিনিশ ষাঠি জোপা কল ৰোৱাৰ নিৰ্দেশ আজিৰ বৈজ্ঞানিক অনুমোদনৰ সৈতে প্ৰায় মিলি আছে। কলৰ উপৰিও জালুক আৰু পানৰ যতন সন্দৰ্ভত একেটা প্ৰবচনতে ডাকে কৈছে, ‘জালুকত গোবৰ, পানত মাটি/ কলা ৰোবা তিনিস ষাঠি।’ তেনেদৰে তামোল ৰোৱাৰ স্ংক্ৰান্তত ডাকৰ পৰামৰ্শ এনেধৰণৰ-‘সাতত পাতল পাচত ঘ্ন/ছয়ত তামোল নদন-বদন।’ ছয় অৰ্থাত ছয় হাত দূৰত্বত তামোল ৰোৱাৰ যি অনুমোদন সেয়া ফুট হিচাপত ৯ ফুট। এজোপা তামোল গছৰ পাত আন জোপা তামোল গছত লাগি থাকিব নালাগে। ডাকৰ ভাষাত, ‘লাগিলে তামোল নালাগে/নালাগিলে তামোল লাগে।’

ডাকৰ বচনত বতৰ

বতৰ স্ংক্ৰান্ততো ডাকৰ বচন সমূহৰ সত্যতা মন কৰিবলগীয়া। বাৰিষা কালত বৰষুণৰ পৰিমাণৰ সম্ভাৱনাৰ সৈতে সূৰ্যোদয় আৰু সূৰ্যাস্তৰ সম্পৰ্ক আছে বুলি ডাকে উল্লেখ কৰিছে- ‘উদয়ে সিন্দুৰ পশ্চিমে কালা/তেৱে জানা বহু বাৰিষা মালা।’ সূৰ্য সম্পূৰ্ণভাৱে উদয় হৈ পাছত যদি ডাৱৰেৰে ঢাক খাই পৰে তেনেহ’লে আগলৈ প্ৰচুৰ বৃষ্টিৰ সম্ভাৱনা থাকে বুলি কৈ ডাকে এনেদৰে কৈছে-‘প্ৰকাশিয়া ৰবি উঠিয়া নাসে/ডাকে বোলে বৃস্তি হৈবে আবসে।’ বানপানীৰ সম্ভাৱনা ব্যক্ত কৰিছে এনেদৰে –‘আকাশত ভাসে পানীৰ গচা/ পৃথিবী বিড়িব জানিবা সঞ্চা।’ আনহাতে ডাৱৰৰ গতি গোত্ৰ চায়েই দিনটোৰ বাবে বতৰৰ আগলি বতৰা ডাকে দিছিল এনেদৰে-‘পূবে গাজিলে ধান, উত্তৰে গাজিলে বান/দক্ষিণে গাজিলে হানে, পশ্চিমে গাজিলে আনে।’

ডাকৰ বচনত গৰু কিনা

অসমৰ ক্ষুদ্ৰ আৰু উপান্ত কৃষকৰ বাবে গৰু খেতিৰ প্ৰধান সম্বল।কৃষিৰ আৰম্ভণিতেই চহ, চহ মানে হলাৰু হাল মানেই গৰু। গৰু কিনাৰ ক্ষেত্ৰত ডাকৰ অনেক অতুলনীয় নিৰ্দেশ আছে। গৰুৰ বয়স সাধাৰণতে দাঁতেৰে নিৰ্ণয় কৰা হয়। ডাকৰ ভাষাত ‘গৰু কিনিবা চিকন জালি/দুই, চাৰি, ছয় দতিয়া ভালি।’ নতুনকৈ হ\গজা ছয়দতীয়া গৰু পালে ভাগ্য ভাল। সাতটা দাঁত উঠা গৰু কিনা অনুচিত –‘ছয় নবদন্ত ভাগ্যেসে পাই/সাত দেখিয়া ভাগি পলাই। বলধ গৰুক অন্নদাতা বুলি কৈ গৰুৰ কেনেদৰে যতন কৰিব লাগে সেই বিষয়েও ডাকে এনেদৰে পৰামৰ্শ আগবঢ়াইঅছে, ‘বলধক ভাই নেদিবাদুখ/তাহাঁত আছে ভাতৰ সুখ/যদি স্বামিজন দৃষ্টিয়াল হয়/তেবেসে কৃষিৰ ফল সিঝয়।’

এনেদৰেই পুৰুষানুক্ৰমে মুখে মুখে আমাৰ সমাজত চলি অহা ডাকৰ বচনসমুহে গ্ৰাম্য চহা জীৱনত এক গুৰুত্বপূৰ্ণ স্থন দখল কৰি আছে। অসমীয়া লোক-সাহিত্য আৰু লোক-সংস্কৃতিক বৰ্ণাঢ্য ৰুপ প্ৰদান কৰা ডাকৰ অনুপম বচনসমূহৰ বিজ্ঞানসন্মত বিশ্লেষণ, প্ৰসাৰ আৰু প্ৰচাৰে আধুনিক কৃষি কৌশলক আমাৰ কৃষক ৰাইজৰ আৰু কাষ চপাই নিব বুলি নিশ্চিতভাৱে ক’ব পাৰি।

ড০ হেমেন্দ্ৰ চন্দ্ৰ ভট্টাচাৰ্য্য, এগ্ৰি হৰ্টি প্ৰদৰ্শনী।

2.78571428571
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top