অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

অসমীয়া সংস্কৃতিত গামোচাৰ প্ৰভাৱ

অসমীয়া সংস্কৃতিত গামোচাৰ প্ৰভাৱ

গামোচাৰ অবিহনে আমি আমাৰ সংস্কৃতিৰ কথা কল্পনাই কৰিব নোৱাৰো । পুৱাৰ পৰা নিশালৈকে ই আমাৰ জীৱনৰ এক এৰাব নোৱাৰ সংগী হৈ আহিছে । গামোচাৰ অভিধানিক অৰ্থ গা মোচিবলৈ ব্যৱহাৰ কৰা এবিধ কাপোৰ । কিন্তু ই কেৱল এই সীমিত সংজ্ঞাতে সীমাবদ্ধ হৈ নাথাকিল । বিভিন্ন সময়ত বিভিন্ন ৰূপে ই আমাৰ সমাজৰ এক গুৰুত্বপূৰ্ণ স্থান দখল কৰি ল’লে । আনকি আন্তৰাষ্টীয় পৰ্য্যায়তো ই আমাৰ জাতীয় জীৱনৰ চিনাকী স্বৰুপে জিলিকি উঠিবলৈ সক্ষম হৈছে । আহোম ৰজাৰ ৰাজত্ব কালৰ পৰা স্বকীয় বৈশিষ্টৰে উদ্ভাসিত হৈ গামোচাখনে অসমীয়া জাতিৰ সাংস্কৃতিক প্ৰতীক তথা জাতিৰ এক অন্যান্য সত্বাৰুপে স্বীকৃতি লাভ কৰিবলৈ সক্ষম হ’ল । আহোম যুগৰ পৰাই বিভিন্ন ক্ষেত্ৰত খাপ খোৱাকৈ বেলেগ বেলেগ মানৰ গামোচা ব্যৱহাৰৰ উল্লেখ বুৰঞ্জী সমূহত পোৱা যায় । অন্য ৰাজ্যৰ ৰজা বা বৰমূৰীয়া সকলক গামোচা উপহাৰ আগবঢ়াই বন্ধুত্ব চিন স্বৰূপে সন্মান প্ৰদৰ্শন কৰিবলৈ লোৱাৰে পৰা গামোচাই তাৰ অভিধানিক অৰ্থ অতিক্ৰমি এক বিস্তৃত অৰ্থত ব্যৱহৃত হ’বলৈ ল’লে । অসমৰ বাহিৰলৈ কৰবালৈ গলে তাত কোনো মানুহৰ গাত গামোচাখন দেখিলেই এক বুজাব নোৱাৰা আনন্দই দেহ মন চুই যায় । তেনে লোকজন অচিনাকী হলেও আমাৰ ঘৰৰে কোনো আপোন মানুহ যেন ধাৰণা মনলৈ আহে । সঁচা অৰ্থত কবলৈ গলে, গামোচাখনে আমাক একতাৰ এক পৱিত্ৰ ডোলেৰে বান্ধি ৰাখিবলৈ সক্ষম হৈছে ।

এই গামোচা ব্যৱহাৰৰ ভিন্নতা অনুসৰি পাঁচ প্ৰকাৰত ভাগ কৰিব পাৰি ।

১) সাধাৰণ গামোচা – এই বিধ গামোচা কেৱল গা বা মুখ মচিবলৈ ব্যৱহাৰ কৰা হয় । এই গামোচা কপাহী সূতাৰে বোৱা হয় আৰু ইয়াৰ দুয়োফালে সাধাৰণতে ৰঙা পাৰি দি বোৱা হয় । সকলো সময়তে আৰু সকলো কামতে ব্যৱহাৰ উপযোগীকৈ এইবিধ গামোচা কিছু আগল বহলকৈ বোৱা দেখা যায় । গাঁৱৰ পুৰুষ সকলে এইবিধ গামোচা পিন্ধনতো ব্যৱহাৰ কৰে ।

২) হাঁচতি – এইবিধ গামোচা সাধাৰণতে ধৰ্মীয় কাম কাজত ব্যৱহাৰ হয় । এইখন উচ্চমানৰ কপাহী সুতাৰে বোৱা হয় আৰু এফালে ৰঙা পাৰিৰ ফুল বছা হয় । বিভিন্ন পূজা – পাৰ্বন, ধৰ্মীয় অনুষ্ঠান আদিত পুৰুষ আৰু মহিলা সকলে ডিঙিত মালাৰ দৰে ওলোমাই লয় । এইবিধ গামোচাক হাঁচতি বোলা হয় ।

৩) ফুলাম গামোচা – ফুলাম গামোচা আমাৰ জাতিৰ সংস্কৃতিৰ ধ্বজাবাহক স্বৰুপ । সমাজৰ সন্মানীয় ব্যক্তিসকল, অন্য ৰাজ্য বা ৰাষ্ট্ৰক বিশিষ্ট ব্যক্তিসকলক এই ফুলাম গামোচাৰে সন্মান প্ৰদৰ্শন কৰা হয় । এইবিধ গামোচা অতি উন্নত মানৰ কপাহী সূতা নাইবা পাট সূতাৰে এই গামোচা বোৱা হয় । গামোচাৰ দুয়োমূৰে ৰঙাসুতাৰে ধুনীয়া ভমকাফুলীয়া ফুল বচা এইবিধ গামোচা দেখিবলৈ অতি সুন্দৰ । এনে গামোচাই আহোম ৰজাসকলে অন্য ৰাজ্যৰ ৰজাসকলক বন্ধুত্বৰ চিন স্বৰূপে আগবঢ়াই সন্মান প্ৰদৰ্শন কৰিছিল ।

৪) ধৰ্ম বস্ত্ৰ – এইবিধ গামোচা ধৰ্মীয় গ্ৰন্থ, থাপনা, মণিকূট আদিত ব্যৱহাৰ কৰা দেখা যায় । এই গামোচাত অসমীয়া সমাজৰ আন এক আপুৰুগীয়া সম্পদ শৰাই, বৰতাল, আদিৰ ফুল বছা হয় । কেতিয়াবা এনে গামোচাৰ গোটেই গাত হৰে ৰাম হৰে কৃষ্ণ, নাইবা কীৰ্তন, নামঘোষাৰ সুন্দৰ ঘোষা আদি ধৰ্মমূলক বাক্য তথা পদ লিখা দেখা যায় । সেয়ে ইয়াক ধৰ্ম বস্ত্ৰ বোলাহে যুগুত ।

৫) বিহুৱান – বিহুৱান আমাৰ সকলোৰে আদৰৰ অতি অমূল্য সম্পদ । এইবিধ গামোচা বিহুৰ সময়ত সৰুৱে ডাঙৰক সেৱা ভক্তিৰ আৰু ডাঙৰে সৰুক মৰমৰ তথা আশীৰ্বাদৰ চিন স্বৰুপে আগবঢ়ায় । চ’তৰ আগমনিৰ লগে লগে গাভৰুহঁত ব্যস্ত হৈ পৰে বিহুৱান ব’বলৈ । আমাৰ সমাজত বিশ্বাস আছে যে গামোচা বিহুচেৰা কৰিব নেপায় । সেয়েহে হাজাৰ ব্যস্ততাৰ মাজতো শিপিনীয়ে চ’তৰ কেইদিন মান থাকোতেই গামোচা তাঁতশালৰ গামোচা বৈ কাটি উলিয়ায় । মোচাত অসমীয়া শিপিনী গাভৰুহঁতে সপোন ৰচে। বিভিন্ন গামোচাত বছা ধুনীয়া ফুলবোৰে অসমীয়া নাৰীৰ সুন্দৰ শিল্পী মনৰ পৰিচয় দিয়ে । গাভৰুহঁতে নিজৰ মনৰ বতৰা প্ৰিয়জনক দিবলৈ হেঁপাহৰ দীঘ আৰু চেনেহৰ বাণীৰে বিহুৱান বৈ উলিয়াই আৰু বিহুৰ দিনা নিজৰ প্ৰিয়জনক বিহুৱান আগবঢ়াই বিহুৰ ওলগ তথা শুভেচ্ছা জনায় । এই বিহুৱান আমাৰ অসমীয়া সমাজৰ হৃদস্পন্দন স্বৰুপ আমাৰ বাপতি সাহোন ।

অসমৰ সমাজ জীৱনত গামোচাৰ প্ৰভাৱ অপৰিসীম । ঘৰলৈ কোনো মান্যলোক বা ন-আলহী আহিলে তেওঁলোকক নতুন গামোচাৰে সন্মান জনোৱা হয় । কইনা চাবলৈ অহা লোকসকলকো ছোৱালীজনীয়ে গামোচাৰে মান ধৰি নিজৰ পৰিচয় দিয়ে ।আমাৰ সমাজত গামোচাৰ নিজস্ব এক সুকীয়া আসন আছে আৰু আছে ইয়াৰ গুৰুত্ব । সেয়ে আমি গামোচাৰ ব্যৱহাৰ কৰাত গুৰুত্ব দিয়া উচিত । ইয়াৰ অপব্যৱহাৰে আমাৰ সমাজলৈ ভাবুকি কঢ়িয়াই আনিব তথা আমাৰ সাংস্কৃতিক পৰিবেশ বিনষ্ট হ’ব ।

সাৰদা শ্ৰেষ্ঠ

শেহতীয়া উন্নীতকৰণ: : 4/19/2020



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate