মূল পৃষ্ঠা / শিক্ষা / অসমৰ সংস্কৃতি / অসমীয়া সংস্কৃতিলৈ চাহ জনজাতিৰ অৱদান
অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

অসমীয়া সংস্কৃতিলৈ চাহ জনজাতিৰ অৱদান

অসমীয়া সংস্কৃতিলৈ চাহ জনজাতিৰ অৱদান

উত্তৰ-পূব ভাৰতৰ বৃহত্তম ৰাজ্য হিচাপে ভিন্ন সময়ত নানা জাতি-উপজাতিৰ উত্থান-পতন আৰু মিলনৰ সোণালী ইতিহাসৰ সাক্ষী বহন কৰি সগৌৰৱে থিয় হৈ আছে আমাৰ ‘অসম’ দেশ। এনে এক গৌৰৱ হৈছে আমাৰ চাহ জন জাতি সকল, যি বৃহত্তৰ অসমীয়া জাতিৰ এক অবিচ্ছেদ্য অংগ হৈ পৰিছে। ভাৰতবৰ্ষৰ বিভিন্ন ৰাজ্যৰ পৰা অসমলৈ জীৱিকাৰ তাড়নাত আহি অসমীয়া জাতি-ধৰ্ম-সংস্কৃতিৰ সৈতে এক হৈ পৰা এই সকল চাহ জন জাতিৰ অবিহনে সঁচাকৈয়ে আমি আমাৰ অসমীয়া জাতিৰ বিষয়ে ভাবিব নোৱাৰো।

অসমৰ জাতীয় জীৱনত ঊনৈশ শতিকাৰ আৰম্ভণিতে বহুতো খেলিমেলি আৰু অৰাজক অৱস্থাই দেখা দিছিল। সেয়া আছিল অসমৰ ৰাজনৈতিক দৃশ্যপটৰ কিছু সাল-সলনি হোৱাৰ সময়। তেনে অস্থিৰ সময়তেই কিছুমান নতুন ৰেঙণীয়ে অসমৰ পূব আকাশত ভুমূকি মাৰিছিল আৰু তেনে এক ৰেঙণী চাহ শিল্পৰ শুভাগমন। ১৮২৩ খৃষ্টাব্দৰ ৰবাৰ্ট ব্ৰুচে মণিৰাম দেৱানৰ লগ হৈ অসমত চাহ গছৰ আৱিষ্কাৰ কৰিছিল। অসমত বনৰীয়া চাহ গছৰ সদৰি হ’লত ইংৰআজ বণিকৰ গাত তত্‌ নাইকীয়া হ’ল। অসমত চাহ খেতিৰ ব্যৱসায়িক সম্ভাৱনা দেখি ইংৰাজ সকলে চাহ খেতি কৰিবলৈ মন মেলিলে। এই ক্ষেত্ৰত উদ্ভৱ হোৱা এটা প্ৰধান সমস্যা আছিল চাহ খেতি কৰিব পৰাকৈ যথেষ্ট সংখ্যক থলুৱা শ্ৰমিকৰ অভাৱ। এই সমস্যাৰ সমাধান হিচাপে ইংৰাজ সকলে চলে বলে কৌশলে ভাৰতৰ বিভিন্ন স্থান যেনে- বিহাৰ, উৰিষ্যা, পশ্চিমবংগ, অন্ধ্ৰপ্ৰদেশ, মধ্যপ্ৰদেশ, উত্তৰ প্ৰদেশ আদি ঠাইৰ পৰা অসমলৈ শ্ৰমিক সৰবৰাহ কৰিবলৈ ধৰিলে। ইয়াৰ ভিতৰত তাঁতি, ওৰাং, বাউৰি, মুণ্ডা, ভূমিজ, কৰ্মকাৰ, তেলেঙা, বঢ়াইক, পানিকা, প্ৰধান, বণিয়া, গণ্ডা, গাজলু, গোবালা, মাঝি, চন্দ, নাগবংশী, তাচা, কৈৰী, ধানোৱাৰ, তেলী, ঘাটোৱাৰ, মলা, ভূঞা, নানিয়া আদি জাতি-উপজাতি আৰু খেলৰ প্ৰায় ১২০ মান সংমিশ্ৰণত সৃষ্টি হ’ল অসমৰ চাহ শ্ৰমিকৰ এক লোক সমষ্টি। এই সকল আছিল আৰ্থিক ভাবে জুৰুলা, খাবলৈ দুবেলা দুসাজ নোহোৱা লোক। জীৱিকাৰ তাড়নাত তথা ইংৰাজৰ ফুচুলনিত নিজ নিজ জন্মস্থান এৰি অসমলৈ আহি কালক্ৰমত অসমৰ নিগাজী বাসিন্দা হৈ পৰাৰ লগতে অসমীয়া জাতিৰ এক অপৰিহাৰ্য অংগ হৈ পৰিলহি এই চাহ জন জাতি সকল। অসমৰ মাটি, পানী আৰু বায়ুৰ সৈতে এক হৈ এতিয়া তেওঁলোক হৈ পৰিল অসমৰ জাতীয় জীৱনৰ শক্তি অসমীয়া ভাষা-সংস্কৃতি হৈ পৰিল তেওঁলোকৰ বুকুৰ আপোন। উল্লেখনীয় কথা হ’ল যে চাহ জনজাতিৰ লোক সকলে সাম্প্ৰদায়িক হিচাপে জীৱন যাপন কৰিবলৈ নিবিচাৰে। তেওঁলোকৰ মাজত বিভিন্ন ভাষা অন্তৰ্নিহিত হৈ আছে যদিও তেওঁলোকে অসমীয়া ভাষা শুদ্ধকৈ লিখিব আৰু পঢ়িব পৰা হ’ল অসমীয়া মাধ্যমৰ বিদ্যালয়তে শিক্ষা গ্ৰহণ কৰি অসমীয়া ভাষাকে তেওঁলোকৰ ল’ৰা-ছোৱালীয়ে মাতৃভাষা হিচাপে গ্ৰহণ কৰিছে।

প্ৰথমাৱস্থাত তেওঁলোকৰ মাজত শিক্ষাৰ প্ৰসাৰ নাছিল বুলিলেও অত্যুক্তি কৰা নহ’ব। স্কুললৈ গৈ পঢ়া-শুনা কৰাতকৈ চাহ বাগিচাত কাম কৰাতহে তেওঁলোকে গুৰুত্ব দিছিল। এতিয়া চহ শ্ৰমিকৰ ল’ৰা-ছোৱালিয়ে উচ্চ শিক্ষাৰে শিক্ষিত হৈ অসমীয়া সাহিত্য আৰু সাংস্কৃতিক জগত খনক নিজকে জিলিকাবলৈ সক্ষম হৈছে। শ্ৰী সুশীল কুৰ্মি, গুৰু চৰম কুৰ্মি আদিৰ দৰে লোক অসম সাহিত্য সভাত জড়িত হ’বলৈ সক্ষম হৈছে। তাৰোপৰি সমীৰ তাঁতী, সনন্ত তাঁতি, পদুমী গাজলুৰ দৰে কবিৰ হৃদয় স্পৰ্শী কবিতাই অসমীয়া সাহিত্যৰ ভঁড়াল চহকী কৰিছে। সেইদৰে নাট্য জগততো পদ্ম কৈৰী, বাৰ্কী প্ৰসাদ টেলেঙ্গা, চাজন নায়ক আদি কৰি কেইবা জনো বুক্তিয়ে অসমীয়া জগতলৈ তেওঁলোকৰ উল্লেখযোগ্য বৰঙণি যোগাইছে। অসম তথা ভাৰতবৰ্ষৰ ৰাজনৈতিক ক্ষেত্ৰ খনতো চাহ জনজাতিৰ সু-সন্তান সকলে উপযুক্ত প্ৰতিনিধিত্ব কৰা দেখা গৈছে। এই ক্ষেত্ৰত পৱন সিং ঘাটোৱাৰ, ৰামেশ্বৰ ধানোৱাৰ, পৃথিৱী মাঝি, কামাখ্যা প্ৰসাদ তাচা, ৰুপম কুৰ্মি, বিনোদ গোৱালা, আৰ্কিলিয়াছটিৰ্কি, দীপেন তাঁতী, জয়চন্দ্ৰ নাগবংশী, জীৱনতাৰা ঘাটোৱাৰ আদিৰ নাম উল্লেখযোগ্য। চাহ  জনজাতিৰ লোক সকল খুবেই ধাৰ্মিক। বছৰটোৰ প্ৰায় বোৰ সময়তেই তেওঁলোকে পূজা-পাৰ্বন, নাম-কীৰ্ত্তনত নিমজ্জিত থাকে। তেওঁলোকৰ প্ৰচলিত পূজা-পাৰ্বন তথা উৎসৱ হ’ল- দুৰ্গা পূজা, কৰম পূজা, টুচু পূজা, কালী পূজা, লাক্ষ্মী পূজা, মনসা পূজা, তুলসী পূজা, বীৰ পূজা, শিৱৰাত্ৰী, জন্মাষ্টমী, ফাকুৱা পৰৱ, দেৱালী পৰৱ, কৃষ্ণ লীলা আদি উল্লেখযোগ্য। ইয়াৰ উপৰিও তেওঁলোকে শঙ্কৰী ধৰ্ম, বাদ্য, ভাওনা, নৃত্য-গীত, হুচৰি আদিক নিজৰ কৰি লৈছে। বিভিন্ন চাহ বাগিছাত ঠায়ে ঠায়ে চাহ জনজাতিৰ ডেকা-গাভৰুৱে মিলি ৰঙালী হুচৰি গায়। অসমীয়া ঢোল, টকা, গগনা আদি বাদ্যবোৰ তেওঁলোকৰ খুবেই প্ৰিয়। সেইদৰে তেওঁলোকৰ ঝুমুৰ নৃত্যইও অসমীয়া সমাজত বিশেষ সমাদৰ লাভ কৰিছে। অনুভৱ কৰিব পাৰিলে ঝুমুৰ নৃত্য আৰু গীত খুবেই মিঠা। বিহু আৰু ঝুমুৰ দুয়োবিধ নৃত্য-গীতেই সৃষ্টিৰ মূল ভেঁটিত প্ৰতিষ্ঠিত। দুয়োবিধেই অসমীয়া সমাজ আৰু চাহ জনজাতীৰ সমাজৰ মাজত শান্তি-সম্প্ৰীতি আৰু ভাতৃত্ববোধ এক মিলন সেতু গঢ়িবলৈ সক্ষম হৈছে। ঝুমুৰ গীতৰ দৰেই চাহ জনজাতি সকলৰ অন্যতম প্ৰিয় গীত হ’ল ‘ডমকচ’। ডেকা-গাভৰুৰ মন উত্ৰাৱল কৰি তোলা ‘ডমকচ’ গীতবোৰ বছৰৰ যিকোনো সময়তে আনন্দ-সফূৰ্তিৰ মাজত গোৱা হয়। ফাগুণ মাহৰ পূৰ্ণিমা তিথিত উদ্‌যাপিত হোলি বা ফাকুৱাক তেওঁলোকে ‘চাগুৱা’ পৰৱ বুলিও কয়। তেওঁলোকৰ মাজত প্ৰচলিত প্ৰত্যেক বছৰৰ আহিন মাহৰ পৰা আৰম্ভ হোৱা কুকুৰাৰ যুঁজ এই ফাকুৱা উৎসৱতেই সামৰণি পৰে। তেওঁলোকৰ বিয়া-বাৰু, খাদ্য-বস্ত্ৰ আদিতো অসমীয়া ৰীতি-নীতি আৰু জাতীয় কৃষ্টিৰ যথেষ্ট প্ৰভাৱ পৰিলক্ষিত হৈছে। অসমীয়া লোক সকলৰ বাবে ভাদ মাহটো এক পবিত্ৰ মাহ। কিয়নো মহাপুৰুষ দুয়োজনাৰ তিথি আৰু জন্মাষ্টমী পৰে, আইঅ সকলে নামঘৰত নাম লয়। চাহ জনজাতিৰ বাবেও এই ভাদ মাহৰ সুকীয়া তাৎপৰ্য আছে। তেওঁলোকৰ ‘কৰম পূজা’ য’ত ঝুমুৰ নৃত্য-গীতৰ তালে তালে প্ৰতিজন চাহ মজতুৰ ভাই-ভনীয়ে নিজকে বিলীন কৰি তোলে সেইয়াও ভাদ মাহতে হয়। কৰম পূজাত ঝুমুৰ নৃত্য গীতৰ চাহিদা অন্যান্য অনুষ্ঠানতকৈ তুলনামূলক ভাবে যথেষ্ট বৃদ্ধি পায়। ঝুমুৰ নৃত্যৰ যোগেদিয়ে তেওঁলোকৰ ডেকা-গাভৰু সকলে ইজনে সিজনক প্ৰেম-প্ৰীতি আৰু ভাৱৰ আদান-প্ৰদান কৰিবলৈ সুযোগ পায়। হিন্দু সকলে যিদৰে একাদশী ব্ৰত পালন কৰে চাহ মজদুৰ সকলেও এই ব্ৰত পালন কৰে।

আজিকালি বহুতো চাহ শ্ৰমিকে চাহ বাগিচাৰ কম এৰি আন দহ খন অসমীয়া গাঁৱৰ দৰে মাটি বাৰী কিনি খেতি বাতি কৰি গাওঁ পাতি বাস কৰি জীৱন নিৰ্বাহ কৰিছে। তেওঁলোকে তাত নিজৰ বাবে নামঘৰো পাতি লৈছে। তেওঁলোকৰ মাজত প্ৰচলিত গীত-মাত আখ্যা-উপাখ্যান, সাঁথৰ, সাধুকথা আদিয়েও তেওঁলোকৰ সাংস্কৃতিক জীৱনৰ পৰিচয় দাঙি ধৰে। এইবোৰ বৈজ্ঞানিক পদ্ধতিৰে সংগ্ৰহ কৰি নিগাজী ৰুপ প্ৰদান কৰাত গুৰুত্ব দিয়া উচিত। অসম সাহিত্য সভাই চাহ শ্ৰমিক সকলৰ সংস্কৃতিৰ উন্নতিকল্পে এখনি সমিতি গঠন কৰি দিছে। এই সমিতিয়ে উপযুক্ত আঁচনি গ্ৰহণ কৰি কাৰ্যত পৰিণত কৰি আগুৱাই গ’লে চাহ জনজাতি সকলৰ সংস্কৃতিৰ লগতে অসমীয়া সাহিত্য সংস্কৃতি লৈ অভিলেখ অৰিহণা যোগাব পৰা যাব।

চাহ জনজাতিৰ কৃষ্টি-সংস্কৃষ্টি হৈ পৰিছে এক প্ৰধান উপনৈ যাৰ অবিহনে বিশাল বৰলুইতৰ দৰে অসমীয়া সংস্কৃতি আধৰুৱা হৈ ৰ’ব। অসমকেই নিজ মাতৃ বুলি গ্ৰহণ কৰা এই চাহ শ্ৰ্মিক সকলৰ অৰ্থনৈতিক দিশটো কিছু পিছপৰা যদিও বৰ্তমানে তেওঁলোকৰ মাজত শিক্ষা-দীক্ষাৰ প্ৰসাৰ হোৱাৰ লগে লগে এই অনগ্ৰসৰতা সমূহ কিছু পৰিমাণে লোপ পোৱাৰ পৰিলক্ষিত হৈছে।

বৰ্তমান অসমত থকা প্ৰায় ৮৫০ খন চাহ বাগিচাৰ এই সহজ চাহ জনজাতিৰ লোক সকলৰ জীৱন কেৱল এটি কলি দুটি পাতৰ মাজতে আবদ্ধ নাথাকি তেওঁলোকৰ যাতে সৰ্বাঙ্গীন বিকাশ সাধন হ’ব পাৰে তাৰ বাবে সকলোৱে চেষ্টা কৰা উচিত। এইক্ষেত্ৰত চৰকাৰৰ পদক্ষেপ গুৰুত্ব পূৰ্ণ হ’ব।

লেখক: মাচুম শইকীয়া, স্বৰ্ণলিপি

2.94642857143
Anonymous Feb 21, 2019 07:58 AM

ধুনিয়া

মিতালী ভট্টাচাৰ্য Apr 09, 2018 10:20 PM

আত্মাৰাম কুমাৰ এজন প্ৰগতিবাদী চাহ জনগোষ্ঠীয় সাহিত্যিক ৷ তেওঁ শিপাৰ দৰে চাহ গোষ্ঠীয় সাহিত্যৰ বিকাশত সাৰৰ যোগাৰ ধৰি আহি আছে ৷ তেওঁৰ বিষয়ে অলপ লিখিবচোন ৷

Akash sahu(teli) Sep 16, 2017 06:52 AM

Thank you very much that you think so much for our tribe and keep so much information.

সুমন শৰ্মা Mar 25, 2016 12:53 AM

লিখকৰ পৰিচয়

আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top