মূল পৃষ্ঠা / শিক্ষা / অসমৰ সংস্কৃতি / অসমীয়া সংস্কৃতিৰ এটা আপুৰুগীয়া সম্পদ দেৱদাসী নৃত্য
অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

অসমীয়া সংস্কৃতিৰ এটা আপুৰুগীয়া সম্পদ দেৱদাসী নৃত্য

অসমীয়া সংস্কৃতিৰ এটা আপুৰুগীয়া সম্পদ দেৱদাসী নৃত্যৰ বিষয়ে লিখা হৈছে ।

দেৱদাসী নৃত্য ভাৰতবৰ্ষৰ এবিধ প্ৰাচীন ধৰ্মীয় নৃত্য। বুৰঞ্জীবিদসকলে দাবী কৰে যে আৰ্যসকলে ভাৰতত বসতি স্থাপন কৰাৰ আগৰে পৰাই ভাৰতত দেৱদাসী নৃত্যৰ প্ৰচলন হয়। মানৱ সমাজৰ মংগল সাধনৰ উদ্দেশ্যে দেৱতাসকলক সন্তুষ্ট কৰিবলৈ দেৱদাসীসকলে নৃত্য-গীতৰ মাজেৰে দেৱতাৰ চৰ্ণত আত্মনিৱেদন কৰি জীৱনৰ সকলোবিলাক বিসৰ্জন দিছিল। দেৱদাসীসকলৰ মুখ্য কেন্দ্ৰস্থল আছিল কৰ্ণাকটৰ বেলগ্ৰামত থকা ‘খল্লমা’ দেৱীৰ মন্দিৰ।

ভাৰতত পল্লৱ আৰু চোল বংশৰ ৰজাসকলৰ ৰাজত্ব কালত দেৱদাসী নৃত্যই প্ৰসাৰতা লাভ কৰিছিল। মঠ-মন্দিৰ, দৌল আদি মাংগলিক অনুষ্ঠানবিলাকক আকৰ্ষণীয় কৰি তুলিবৰ বাবেই কেইবাগৰাকী যুৱতীক লৈ একোটা নৃত্য দল বান্ধি সমূহীয়া ৰাইজৰ আগত যুৱতীসকলৰ নৃত্য প্ৰদৰ্শন কৰিবলৈ সেই সময়ৰ শাসকসকলে আৰু ধৰ্মীয় যাজকসকলে বাধা কৰাইছিল। প্ৰাচীন অসমতো দেৱদাসী নৃত্যৰ প্ৰচলন যথেষ্ট আছিল। আহোম স্বৰ্গদেউসকলেই এই নৃত্যৰ পৃষ্ঠপোষক। প্ৰাচীন অসমৰ দেৰগাঁওৰ শিৱদৌল, অবিভক্ত কামৰূপৰ ডুবি গাঁৱৰ শিৱমন্দিৰ আৰু পুৰণি দৰঙৰ বিশ্বনাথ ঘাটত দেৱদাসী নৃত্যই জনপ্ৰিয়তা অৰ্জন কৰিছিল। আজিৰ পৰা প্ৰায় ৭০ বছৰমান আগলৈকে ডুবি পৰিহৰেশ্বৰ দেৱালয়ৰ দেৱদাসী নৃত্য নিয়মিতভাৱেই চলিছিল। প্ৰায় ৩০ বছৰমান আগেয়ে এই দেৱদাসী নৃত্যটো ৰাজহুৱাভাৱে বন্ধ হৈ যোৱাৰ পাছত অসমৰ আগশাৰীৰ কলা-বিশাদৰ প্ৰদীপ চলিহা আৰু বিষ্ণুপ্ৰসাদ ৰাভাৰ পৰামৰ্শ মতে পাঠশালা নিবাসী ৰত্ন তালুকদাৰে ডুবি পৰিহৰেশ্বৰ দেৱালয়ত শেষ দেৱদাসী কৌশল্যা আৰু ৰৈয়া আৰু সৰু বায়ন বেচাৰামৰ পৰা নৃত্যটোৰ কিছু অংশ উদ্ধাৰ কৰিছিল।

আহোম স্বৰ্গদেউ শিৱসিংহই দেৰগাঁও নেঘেৰিটিং শিৱমন্দিৰৰ প্ৰা গায়ন-বায়ন আৰু নৰ্টীৰ তিনিটা পৰিয়াল আনি ইয়াত সংস্থাপন কৰা বুলিও জনা যায়। জনা ম্মতে, প্ৰায় ষাঠি বছৰ পূৰ্বে ভাৰতৰ পৰা লুপ্ত হৈ যোৱা দেৱদাসী নৃত্য প্ৰথা সুপ্তভাৱে কৰ্ণাটক আৰু ওড়িশাত চলি আছিল। ওড়িশাৰ জগন্নাথ মন্দিৰৰ পূজাৰীসকলে ১৯৯৫ চনত কেইজনীমান ছোৱালী মন্দিৰলৈ আনি পুনৰ নৃত্য-গীতৰ ব্যৱস্থা কৰাৰ লগে লগে ৰাইজে প্ৰতিবাদ জনাইছিল। এই প্ৰতিবাদৰ কাৰণ হ’ল দেৱদাসীসকলক ‘বেশ্যা’ বুলিয়েই ভাবিছিল।

শ্ৰীশ্ৰী বিলবেশ্বৰ দেৱালয়তো দেৱদাসী নৃত্য চলিছিল। হাজোৰ হয়গ্ৰীৱ মাধৱ মন্দিৰতো দেৱদাসী নৃত্যৰ প্ৰচলন আছিল। অসমত দেৱদাসী নৃত্যৰ প্ৰথম প্ৰচলন ঘটিছিল দেৰগাঁৱৰ শিৱদৌলত। আহোম স্বৰ্গদেউ ৰাজেশ্বৰ সিংহই নিজেই শিৱদৌল নিৰ্মাণ কৰাই দেৱদাসী নৃত্যৰ পৃষ্ঠপোষকতা কৰিছিল। ফুলমতী নামৰ এগৰাকী দেৱদাসীক স্বৰ্গদেউ শিৱসিংহই বিবাহ কৰাইছিল।

দেৱদাসী নৃত্যৰ পাছতেই অসমৰ বিভিন্ন মঠ-মন্দিৰ, দেৱালয় আদিত কুমাৰী পূজা, দেওধনী নৃত্য আদি চালিব ধৰাৰ লগে লগে দেৱদাসী নৃত্যয়ো লাহে লাহে লোপ পাবলৈ ধৰিলে। ধৰ্মযাজসকলে বালিকা অৱস্থাতে যুৱতীসকলকো দেৱদাসী হিচাপে চিহ্নিত কৰি দিছিল। দেৱদাসী হ’বলৈ খোজা বালিকাসকলক সম্পূৰ্ণৰূপে বিবস্ত্ৰা কৰি গা ধুবলৈ দিয়া হয় আৰু ধোৱাৰ পাছত নিমপাতৰ মালা পিন্ধোৱা হয়। তাৰ পাছত দেৱদাসীসকলক মন্দিৰৰ দেৱতাৰ লগত বিবাহ কৰাই দি পুৰোহিতে মালা পিন্ধাই দিয়ে। এই মালা পিন্ধাই দিয়াৰ ফলত দেৱদাসীসকলে কেতিয়াও বিবাহত সোমাব নোৱাৰিছিল। এওঁলোকে মন্দিৰত দৈনন্দিন পূজাৰ অন্তত খোল আৰু তালৰ ছন্দে ছন্দে নৃত্য কৰিব লাগিছিল।

দেৱদাসীসকলে দীঘল হাতৰ চোলা পিন্ধিছিল। বুকুৰ ওপৰত টানি টানি মেৰিয়াই খোপালৈকে এখনি দীঘল ৰিহা পিন্ধিছিল। মূৰত এখন বগা পাতল কাপোৰ মেৰিয়াই লৈছিল। অলংকাৰ আছিল এনেধৰণৰ-

  • খাৰু,
  • কপালজেঠী,
  • গলপতা,
  • মণি,
  • কেৰু,
  • আঙঠি,
  • নুপূৰ আৰু
  • ডিঙিত বগা ফুলৰ মালা পিন্ধিছিল।

নৃত্য কৰা সময়ত এওঁবিলাকে মন্দিৰৰ ওচৰত থকা পুখুৰীত নিজৰ ‘প্ৰতিবিম্ব’ চাই সাজু হোৱা কাম সম্পূৰ্ণ কৰিছিল। মুখত আৰু শৰীৰত সুগন্ধি দ্ৰব্য আৰু কেতেকী ফুলৰ ৰং সানিছিল। দেৱদাসীবিলাকে ক্ৰমে সমাজৰ একাষৰীয়া জীৱন যাপন কৰিবলগীয়া হৈছিল।

বৰ্তমান সমগ্ৰ মন্দিৰবিলাকত দেৱদাসী নৃত্য লুপ্ত হৈ পৰিছে। দেৱদাসী নৃত্যু কামৰূপী প্ৰাচীন নৃত্যশৈলীৰ এটা বিশেষ ধাৰা বুলি কোৱা হয়। ই অসমৰ নিজা নৃত্য সম্পদ।

  • খৰমৰা,
  • আঁঠুলন,
  • থিয়লন আদি এই নৃত্যৰ বিশেষভংগী।

হস্তৰ ভিতৰত পতাক, ত্ৰিপতাক আদি এই নৃত্যৰ কেইটামান বিশেষ ভংগী। হস্তৰ লগত পদচালনাৰো এটা বিশেষ ভূমিকা আছে। এইটো কামৰূপী লাস্য নৃত্যৰ সুন্দৰ নিদেৰ্শন।

সাহিত্যাচাৰ্য অতুল চন্দ্ৰ হাজৰিকাৰ ‘দেৱদাসী’ কবিতাৰ মূল কথাও চমুকৈ প্ৰকাশ কৰা হ’ল। ব্যাথাভৰা জীৱনৰ পঞ্জীভূত বিপুল বেদনাৰে দেৱদাসীসকলে মন্দিৰৰ বিগ্ৰহৰ সন্মুখত নৃত্য কৰে। তেওঁলোকৰ জীৱন বিষাদেৰে ভৰপূৰ হ’লেও সম্পূৰ্ণ অন্তঃকৰণেৰে তেওঁলোকে নিতৌ ভগৱানক প্ৰাৰ্থনা কৰে। ব্যৰ্থ জীৱনৰ কাৰুণ্যই ব্যাকুল কৰিলেও দেৱদাসীসকলে বিগ্ৰহৰ দেৱতাকে একমাত্ৰ স্বামীৰূপে আৰাধনা কৰে। নৃত্যৰ ছেৱে ছেৱে সংগীতৰ প্ৰতিটো লহৰতে তেওঁলোকৰ হৃদয় বীণত একোটা মাথোন সুৰ বাজি উঠে। সেই অশ্ৰুভৰা কাহিনী ভাষাৰে প্ৰকাশ কৰিব নোৱাৰি। সেয়ে অন্তৰৰ আকুলতাৰে তেওঁলোকৰ বিষাদপূৰ্ণ হৃদয় দেৱদাসীসকলে নিজকে পৱিত্ৰ বুলি নাভাবে, তেওঁলোকৰ বিষাদপূৰ্ণ হৃদয় দেৱতাৰ পদপ্ৰান্তত অৰ্পণ কৰিছে। দেৱদাসীসকলে নিজকে পবিত্ৰ বুলি নাভাবে, তেওঁলোকৰ জীৱন কলংকিত। মন্দিৰত প্ৰতি সন্ধ্যা বাজি উঠা শংখ-ঘন্টা, দবাৰ ধ্বনিৰে দেৱদাসীৰ হৃদয় বেদনা যেন অধিক তীব্ৰ কৰি তোলে। দেৱদাসীসকলৰ জীৱন ব্যৰ্থ, যৌৱনৰ কোনো মূল্য নাই, সমাজে তেওঁলোকক ঘিণ কৰে, অবিচাৰ কৰে।

দেৱদাসীসকলৰ জীৱনৰ পাতনি ভূলৰ মাজেৰেই আৰু জীৱনৰ পৰিসমাপ্তিও ঘটিব ভুলৰ মাজেৰেই। ই যেন তেওঁলোকৰ কপালৰ লিখন। তথাপি এই কলংকিত জীৱনেৰেই তেওঁলোকৰ প্ৰতি সন্ধ্যা দেৱতাৰ উদ্দেশ্যে অৰ্ঘ্য দান কৰিব। মানুহৰ ঘৃণনীয় দেৱদাসীয়ে সেয়েহে দেৱতাক প্ৰাৰ্থনা জনাইছে, দেৱতাই যেন ঘিণ নকৰি তেওঁলোকৰ আকুল প্ৰাৰ্থনা গ্ৰহণ কৰে। হৃদয়ৰ ষোড়শপচাৰেৰে অৰ্ঘ প্ৰদান কৰি দেৱদাসীয়ে সেই অৰ্ঘ গ্ৰহণ কৰিবলৈ দেৱতাক দাবী জনাইছে- কাৰণ দেৱদাসীৰ জীৱন যৌৱনৰ ব্যৰ্থতাৰ কাৰণে দেৱতাই দায়ী।

লেখক: যাদৱ সেন ডেকা(অসম বাণী)

3.5
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top