মূল পৃষ্ঠা / শিক্ষা / অসমৰ সংস্কৃতি / অসমীয়াৰ সংস্কৃতি তামোল-পাণৰ গুণাগুণ
অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

অসমীয়াৰ সংস্কৃতি তামোল-পাণৰ গুণাগুণ

অসমীয়াৰ সংস্কৃতি তামোল-পাণৰ গুণাগুণৰ বিষয়ে লিখা হৈছে ।

ব্ৰিটিছ উপনিৱেশৰ কালৰ পৰাই গুৱাহাটী নামটো প্ৰচলিত । যাৰ অৰ্থ ‘তামোলৰ বজাৰ’ বুলি জনা যায় । তদুপৰি তামুলপুৰ আদি অসমৰ বিভিন্ন ঠাই তামোলৰ নামেৰেই প্ৰচলিত । ভাৰতবৰ্ষৰ পশ্চিমবংগ আৰু অসমকে ধৰি উত্তৰ-পূৰ্বাঞ্চলৰ বিভিন্ন ঠাইতহে বিশেষকৈ তামোল পোৱা যায় । ঠিক তেনেদৰে পৃথিৱীৰ বিভিন্ন ঠাইত, যেনে- ফিলিপাইনছ, ম্যানমাৰ, শ্ৰীলংকা, মালয়েছিয়া আদি দেশতো তামোল পোৱা যায় । সংস্কৃতি হিচাপে অতীজৰে পৰা তামোল-পাণৰ স্থান অসমত সদায় সুকীয়া । অসমত ব্যৱহৃত এই বিশেষ বস্তুবি হৰ বৈজ্ঞানিক দৃষ্টিভংগীৰে গুণাগুণ বিশ্লেষণ কৰি স্বাস্থ্যৰ ওপৰত ইয়াৰ প্ৰভাৱৰ কথা আলোচনা কৰাৰ প্ৰয়োজনীয়তা অনুভৱ কৰি লিখনিটো যুগুতালো ।

প্ৰথমতে চাওঁ আহকচোন তামোলত কি থাকে । তামোলত থকা প্ৰধান উপাদানসমুহ হ’ল কাৰ্বহাইড্ৰেট, চৰ্বি, প্ৰ’টিন, জলীয় বাষ্প, কেলচিয়াম, ফছফৰাছ, আইৰন ইত্যাদি । ইয়াৰ উপৰি তামোলত টেনিন নামৰ আৰু স্বাস্থ্যৰ পক্ষে হানিকাৰক এৰেকোলিন নামৰ জৈৱ-ৰাসায়নিক দ্ৰব্য পোৱা যায় । অৱশ্যে আয়ুৰ্বেদত তামোল-পাণক দৰব হিচাবেও ব্যৱহাৰ কৰে । সকলো বস্তু অধিক ব্যৱহাৰ কৰিলে তাৰ বেয়া প্ৰভাৱ শৰীৰত পৰে যদিও সীমিত পৰিমাণে ব্যৱহাৰ কৰিলে সুফলো পোৱা যায় ।

সঠিক পৰিমাণে ব্যৱহাৰ কৰা তামোল-পাণৰ উপকাৰিতাবোৰ হ’ল -

১) পুৰণি কালত তামোলক ইয়াৰ এণ্টিবেক্টেৰিয়েল গুণ থকা বাবে দাঁতৰ কেভিটী ৰোধ কৰিবলৈ দন্তমঞ্জনত ব্যৱহাৰ কৰা হৈছিল । পিছলৈ ইয়াৰ বিষক্ৰিয়ালৈ চাই আৰু তাতকৈ ভাল বস্তু বজাৰলৈ অহা বাবে এই ধাৰণা সলনি হ’ল ।

২) পেটত হোৱা পেলু নাশৰ বাবে তামোল-পাণ এবিধ মহৌষধ ।

৩) কিছুমান গৱেষণাৰ মতে যদিও তামোলে ডায়েবেটিছ বঢ়ায় বুলি কয়, তথাপি আন কিছুমানে প্ৰমাণ কৰিছে যে তামোলত পোৱা এৰেকোলিন নামৰ জৈৱ-ৰসায়নবিধে ডায়েবেটিছ নিয়ন্ত্ৰণত সহায় কৰে ।

৪) ডায়েবেটিছ আৰু আন কিছুমান ৰোগৰ বাবে মুখখনৰ ভিতৰভাগ শুকাই থকা হ’লে তামোল-পাণৰ দ্বাৰা নিয়ন্ত্ৰিতভাৱে লেলাৱটিৰ ক্ষৰণ কৰি মুখৰ এই শুষ্কতা প্ৰতিৰোধ কৰিব পাৰি ।

৫) বমি ভাব প্ৰতিৰোধত তামোল এবিধ দৰবসদৃশ । যাত্ৰা কৰাৰ সময়ত হোৱা মোচন চিকনেছ থাকিলে তামোল সহায়ক হ’ব পাৰে ।

৬) পুৰণি কালৰ পৰা গৰ্ভৱতী মহিলাৰ শৰীৰত আইৰনৰ পৰিমাণ উপলব্ধ কৰিবলৈ তামোল খাবলৈ দিয়া হৈছিল । ইয়াৰ উপৰি তামোলে শৰীৰত গ্লুক’জৰ মাত্ৰাও বঢ়ায় ।

৭) ডিছেণ্ট্ৰী প্ৰতিৰোধ বা নিৰাময়ত তামোলে সহায় কৰে । গুৰুতৰ নহ’লে ডিছেণ্ট্ৰী তামোল সেৱনৰ দ্বাৰা ঠিক হ’ব পাৰে হেনো ।

৮) তামোলত থকা এণ্টিঅক্সিডেণ্ট গুণে বাৰ্ধক্যজনিত ৰোগ প্ৰতিৰোধত সহায়ক হয় ।

৯) আয়ুৰ্বেদ কিছুমান যৌনৰোগ নিৰাময়তো দৰবৰ উপাদান হিচাপে তামোল-পাণক ব্যৱহাৰ কৰে ।

১০) শৰীৰত থকা এনজিঅ’ টেনছিন নামৰ ৰসায়নবিধৰ লগত বিক্ৰিয়া কৰি তামোলত পোৱা টেনিনে ৰক্তচাপ নিয়ন্ত্ৰণত সহায় কৰে ।

১১) গৱেষণাই প্ৰতিপন্ন কৰিছে যে ডিপ্ৰেছন বা স্কিজোফ্ৰেনিয়া আদি ৰোগ প্ৰতিৰোধ বা নিৰাময়তো হেনো ফলদায়ী এই তামোল পাণ । মগজুৰ আঘাতপ্ৰাপ্ত লোকৰ মাংসপেশীৰ নিয়ন্ত্ৰণৰ বাবে তামোল-পাণৰ উপযোগিতাৰ কথা গৱেষকে কয় যদিও আন দৰবৰ লগত হ’ব পৰা বিক্ৰিয়াৰ বাবে ইয়াৰ উপদেশ দিয়া নহয় ।

১২) মুহুদি হিচাপে তামোল-পাণৰ নিচিনা গুণ একোৰে নাই ।

তামোল-পাণৰ দ্বাৰা হ’ব পৰা অপকাৰসমূহ হ’ল -

১) গৱেষকসকলৰ মতে তামোল-পাণ চাধাৰ সৈতে খাওক বা চাধাবিহীনভাৱে খাওক, ইয়াৰ দ্বাৰা শৰীৰৰ বিভিন্ন অংগত কৰ্কট ৰোগ হোৱাৰ সম্ভাৱনা সৰ্বাধিক ।

২) তামোল-পাণ আৰু চূনৰ সংমিশ্ৰণে মুখৰ ভিতৰত ডিঙিলৈকে ঘাৰ সৃষ্টি কৰিব পাৰে । তামোল সেৱনৰ বাবে ছাবমিউকাছ ফাইব্ৰোছিছ আৰু তলৰ পাৰি দাঁত স্থবিৰ হোৱাৰ উদাহৰন বহুতো পোৱা গৈছে ।

৩) তামোলত থকা জৈৱ আৰু অজৈৱ ৰসায়নৰ বাবে আন ৰোগৰ বাবে ব্যৱহৃত দৰবৰ লগত বিক্ৰিয়া ঘটি শাৰীৰিক ব্যাঘাত জন্মাব পাৰে ।

৪) গৰ্ভৱতী মহিলাই নিয়মিত তামোল-পাণ সেৱনৰ ফলত নিৰ্ধাৰিত সময়তকৈ আগতে সন্তানৰ জন্ম হ’ব পাৰে । তদুপৰি শিশুৰ ওপৰত বিভিন্ন ধৰণৰ নেতিবাচক প্ৰভাৱ পৰিব পাৰে ।

৫) দাঁতত ৰঙা বা ক’লা দাগ পেলাই সৌন্দৰ্য হানি কৰাৰ লগতে ইয়াৰ ৰঙা ৰঙৰ থুবোৰে ঠাইবোৰ লেতেৰা কৰে ।

৬) অধিক তামোল-পাণৰ সেৱনে ভোক লাঘৱ কৰাৰ উপৰি পাকস্থলীত ৰোগৰ সৃষ্টি কৰে ।

গতিকে তামোল-পাণৰ অধিক সেৱনে কৰিব পৰা অপকাৰৰ প্ৰতি লক্ষ্য ৰাখি সংস্কৃতি ৰক্ষা কৰিবলৈ তথা উপকাৰবোৰ আহৰণ কৰিবলৈ সীমিত পৰিমাণে সেৱন কৰা উচিত ।

লেখক :- মুনিন  হুজুৰী

উৎস :- জি এনআৰ চি স্বাস্থ্য

2.0
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top