মূল পৃষ্ঠা / শিক্ষা / অসমৰ সংস্কৃতি / অসমৰ চাহ জনগোষ্ঠীৰ বিবাহ উৎসৱ
অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

অসমৰ চাহ জনগোষ্ঠীৰ বিবাহ উৎসৱ

অসমৰ চাহ জনগোষ্ঠীৰ বিবাহ উৎসৱ

বৃটিছসকলে অসমত চাহখেতি কৰিবলৈ সস্তীয়া বনুৱা কিছুমান ভাৰতৰ বিভিন্ন ঠাইৰপৰা বিচাৰ-খোচাৰ কৰি আনিছিল।এনেকৈ অসমৰ চাহ বাগিচাত কাম কৰিবলৈ ভাৰতবৰ্ষৰ বিভিন্ন প্ৰান্তৰপৰা অনা শ্ৰমিকসকলক চাহ শ্ৰমিক বোলা হয়।পিছলৈ এইসকল লোককে চাহ জনজাতি নামাকৰন কৰা হয়।আচলতে চাহ জনজাতি বুলি কোনো এটা নিদিষ্ট জনগোষ্ঠী নাই,ই এটা মাথোন পৰিচয়মাপক নামহে।বিবাহ উৎসৱ সকলো জাতিৰে নিজ নিজ বৈশিষ্ট দাঙি ধৰাত সহায় কৰি আহিছে।চাহ জনজাতিৰ এই বিবাহ উৎসৱ ভাৰতৰ বিভিন্ন জাতি-জনজাতিৰ স্ংস্কৃতিৰ স্ংমিশ্ৰনত গঢ় লৈ উঠাৰ কাৰনে ঠাইভেদে বিবাহৰ ৰীতি-নীতিৰ কিছু পাৰ্থক্য দেখা যায়।

চাহ জনগোষ্ঠীৰ বিবাহ পদ্ধতি বৰ দীঘ্লীয়া। লৰা-ছোৱালী যৌৱনপ্ৰাপ্ত হোবাৰ লগে লগেই বিবাহৰ বাবে পৰিয়ালৰ লোকসকল ত্ৎপৰ হৈ উঠে।বিয়া পাতিবলৈ লৰাৰ ঘৰ প্ৰথমে আগবাঢ়ি যায়।উপযুক্ত ছোৱালী বিচাৰ-খোচৰ কৰি বিচাৰি পালে প্ৰ্থমে লৰাৰ ঘৰৰপৰা দুই চাৰিজন বয়সীয়াল লোকে ছোৱালীৰ ঘৰলৈ যায়।ছোৱালীৰ ঘৰত প্ৰ্তিজন লোকক সেৱা কৰি ঘাটিত পানী দি কাঁহৰ থালিত সন্মান জনায়।এই অনুষ্ঠানক “জলঘটি বা ঘটিপানী বুলি কোৱা হয়।ইয়াৰ পিছত অতিথিক জা-জলপান খুৱাই কুশল-ম্ংগলৰ বাতৰি লয়।ৰাতি ভাত-পানী খাই উঠাৰ পিছতহে বিয়াৰ বাবে ছোৱালী বিচাৰি অহাৰ কথা ওলায়।দুয়োপক্ষৰ অলোচনাত অন্তত কথা-বতৰা মিলা যেন পালে পিছদিনাখন পুৱা ওচৰ-চুবুৰীয়াৰ মূৰব্বীৰ লগতে ইষ্ট কুটুম্বৰ দুই-চাৰিজনক মাতি কথা-বতৰা ছিঙি বিয়া খাটাং কৰা হয়।ছোৱালী বিচাৰী গৈ ৰাতি ছোৱালী ঘৰত থকাকে ৰাইত ঘুমা বুলি কয়।পিছদিনাখন পুৱা গাৱৰ মুখিয়ালসকলে গামোচাত তামোল পান বান্ধি আগবঢ়াই বিয়াৰ কথা ৰাইজক জনায়।এইদৰে দুয়োপক্ষৰ সন্মতি প্ৰকাশৰ আভাস দিয়ে।ইয়াক গুৱাভাঙা বা গুৱাচুপা বোলে।পিছত দিন বাৰ চাই কোনো এটি শুভ দিনত পাঁচ-সাত বা তাতকৈ বেছি বিষুৰীয়া স্ংখ্যাৰ লোক লৈ দৰাঘৰীয়া কইনা ঘৰলৈ যাত্ৰা কৰে আঙুঠি পিন্ধোৱা উপলক্ষে।সোনৰ আঙুঠিৰ লগতে কইনাৰ বাবে নতুন শাড়ী ব্লাউচ,খাৰু মনি আৰ্ছি-ফনী তেল পাউদাৰ আদি প্ৰ্সাধন সামগ্ৰী লৈ যোবাকে দধিভাৰ নিয়া বুলি কোৱা হয়।দধিভাৰ থবলৈ কইনাঘৰে আগৰেপৰাই চোতালখনত সাৰি-পুছি চাফা কৰি  বেদি স্থাপন কৰি থয়।চোতালত স্থাপন কৰা বেদীৰ চৌদীশ কন্যাক ৩/৫ বাৰ প্ৰ্দক্ষিন কৰোবাই যথাস্থানত বহুৱাই।প্ৰ্দক্ষিন কৰা সময়ত এগৰাকী মহিলাই পানী এঘটি লৈ অলপ অলপকৈ পানী ছতিয়াই গৈ ঠাইখিনি পৱিত্ৰ কৰি লয়।সেই বেদীৰ ওপৰত কইনাক বহিবলৈ দিয়া পীৰাখনতো আল্পনা অকাঁ হয়।কইনা বহাৰ পিছত দৰাপক্ষৰ লোকে কইনাক চুমন কৰে।চুমানত এখন কাহঁৰ থালি বা ডলা অথবা কুলাত চাউল দুবৰি তুলসী ঘিউ বা তেলৰ চাকি,তামোল পান আদি থয়।কইনাক আঙুঠি কাপোৰ আদি পিন্ধাই আৰ্শীবাদ দিয়ে।এনেদৰে আৰ্শীবাদ দিয়া কাৰ্য্যক “কইনা দেখা বা কাপোৰ পিন্ধা বোলা হয়।এই কাৰ্য্য হোৱাৰ পিছত কইনাঘৰেও এদিন দৰাঘৰলৈ গৈ দৰাক কাপোৰ পিন্ধা কাৰ্য্যসম্পন্ন কৰি আছে।এই অনুষ্ঠানক বৰদেখা বুলি কোৱা হয়।এই কাৰ্য্য কিছুমানে ব্ৰাক্ষণৰদ্বাৰা আৰু কিছুমানে গাৱৰঁ মূৰব্বী মাহত্ব্দ্বাৰা সম্পন্ন কৰে।

চাহ জনগোষ্ঠীৰ মাজতো জেঠ মাহত আৰু দৰা-কইনাৰ জন্মবাৰত সাধাৰনতে বিয়া পতা নিষেধ।কইনা দেখা কাৰ্য সম্পন্ন কৰি বিয়া দেৰিকৈ পতাসকলে পূজা-পাৰ্বন আদিত কইনাক কাপোৰ দিয়াৰ নিয়ম আছে।কইনা দেখাৰপৰা আৰম্ভ অৰি বিয়া শেষ হোৱালৈকে দুয়োপক্ষৰ দুজন মান্য লোকে দুয়োপিনৰ প্ৰ্তিনিধিত্ব কৰে।তেওঁলোকক আগুৱাদাৰ বুলি কোৱা হয়।চাহ জনজাতিৰ মাজত বিবাহৰ ক্ষেত্ৰত এজন অগুৱাদাৰ ভূমীকা যথেষ্ঠ গুৰুত্বপূৰ্ন।

চাহ জনজাতিৰ বিয়াত চোতালত পাঁচটা খুটাৰে এখন ৰভা বা চামড়া দিয়ে।কিছুমানে চামড়াত নটা খুটা পোতে।তাৰে এটা খুটা চামড়াৰ সোমাজত পোতে ।চামড়াৰ  ওপৰত আমৰ ডাল,বেলৰ ডাল আদি দিয়া হয়।চাৰিওফালে নাৰিকলৰ ৰছীত আমপাত মেৰিয়াই বান্ধি দিয়ে।চামড়াৰ মাজৰ খুটাটোক কেন্দ্ৰ কৰি বেদী তৈয়াৰ কৰা হয়।খুটাটোত খেৰৰ ৰছী মেৰিয়াই আমপাতত গুঁজি দিয়া হয়।চিকাৰ কৃষি আদিৰ প্ৰ্তিক হিচাপে বেদীত ধনুকাঁড়,নাঙল,বাৰসা আদি গুঁজি দিয়া হয়।ধান,পইচা আমপাত আদি ঘাটত থৈ দিয়া হয়।পাচিত ধান থৈ তিনি বা পাচঁকোনীয়া মাটিৰ চাকি জ্বলাই থোৱা হয়।পদুলি মুখত সুন্দৰকৈ তোৰন সজোৱা হয়।চামড়াৰ বেদী কিছুমানে ৰঙা মাটিৰে সাজে।ৰঙা মাটি নাপালে আন মাটিৰে সাজি ৰঙা ৰ্ং দিয়ে।লোকচাৰ অনুসৰি বিয়াৰ দিনা দৰাপক্ষই চামড়াৰ তলত বহি বিয়াত কইনাপক্ষক দিবলগীয়া বস্তখিনী হাতত তুলি দিয়ে।কইনাপক্ষই চাই-চিতি বস্তবোৰ লয়।

কুলিনসকলে কইনাৰ গা ধন হিচাপে পাচঁ সিকি পইচা দিয়ে।এই ধন মাতৃৰ মাতৃক্ষন সোধা হিচাপে দৰাপক্ষই কইনাপক্ষক দিয়ে।ভূমিজসকলে কইনাঘৰে যিমান কুৰি টকা বা কাপোৰ বিচাৰে সেই অনুযায়ী ছাগলীৰ লাদ দিয়ে।লাদবোৰ দুটা দোঙাত দিয়ে।কাপোৰ দিয়াটোক কম লাদ আৰু টকা দিয়াটোক বেছি লাদ দিয়ে।

বিয়াৰ আগেয়ে দৰাপক্ষই কইনা ঘৰলৈ গৈ লগন আনে।এই লগন ৩/৭/৯ দিনৰ বাবে আনে।এখিলা আমপাতত হালধি লগোৱা চাউল গোটা হালধি বেলপাত বা দুৱৰি বন দি দুটা টোপোলা বান্ধে।সেই টোপোলা দুয়োপক্ষই সাল সলনি কৰি লয়।টোপোলাৰ হালধিবোৰ লগনৰ দিন হিচাপে সুতাৰে বান্ধি সৰু সৰু ভাগ কৰি দিয়ে।অৰ্থাৎ যিমান দিনৰ লগন ধৰা হয় সিমান দিনৰ বাবে হালধি পৃথক পৃথকৈ সৰু টোপোলা কৰি বান্ধি দিয়া হয়।লগন পোবাৰ পিচতহে দৰাঘৰ নিজ ঘৰলৈ উভতি আহে। দৰাঘৰত ঘৰ পোবাৰ লগে লগে মহিলাসকলে লগন চুমান কৰি ঘৰলৈ নিয়ে আৰু লগন অনা লোকসকলক হাত ভৰি ধুৱাই খোৱাৰ ব্যৱস্থা কৰে।কইনাঘৰতো তেনেকৈ নিয়ম পালন কৰা হয়।কোনো কোনো ক্ষেত্ৰত লগনৰ দিনা সাত ঘৰৰ সাত কুৱাঁৰ পানী আনি দৰাঘৰত দৰাক কইনাঘৰত কইনাক তিনিআলি বা চাৰিআলিৰ স্ংগম স্থলত গা ধুৱায়।সাতকুৱাৰঁ পৰা অনা পানীক কুমাৰী পানী বুলি কোৱা হয়।যিমান দিনলৈ লগন থাকে সিমান দিনকৈকে সন্ধিয়াপৰত মহিলাসকলে দৰা-কইনাৰ নিজ নিজ ঘৰৰ চোতালত বিশেষ যতনেৰে বনোৱা গজাল নোহোৱা পীৰাত বহুৱাই তেল-হালধি সানে আৰু লগনৰ বাবে বান্ধি দিয়া হালধিৰ গাঠিঁ এটাকৈ এটাকৈ খোলে।এই গাঠিঁ খোলাৰ আগেয়ে দুয়োঘৰত হাতত নৈবেদ্য লৈ আসনৰ চাৰিওফালে সাতবাৰ পানী ছতিয়াই সাতপাক ঘুৰে।এই কাৰ্য্যক সাতজন লোক থাকে।এই কাৰ্য্যৰ উপৰি সাতপুৰুষৰপৰা আৰ্শীবাদ লোৱা হয়।এয়া এক মধুৰ লোকাচাৰ।তেওঁলোকে মাহ-হালধি সানোতে স্ফূৰ্তিতে ঠাট্ৰা-বিদ্ৰূপ কৰি কইনাঘৰ হালধিডাল বেয়া বুলি বিয়ানাম গায়-----

হলদি হলদি পূৰা

পাটনা ৰাই গিৰি চন্দনাৰে------

লগনৰ দিন ধৰি দিয়া শেষ নোহোৱা পৰ্যন্ত কইনাৰ লগত এজনী সহচৰী লগদীন থাকে।সেইদৰে দৰাৰ লগতো লগদীন হিচাপে সহচৰ থাকে।দৰা-কইনাৰ গাত মাহ-হালধি সানোতে লগদীনৰ হাততো সনা হয়।জনবিশ্বাস যে দৰা-কইনাক সেইকেইদিন সকলোবে আদৰ কৰাত সকলোৰে দেৱতাৰ ঈৰ্ষা হয় আৰু দেৱতাৰ কুদৃষ্টি পৰাৰ ভয়ত লগদীনকো মাহ হালধি সানে যাতে সহজতে দৰা কইনা কোন ধৰিব নোবাৰে।আন এক জনবিশ্বাস অনুসৰি ভূত-প্ৰেত আদি অপ দেৱতাৰপৰা হাত সাৰিবলৈ দৰা-কইনাক হাতত বা খোচনীত সদায় ষাঠি বা ছুৰি-কটাৰি এখন লৈ থাকিব লাগে।চাহ জনজাতিৰ যিখনৰ বেদিৰ সন্মুখত বিবাহ অনুষ্ঠান সম্পন্ন কৰা হয় সেইখন তেওঁলোকে সম্পূৰ্ন নিজস্ব ৰীতি নিতিৰে তৈয়াৰ কৰে।

বিয়াৰ দিনা পুৱা দৰা-কইনাক গা পা ধুৱাই নতুন কাপোৰ পিন্ধিবলৈ দিয়া হয়।ভনী সমন্ধীয় ছোৱালীবোৰে জল চাহা কৰ্ম কৰে।ভিনহি সমন্ধীয় লোক সকলোবে জল কাটা কাৰ্য্য সম্পন্ন কৰে আৰু নাপিতসকলে ক্ষৌৰ কৰ্ম কৰে।চিনাই ফেৰা কৰ্ম কৰাৰ পিছত কইনা শহুৰ ঘৰলৈ যাবলৈ সাজু হয়।এই সময়তে দৰা-কইনাক আম মুকুল খুওৱা হয়।আম মুকুল খুওৱা কাৰ্যটি আম বা বকুল গছৰ তলত বহি মাককে আদি কৰি মামী খুড়ী,পেহী,মাহী আদি আপোনজন সকলোবে দৰা –কইনাক কোলাত বহুৱাই গৰুৰ গাখীৰ খুৱায়।এনে ধৰনৰ কাৰ্যই অচলতে আন্তৰিকতাৰ পৰিচয় দাঙি ধৰে।জনবিশ্বাস মতে প্ৰাচীন কালত পাতলিপুত্ৰৰ ৰাজকুমাৰীয়ে বিয়া নোহোৱাৰ দুখত আমগছ জোপাকে পতি বৰন কৰিবলৈ গৈছিল।কিন্ত সৌভাগ্যবশত আম গছজোপাত ভয়ত আশ্ৰয় লৈ থকা ৰাজকুমাৰ এজনক আমজোপাৰ তলত লগ পায় আৰু বিবাহপাশত আবদ্ধ হয়।জনবিশ্বাস অনুসৰি যিজোপা আমগছৰ তলত আম মুকুল দৰা –কইনাক খুওৱা হয় সেইজোপা গছৰ আম খাব নাপায়।

বিয়াত দৰাই হাত দীঘল চোলা হালধীয়া ৰঙৰ ধূতি আৰু ডিঙিত সোন আৰু ৰুপ অথবা তুলসীৰ মালা পিন্ধে।কইনাই ডিঙিত কাণত হাতত ভৰিত সোন বা ৰুপৰ অলংকাৰ পিন্ধিব লাগে আৰু মূৰত মৌৰ পিন্ধিব লাগে।বিয়া কৰাবলৈ যাঁওতে দৰাৰ লগত এজন যুদ্ধৱেশী নৃত্যশিল্পী যায়।তেওঁৰ মুৰৰ ৰ্ংচঙীয়া পাগুৰীৰ পখি গাত ফিটা লগোৱা নানা ৰঙৰ কাপোৰ হাতত ঢাল-তৰোৱাল লৈ ঢাক-ঢোলৰ ছেৱে ছেবে নাচি যায়।এই নৃত্যশিল্পীগৰাকীক নটুৱা আৰু নৃত্যটোক নটুৱা নৃত্য বোলে।এই নাচ কেৱল বিয়াতহে নচা হয়।চাহ জনজাতিৰ ই এক বৈচিষ্টপূৰ্ন স্বকীয় নৃত্য।কইনাঘৰৰ পদুলি পোৱাৰ লগে লগে কইনাপক্ষৰ নটুৱাই দৰাপক্ষৰ নটুৱাক আগভেটী ধৰে আৰু দুয়োৰে নাচৰ প্ৰ্তিযোগীতা চলে।পদুলি মুখত খুলশালীয়ে দৰাক আদৰে।দৰাই শাহুক শাসলড়া অৰ্থাৎ মিঠাইৰ টোপোলা দি সন্মান যাচে।এই সময়ত কইনাৰ মাকৰ ওলোবা দেৰি হলে সাদী গীতত এইদৰে গায়------

কি কৰ গ কন্যাৰ মা ঘৰে সামায়ে

আংগনাই দশ বিশ লক

ইফালে কইনা ঘৰত জল চাহ কাৰ্য সমাপন কৰি কইনাক গা পা ধুৱাই নতুন সাজেৰে সজাই-পৰাই কইনাৰ কোলাত তিনিবাৰ পটাগুটি বা শিলগুটি দিয়াৰ নিয়ম।ইয়াৰ পিছত কইনাক ভিতৰৰ কোঠা এটাত লুকুবাই থোৱা হয় আৰু নিয়ম অনুসৰি দৰাপক্ষই বিচাৰি আনি হোমৰ গুৰীত বহুৱাব লাগে।চোতালৰ চামড়াত পতা বেদীৰ সন্মুখত দৰা-কইনাক বহুৱাই হোম কাৰ্য্য কৰি বিয়া কাম সম্পন্ন কৰা হয়।এই কাৰ্য্যত দৰাই মূৰৰ সেওঁতাত সেন্দুৰ দিয়ে আৰু ৰাইজে চাউল ছতিয়াই দৰা-কইনাক আৰ্শীবাদ দিয়ে।কিছুমানে আকৌ সমাজৰ মুখিয়ালৰদ্বাৰা অগ্নিক সাক্ষী কৰি ধুনাৰ লগত আখৈ মিহলাই হোম কৰে।কেতিয়াবা আকৌ দৰা-কইনাৰ মাজত তিনিডাল আচঁ মাৰি চাউল ছতিয়াইঁ মাডুৱা বেদীত বহুৱাই দি “ৰিন কি মাৰা” প্ৰথাৰে বিয়া কৰে।ইয়াৰ পিছত দৰা-কইনাই বেদীৰ চাৰিওফালে প্ৰ্দক্ষিন কৰে।কিছুমানে এনেদৰে ঘুৰোতে তামোল পান গচকি যায় বাবে সপ্তপদী বুলি কোৱা হয়।দৰা-কইনাক ভিতৰলৈ মাতি নি বহিবলৈ দিয়া ঠাইত যি আল্পনা-অকাঁ হয় তাত পুৰুষ মহিলাৰ চিত্ৰ অংকন কৰা হয়।এই ঠাইতে দৰা-কইনাই ছুৰী কটাৰী বা আঙুঠি সলায়।দৰাঘৰত কইনাই বা কইনাঘৰত দৰাই মাননি নোপোৱাকৈ একো খোৱাৰ নিয়ম নাই।কইনাই মাকৰ আচলঁত পাচঁবাৰ চাউল সাল সলনিকৈ দি লক্ষ্মীৰ নামত উৰ্ছগা কৰিহে বিদায় লয়।কইনাৰ লগত ননদ দিব লাগে।দৰাঘৰতো একেই চুমান বহে।ইয়াতো দৰা-কইনাক উপহাৰ দিয়া হয়।ইয়াৰ পিছত আৰম্ভ কৰে মৃগ চিকাৰ বুলি এটি অনুষ্ঠান।ইয়াত কইনাই আমপাত এখিলা বা লাও এটুকুৰা থৈ আগে আগে যায় আৰু দৰাই কাড়ঁ-মাৰি লক্ষ্যভেদ কৰে আৰু কইনাই বুটলি আনে।শেষত কইনাই দৰাক গুৰ-গাখীৰ খুৱাই নিজ আচঁলেৰে মুখ মচি দিব লাগে।।

মঞ্জু মজুমদাৰ বৰ্মন

2.93333333333
ভগীৰথ গঞ্জু Apr 28, 2019 09:44 PM

অসমৰ চাহ জনগোষ্ঠীৰ বিবাহৰ ৰচনা অতি সুন্দৰ ভাৱে দাঙি ধৰিছে।আপুনি আজি আমাৰ সমাজখনৰ উন্নতি পথত আগুৱাই নিয়াৰ কথা চিন্তা কৰিছে ।অতি সুন্দৰ ভাবে লিখিছে ।

Ram prasad72080 Jul 22, 2018 10:32 PM

ভাল লগিছে

শ্ৰী কৃষ্ণ পাতৰ,বিশ্বনাথ জিলা(অসম) Jan 08, 2018 05:02 AM

বৰ্মন ডাঙৰীয়ানী ,সেৱা গ্ৰহণ কৰিব | চাহ জনগোষ্ঠিৰ বিবাহ বিধি সম্পৰ্কে লিখনি ভাল লাগিছে | ঠাই ভেদে দুই এক বিধি তাৰতম্য দেখা যায় যদিও ৯০% আমাৰ "পাতৰ" সমাজৰ লগত মিল আছে | বিশেষ এয়ে যে অসমৰ চাহ বনুৱা অথবা চাহ শ্ৰমিক অথবা চাহ জনগোষ্ঠি আদিবাসী আদি নামাৰে পৰিচয় কৰিলেও কিন্তু বহুতো জাতি -উপজাতিৰ শাখা -প্ৰশাখা আছে | উদাহৰণ স্বৰূপে - মুণ্ডা,ওৰাং,মাঝি,কুৰ্মী,ভুমিজ, তাঁতি, গোৱালা,পাতৰ,খেড়িয়া, উড়িয়া ...ইত্যাদি |সেয়েহে পৰম্পৰা আৰু সমাজ ব্যৱস্থাৰো তাৰতম্য আছে | যি হওঁক,আপোনাক লিখনিৰ বাবে ধন্যবাদ ও কৃতজ্ঞতা জনাই পৰৱৰ্তী লিখনিৰ আশা কৰিছোঁ |ফোন নং -৯৮৫৪৫৬৯০১৯

আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top