অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

অসমৰ তিৱাসকল:

অসমক বুজিবলৈ যিদৰে ইতিহাস অধ্যয়নৰ দৰকাৰ, তেনেদৰে অসমীয়া জাতিক বুজিবলৈও অসমৰ বিভিন্ন জাতি আৰু জনগোষ্ঠীসমূহক জনাটো দৰকাৰ। অসমৰ বিভিন্ন জাতি আৰু জনগোষ্ঠীসমূহৰ ঐক্যবদ্ধ মিলন আৰু সম্প্ৰীতিৰ বৃহৎ এনাজৰীৰে বৃহত্তৰ অসমীয়া জাতি গঠন প্ৰক্ৰিয়া আৰম্ভ হৈছে।

অসমক বুজিবলৈ যিদৰে ইতিহাস অধ্যয়নৰ দৰকাৰ, তেনেদৰে অসমীয়া জাতিক বুজিবলৈও অসমৰ বিভিন্ন জাতি আৰু জনগোষ্ঠীসমূহক জনাটো দৰকাৰ। অসমৰ বিভিন্ন জাতি আৰু জনগোষ্ঠীসমূহৰ ঐক্যবদ্ধ মিলন আৰু সম্প্ৰীতিৰ বৃহৎ এনাজৰীৰে বৃহত্তৰ অসমীয়া জাতি গঠন প্ৰক্ৰিয়া আৰম্ভ হৈছে। সেয়ে অসমৰ জনগোষ্ঠীসমূহক বাদ দি অসমীয়া জাতিৰ কথা কল্পনাই কৰিব নোৱাৰি। অসম অতি পুৰণি খিলঞ্জীয়া জাতি-জনজাতিৰ লীলাভূমি। উত্তৰ-পূব ভাৰতৰ এই প্ৰাচীন ভূমিখণ্ডত সেই অতীজৰে পৰাই বসবাস কৰি আহিছে।তিব্বত-বৰ্মী ফৈদৰ মংগোলয়ড গোষ্ঠীৰ লোকসকলে। যিসকল লোকৰ সমাজ জীৱন স্বকীয়তাপূৰ্ণ,বৈচিত্ৰ্যময় ঐতিহ্যৰে ভৰপূৰ। এই প্ৰব্ৰজনকাৰী তিব্বত-বৰ্মী ফৈদৰ মানুহখিনিৰ ভিতৰত আছিল কছাৰী,কোচ,ৰাভা,মেছ,মিকিৰ,লালুং,ডিমাচা,গাৰো,নগা,চুতীয়া ইত্যাদি ভালেমান ফৈদৰ ভূমিপুত্ৰ খিলঞ্জীয়া লোক। লক্ষণীয় যে এই ভূমিপুত্ৰসকলে প্ৰব্ৰজনৰ সময়ত লগত লৈ আনিছিল তেওঁলোকৰ সমাজ জীৱনৰ বিবিধ ঐশ্বৰ্যৰাশি, ঐতিহ্যমণ্ডিত সংস্কৃতিক কঢ়িয়াই আনিছিল নজহা ন-পমা ৰূপত। অসমৰ বিভিন্ন থলুৱা এই জনগোষ্ঠীসমূহৰ ভিতৰত লালুং অথবা তিৱাসকল অন্যতম জনগোষ্ঠী। স্বকীয় ভাষা-কৃষ্টি-সংস্কৃতিৰে পৰিপূৰ্ণ হৈ তেওঁলোকেও অসমীয়া জাতি গঠন প্ৰক্ৰিয়াত বিশেষভাৱে অৰিহণা যোগাই আহিছে। বৰ্তমান লালুং সম্প্ৰদায়ৰ মানুহখিনিকে তিৱা বুলি কোৱা হয়। বুৰঞ্জীবিদ গেইট চাহাবৰ মতে তেওঁলোক অসমলৈ আহি ব্ৰহ্মপুত্ৰৰ দক্ষিণপাৰে বসবাস কৰিবলৈ লৈছিল। লাহে লাহে কাৰ্বি আংলং,কামৰূপ আদিলৈকো বসবাস কৰিবলৈ আগবাঢ়ি গৈছিল আৰু কাৰ্বিসকলৰ লগত বিয়া-বাৰু কৰি নিগাজি হৈছিল। কাৰ্বিসকলৰ ভাষাত ‘লা’ মানে পানী ‘লু’ মানে মুক্তি হোৱা। গতিকে লালুংসকলক কাৰ্বিসকলে পবিত্ৰ নদীৰ পৰা উদ্ভৱ(যুক্ত হোৱা)হোৱা জাতি বুলি কয়।আন এটি কিম্বদন্তিমতে তেওঁলোক ৰাক্ষসৰাজ বালিৰ বংশধৰ। আকৌ আন এটি কিম্বদন্তিমতে তেওঁলোক মহাদেৱৰ মুখৰ লালটিৰ পৰা সৃষ্টি হোৱা, সেয়েহে তেওঁলোকক লালুং(তিৱা) বুলি কোৱা হয়।

তিয়া শব্দৰ অৰ্থ-

তিয়া শব্দৰ অৰ্থ হ’ল ‘তি’ মানে পানী ‘ৱা’ মানে শ্ৰেষ্ঠ বাসিন্দা। ‘তিৱা’ শব্দ ‘তি ফৰ ৱালি’ অৰ্থাৎ পানীৰ কাষত বসবাস কৰা জনগোষ্ঠী শব্দৰ পৰা উদ্ধুদ্ধ। প্ৰথম লালুং ৰজা চতংগা পানীৰ পৰা ওপজা।গতিকে সমগ্ৰ জনগোষ্ঠীটোকে তিৱা বুলি অভিহিত কৰা বুলি ভাবে।কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাই ‘অসমীয়া কৃষ্ট’ নামেৰে এটা লিখিত অভিভাষণত তেওঁ তিৱা বা লালুংসকলৰ বিষয়ে এই বুলি লিখিছে যে ‘দেউৰীসকলৰ তিনিটা খেলৰ ভিতৰত লুইতেদি ভটিয়াই যাওঁতে বাটত হেৰাই যোৱা পাটৰ গঞা খেলটোৱেই লালুং নাম পায়’। (জনজাতি সমাজ-সংস্কৃতি,তিৱা সম্প্ৰদায়ৰ অতীত পৰিচয়,মনেশ্বৰ দেউৰী,পৃষ্ঠা ১১০) আহোম ভাষাত লালুং শব্দই ‘ভটিয়াই যোৱা ডাঙৰ দল’ অৰ্থ কৰে বুলি ড° লীলা গগৈয়ে মন্তব্য কৰিছে। সেই তথ্যমতে বিশ্বাস কৰাৰ থল আছে যে আহোমসকলে অসমত পদাৰ্পণ কৰাৰ পিচত আহোম ৰাজশক্তিৰ সন্মুখত তিষ্ঠিব নোৱাৰি যিসকল লোক ভটিয়াই গৈছিল, সেইসকলকে ‘লালুং’ আখ্যা দিয়া হয়। ড° গগৈদেৱৰ এই কথাই সাক্ষী দিয়ে যে আহোমসকলৰ বহু আগৰে পৰাই অসমত লালুংসকলে(তিৱা) বসবাস কৰিছিল।

তিৱাসকল এক সংস্কৃতিৱান জনগোষ্ঠী, এক চহকী সাংস্কৃতিক পৰম্পৰাৰ অধিকাৰী। তিৱাসকলে সাধাৰণতে নদীৰ পাৰত বাস কৰি ভাল পায়। আনহাতে বিশেষ পৰ্ব অৰ্থাৎ উৎসৱত পুৰুষসকলে ধুতী,পাগুৰি আৰু ঠেনাছ (কান্ধৰ পৰা আঁঠুৰ তললৈকে পৰা বিশেষ কাপোৰ) ব্যৱহাৰ কৰে। মহিলাসকলেও উক্ত সময়ত এই কাপোৰ ব্যৱহাৰ কৰে। তিৱাসকলে পাহাৰ-ভৈয়াম উভয়তে বসবাস কৰাৰ কাৰণে তিৱা সংস্কৃতিত পৰ্বত-ভৈয়াম দুয়োটা সংস্কৃতিৰে প্ৰভাৱ পৰিছে। তিৱা সমাজে ‘ইয়াংলি’ বুলি এটি কৃষি উৎসৱ তিনিদিনীয়াকৈ পালন কৰে।এই উৎসৱত তেওঁলোকে লখিমীক আদৰে আৰু পূজা-পাতলৰ বাবে বলি-বিধান আগবঢ়ায়। ‘চামাদি’ হৈছে তিৱাসকলৰ সামাজিক-সাংস্কৃতিক জীৱনৰ বুনিয়াদ। চামাদি তিৱা শব্দ। চা-শব্দৰ অৰ্থ পুত্ৰ, মা শব্দে মাতৃ আৰু দি বা তি শব্দই নদী বা পানীক বুজাইছে। এই অৰ্থে নদীমাতৃক পুত্ৰসকলৰ (তিৱাসকলৰ) আবাসস্থল বুলি ক’ব পাৰি। চামাদি বা ডেকাচাং উৎসৱত ডেকাসকলে সামাজিক শৃংখলা, কৰ্মনিপুণতা আৰু সাংস্কৃতিক শিক্ষা লাভ কৰি ভৱিষ্যৎ সাংসাৰিক জীৱনৰ বাবে নিজকে প্ৰস্তুত কৰি তোলে। ইয়াত গাৰ্হস্থ্য জীৱনৰ প্ৰয়োজনীয় সা-সঁজুলি আদি তৈয়াৰ কৰাৰ বাদেও নৃত্য-গীত আদিৰ চৰ্চা কৰা হয়। চামাদিৰ প্ৰধান বিষয়া চাংদলৈ। তেওঁৰ কাৰ্যকাল খুব বেছি দুটা বা তিনিটা বানছাৱা উৎসৱ। চামাদিত থকা ডেকাসকলে পৰম্পৰাগতভাৱে চলি অহা নীতি-নিয়ম মানি চলিব লাগে। তিৱাসকলৰ চামাদিৰ চাংঘৰৰ তলত কুকুৰা-গাহৰি পোহা নহয়। চামাদিত তিৱা জাতীয় পোছাক ‘টাগলা’ ব্যৱহাৰ কৰা হয়। ডেকাচাঙত কৃষ্টিৰ সঁজুলিবোৰ, যেনে খ্ৰাম, খ্ৰামবাৰ, জংখংখ্ৰাম, পাংচি, খোৰাং আদি সযতনে থোৱা হয়। তিৱা সমাজ সংগঠনত সেইবাবেই ডেকাচাং অৰ্থাৎ চামাদিৰ বৈশিষ্ট্য অন্যতম আৰু ইয়েই সমস্ত সামাজিক অনুষ্ঠানৰ ভিতৰত প্ৰধান বুলি গণ্য কৰা হয়।

তিৱাসকলৰ প্ৰধান উপাস্য দেৱতা-

তিৱাসকলৰ প্ৰধান উপাস্য দেৱতা হৈছে ফা মহাদেউ। তেৱেঁই সৃষ্টি কৰিব পাৰে,তেৱেঁই সংহাৰো কৰিব পাৰে। তিৱাসকলৰ অন্যতম উৎসৱ হৈছে ছগ্ৰা মিছাৱা। ছগ্ৰা মিছাৱা বা বসন্তকালীন উৎসৱ তিৱাসকলৰ সংস্কৃতিৰ আপুৰুগীয়া সম্পদ।ছগ্ৰা মিছাৱাৰ অৰ্থ হ’ল সকলোৱে মিলিজুলি নৃত্য-গীত কৰা। চ’তৰ সংক্ৰান্তিৰ দিনা অসমত ব’হাগ বিহু পালন কৰা হয়। কিন্তু তিৱাসকলে বিহু পালন কৰে ব’হাগ বিহুৰ পিচৰ বুধবাৰেহে। তিৱাসকলৰ মনত বুধবাৰ এটা পবিত্ৰ দিন।ফাগুন-চ’ত আৰু বহাগ’ৰ আৰম্ভণিতে কোনো এটা নিৰ্দিষ্ট বুধবাৰে দিন ধাৰ্য কৰি এই উৎসৱৰ পাতনি মেলা হয়।এই উৎসৱৰ পাতনি মেলা হয়।এই উৎসৱ কেইবাদিনো ধৰি চলে। তিৱাসকলৰ আন এটি উল্লেখযোগ্য উৎসৱ হৈছে ৱানছাৱা বা পিঠাগুড়ি খুন্দা উৎসৱ।এই উৎসৱ পাঁচ বা ছয় বছৰৰ মূৰে মূৰে অনুষথিত হয়।জেঠ মাহৰ পৰা শাওণ মাহৰ ভিতৰত সপ্তাহটোৰ মঙলবাৰৰ পৰা বৃহস্পতিবাৰৰ সন্ধিয়ালৈকে উলহ-মালহেৰে এই উৎসৱ উদযাপন হয়। উৎসৱটোৰ মূল পৰ্ব বুধবাৰৰ দিনা হয়।চাংদলৈৰ নিৰ্দেশানামতে গাঁৱৰ ডেকাসকলে লৰ’ৰ ঘৰৰ চোতালত এশৰ পৰা ডেৰশলৈকে বৃত্তাকাৰে উৰাল পাতে। সেই উৰালৰ বৃত্তটোৰ মাজত কুৰিটামান পাচিত চাউল ৰখা হয় আৰু উৰালত চাউল দিবৰ বাবে দহ-বাৰ জনমান যোগনিয়াৰ থাকে। দূৰ-দূৰণিৰ অন্য গাঁৱৰ ডেকা আহিও এই উৎসৱত অংশগ্ৰহণ কৰে। ইখন গাঁও আৰু সিখন গাঁৱৰ সকলো ডেকাই ইয়াত ভাগ লয়। হাতত উৰাল মাৰি লৈ ছন্দোবদ্ধ গতিৰে নৃত্য কৰি প্ৰত্যেকটো উৰালত তিনিবাৰকৈ খুন্দা মাৰে। নৃত্য আৰম্ভ হোৱাৰ আগতে চাৰিভাই লামফা ৰজা আৰু ফা-মহাদেউক(শিৱক) উদ্দেশ্য কৰি বন্দনা গীত গায়। ইয়াৰ পিচত খ্ৰাম আৰু খুৰাঙত নৃত্যৰ বাজনা বজোৱা হয়। এইদৰে কেইবাবাৰো পিঠাগুড়ি খায়। গধূলি ডেকাসকলে চামাদিলৈ গৈ খুন্দা পিঠাগুড়িৰ পিঠা খায়।ইয়াক তেওঁলোকে ‘টঙা ৱানছাৱা’ বুলি কয়। ইমানতে এই উৎসৱৰ সামৰণি পৰে।

তিৱাসকলৰ বিয়া-


তিৱাসকলৰ বিয়া প্ৰধানকৈ ছয়প্ৰকাৰৰ। তিৱাসকলে যজ্ঞ কৰি, হোম পুৰি বিয়া নাপাতে। তিৱাসকলৰ গভীয়া বা চপনীয়া বিয়ামতে জোঁৱাইক পুত্ৰ হিচাপে স্বীকৃতি দি আদৰি লয়। কোনো এক দম্পতীৰ পুত্ৰ সন্তান নাথাকিলে বিয়াৰ যোগ্য স্বাস্থ্যবান ডেকা এজনক নিজ কুলত তুলি লয় আৰু নিজৰ কন্যাক বিয়া দি জোঁৱাই কৰি লয়। এইক্ষেত্ৰত ল’ৰাৰ পক্ষ আৰু ছোৱালী পক্ষ- দুয়ো পক্ষৰে মাজত সম্পূৰ্ণ মত থাকিব লাগিব আৰু ল’ৰাৰ অভিভাৱকে ল’ৰজনক শহুৰেকৰ খেতি-বাতি, সুখ-দুখ, পূজা-পাৰ্বণ সকলোতে দায়িত্ব ল’বলৈ সম্পূৰ্ণ ৰূপত ৰাজী কৰাব লাগিব।

বৰবিয়া হৈছে তিৱাসকলৰ দ্বিতীয় বিয়াৰ প্ৰথা। এই বিয়াৰ সকলো কাৰ্যক্ৰম প্ৰজাপতি বিধিমতে কৰা হয়, কিন্তু হোম পোৰা নহয়। হোমৰ ঠাইত পাঁচটা কুকুৰা চৰাই দুয়ো ঘৰৰে সমাজৰ এজন বয়োজ্যেষ্ঠ মানুহে ভগৱানৰ নামত বলি দিয়ে। এই মানুহজনক তিৱাসকলে ‘বৰজেলা’ বুলি কয়। এই পাঁচটা কুকুৰা চৰাই পাঁচজন দেৱতা, সুৰ্য, গনেশ, দুৰ্গা, শিৱ আৰু বিষ্ণুৰ নামত উচৰ্গা কৰে। এই পূজাত বৰজেলা বা মুখিয়ালজনে পুৰোহিতৰ কাম কৰে। আনহাতে তিৱা সমাজত পলুৱাই নিয়া বিয়া বা গন্ধৰ্ব বিয়াৰ নিয়ম প্ৰচলন আছে।তিৱা সমাজত ছোৱালী ধৰি পতা বিয়া বা ৰাক্ষস বিয়ামতে কোনো ল’ৰাই ছোৱালী পছন্দ কৰাৰ পিচত ছোৱালী ঘৰে ল’ৰাক পছন্দ নকৰিলে ল’ৰাজনে ডেকা বন্ধুসকলৰ সহযোগত ছোৱালীজনী ধৰি ৰাখে। এনে কাৰ্য পূজা-পাৰ্বণ, বিয়া, ভাওনা আদি উৎসৱত সংঘটিত হয়। ছোৱালীজনীৰ প্ৰথমতে ইচ্ছা নাথাকিলেও লাহে লাহে বিয়াখন মানি লয়। আনহাতে কেতিয়াবা কোনো ছোৱালীয়ে অবৈধ সম্পৰ্কত লিপ্ত থাকিলে পৰিয়ালৰ লোকে ছোৱালীজনীক বিশেষ বিচাৰ নকৰাকৈ ল’ৰা এজনলৈ বিয়া দিয়ে। সেই ল’ৰাজন বিবাহিত বা বৰলাও হ’ব পাৰে। ছোৱালীজনীয়ে যিহেতু পৰিয়ালৰ মৰ্যদা ক্ষুন্ন কৰিছে, সেয়েই তাইৰ মতামত লোৱা নহয়। মাত্ৰ যুৱতীজনীক এজন দায়িত্ব থকা মানুহলৈ গতাই দিয়া হয়। এনে বিয়াক তিৱাসকলৰ ছোৱালী ধৰি-বান্ধি পতা বিবাহ বুলি কয়। তিৱাসকলৰ আন এটা বিবাহ পদ্ধতি হৈছে জোৰোণ দিয়া বিয়া।এনে বিয়াত দৰা-কইনা দুয়োপক্ষৰে জনাজনি হোৱাৰ পিচতহে পতা হয় আৰু তাকে কৰিবলৈ দুয়ো পক্ষই এঘৰে আন ঘৰলৈ কেইবাবাৰো অহা-যোৱা কৰিব লাগে। নিৰ্ধাৰিত দিনত দৰাঘৰে কইনাঘৰলৈ জোৰোণৰ ভাৰ লৈ যাত্ৰা কৰে। এই ভাৰত একলহ মদ, পিঠা এপাচি, এথোক তামোল, পাঁচ গুটি পাণ, চাউল, কুকুৰা চৰাই ইত্যাদি নিয়া হয়। শেষত দৰা-কইনাই ৰাইজ আৰু শাহু-শহুৰেকক সেৱা কৰি আশীৰ্বাদ লয় আৰু দৰাই কইনাক লৈ ঘৰলৈ যাত্ৰা কৰে।

উৎস:সম্ভাৰ(তপন কুমাৰ শৰ্মা)

2.98
Anonymous Aug 07, 2018 06:55 AM

ভাল লাগিল পঢ়ি

আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top