মূল পৃষ্ঠা / শিক্ষা / অসমৰ সংস্কৃতি / অসমৰ পুৰণি স্থাপত্য
অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

অসমৰ পুৰণি স্থাপত্য

অসমৰ পুৰণি স্থাপত্য

পুৰণি অসম বা প্ৰাগজ্যোতিষত গুপ্ত যুগৰেপৰা অগণন মঠ-মন্দিৰ, দুৰ্গ আৰু অট্টালিকা নিৰ্মাণ কৰাৰ প্ৰমাণ পোৱা যায়– বিদেশী পৰ্যটকৰ টোকাত, তাম্ৰশাসন আৰু ধৰ্মীয় গ্ৰন্থত। পিছে সেমেকা জলবায়ু আৰু প্ৰবল ভূমিকম্পই এই ভূখণ্ডৰ কোনো এটা মঠ-মন্দিৰকে সম্পূৰ্ণৰূপে অক্ষত অৱস্থাত থাকিবলৈ দিয়া নাই। তথাপি বিভিন্ন স্থানত থকা ধ্বংসাৱশেষৰ পৰা পুৰণি অসমৰ স্থাপত্য-কলাৰ বিষয়ে এটা থূল-মূল ধাৰণা কৰি ল’ব পাৰি। অসমৰ সবাতোকৈ প্ৰাচীন মন্দিৰৰ ধ্বংসাৱশেষটো উদ্ধাৰ হৈছে– শোণিতপুৰ জিলাৰ দ-পৰ্বতীয়াত। মন্দিৰটোৰ ভেটি, শিলৰ চৌকাঠ আৰু কেইটামান স্তম্ভ এতিয়াও আছে। চৌকাঠৰ ভাস্কৰ্যসমূহ গুপ্ত শৈলীৰ ভাস্কৰ্যৰ বিতোপন নিদৰ্শন। শিল আৰু ইটা উভয়কে মন্দিৰটোত প্ৰয়োগ কৰাটো উল্লেখযোগ্য। এই মন্দিৰটো তিনিটা ভাগত বিভাজিত – গৰ্ভগৃহ, মণ্ডপ আৰু মুখমণ্ডপ। গৰ্ভগৃহৰ চাৰিওফালে এটি প্ৰদক্ষিণ পথ আৰু গৰ্ভগৃহৰপৰা পানী ওলাই যোৱা শৈলনলী এটি এতিয়াও বৰ্তমান। তেজপুৰৰ ঘৰপোৰা চুবুৰীতো দুটা শৈলমন্দিৰৰ ধ্বংসাৱশেষ আছে। তাৰে এটাৰ দ্বাৰ-শিৰপট্টিত আছে পাঁচটা মন্দিৰৰ শিখৰ দেশৰ অনুপম ৰূপ। মন্দিৰটোৰ দ্বাৰ শিলালীত এজোপা গছৰ অলংকৰণ কলাসন্মত। ইয়াৰ মন্দিৰৰ দ্বাৰশাখাৰ নিম্নাংশতো দ-পৰ্বতীয়াৰ দৰে গংগা আৰু যমুনাৰ দ্বিভংগিম ঠামৰ আৱাহনী ভংগীৰ মূৰ্তি খোদিত কৰা। তেজপুৰ-বামুণী পাহাৰত একেলগে আছিল সাতোটা মন্দিৰ। মাজৰ মন্দিৰটো আছিল সবাতোকৈ ডাঙৰ। ইয়াৰো দ্বাৰ শিৰপট্টিত পঞ্চমন্দিৰ-শিখৰ উদগত হোৱা দেখা যায়। কোলপাৰ্কতো এনেদৰে মন্দিৰ উদগত হোৱা দ্বাৰ-শিৰপট্টি সুৰক্ষিত হৈছে। নগাওঁ জিলাৰ ডবকাৰ ওচৰৰ মিকিৰ আটিত নটা মন্দিৰৰ স্তুপীকৃত ৰূপ দেখিবলৈ পোৱা যায়। তিনিশাৰীত সম্পূৰ্ণ হোৱা এই মন্দিৰ কেইটাৰ মাজৰ মন্দিৰটো তেজপুৰৰ দৰে আছিল সবাতোকৈ ডাঙৰ। হাওঁৰাঘাটৰ নিকটৱৰ্তী মৌদংগাতো(দেৱস্থান) নটা মন্দিৰৰ ভেটি পোৱা গৈছে। গোঁসাই জুৰি, ৰাজবাৰী(যোগীজান) আদিতো নটা মন্দিৰৰ থূপ একেলগে থকা বুলি ড° নিশিপদ চৌধুৰীয়ে সাব্যস্ত কৰিছে। অৱশ্যে শিঙৰিৰ মন্দিৰ ভগা গাঁৱত সাতোটাহে মন্দিৰৰ ধ্বংসাৱশেষ আছে। শিঙৰি, বামুণী পাহাৰ প্ৰভৃতিৰ ধ্বংসাৱশেষত গৰ্ভগৃহ আৰু মণ্ডপ সংলগ্ন অন্তৰালৰ অৱস্থিতি মন কৰিবলগীয়া। অভয়াপুৰীৰ কমতেশ্বৰী মন্দিৰ আৰু চোমৰা শালীৰ দেৱীমন্দিৰৰ ধ্বংসাৱশেষত আকৌ মূল মন্দিৰটো মাজতে ৰাখি তাৰ চাৰিকোণে চাৰিটা সৰু মন্দিৰ স্থাপনা কৰা দেখা যায়। কামৰূপৰ শুৱালকুছিৰ সিদ্ধেশ্বৰী মন্দিৰটো প্ৰাক্‌-আহোম যুগৰ মন্দিৰ ৰূপে সাব্যস্ত কৰিছে। মন্দিৰটো সজা হৈছিল ঘাইকৈ ইটাৰে। প্ৰাক্‌ আহোম যুগীয় মন্দিৰবোৰৰ নিন্মাংশৰ নিৰ্মাণ শৈলী এনেধৰণৰ–

ক) মন্দিৰলৈ সোমাই যোৱা প্ৰৱেশ তোৰণ,

খ) মণ্ডপ বা নাট মন্দিৰ,

গ) গো-পুৰম বা প্ৰৱেশ গৃহ আৰু

ঘ) গৰ্ভগৃহ।

গৰ্ভগৃহত উপাস্য দেৱতাৰ বিগ্ৰহ সংস্থাপিত হয়। গৰ্ভগৃহৰ অধিষ্ঠানবোৰ চাৰিচুকীয়া আছিল। চাৰিচুকীয়া গৰ্ভগৃহৰ বিমান আছিল চতু:ৰথ যুক্ত। পিছলৈ সৌন্দৰ্য বৰ্ধনৰ বাবে সিবোৰ সপ্তৰথ বা তাতকৈ অধিক ৰথযুক্ত কৰা দেখা যায়। বিমানক মানুহৰ দেহৰ সৈতে তুলনা কৰে। যেনে– পাদ, জংঘা, স্কন্ধ আৰু শিৰ বা শিখৰ। মন্দিৰত শিখৰৰ স্থান বিশিষ্ট। শিখৰ অনুযায়ী মন্দিৰবোৰক বেলেগ বেলেগ নাম দিয়া হৈছে। যেনে–

ক. নাগৰ - ইয়াৰ ভেটি চাৰিচুকীয়া। শিখৰ এঢলীয়া হৈ য’ত মিলে তাতেই থাকে আমলক। তাৰ ওপৰত উপাস্য দেৱতা অনুযায়ী ত্ৰিশূল, চক্ৰ আদি।

খ. বেশৰ – দক্ষিণ বিন্ধ্যৰ আকৃতিৰ। ভেটি ঘূৰণীয়া, কক্ষাকৃতিৰ।

গ. দ্ৰাবিড় – দক্ষিণ ভাৰতীয় ৰীতিৰ। গম্বুজ ছয় বা আঠচুকীয়া। কেতিয়াবা পিৰামিডাকৃতিৰ।

অসমৰ অধিংশ মন্দিৰেই উত্তৰ ভাৰতীয় নাগৰ পদ্ধতিৰ। দুই-এটা মন্দিৰত বেশৰাকৃতিৰ গম্বুজেও স্থান পাইছিল। সিদ্ধেশ্বৰী মন্দিৰৰ শিখৰে তাৰ প্ৰমাণ। সেই মন্দিৰৰ শিখৰত আমলক নাই। এক কথাত, পুৰণি অসমৰ স্থাপত্য কলা সৰ্বভাৰতীয় নাগৰ-বেশৰ পদ্ধতিত গঢ় লৈ উঠা।

লিখক: ড° নাৰায়ণ দাস, অসমীয়া সংস্কৃতিৰ কণিকা

3.2
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top