অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

অসমৰ প্ৰথম দৌল উৎসৱ

অসমৰ প্ৰথম দৌল উৎসৱ

মহাপুৰুষ গুৰু জনাই মহেন্দ্ৰ কন্দলিৰ টোলত বিদ্যা শিক্ষা সমাপ্ত কৰি ভূঞা ৰাজ্যৰ প্ৰধান শিৰোমণি ভূঞাৰ বাবে গ্ৰহণ কৰি বৰদোৱাত থকাৰ সময়ত এদিন তেওঁক জয়ন্ত দলৈ, মাধৱ দলৈ আৰু ভূঞা সকলে আহি ক’লে-

বিদ্যাত পাৰ্গত           শাস্ত্ৰত আছে যত

সমস্তকে আছা পঢ়ি।

সমস্থ লোকৰ           হৰিষ বিস্তৰ

বৈকুণ্ঠ দিয়োক গঢ়ি।।

এনেদৰে সকলোৱে শংকৰক এই মৰ্ত্যকে সৰগ ৰচনা কৰি বৈকুণ্ঠ দেখুৱাবলে অনুৰোধ জনালে। তেতিয়া শংকৰে সন্মতি জনাই ক’লে-

তোমাষাৰ বাক্য        সত্যে সত্যে

দেখাইবো বৈকুণ্ঠ পৰ।

চিহ্নযাত্ৰা নামে        কৰিবো বেকত

হৰিষ পাইবা প্ৰচুৰ ।।- (ৰামচৰণ ঠাকুৰ)

কথামতে কাম- গুৰুৱে সাত বৈকুণ্ঠৰ চিত্ৰপট অংকন কৰি ভিন ভিন বাদ্য, যেনে- খোল, মৃদং, খুঁটিতাল, মঞ্জিৰা তাল, দবা, কাঁহ, নেগেৰা, দুন্দুভি, ভেৰি, শঙ্খ, শিঙা, কালি যোগাৰ কৰি জন্মস্থান বৰদোৱা থানৰ কিছু দক্ষিণে তেলচাকিৰ বন্তি, ভোটা আদি জ্বলাই আলোক সজ্জাৰ পৰিবেশ সৃস্থি কৰিলে। নাটক, শ্লোক, গীত ৰচি চিহ্নযাত্ৰা গোটেই অভিনয়ক সাত ভাগ কৰি প্ৰতি ভাগৰ বাবে এজন সূত্ৰধাৰ আৰু এজন বিষ্ণু নিয়োগ কৰিলে। শংকৰ আৰু তেওঁৰ সহপাঠী ৰাম ৰাম গুৰুৱে সলনা সলনি কৰি সাত বৈকুণ্ঠৰ প্ৰতিনিধিত্ব কৰি সাত জন বিষ্ণু আৰু সাত জন সূত্ৰধাৰৰ ৰুপত অৱতীৰ্ণ হৈ চিহ্নযাত্ৰা অভিনয়েৰে দৰ্শকক বাৰুকৈয়ে মুহিলে। মৰতৰ লোকক সৰগৰ বতৰা দিলে। ৰাইজ আনন্দত আপ্লুত হ’ল, ভক্তিত বুৰ গ’ল। চিহ্নযাত্ৰা অভিনয় প্ৰায় ১৪৬৮ চনত প্ৰদৰ্শন কৰা হৈছিল। উল্লেখনীয় যে ইংৰাজী নাটকৰ পিতৃ পুৰুষ উইলিয়াম শ্বেইক্সপীয়েৰ নাটকৰ (১৫৬৪) প্ৰায় এশ বছৰ আগতেই শংকৰ গুৰুৱে নাটক উদ্ভাৱন কৰাই সঁচাই আমাৰ বাবে গৌৰৱৰ বিষয়। ‘চিহ্নযাত্ৰা’ৰ জৰিয়তে বৈকুণ্ঠৰ চিত্ৰপট প্ৰদৰ্শনৰ দ্বাৰাই জন্মভূমি বৰদোৱাক দ্বিতীয় বৈকুণ্ঠৰ ৰুপ দিলে গুৰু শংকৰে। ‘চিহ্নযাত্ৰা’ থলীতে পঞ্চদশ শতিকাতে সাত থাক কৰি দৌল মন্দিৰ নিৰ্মাণ কৰি পবিত্ৰ একশৰণ নাম ধৰ্মৰ ভেটি বান্ধিলে। সাহিত্য, সংগীত, নৃত্য, চিহ্ন, অভিনয় আৰু নাম-কীৰ্তনেৰে এক দেৱ, এক সেৱ, এক বিনে নাই কেৱ বুলি কৃষ্ণৰ জয় গান গালে আৰু পোন প্ৰথম বাৰৰ বাবে ফাগ্লু পূৰ্ণিমাত এই দৌল মন্দিৰতে ফগ্লু উৎসৱ অৰ্থাৎ ফাকুৱা পাতি গোবিন্দ গোঁসাইৰ মূৰত ফাকু দিলে।

ফাগ্লুনীত গোবিন্দক তুলিয়া দৌলত।

দৌলযাত্ৰা কৰৈ মহোৎসৱ সিবেলাত।।-(কীৰ্তন)

সেই পৰম্পৰা অক্ষুন্ন ৰাখি প্ৰতি বছৰে বটদ্ৰৱাত আড়ম্বৰ পূৰ্ণভাৱে দৌল উৎসৱ বা ফাকুৱা উৎসৱুদ্‌যাপন কৰা হয়। কালক্ৰমত বটদ্ৰৱাৰ মূল উৎসৱলৈ ৰুপান্তৰ হোৱা এই দৌল উৎসৱৰ প্ৰথম দিনটোক গন্ধোৎসৱ বা বহ্নোৎসৱ বোলা হয়। এই উৎসৱৰ দিনা গোবিন্দ গোঁসাইক সন্ধ্যা গায়ন বায়ন আৰু ভক্তসৱে গাই বাই থানৰ উত্তৰে থকা আকাশীগ্ংগাৰ তীৰত এটি অস্থায়ী (গন্ধৰস) ঘৰলৈ নি বিঘিনি নাশক মন্ত্ৰ উচ্চাৰণ কৰি পিচত গন্ধঘৰতো পুৰি গোঁসাইক তাৰ পৰা লৈ অহা হয়। বৰদোৱাৰ থলুৱা প্ৰাকৃতিক উপাদানেৰে প্ৰস্ত্তত কৰা এবিধ বিশেষ তেলেৰে নোওৱা হয়। গন্ধ তেল বুলি প্ৰচলিত এই বিশেষ তেল গন্ধবিৰিঙা, গাঁঠিয়ন, মিথি, পিৰিকা ফুলেৰে প্ৰস্ত্তত কৰা হয়। পিচত গোসাঁইক নতুন বস্ত্ৰ পিন্ধোৱা হয় আৰু গায়ন-বায়নে ‘ৰাম ধেমালি’ পৰিবেশন কৰে। ইয়াৰ পিছদিনা গোসাঁইক নোৱাই-ধুৱাই আসনত বহুৱাই দোলয়, কৰ্পূৰ, কুমকুম মিহলি সুবাসিত ফাকু দিয়া হয় আৰু গায়ন-বায়নে ‘ন-ধেমালি’ পৰিবেশ কৰে। সেইবাবে এই দিনটোক ‘গোসাঁইৰ মূৰত ফাকু দিয়া উৎসৱ’ বোলা হয়। দৌল উৎসৱৰ তৃতীয় দিনা গোসাঁই ফুৰোৱা উৎসৱ। সেইদিনা গায়ন-বায়ন, ভকত-বৈষ্ণৱ, আই-মাতৃ সকলোৱে গোসাঁইক লৈ দৌললৈ যাত্ৰা কৰে। যাত্ৰা পথত গায়ন-বায়ন, ভকত-বৈষ্ণৱে ৰচক তালৰ-

‘বাইৰ হুয়াছে দেখো সই, সুন্দৰ নন্দ বালা।

হাতে বাংসী মুখে হাসি, গলে কদম্বৰ মালা।।’

শীৰ্ষক গীত পৰিবেশন কৰে। দৌল মন্দিৰত গোসাঁইক পূজা-অৰ্চনা দি সাত পাক প্ৰদক্ষিণ কৰোৱা হয়। পিচত গোসাঁইক বৰদোৱাৰ দুই সত্ৰ ক্ৰমে শ্ৰী শ্ৰী শলগুৰি আৰু শ্ৰী শ্ৰী নৰোৱা সত্ৰত প্ৰদক্ষিণ কৰোৱাই লগতে সত্ৰাধিকাৰ ডেকা সত্ৰাধিকাৰৰ ঘৰত প্ৰৱেশ কৰোৱাই পূজা-অৰ্চনা দি শেষত দুৱাৰ ধৰা নামৰ এটা বিশেষ অনুষ্ঠানৰ দ্বাৰা কীৰ্তন ঘৰত প্ৰৱেশ কৰোৱা হয়।

বটদ্ৰৱা থানত সনগ্ৰ বছৰটোত কেইবটাও গুৰুত্ব পূৰ্ণ উৎসৱ, যেনে- দুজনা গুৰুৰ জন্মোৎসৱ, তিৰোভাৱ তিথি, জন্মাষ্টমী, নন্দোৎসৱ, নাম সামৰণি, পাচতি, মাঘী পূৰ্ণিমা, বৌদ্ধ পূৰ্ণিমা, ভীম একাদশী, বাৰ্ষিক পালনাম, পুৰুষোত্তম আতা, চতুৰ্ভূজ আতা, অনন্তৰাম আতা, আই কনকলতা, দামোদৰ আতাৰ তিথি আদি উৎসৱ পালন কৰাহয় যদিও দৌল উৎসৱে বটদ্ৰৱা থানত বিশেষ তাৎপৰ্য বহন কৰে। ই বৰদোৱাৰ মূল উৎসৱ। এই উৎসৱলৈ অসমৰে নহয়, ভাৰতৰ ভিন্ন প্ৰান্তৰ পৰা অগণন ভক্তৰ আগমন হয়।

লেখক: দিব্যজ্যোতি বৰুৱা, দেওবৰীয়া সম্ভাৰ।

শেহতীয়া উন্নীতকৰণ: : 5/18/2020



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate