অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

অসমৰ বয়ন শিল্প

অসমৰ বয়ন শিল্প

প্ৰতিগৰাকী গ্ৰাম্য অসমীয়া মহিলা জন্মগত শিপিনী। অসমৰ গাঁওবোৰৰ প্ৰতিখন ঘৰতেই একোখন তাঁতশাল আছে বুলি ক’ব পাৰি। কল-কাৰখানা ওলোৱাৰ পিছতো অসমীয়া শিপিনীয়ে ধুনীয়া ধুনীয়া কাপোৰ বৈ বজাৰত উলিয়াই ৰাইজৰ মন আকৰ্ষণ কৰিব পাৰিছে। তাঁতশালৰ কাপোৰে বহু পৰিয়ালক আৰ্থিক সকাহ দিব। ৰাজ্যিক হস্ত-তাঁত আৰু বস্ত্ৰ শিল্প বিভাগে শিপিনীসকলৰ আৰ্থিক সাহাৰ্য্যৰ বাবে বিভিন্ন আঁচনি গ্ৰহণ কৰি আহিছে।

হস্ত তাঁত শিল্পই অকল অসমতে নহয়, ভাৰতবৰ্ষতে এক সুদূৰ প্ৰসাৰী ভূমিকা পালন কৰি আহিছে। বয়ন শিল্পক লৈয়েই বিভিন্ন ধৰণৰ কৰ্মৰ ভাগ অনুযায়ী ভালেমান আনুষংগিক বিভাগ লৈ বয়ন শিল্প গঢ়ি উঠে। যেনে সূতা আৰু কাপোৰত ৰং দিয়া, ছাপ মৰা, পাৰিব গুণা তৈয়াৰ কৰা, যন্ত্ৰৰ সহায়ত কাপোৰত ফুল বছা, পাটমুগা আৰু মিশ্ৰিত কাপোৰ বোৱা, উৎপাদিত কাপোৰৰ বিক্ৰী কেন্দ্ৰ খোলা ইত্যাদি। দক্ষিণ ভাৰতত হস্ত তাঁত শিল্প ব্যৱসায়ত পুৰুষেই বিশেষ ভূমিকা গ্ৰহণ কৰিছে। জীৱিকাৰ নিৰ্বাহৰ ইয়ো এটা প্ৰধান সম্বল।

তাঁত শিল্প প্ৰাচীন গৌৰৱময় গ্ৰাম্য কুটিৰ শিল্প। অসমৰ জাতীয় শিল্প। সকলো জনজাতিয়ে তাঁতশালত কাপোৰ বয়। কৃষিৰ পিছতেই বয়ন শিল্পৰ দ্বিতীয় স্থান বুলি কওঁতে ভুল নহয়। মানুহে কথাতেই কয়-মতাই বব হাল, মাইকীয়ে বব শাল। অসমীয়া মহিলাই ৰাতিটোৰ ভিতৰতে সূতা কাটি কাপোৰ বৈ উলিওৱাৰ পৰম্পৰা আছিল। ঘৰৰ পুৰুষক একে ৰাতিৰ ভিতৰতে সূতা কাটি কাপোৰ যুদ্ধলৈ পঠাই গৌৰৱবোধ কৰা বুলিও জনা যায়।

অসমীয়া জীয়ৰী-বোৱাৰীহতঁৰ হাতে বোৱা কাপোৰৰ মান দেখি মহাত্মা গান্ধীয়ে ভূয়সী প্ৰশংসা কৰিছিল। আজিকালি আধুনিক যন্ত্ৰ-পাতিৰে জাকজমকীয়া বিভিন্ন প্ৰকাৰৰ কাপোৰ বৈ কম দামত বজাৰত দিব পৰা হোৱাত হাতে বোৱা কাপোৰ বিপৰ্য্যয়ৰ মুখত পৰিবলগীয়া হৈছে। ফলত শিপিনীসকল আৰ্থিক দিশত অসুবিধাৰ সন্মুখীন হৈ পৰিছে। এসময়ত অসমীয়া সমাজত কাপোৰ ববলৈ নজনা ছোৱালীক ‘অকাজী’ বুলি আখ্যা দিছিল। কাপোৰ বব নজনা ছোৱালীক বিয়া কৰাবলৈ অসন্মত হৈছিল। অৱশ্যে আজিকালি কাপোৰ বব নাজানিলেও হয়; পঢ়াৰ ওপৰতহে বেছি গুৰুত্ব দিয়ে।

তাঁতৰ শালখনক অসমীয়া নাৰীৰ অতি হেঁপাহৰ, অতি মৰমৰ সম্পদ বুলিব পাৰি। প্ৰতিগৰাকী নাৰীৰ শিপিনীৰ পৰিচয় বিভিন্ন সময়ত ৰচিত বিহুনাম আদিৰ মাজেৰে ফুটি উঠে। বয়ন শিল্পক সজীৱ কৰি ৰখাৰ মানসিকতাৰ মৰমৰ দীঘেৰে, চেনেহৰ বাণিৰে বোৱা বিহুৱান একোখন প্ৰিয়জনক দি নিজে পাটমুগাৰ ৰিহা মেখেলা পিন্ধি বান্ধৱীসকলৰ লগত আনন্দ কৰাৰ সময় এই ৰঙালী বিহুতে। অসমীয়া সমাজৰ গামোচাৰ অতি সন্মান আছে।

তাঁতশাল চহকী ঐতিহ্যৰ প্ৰকাশ। বাণৰ হৰ্ষ চৰিতত প্ৰাচীন কামৰূপৰ বস্ত্ৰ শিল্পৰ মানৰ কথা স্পষ্ট। কৌটিল্যৰ অৰ্থশাস্ত্ৰত উল্লিখিত ‘সুবৰ্ণ কুঞ্জ’ আৰু ‘পত্ৰোৰ্ণ’ শব্দই আমাৰ এই শিল্পৰ প্ৰাচীনত্বৰ ইংগিত দিয়ে। তাঁতশাল পূজাও এবিধ ঋতুকালীন উৎসৱ। দুৰ্গা পূজাৰ বিজয়া দশমীৰ দিনা দেৱী বিসৰ্জন দিয়াৰ আগতে এই পূজা কৰা হয়। নামনি অসমৰ কিছুমান অঞ্চলত এই উদ্দেশ্যৰে ‘আইলা পূজা’ কৰা হয়। আইলা পূজাতো বোৱা-কটা সম্পৰ্কীয় গীত-মাত গোৱা হয়। সপ্তম শতিকাৰ ৰজা কুমাৰ ভাস্কৰ বৰ্মণৰ উপ-টোকনৰ মাজত মিহি, উৎকৃষ্ট খাপৰ ৰেচমী কাপোৰৰ নাম পোৱা যায়। বৈদিক যুগত ছোৱালীসকলক ব্যৱহাৰিক আৰু উপযোগী শিক্ষা দিয়া হৈছিল। সূতা কটা, বোৱা-কটা আদিৰ বিষয়ে ঋকবেদত উল্লেখ আছে।

এণ্ডি বা এৰিয়া চাদৰ অসমীয়া লোকৰ বাবে বৰ সন্মানৰ কাপোৰ। গাম্ভীৰ্যতা প্ৰকাশ পায়। ‘পলু’ নামৰ পোকক এৰা গছৰ পাতত ৰাখি এবিধ সূতা উলিওৱা হয়। ইয়াক এৰি সূতা কোৱা হয়। ধুতি, চাদৰ, এৰি কাপোৰ পিন্ধা লোকসকলক খাঁটি অসমীয়া সাজপাৰ পৰিধান কৰা লোক বুলি চিনাক্ত কৰিব পৰা যায়। নলবাৰী জিলাৰ বনমাজা, হিডলাৰটাৰী, বৰপেটা, কেকানকে ধৰি মুকালমুৱা অঞ্চল, বৰ্ণিবাৰী অঞ্চল আদিত এৰি কাপোৰ নিৰ্মাণ কৰে। বিশেষকৈ বড়ো সম্প্ৰদায়ৰ তিৰোতাসকলে এৰিয়া চাদৰ তৈয়াৰ হয়।

অসমৰ সৰ্বপ্ৰথম এৰি সূতা কটা যঁতৰৰ উদ্ভাৱক হ’ল জ্ঞানানন্দ চৌধুৰী। অসমৰ শিপিনীৰ সংস্কৃতিৰ সৈতে গভীৰ সম্পৰ্ক থকা চৌধুৰীৰ জন্ম হৈছিল ১৯১১ চনৰ ১৯ জুনত বৰপেটাত। তেওঁ এটা উল্লেখনীয় আৱিষ্কাৰেৰে অসম তথা গোটেই ভাৰতবৰ্ষতে খ্যাতি লাভ  কৰে। শিপিনীসকলৰ যি আওপুৰণি সূতা কটা পদ্ধতি তাৰ আধুনিকীকৰণৰ প্ৰতি লক্ষ্য ৰাখি অতি কম শাৰিৰীক কষ্ট খটুৱাই শিপিনীসকল অধিক উপাৰ্জনক্ষম হ’ব পাৰিব এই বিষয়ে চিন্তা কৰে। তেওঁ অনুভৱ কৰে যে গোটেই অসম তথা সমগ্ৰ উত্তৰ-পূৰ্বাঞ্চলতে অসমীয়া বোৱনী শিপিনীৰ এক উল্লেখযোগ্য স্থান আছে। অসম চৰকাৰৰ এৰি মুগা, পাট মুগা কটা যন্ত্ৰৰ যোগান ধৰোতা হিচাপে অসম, ভূটান, মেঘালয়, নগালেণ্ড, কৰ্ণাটক আদিত যথেষ্ট সমাদৰ লাভ কৰিছে। উল্লেখ কৰাটো ভাল হ’ব নলবাৰী জিলাৰ জাগাৰা সভাত এসময়ত যথেষ্ট এৰি কাপোৰ ওলাইছিল। মানুহে এৰি কাপোৰ আৰু বৰালী মাছ কিনাৰ বাবেই সভালৈ গৈছিল। তাঁতশালেই অসমত আজি দহ লাখৰ ওপৰ বোৱনীক স্বাৱলম্বী কৰাত সহায় কৰিছে। হাতেবোৱা তাঁতশালক আপুৰুগীয়া বাপতিসাহোন বুলি আজিও সাবটি থকা অসমৰ বোৱনীসকল, বিশেষকৈ শুৱালকুছিৰ নিচিনা বয়ন শিল্প প্ৰধান স্থানৰ লোকসকল তাঁতশালত উৎপাদিত বস্ত্ৰৰ ব্যৱসায়েৰে উন্নত জীৱন-যাপন কৰি আছে। সঁচাকৈয়ে শুৱালকুছিয়ে বস্ত্ৰ শিল্প নগৰী হিচাপে প্ৰথম স্থান লাভ কৰিবলৈ সক্ষম হৈছে। শুৱালকুছিৰ পিছতেই নলবাৰী জিলাৰ ককয়া গাওঁখনে দ্বিতীয় স্থান লাভ কৰাটো গৌৰৱজনক।

লিখক: যাদৱ সেন ডেকা, দৈনিক অসম

 

2.95945945946
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top