অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

অসমৰ বসন্ত উৎসৱ

অসমৰ বসন্ত উৎসৱ

ভাৰতবৰ্ষৰ উত্তৰ-পূৰ্বাঞ্চলৰ অন্যতম বসন্ত উৎসৱ ব’হাগ বিহু বা ৰঙালী বিহু মূলতঃ কৃষিপ্ৰধান উৎসৱ। খেতিৰ আৰম্ভণিৰ পূৰ্বে আই বসুমতীৰ উৰ্বৰতা কামনা কৰি অসমৰ চহা লোকসমাজে উদযাপন কৰে ঋতুকালীন উৎসৱ ব’হাগ বিহু। এই উৎসৱৰ মূল উৎস হৈছে প্ৰকৃতি। বসন্তৰ আগমনে প্ৰকৃতিৰ নৱযৌৱন, শোভা ধাৰণে অসমত বসবাস কৰা আটাইবোৰ জাতি আৰু জনজাতিৰ তেজত সমানে বসন্তৰ পিৰপিৰণি উঠে, তেওঁলোকে নৃত্য-গীতৰ মাজেৰে ৰং-ৰহইচ কৰি সৃষ্টিৰ আনন্দ উপভোগ কৰে। অতীতত বিহু উৎসৱ পালন কৰা অসমৰ খেতিয়ক ৰাইজৰ ওপৰত আৰ্য সভ্যতাৰ জ্যোতিষ গণনাৰ প্ৰভাৱ পৰা নাছিল (১)।

গতিকে সেইসময়ত বিহু উৎসৱ পালনৰ সময় নিৰ্দ্ধাৰণ কৰিছিল প্ৰকৃতিৰ সহায়তহে। সেইবাবে লোকসমাজে এটা নিৰ্দিষ্ট দিনত বিহু অনুষ্ঠিত কৰাটো সম্ভৱ হোৱা নাছিল। বৰ্তমানেও অসমৰ বহুতো জনজাতিয়ে চ’তৰ সংক্ৰান্তিৰ পৰা ব’হাগ বিহু পালন নকৰি দুই-এদিন আগতে বা পাছত পালন কৰে। অৱশ্যে নিৰ্দিষ্ট দিনত পালন নকৰিলেও সকলোৰে উদ্দেশ্য তথা আয়োজনো প্ৰায় একেই।

আৰ্য সংস্কৃতিৰ প্ৰভাৱত অসমৰ আৰ্যধৰ্মী হিন্দুসকলে মহাবিষুৱ সংক্ৰান্তিত ব’হাগ বিহু আৰম্ভ কৰে। সাত দিন ধৰি পালন কৰা এই উৎসৱৰ প্ৰতিটো দিনৰে এটি এটি সুকীয়া নামেৰে উদযাপন কৰা হয়। যেনে—গৰু বিহু, মানুহ বিহু, হাত বিহু, চেনেহী বিহু, মাইকী বিহু, ৰঙালী বিহু আৰু ছেৰা বিহু। পৃথিৱীৰ সকলো জাতিৰেই উৎসৱৰ লগত নৃত্য-গীত, বাদ্য, সাজ-পাৰ, খোৱা-লোৱা, খেল-ধেমালিৰ সম্বন্ধ আছে। আমাৰ অসমৰো বাৰেবৰণীয়া লোকসমাজেও বাপতি সাহোন ৰঙালী বিহুটিক নিজৰ নিজৰ নামেৰে নামকৰণ কৰি বিভিন্ন আচাৰেৰে পালন কৰে।

 

অসমৰ মংগোলীয় গোষ্ঠীৰ অন্যতম বিখ্যাত জনগোষ্ঠী বড়োসকলে বসন্তোৎসৱ ‘বৈছাগু’ বা ‘বৈখাগু’ পালন কৰে। অতি প্ৰাচীন কালৰে পৰা বড়োসকলে চ’ত-ব’হাগৰ সংক্ৰান্তিত সমগ্ৰ উত্তৰ-পূৰ্বাঞ্চলৰ আৰ্য-দ্ৰাবিড়-অষ্ট্ৰিক-মংগোলীয় মূলজ অন্যান্য জনগোষ্ঠীসকলৰ দৰেই সাদিনীয়াকৈ বৰ্ণাঢ্য কাৰ্যসূচীৰে নতুন বছৰটিক আদৰণি জনোৱা আৰু সোণালী শইচ ফলাবলৈ প্ৰস্তুতি চলোৱাৰ সুচল থকা এটি পৰ্ব হিচাপে বৈছাগু উদযাপন কৰি আহিছে (২)।

অসমৰ ৰাভা জনজাতিৰ বসন্তকালীন উৎসৱ হৈছে ‘বায়খো’ বা ‘খোকছি’। জেঠ মাহত পালন কৰা বায়খো উৎসৱত ৰাভাসকলে লোকাচাৰসন্মত দেৱ-দেৱীৰ পূজা-অৰ্চনা কৰে। অন্যহাতে বায়খো উৎসৱৰ আনুসঙ্গিকভাবে ৰাভা ডেকা-গাভৰুৱে ছাথাৰ নৃত্য-গীত পৰিবেশন কৰে।

মিছিংসকলে বসন্তোৎসৱ ‘আলি-আই-লিগাং’ উদযাপন কৰে। আহুধান সিঁচিবৰ সময়ত আলি-আই-লিগাং চমুকৈ লিগাং (ধানদোৱা বিহু) পালন কৰে। তেওঁলোকে মহাবিষুৱ সংক্ৰান্তিত লিগাং উৎসৱ উদযাপন নকৰি বৰ্তমান ফাগুন মাহৰ প্ৰথম বুধবাৰটোত লক্ষ্মীবাৰ হিচাপে পালন কৰে। এই লিগাং বা ধানদোৱা বিহুত তেওঁলোকে বৰকাঁহ বজাই মেঘ দেৱতাক সজাগ কৰে। নাচি নাচি তেওঁলোকে আকাশৰ পৰা পানী নমাই আনি পৃথিৱীক শস্য শ্যামলা কৰিবলৈ উঠি পৰি লাগে (৩)।

মিছিংসকলৰ দৰে তিৱা বা লালুং, দেউৰী বা চুতীয়া আৰু মৰাণসকলেও বুধবাৰটো পবিত্ৰ দিন হিচাপে গণ্য কৰি বিহুৰ পাতনি মেলে। এই উপলক্ষে তিৱাসকলে ‘ছগ্ৰা মিছাৱা’ আৰু দেউৰীসকলে ‘বিচু’ উৎসৱ পালন কৰে। মৰাণসকল এসময়ত শাক্ত আছিল বাবে এতিয়াও ৰঙালী বিহুত দেৱী পূজাৰ পয়োভৰ দেখা যায়।

ইয়াৰ উপৰি অসমৰ ডিমাচাসকলে বসন্তোৎসৱ ‘বুদু’ পালন কৰে। সোণোৱাল কছাৰীসকলে ‘বলি ৰাজ দোমাহী’ হিচাপে পালন কৰে আৰু হাজংসকলে পালন কৰে ‘বিষুৱা’। অসমত বাস কৰা টাই বৌদ্ধসকলেও বসন্ত উৎসৱ ‘পয়চাংকেন্’ উদযাপন কৰে।

এইদৰে বাৰেবৰণীয়া অসমীয়া সংস্কৃতিৰ বিভিন্ন জাতি-জনজাতিৰ মাজত বিভিন্ন ৰূপত বসন্ত ঋতুত লোকউৎসৱসমূহ পালন কৰা দেখা যায়। আমাৰ আলোচনাত বিস্তৃত অসমৰ জাতি-জনজাতিৰ সকলোখিনি বসন্তকালীন উৎসৱৰ আটাইবোৰ দিশ উল্লেখ কৰাটো সম্ভৱ নহ’ল। আলোচনাটোৰ মাজেৰে এখুদমান আভাস দিবলৈহে প্ৰয়াস কৰা হ’ল।

প্ৰসঙ্গ টীকা:

(১) প্ৰদীপ চলিহা, “ৰঙালী বিহু: উৎস আৰু উপাদান”, অসমীয়া ভাষা-সাহিত্য আৰু সংস্কৃতি, সম্পা. শৈলেন ভৰালী, পৃ. ১১১

(২) উপেন ৰাভা হাকাচাম, বৰ অসমৰ বিহু সংস্কৃতি, প্ৰথম সংস্কৰণ, পৃ. ৮১

(৩) তৰুণ চন্দ্ৰ পামেগাম, “মিৰি বা মিছিং”, অসমৰ জনজাতি, সম্পা. প্ৰমোদ চন্দ্ৰ ভট্টাচাৰ্য, দ্বিতীয় সংস্কৰণ, পৃ. ১২৫

গ্ৰন্থপঞ্জী:

১/ অসমৰ জনজাতি, তৃতীয় সংস্কৰণ, সম্পা. প্ৰমোদ চন্দ্ৰ ভট্টাচাৰ্য, ২০০৮

২/ অসমৰ সংস্কৃতি, লীলা গগৈ, বনলতা, ১৯৯৪

৩/ বৰ অসমৰ বিহু সংস্কৃতি, উপেন ৰাভা হাকাচাম, অৰুণোদয় প্ৰকাশন, ২০১১

লিখক: ছবিনী দাস

3.01639344262
আকলিমা Feb 25, 2019 05:58 PM

আপোনাৰ সংগৃহীত লিখনিৰ পৰা মই বহুত উপকৃত হৈছো

উত্পল ৰায় Apr 16, 2017 01:49 AM

বিষুৱা :-
বিষুৱা হৈছে কোচ ৰাজবংশীৰ জাতীয় উৎসৱ। চ’ত মাহৰ সংক্ৰান্তিৰ পৰা এই উৎসৱ আৰম্ভ হয় আৰু ছয় ব’হাগলৈ চলে। সম্পূৰ্ণ সাতদিন ধৰি চলা বাবেই ইয়াৰ আন এটা নাম হ’ল সাত বিষুৱা। চ’তৰ সংক্ৰান্তিৰ দিনা গৃহস্থই পুৱাতে উঠি মুখ-হাত নোধোৱাকৈ আগদিনাই আনি থোৱা বেতৰ পাত, বিষকুটুলিৰ পাত(বিহলঙনি),কাতুৰিৰ ফুল, দীঘলতিৰ পাত, কানসিচাৰ পাত (দ্ৰোণ), বিষঢেঁকীয়া, ভেটমালিৰ পাত আৰু ফুল আদি একেলগ কৰি প্ৰত্যেকটো ঘৰৰ মাৰলত, পদূলিত, নঙলামুখত, তাঁতশালত গুজি দিয়া হয়। ইয়াৰ লগে লগে ঘৰৰ গৰুক লাউ, বেঙেনাৰ মালা পিন্ধাই নৈ, বিল, পুখুৰী আদিত নমাই দীঘলতিৰ পাতেৰে কোবাই কোবাই গা ধুৱাই গৰখীয়াই এইদৰে গীত গায়:-
লাউ খা বাইগন খা
বছৰে বছৰে বাঢ়িয়া যা
বাপ বৰো মাৱ বৰো
তুই হইছ মোটা তাজো।
ঠিক সেইদৰে এই বিষুৱাতে কোচ ৰাজবংশী সমাজত সাতশাকী অৰ্থাৎ সাতবিধ শাক একেলগে ৰান্ধি খোৱাৰ নিয়ম আছে। ইয়াৰ বাবে মহিলাসকলে সমূহীয়াভাৱে ওচৰৰ পাহাৰ বা হাবিত শাক তুলিবলৈ যায় আৰু কুলাঢাকি (মাটিপিচা), ঢেঁকীয়া, বেতৰ গাজ, জঙা, তিনপাতিয়া, নিমপাত,আমৰ মল, পুণ্ডীৰ গাজ, দেৱীটোকন, ডিংডিঙাৰ আগ আদি তুলি আনে। লোকবিশ্বাস মতে সাতশাক ৰান্ধি খালে বছৰটোৰ বাবে ৰোগৰ বিজাণু, বেমাৰ আজাৰৰ পৰা পৰিত্ৰাণ পোৱা যায়। এনেদৰেই উলাহ-মালহেৰে কোচ ৰাজবংশী সমাজত জাতীয় উৎসৱ বিষুৱা পালন কৰা হয়।

আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top