অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

গগনা

মিহি মিঠা মাতৰ দিয়া, বাঁহেৰে তৈয়াৰী সুষিৰ বাদ্যৰ অন্তৰ্গত এবিধ বাদ্য হ'ল গগনা । দেখিবলৈ সৰু যদিওঁ ইয়াক সাজি উলিওৱাৰ পদ্ধতি বৰ জটিল । সাধাৰণতে ১৮/২০ ছে: মি: দীঘল আৰু ২/৩ ছে: মি: বহল বিজুলী বাঁহ বা জাতি বাঁহ এটুকুৰাৰ পৰা গগনা তৈয়াৰ কৰা হয় । আকৌ মুখ চোকা শিপিনীৰ তাঁতৰ ব-চোঙা চুৰ কৰি তাৰ বাঁহেৰে গগনা তৈয়াৰ কৰিলে মাত ভাল হয় বুলি জনশ্ৰুতি আছে । এতিয়া আহো গগনাৰ নিৰ্মাণ পদ্ধতিলৈ । বিহু গীতত আছে ————— "দুফালে দুচাটি/ মাজতে একাঠি/ মুগা সুতা লগায়ে বাঁও....." ইয়াৰ পৰাই স্পষ্ট হৈ পৰে যে গগনা তৈয়াৰ কৰিবৰ বাবে নিৰ্দিষ্ট কৰি লোৱা বাঁহ ডোখৰত তিনিটা অংশ কৰিব লাগে । নিৰ্দিষ্ট বাঁহ ছটাৰ এটা মূৰৰ মাজৰ অংশ চাঁচি পাতল কৰি মধ্য ভাগত এখন জিভা কাটি দুয়োফালৰ বাঁহ কাটি এৰুৱাই গগনা প্ৰস্তুত কৰা হয় । এই জিভাখন যিমানেই মিহি আৰু পাতল হয় সিমানেই ইয়াৰ মাত সুন্দৰ হয়।

বাদন প্ৰণালী

গগনা ওঁঠৰ মাজত লৈ বজোৱা হয় । যুগল দাস দেৱে তেখেতৰ "অসমৰ লোককলা" নামৰ গ্ৰন্থত গগনা বাদন শৈলীৰ বিষয়ে এনেদৰে লেখিছে, "ইয়াক দাঁতেৰে ধৰি আঙুলিৰে ঝংকাৰ দি বজোৱা হয় । গগনা বজাওঁতে পাকৈত বজাওঁতাই জিভা আৰু মুখৰ ভিতৰৰ বতাহেও কাম কৰে । ই এক জটিল কাম" (পৃ-৪৬) ৷ গগনা বজাওঁতে বজাওঁতাই জিভাখন লৰচৰ কৰে আৰু মুখৰ ভিতৰৰ বায়ুৰ সহায়ত সুৰ উৎপন্ন কৰে। কোনো কোনোৱে গগনাত সূতা সংযোগ কৰি তাৰ সহায়ত অৰ্থাৎ সূতা টানি টানি বজায়।

 

বিহু গীত আৰু বিহু নৃত্যত বিহুৱা আৰু বিহুৱতী উভয়ে গগনা ব্যৱহাৰ কৰে। অৱশ্য ল’ৰা আৰু ছোৱালীয়ে ব্যৱহাৰ কৰা গগনা ভিন্ন প্ৰকাৰৰ । বিহুৱতীয়ে ব্যৱহাৰ কৰা গগনাক "লাহৰী গগনা" আৰু বিহুৱাই ব্যৱহাৰ কৰা গগনাক "ৰামধন গগনা" বুলি কোৱা হয় । এই দুই প্ৰকাৰৰ গগনাৰ মাজত কিছু প্ৰভেদ আছে । সাধাৰণতে লাহৰী গগনাৰ আকাৰ ৰামধন গগনাৰ তুলনাত সৰু । অসমৰ বিভিন্ন জনগোষ্ঠীয় ভাষাত গগনাক ভিন ভিন নামেৰে জনা যায় ৷ গগনাৰ আকাৰ লৈ ইয়াক , ৰামধন গগনা, লিহিৰি গগনা, শালিকী গগনা আদি বিভিন্ন নামেৰে জনা যায়৷ বিভিন্ন জনগোষ্ঠীৰ মাজত গগনাৰ প্ৰচলন দেখা যায় । এই বিষয়ে ড: নাৰায়ণ দাস আৰু ড: পৰমানন্দ ৰাজবংশী দেৱে সম্পাদনা কৰা "অসমীয়া সংস্কৃতিৰ কণিকা" গ্ৰন্থত এই বিষয়ে এনেদৰে আছে, "মংগোলয়ড অবা কিৰাত জনগোস্ঠীৰ অথবা অন্তৰ্গত আটাইবোৰ জাতি উপজাতিৰ মাজত গগনাৰ প্ৰয়োগ চকুত লগা" (পৃ- ১০০; নাৰায়ণ দাস)৷ জনগোষ্ঠী ভেদে গগনা ভিন ভিন নামেৰে পৰিচিত । উদাহৰণ স্বৰূপে গগনাক মিচিং আৰু আদি সকলে "গুংগাঙ" বলি কয়।

লিখক: দিব্যজ্যোতি শইকীয়াই।

শেহতীয়া উন্নীতকৰণ: : 3/6/2020



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate